সদস্য বাৰ্তা:ভক্তি চাংমাই
বিষয় যোগ কৰক|
|
নমস্কাৰ, ভক্তি চাংমাই
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
|
বিলুপ্তিৰ গৰাহত ধেমাজিৰ থলুৱা মাছ আৰু ল'বলগীয়া সাৱধানতা
[সম্পাদনা কৰক]মানৱ সভ্যতাৰ জন্মৰ পৰাই মাছ মানুহৰ দৈনন্দিন খাদ্যৰ তালিকাত সন্নিৱিষ্ট হোৱাৰ লগতে এক অপৰিহাৰ্য উপাদান হিচাপে স্থান লাভ কৰি আহিছে যদিও সাম্প্ৰতিক সময়ত মাছৰ উৎপাদন তথা দিনে দিনে বাঢ়ি অহা ইয়াৰ চাহিদাৰ তুলনাত নিধনৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিশেষকৈ থলুৱা মাছৰ উৎপাদন কাৰ্য হ্ৰাস পাবলৈ ধৰিছে । এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ লগতে অসমো অন্যতম সংযোগ। অসমৰ অন্যান্য ৰাজ্যসমূহৰ তুলনাত থলুৱা মাছৰ প্ৰজাতিৰ সংখ্যা আৰু উৎপাদনৰ ফালৰ পৰা ধেমাজি জিলাখন যথেষ্ট আগবঢ়া আছিল।
আজিৰ পৰা ডেৰ দুই দশকৰ আগৰ কথা বানে গৰকা এই ধেমাজি অঞ্চলত বহু নদ-নদী, খাল-বিল আৰু জলাহ ভূমিৰে এক বিস্তৃৰ্ণ এলেকা থলুৱা মাছৰ বাবে উপযুক্ত প্ৰাকৃতিক আবাস স্থল আছিল আৰু এই বিলাকত যথেষ্ট পৰিমাণৰ থলুৱা মাছ আছিল।যেনে-ৰৌ,বৰালি,চিতল,কুঁহি,আৰি,গাগল,শ'ল,শাল,মালি, মিৰিকা,পাভ আদি বাণিজ্যিক দিশৰ পৰা গুৰুত্বপূৰ্ণ মাছ। অন্যান্য প্ৰজাতিৰ সৰু অথচ শক্তিশালী মাছ যেনে-মাগুৰ, শিঙি,কাৱৈ আদি আৰু সাধাৰণ তথা দুখীয়া শ্ৰেণীৰ লোকে সহজে পাব পৰা গৰৈ,পুঠি,খলিহনা,শিঙৰা,কান্দুলী,তোৰা,বামি আদি পৰ্যাপ্ত পৰিমাণে উপলব্ধ আছিল। সম্প্ৰতি অসমৰ বিভিন্ন জিলাৰ লগতে ধেমাজিতো পূৰ্বতে যথেষ্ট পৰিমাণে আৰু সহজে লাভ কৰিব পৰা পৰা গাগল,ভেও,মালি,গৰুৱা,ভাঙন,লাচিম,কৰোটি ভেদা,নাৰ,বাত,ককিলা,লালুৱা,শিঙৰা, বৰদোৱা,ভেচেলী,খলিহনা,গংগাটোপ আদি মাছ ক্ৰমান্বয়ে বিৰল হৈ পৰিছে।কাকবামি নেৰীয়া,গদিৱৰী,অকানাৰ আদি মাছ দুষ্প্ৰাপ্য হৈ পৰিছে। আন এবিধ সৰু সুস্বাদু এলেং মাছ এতিয়া জিলাখনত একেবাৰে দুষ্প্ৰাপ্য । দুই দশকমানৰ আগতে এই এলেং মাছ ধেমাজিৰ বজাৰত অতি সহজে উপলব্ধ হোৱাৰ লগতে ধেমাজি জিলাৰ কানি বিলত এই মাছ বিধ প্ৰচুৰ পৰিমাণে পোৱা গৈছিল।
জিলাখনৰ থলুৱা মাছবোৰ বিলুপ্তি হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ল'বলগীয়া কিছু সাৱধানতা:-
১.মৎস্যজীৱী আৰু মৎস্যভোগী সকল অধিক সজাগ আৰু সচেতন হোৱাটো প্ৰয়োজনীয়।
২.খেতি পথাৰত কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ হ্ৰাস কৰা ।
৩.Assam Fisheries Act দুয়োপক্ষই মানি চলিলেহে অধিক ফলপ্ৰসূ হ'ব।
৪. মাছৰ প্ৰাকৃতিক আবাসস্থল সমূহ মানুহৰ বেদখল মুক্ত কৰি এইবোৰৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট নোহোৱাকৈ ব্যৱস্থা কৰিব লাগে।
৫.মাছৰ উৎপাদন কাৰ্য কেৱল প্ৰাকৃতিক ভাৱে হোৱাৰ ওপৰতে নিৰ্ভৰ নকৰি মৎস্যজীৱী সকলে বৈজ্ঞানিক পদ্ধতিৰে মাছৰ সংৰক্ষণ আৰু উৎপাদনৰ বাবে আগবাঢ়ি আহিলে সকলোৰে সমূহীয়া প্ৰচেষ্টাত মাছৰ বিভিন্ন প্ৰজাতিক বিলুপ্তিৰ পৰা ৰক্ষা কৰিব পৰা যাব।
ধেমাজি জিলাৰ এটি প্ৰধান সমস্যা হ'ল যে এই জিলাখনত সঘনাই বানপানী হোৱা হেতুকে ব্যাপক মাত্ৰাত পলস পৰি বহু বিল আৰু জলাশয় ধ্বংস হোৱাৰ ফলত মাছৰ প্ৰাকৃতিক বাসস্থান সংকুচিত হৈ আহিছে। এই সমস্যা নিৰাময়ৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাই প্ৰধান অৰ্থাৎ চৰকাৰী ভাৱে ব্যৱস্থা গ্ৰহণ নকৰিলে সাধাৰণ মৎস্যজীৱী সকলৰ দ্বাৰা এই কাৰ্য সম্পূৰ্ণৰূপে ফলপ্ৰসূ নহ'ব। এইখিনিতে উল্লেখ কৰিব পাৰি যে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজিৰ কেইখনমান উৎপাদনকাৰী আৰু পৰিত্যক্ত বিলৰ উন্নতিৰ কাৰণে এক বৃহৎ প্ৰকল্প গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পুঁজিও নিৰ্দ্ধাৰণ কৰাৰ কথা জানিব পৰা গৈছে। এই প্ৰকল্প সফলভাৱে ৰূপায়ন হ'লে কিছু পৰিমাণে হ'লেও জিলাখনৰ থলুৱা মাছ সমূহ সংৰক্ষিত হ'ব বুলি আশা কৰিব পাৰি। ভক্তি চাংমাই (বাৰ্তা) 08:29, 14 February 2022 (ইউ.টি.চি.)
