সদস্য বাৰ্তা:লিজাৰাণী চুতীয়া 123
বিষয় যোগ কৰকক) গুণাভিৰাম বৰুৱাৰ "অসমত বৌদ্ধধৰ্মৰ চিন" প্ৰৱন্ধটোৰ এটি সামগ্ৰিক আলোচনা। জোনাকী আলোচনীত প্ৰকাশিত গুণাভিৰাম বৰুৱাৰ অসমত বৌদ্ধধৰ্মৰ চিন এই প্ৰৱন্ধটি অসমত বৌদ্ধধৰ্মৰ কিবা চিন পোৱা যায় নে নাযায় সেই বিষয়ে আলোচনা কৰা হৈছে। এসময়ত কামৰূপত বৌদ্ধধৰ্ম প্ৰচলন আছিল। আধুনিক অসম দেশত প্ৰাচীন কামৰূপ ৰাজ্যৰ এক অ্ংশ মাত্ৰ। বংগদেশৰ কৰোতা ৰ পৰা উজনিৰ দিক্কৰবাসিনী পৰ্যন্ত প্ৰাচীন কামৰূপ দেশ তাক আমি অসম দেশ বুলি কও সেই কৰোঁতাৰ পৰা ১৫০ মাইল বা ৭৫ ক্ৰোশ মান পূৰ্বে মানাহ নদীৰ পৰা শদিয়াৰ লৈকেহে এই কামৰূপ ৰ ভিতৰতো প্ৰাচীন শোণিতপুৰ (তেজপুৰ) হিড়িম্বা(কাছাৰ),কৌণ্ডিল্য , জয়ন্তীপুৰ (জয়ন্তিয়া) ৰাজ্যৰ এক অংশ পৰে ।কালৰ গতিত কামৰূপ ৰাজ্য ই প্ৰধান উঠাত,যিসকল ৰাজ্যৰ অনেক অংশ কামৰূপ ৰ ভিতৰত সোমালে কামৰূপ নামে এখন প্ৰধান ৰাজ্য হ'ল। তাৰে ভিতৰত হিড়িম্বা জয়ন্তীপুৰৰ কিছু অংশ স্বতন্ত্ৰ হৈ থাকিল, শোণিতপুৰ আৰু কৌণ্ডিল্য ৰাজ্য লুপ্ত হ'ল। ভাৰতবৰ্ষত যে বুদ্ধদেৱ অৱতাৰ হৈ বেদমাগ লোপ কৰিছিল আৰু লোকসকলৰ অধিকাংশই যে বৌদ্ধচাৰী হৈছিল এই বিষয়ে সকলোৱে জানে। এতিয়া সেই বৌদ্ধধৰ্মৰ আমাৰ দেশত নাথাকিলেও তাৰ কিবা চিন পোৱা যায় নে নেযায় সেই বিষয়ে এই প্ৰৱন্ধটিত আলোচনা কৰা হৈছে। চীন দেশৰ হিউৱেনসাং নামে বৌদ্ধ পৰিব্ৰাজক এজন ৬২৯ খ্ৰীষ্টাব্দত হিমালয় উত্তৰেদি সমৰখন্দ প্ৰভৃতি ঠাইৰে আহি ভাৰতবৰ্ষ নানা দেশ ভ্ৰমণ কৰে। তেওঁ কামৰূপ ৰাজ্যলৈকো আহে তেওঁ অতি মূল্যৱান ভ্ৰমন বৃত্তান্ত চীনাভাষাৰ পৰা ইংৰাজীত অনুবাদ হৈ প্ৰচাৰিত হৈছে। সেই ভ্ৰমন বৃত্তান্তত সেই সময়ৰ অৰ্থাৎ বৰ্তমানৰ পৰা তেৰশ বছৰ মান পূৰ্বে ভাৰতবৰ্ষ কেনে ধৰনৰ অৱস্থা আছিল তাক জানি তেওঁ কামৰূপৰ তেতিয়াৰ ৰাজধানী (এতিয়া গুৱাহাটী) প্ৰাগজ্যোতিষপুৰ কথা লেখিছে। তেওঁ গুৱাহাটীলৈ অহাৰ সময়ত কামৰূপ ৰজা ভাস্কৰ বৰ্মা আছিল। হিউৱেনসাং অহা কালত কামৰূপত বৌদ্ধধৰ্ম প্ৰায় লোপ হ'বলৈ ধৰিছিল। তথাপি ও এটি বৌদ্ধ মন্দিৰ আছিল, কিন্তু সেই মন্দিৰটো নাম পৰিব্ৰাজক জনে লেখা নাই যাৰ ফলত অসমত বৌদ্ধধৰ্মৰ প্ৰতীক বিষয়ে জনাত সাধাৰণ লোকৰ অসুবিধা জন্মিছিল । কামৰূপৰ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰেই যে এই কথা অনুমান কৰিবৰ বিশেষ থল আছিল। কাৰণ আজি পৰ্যন্ত ভূটান আৰু তিব্বত ৰ লোকসকল জাৰ কালি হয়গ্ৰীৱ মাধৱলৈ আহে। তেখেতসকলে কয় মাধৱ তেখেতসকলৰ তীৰ্থ। কামৰূপৰ হাজোৰ বৌদ্ধ তীৰ্থ আৰু আশ্ৰম , তেজপুৰৰ ভাটীৰ শিঙ্গৰি গোপেশ্বৰ দেৱালয়কো বৌদ্ধসকলৰ তীৰ্থ বুলি নিৰ্দেশ কৰে । কালক্ৰমত বৌদ্ধধৰ্ম লোপ পাই বৈদিক বা পৌৰাণিক সকলে নিজ তীৰ্থ বুলি সম্পূৰ্ণ অধিকাৰ কৰিলেও ধাৰ্মিক বৌদ্ধ তীৰ্থযাত্ৰী সকলে মন্দিৰ ভিতৰলৈ নগৈ বাহিৰৰ পৰাই তেখেতে লোকৰ ধৰ্মনুসাৰে আৰাধনা কৰে। বৌদ্ধলোকসকলে বুদ্ধৰ শৰীৰ কোনো বস্তু বা তেওঁৰ নামেই কোনো ঠাই থাপনা কৰি তাতে উপাসনা কৰে । হয়গ্ৰীৱ মাধৱো যে সেইৰূপ কোনো স্থান ইয়াক বিশ্বাস কৰিবৰ কাৰণ আছে। হাজো মন্দিৰ লৈ অহা ভোটহতে আঙলিত কানি মেৰাই তাত ঘিউঁ দি জুই লগাই মন্দিৰ প্ৰদিক্ষন কৰিছিল। বৰ্তমান ৰাজনিয়মৰ নিমিত্তে তেওঁলোকে এতিয়া এই পৰিমিত কায কৰিব নোৱাৰা হৈছে। বৌদ্ধলোকসকলে যোগ তপস্যা আৰু সাধনাৰে ভাৰতবৰ্ষত অনেক ঠাইত অনেক মন্দিৰ গুহা গহ্বৰ কৰিছিল।পিছত হিন্দুসকলে প্ৰাধান্য পোৱাত সেই মন্দিৰ গুহা গহ্বৰ অধিকাৰ কৰিছিল। ভাৰতবৰ্ষ নানা ঠাইত পৰ্বত বা গুহাত এইৰূপ দেখা যায়।অসমৰ হাজোতো অপূৰ্ণ ভাৱে কুণ্ডৰ ওচৰৰ পৰ্বতৰ ওপৰে এটা আৰু তলে এটা গুহা আছে ।ইয়াক স্বৰ্গদুৱাৰ আৰু ধৰ্মদুৱাৰ বোলে। বৌদ্ধ ভোটহতে ইয়াত আৰধনা কৰে। গোৱালপাৰা সিপাৰে যোগীঘোপা নামে ঠাইত পৰ্বত কেইবাটাও গুহা আছে। এইবিলাক অস্ত্ৰৰে কটা যেন দেখা যায়। আৰু এনেভাৱে কটা যে এজন লোকে বহি তাত যোগ কৰিব পাৰে। নীলাচল পাহাৰ শুণঠুটীৰ ওচৰতো এইৰূপ গুহা আছে। সেই গুহা প্ৰাকৃতিক অৱস্থাৰ পৰা মানুহে উননত কৰা যেন দেখা যায়।এই গুহাত সন্ন্যাসী থকাও দেখা যায়। নীলাচল পাহাৰত স্বৰ্গদ্বাৰ বা মাতৃপৰীক্ষা নামে এটা শিলৰ গুহা আছে। ইয়াৰ এফালে বহল আৰু এফালে সংকীণ বাট। ইও বৌদ্ধ গুহাৰ দৰে । ডিমাপুৰলৈ যোৱা বাটতো এঠাইত এইৰূপৰ গুহা আছে।এই চিনসমূহৰ দ্বাৰা বৌদ্ধবিলাকৰেই যে কীৰ্ত্তি এই কথা বৌদ্ধ ভোটঁহত ইয়ালৈ আহি জীৱন্ত প্ৰমাণ দিছে। বৌদ্ধ বিলাকে বিহাৰ বা সত্ৰৰ নিয়ম সৃষ্টি কৰে ।এই সত্ৰত বৌদ্ধ উদাসীনসকলে বাস কৰি শিক্ষা আৰু ধৰ্মচৰ্চা কৰিছিল। অসমত গুৰুজনাৰ দিনত যিবিলাক সত্ৰ স্থাপন হ'ল সেইবিলাক এই বিহাৰৰ দৰে। গুৰুজনাৰ যদিও বৌদ্ধ মত নষ্ট কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাই মূল উদ্দেশ্য আছিল, তথাপিও এই বিহাৰ বা সত্ৰৰ নিয়ম ৰাখিলে , কাৰণ ধৰ্ম প্ৰচাৰৰ ই এটি প্ৰধান উপায়। বুদ্ধদেৱে যেনকৈ ধৰ্ম প্ৰচাৰৰ নিমিত্তে তেওঁ শিষ্যসকলক নানা দেশলৈ পঠালে , দুজনা গুৰুৱে ও তেওঁলোকৰ শিষ্যসকলক সেইদৰে নানা ঠাইলৈ পঠালে। অসম আৰু বংগত প্ৰায় একে সময়তে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ হৈছিল। বিশেষকৈ সত্ৰত,সংসঙ্গ বা সছং বুলি এটা নিয়ম আছে।ই বৌদ্ধ সংঙ্গ নিয়মৰ পৰাই উৎপত্তি হোৱা বুলি জনা যায়।সঙ্গ মানে পৰস্পৰ একেলগ হৈ ধৰ্মচৰ্চা কৰা।এই সঙ্গ বৌদ্ধ ধৰ্মৰ এটি প্ৰধান অংগ। বৌদ্ধ পৰিব্ৰাজক হিয়ানসাং তেৰশ বছৰ পূৰ্বে উল্লেখ কৰিছিল যে কামৰূপত বৌদ্ধধৰ্ম লোপ পাই আহিছিল তাৰ পিছত পৌৰাণিক ধৰ্ম এই দেশত অনেক পৰিমাণে প্ৰচলিত হ'ল। তথাপিও সাধাৰণ প্ৰজাৰ মাজত যে বৌদ্ধ ভাৱেই আছিল ইয়াৰ সংশয় নাই। গুৰুজনে বেলগুৰি ধোৱাহাটত দুজন বৌদ্ধ মতলীয়া টাটকীয়া লগ পাইছিল আৰু সেই বৌদ্ধমতীয়াসকলক দমন কৰিবলৈ তেওঁ পাষণ্ড মদন নামে পদ প্ৰচাৰ কৰে। সেই বৌদ্ধ দুজনা ভোটানৰ ফালে গুচি গল। পৌৰাণিক আৰু তান্ত্ৰিক ধৰ্ম আমাৰ দেশত চলিবলৈ ধৰিলেও কেৱল ব্ৰাহ্মণ আৰু আন উচ্চ জাতিয়েহে গ্ৰহন কৰিছিল সাধাৰণ লোকৰ যি সকলে বৌদ্ধ ধৰ্ম বিশ্বাস আৰু আচাৰ পৰিত্যাগ কৰি পৌৰাণিক ধৰ্ম আশ্ৰয় নকৰিলে । পৌৰাণিক ধৰ্ম আশ্ৰয় কৰাসকলক "ডোম"বুলিলে। বৌদ্ধ মতাৱলম্বীৰ মাজত জাতিভেদ নাই । সেইকাৰণে ডোমে জাতিভেদ গ্ৰহণ নকৰিলে আৰু ব্ৰাহ্মণেই যে গুৰু হ'ব লাগে ইয়ালৈ কাণ নকৰি বৈষ্ণৱ ধৰ্ম শূদ্ৰ পৰা ললে ।"ডোম"বুলি অনাদৃত হলত বৌদ্ধচাৰী লোকসকলে মাছ মৰা ,নাওবোৱা ব্যৱসায় অৱলম্বন কৰিলে।এই জাতিৰ লোকসকলে ধৰ্ম বিশ্বাস, প্ৰভুভক্তি ,কাযপটুতা গুণ অতি প্ৰৱল আৰু এই জাতিৰ লোকসকলে বৌদ্ধ ধৰ্মালম্বী লোকৰ সন্তান। বৌদ্ধধৰ্ম ভাৰতত প্ৰায় এহাজাৰ বছৰ প্ৰচলিত আছিল যদিও। এতিয়াও অন্তহিত হবৰো প্ৰায় এহেজাৰ বছৰ হৈছে, তথাপিও সেই ধৰ্ম কেতবোৰ চিন আমাৰ দেশত আজি পৰ্যন্ত আছে,দুহেজাৰ বছৰ পূৰ্বে বৌদ্ধধৰ্ম যি ৰূপ আছিল তাৰ বিৱৰণ পাঠ কৰিলে এইবোৰ যে যাউতীযুগীয়া চিন বুলি জনা যায়। যদিও বুদ্ধদেৱে "বেদ পথছন্ন"কৰিছিল তথাপিও আকৌ যেতিয়া বৈদিক ধৰ্ম পৌৰাণিক ধৰ্ম চলিবলৈ ধৰিলে তেতিয়া উদাৰ হিন্দুসকলে বুদ্ধদেৱক স্বয়ং ভগৱান বিষ্ণুৰ অৱতাৰ বুলি স্বীকাৰ কৰিল। বুদ্ধদেৱে বেদ পথছন্ন কৰিলেও তেওঁৰ অহিৎসা , ভক্তি, বিশ্বাস, নিৰ্বাচন, প্ৰভৃতি অতি উৎকৃষ্ট ধম্মমতেই তেওঁক পূজনীয় কৰিবৰ প্ৰধান কাৰণ।যেতিয়া ভাৰতীয় বৌদ্ধচাৰী লোকসকলে দেখিলে যে তেওঁবিলাকৰ উপাসনা কৰা দেৱতা হিন্দু দেৱলত স্থান আৰু পূজা পালে আৰু তেওঁলোকৰ মন্দিৰ আৰু তীৰ্থ হিন্দু মন্দিৰ আৰু তীৰ্থ বুলি গৃহীত হ'ল , তেতিয়া অনেক বৌদ্ধ ই হিন্দু ধৰ্মকে পুনৰায় গ্ৰহণ কৰিলে । যিসকলে এই কথা বিশ্বাস নকৰিলে সেইলোকসকলে ভূটান, তিব্বত, ব্ৰহ্ম , চীন দেশলৈ গুচি গল। হিন্দু সকলে এইৰূপ আৰু চলে বৌদ্ধ ধৰ্ম ভাৰতবৰ্ষ পৰা বিদূৰিত কৰিলে , পৃথিৱীৰ অনেক লোকে সেই ধৰ্ম মতত বিশ্বাস কৰিছে , আৰু সেই ধৰ
[সম্পাদনা কৰক]ক) গুণাভিৰাম বৰুৱাৰ "অসমত বৌদ্ধধৰ্মৰ চিন" প্ৰৱন্ধটোৰ এটি সামগ্ৰিক আলোচনা।
জোনাকী আলোচনীত প্ৰকাশিত গুণাভিৰাম বৰুৱাৰ অসমত বৌদ্ধধৰ্মৰ চিন এই প্ৰৱন্ধটি অসমত বৌদ্ধধৰ্মৰ কিবা চিন পোৱা যায় নে নাযায় সেই বিষয়ে আলোচনা কৰা হৈছে। এসময়ত কামৰূপত বৌদ্ধধৰ্ম প্ৰচলন আছিল। আধুনিক অসম দেশত প্ৰাচীন কামৰূপ ৰাজ্যৰ এক অ্ংশ মাত্ৰ। বংগদেশৰ কৰোতা ৰ পৰা উজনিৰ দিক্কৰবাসিনী পৰ্যন্ত প্ৰাচীন কামৰূপ দেশ তাক আমি অসম দেশ বুলি কও সেই কৰোঁতাৰ পৰা ১৫০ মাইল বা ৭৫ ক্ৰোশ মান পূৰ্বে মানাহ নদীৰ পৰা শদিয়াৰ লৈকেহে এই কামৰূপ ৰ ভিতৰতো প্ৰাচীন শোণিতপুৰ (তেজপুৰ) হিড়িম্বা(কাছাৰ),কৌণ্ডিল্য , জয়ন্তীপুৰ (জয়ন্তিয়া) ৰাজ্যৰ এক অংশ পৰে ।কালৰ গতিত কামৰূপ ৰাজ্য ই প্ৰধান উঠাত,যিসকল ৰাজ্যৰ অনেক অংশ কামৰূপ ৰ ভিতৰত সোমালে কামৰূপ নামে এখন প্ৰধান ৰাজ্য হ'ল। তাৰে ভিতৰত হিড়িম্বা জয়ন্তীপুৰৰ কিছু অংশ স্বতন্ত্ৰ হৈ থাকিল, শোণিতপুৰ আৰু কৌণ্ডিল্য ৰাজ্য লুপ্ত হ'ল।
ভাৰতবৰ্ষত যে বুদ্ধদেৱ অৱতাৰ হৈ বেদমাগ লোপ কৰিছিল আৰু লোকসকলৰ অধিকাংশই যে বৌদ্ধচাৰী হৈছিল এই বিষয়ে সকলোৱে জানে। এতিয়া সেই বৌদ্ধধৰ্মৰ আমাৰ দেশত নাথাকিলেও তাৰ কিবা চিন পোৱা যায় নে নেযায় সেই বিষয়ে এই প্ৰৱন্ধটিত আলোচনা কৰা হৈছে।
চীন দেশৰ হিউৱেনসাং নামে বৌদ্ধ পৰিব্ৰাজক এজন ৬২৯ খ্ৰীষ্টাব্দত হিমালয় উত্তৰেদি সমৰখন্দ প্ৰভৃতি ঠাইৰে আহি ভাৰতবৰ্ষ নানা দেশ ভ্ৰমণ কৰে। তেওঁ কামৰূপ ৰাজ্যলৈকো আহে তেওঁ অতি মূল্যৱান ভ্ৰমন বৃত্তান্ত চীনাভাষাৰ পৰা ইংৰাজীত অনুবাদ হৈ প্ৰচাৰিত হৈছে। সেই ভ্ৰমন বৃত্তান্তত সেই সময়ৰ অৰ্থাৎ বৰ্তমানৰ পৰা তেৰশ বছৰ মান পূৰ্বে ভাৰতবৰ্ষ কেনে ধৰনৰ অৱস্থা আছিল তাক জানি তেওঁ কামৰূপৰ তেতিয়াৰ ৰাজধানী (এতিয়া গুৱাহাটী) প্ৰাগজ্যোতিষপুৰ কথা লেখিছে। তেওঁ গুৱাহাটীলৈ অহাৰ সময়ত কামৰূপ ৰজা ভাস্কৰ বৰ্মা আছিল। হিউৱেনসাং অহা কালত কামৰূপত বৌদ্ধধৰ্ম প্ৰায় লোপ হ'বলৈ ধৰিছিল। তথাপি ও এটি বৌদ্ধ মন্দিৰ আছিল, কিন্তু সেই মন্দিৰটো নাম পৰিব্ৰাজক জনে লেখা নাই যাৰ ফলত অসমত বৌদ্ধধৰ্মৰ প্ৰতীক বিষয়ে জনাত সাধাৰণ লোকৰ অসুবিধা জন্মিছিল । কামৰূপৰ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰেই যে এই কথা অনুমান কৰিবৰ বিশেষ থল আছিল। কাৰণ আজি পৰ্যন্ত ভূটান আৰু তিব্বত ৰ লোকসকল জাৰ কালি হয়গ্ৰীৱ মাধৱলৈ আহে। তেখেতসকলে কয় মাধৱ তেখেতসকলৰ তীৰ্থ। কামৰূপৰ হাজোৰ বৌদ্ধ তীৰ্থ আৰু আশ্ৰম , তেজপুৰৰ ভাটীৰ শিঙ্গৰি গোপেশ্বৰ দেৱালয়কো বৌদ্ধসকলৰ তীৰ্থ বুলি নিৰ্দেশ কৰে । কালক্ৰমত বৌদ্ধধৰ্ম লোপ পাই বৈদিক বা পৌৰাণিক সকলে নিজ তীৰ্থ বুলি সম্পূৰ্ণ অধিকাৰ কৰিলেও ধাৰ্মিক বৌদ্ধ তীৰ্থযাত্ৰী সকলে মন্দিৰ ভিতৰলৈ নগৈ বাহিৰৰ পৰাই তেখেতে লোকৰ ধৰ্মনুসাৰে আৰাধনা কৰে।
বৌদ্ধলোকসকলে বুদ্ধৰ শৰীৰ কোনো বস্তু বা তেওঁৰ নামেই কোনো ঠাই থাপনা কৰি তাতে উপাসনা কৰে । হয়গ্ৰীৱ মাধৱো যে সেইৰূপ কোনো স্থান ইয়াক বিশ্বাস কৰিবৰ কাৰণ আছে। হাজো মন্দিৰ লৈ অহা ভোটহতে আঙলিত কানি মেৰাই তাত ঘিউঁ দি জুই লগাই মন্দিৰ প্ৰদিক্ষন কৰিছিল। বৰ্তমান ৰাজনিয়মৰ নিমিত্তে তেওঁলোকে এতিয়া এই পৰিমিত কায কৰিব নোৱাৰা হৈছে। বৌদ্ধলোকসকলে যোগ তপস্যা আৰু সাধনাৰে ভাৰতবৰ্ষত অনেক ঠাইত অনেক মন্দিৰ গুহা গহ্বৰ কৰিছিল।পিছত হিন্দুসকলে প্ৰাধান্য পোৱাত সেই মন্দিৰ গুহা গহ্বৰ অধিকাৰ কৰিছিল। ভাৰতবৰ্ষ নানা ঠাইত পৰ্বত বা গুহাত এইৰূপ দেখা যায়।অসমৰ হাজোতো অপূৰ্ণ ভাৱে কুণ্ডৰ ওচৰৰ পৰ্বতৰ ওপৰে এটা আৰু তলে এটা গুহা আছে ।ইয়াক স্বৰ্গদুৱাৰ আৰু ধৰ্মদুৱাৰ বোলে। বৌদ্ধ ভোটহতে ইয়াত আৰধনা কৰে। গোৱালপাৰা সিপাৰে যোগীঘোপা নামে ঠাইত পৰ্বত কেইবাটাও গুহা আছে। এইবিলাক অস্ত্ৰৰে কটা যেন দেখা যায়। আৰু এনেভাৱে কটা যে এজন লোকে বহি তাত যোগ কৰিব পাৰে। নীলাচল পাহাৰ শুণঠুটীৰ ওচৰতো এইৰূপ গুহা আছে। সেই গুহা প্ৰাকৃতিক অৱস্থাৰ পৰা মানুহে উননত কৰা যেন দেখা যায়।এই গুহাত সন্ন্যাসী থকাও দেখা যায়। নীলাচল পাহাৰত স্বৰ্গদ্বাৰ বা মাতৃপৰীক্ষা নামে এটা শিলৰ গুহা আছে। ইয়াৰ এফালে বহল আৰু এফালে সংকীণ বাট। ইও বৌদ্ধ গুহাৰ দৰে । ডিমাপুৰলৈ যোৱা বাটতো এঠাইত এইৰূপৰ গুহা আছে।এই চিনসমূহৰ দ্বাৰা বৌদ্ধবিলাকৰেই যে কীৰ্ত্তি এই কথা বৌদ্ধ ভোটঁহত ইয়ালৈ আহি জীৱন্ত প্ৰমাণ দিছে।
বৌদ্ধ বিলাকে বিহাৰ বা সত্ৰৰ নিয়ম সৃষ্টি কৰে ।এই সত্ৰত বৌদ্ধ উদাসীনসকলে বাস কৰি শিক্ষা আৰু ধৰ্মচৰ্চা কৰিছিল। অসমত গুৰুজনাৰ দিনত যিবিলাক সত্ৰ স্থাপন হ'ল সেইবিলাক এই বিহাৰৰ দৰে। গুৰুজনাৰ যদিও বৌদ্ধ মত নষ্ট কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাই মূল উদ্দেশ্য আছিল, তথাপিও এই বিহাৰ বা সত্ৰৰ নিয়ম ৰাখিলে , কাৰণ ধৰ্ম প্ৰচাৰৰ ই এটি প্ৰধান উপায়। বুদ্ধদেৱে যেনকৈ ধৰ্ম প্ৰচাৰৰ নিমিত্তে তেওঁ শিষ্যসকলক নানা দেশলৈ পঠালে , দুজনা গুৰুৱে ও তেওঁলোকৰ শিষ্যসকলক সেইদৰে নানা ঠাইলৈ পঠালে।
অসম আৰু বংগত প্ৰায় একে সময়তে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ হৈছিল। বিশেষকৈ সত্ৰত,সংসঙ্গ বা সছং বুলি এটা নিয়ম আছে।ই বৌদ্ধ সংঙ্গ নিয়মৰ পৰাই উৎপত্তি হোৱা বুলি জনা যায়।সঙ্গ মানে পৰস্পৰ একেলগ হৈ ধৰ্মচৰ্চা কৰা।এই সঙ্গ বৌদ্ধ ধৰ্মৰ এটি প্ৰধান অংগ। বৌদ্ধ পৰিব্ৰাজক হিয়ানসাং তেৰশ বছৰ পূৰ্বে উল্লেখ কৰিছিল যে কামৰূপত বৌদ্ধধৰ্ম লোপ পাই আহিছিল তাৰ পিছত পৌৰাণিক ধৰ্ম এই দেশত অনেক পৰিমাণে প্ৰচলিত হ'ল। তথাপিও সাধাৰণ প্ৰজাৰ মাজত যে বৌদ্ধ ভাৱেই আছিল ইয়াৰ সংশয় নাই। গুৰুজনে বেলগুৰি ধোৱাহাটত দুজন বৌদ্ধ মতলীয়া টাটকীয়া লগ পাইছিল আৰু সেই বৌদ্ধমতীয়াসকলক দমন কৰিবলৈ তেওঁ পাষণ্ড মদন নামে পদ প্ৰচাৰ কৰে। সেই বৌদ্ধ দুজনা ভোটানৰ ফালে গুচি গল।
পৌৰাণিক আৰু তান্ত্ৰিক ধৰ্ম আমাৰ দেশত চলিবলৈ ধৰিলেও কেৱল ব্ৰাহ্মণ আৰু আন উচ্চ জাতিয়েহে গ্ৰহন কৰিছিল সাধাৰণ লোকৰ যি সকলে বৌদ্ধ ধৰ্ম বিশ্বাস আৰু আচাৰ পৰিত্যাগ কৰি পৌৰাণিক ধৰ্ম আশ্ৰয় নকৰিলে । পৌৰাণিক ধৰ্ম আশ্ৰয় কৰাসকলক "ডোম"বুলিলে। বৌদ্ধ মতাৱলম্বীৰ মাজত জাতিভেদ নাই । সেইকাৰণে ডোমে জাতিভেদ গ্ৰহণ নকৰিলে আৰু ব্ৰাহ্মণেই যে গুৰু হ'ব লাগে ইয়ালৈ কাণ নকৰি বৈষ্ণৱ ধৰ্ম শূদ্ৰ পৰা ললে ।"ডোম"বুলি অনাদৃত হলত বৌদ্ধচাৰী লোকসকলে মাছ মৰা ,নাওবোৱা ব্যৱসায় অৱলম্বন কৰিলে।এই জাতিৰ লোকসকলে ধৰ্ম বিশ্বাস, প্ৰভুভক্তি ,কাযপটুতা গুণ অতি প্ৰৱল আৰু এই জাতিৰ লোকসকলে বৌদ্ধ ধৰ্মালম্বী লোকৰ সন্তান।
বৌদ্ধধৰ্ম ভাৰতত প্ৰায় এহাজাৰ বছৰ প্ৰচলিত আছিল যদিও। এতিয়াও অন্তহিত হবৰো প্ৰায় এহেজাৰ বছৰ হৈছে, তথাপিও সেই ধৰ্ম কেতবোৰ চিন আমাৰ দেশত আজি পৰ্যন্ত আছে,দুহেজাৰ বছৰ পূৰ্বে বৌদ্ধধৰ্ম যি ৰূপ আছিল তাৰ বিৱৰণ পাঠ কৰিলে এইবোৰ যে যাউতীযুগীয়া চিন বুলি জনা যায়। যদিও বুদ্ধদেৱে "বেদ পথছন্ন"কৰিছিল তথাপিও আকৌ যেতিয়া বৈদিক ধৰ্ম পৌৰাণিক ধৰ্ম চলিবলৈ ধৰিলে তেতিয়া উদাৰ হিন্দুসকলে বুদ্ধদেৱক স্বয়ং ভগৱান বিষ্ণুৰ অৱতাৰ বুলি স্বীকাৰ কৰিল। বুদ্ধদেৱে বেদ পথছন্ন কৰিলেও তেওঁৰ অহিৎসা , ভক্তি, বিশ্বাস, নিৰ্বাচন, প্ৰভৃতি অতি উৎকৃষ্ট ধম্মমতেই তেওঁক পূজনীয় কৰিবৰ প্ৰধান কাৰণ।যেতিয়া ভাৰতীয় বৌদ্ধচাৰী লোকসকলে দেখিলে যে তেওঁবিলাকৰ উপাসনা কৰা দেৱতা হিন্দু দেৱলত স্থান আৰু পূজা পালে আৰু তেওঁলোকৰ মন্দিৰ আৰু তীৰ্থ হিন্দু মন্দিৰ আৰু তীৰ্থ বুলি গৃহীত হ'ল , তেতিয়া অনেক বৌদ্ধ ই হিন্দু ধৰ্মকে পুনৰায় গ্ৰহণ কৰিলে । যিসকলে এই কথা বিশ্বাস নকৰিলে সেইলোকসকলে ভূটান, তিব্বত, ব্ৰহ্ম , চীন দেশলৈ গুচি গল। হিন্দু সকলে এইৰূপ আৰু চলে বৌদ্ধ ধৰ্ম ভাৰতবৰ্ষ পৰা বিদূৰিত কৰিলে , পৃথিৱীৰ অনেক লোকে সেই ধৰ্ম মতত বিশ্বাস কৰিছে , আৰু সেই ধৰ্ম আজি পৰ্যন্ত জিলিকি আছে। ইয়াৰ বাহিৰেও প্ৰতিষ্ঠিত অনেক মত আৰু আচাৰ -ব্যৱহাৰ দেশ-কাল ভেদে অলপ লৰ-চৰ হৈ আছে । ইয়াৰ দ্বাৰা এইটোৱে
বুজা যায় যে আমাৰ দেশ অসমত বৌদ্ধধৰ্মৰ অনেক প্ৰতীক চিহ্ন পাওঁ।
লিজাৰাণী চুতীয়া 123 (বাৰ্তা) 08:58, 24 April 2023 (ইউ.টি.চি.)