সদস্য বাৰ্তা:লীনা বৰুৱা অসমীয়া
বিষয় যোগ কৰকপ্ৰবন্ধৰ নাম = "অনুবাদ কথা" ৰ
, সমালোচনা ।
লেখকৰ নাম =কৃষকান্ত সন্দিকৈ প্ৰবন্ধৰ প্ৰকাৰ = বস্তুনিষ্ঠ বিশ্লেষণসমৃদ্ধ প্ৰবন্ধ প্ৰবন্ধৰ পৃষ্ঠা =২২
কৃষ্ণকান্ত সন্দিকৈ(১৮৯৮ - ১৯৮২)=ব্যক্তিত্বত যিজন সুগভীৰ ,চৰিত্ৰ যাৰ সুনিৰ্মল আদৰ্শ যাৰ জ্ঞান -সাধনা ,প্ৰচাৰবিমুখিতা যিজনৰ জীৱনৰ বৈশিষ্ট্য,মতত যিজন সুদৃঢ়, জ্ঞানলিপ্সা যাৰ অপূৰণীয় আৰু অতুলনীয়,যিজন পণ্ডিতৰ সমালোচনা স্পষ্ট আৰু বিচাৰ-প্ৰণালী যুক্তিসংগত ,অনুসন্ধিৎসা যিজনৰ জীৱনৰ ব্ৰত ,অধ্যয়ন যাৰ মনৰ খোৰাক, পাৰ্থিৱ খ্যাতিৰ প্ৰতি যিজন অনাসক্ত সেইজন অসাধাৰণ গৱেষক ব্যক্তিয়েই হৈছে -"কৃষ্ণকান্ত সন্দিকৈ"।সাতঘৰীয়া আহোম ফৈদৰ সন্দিকৈ বংশৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈৰ পুত্ৰ কৃষ্ণকান্ত সন্দিকৈ ১৮৯৮ চনৰ ২০ জুলাই ত যোৰহাটত জন্ম হয় ।বিদেশী ভাষা সাহিত্যৰ প্ৰতি তেওঁ প্ৰৱল অনুসন্ধিৎসু আছিল ।
প্ৰাচ্যবিদাৰ এজন ধীমান পণ্ডিতৰূপেখাতি আৰু সন্মান বুটলিবলৈ সমৰ্থ হোৱা অসমৰ এজন লেখক সংস্কৃত ভাষা পণ্ডিত আৰু শিক্ষাবিদ কৃষ্ণকান্ত সন্দিকৈৰ লেখা "অনুবাদ কথা"নামৰ প্ৰবন্ধটো "চেতনা"আলোচনীৰ (দ্বিতীয় বছৰ ৫ ম সংখ্যা পুহ ১৮৪১শক)ত প্ৰকাশ পায় ।তেখেতৰ "অনুবাদ কথা" নামৰ প্ৰবন্ধটোৰ ওপৰত এটি সমালোচনা আগবঢ়োৱা হ'ল -
আজিৰ পৰা নটা দশক আগতে কৃষ্ণকান্ত সন্দিকৈদেৱে "অনুবাদ কথা" নামৰ এখন মূল্যৱান ৰচনা লিখিছিল।অনুবাদ সম্পৰ্কে পঢ়া-শুনা কৰিবলৈ লোৱা সকলেহে সেইখন পঢ়া উচিত।সন্দিকৈদেৱে পশ্চিমীয়া সাহিত্যৰ বিকাশত অনুবাদৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিশদ আলোচনা আগবঢ়াইছে।তেখেতে বিশেষকৈ আধুনিক চেক ,চাৰ্ক আৰু জাপানী সাহিত্যৰ অনুবাদৰ ভুমিকা আলোচনা কৰিছে।চেক অভিজ্ঞসকলৰ মতেও চেক ভাষাৰ সাহিত্যৰ পুনৰুত্থানত অনুবাদৰ ভূমিকা গুৰুত্বপূৰ্ণ।
১৯১৯ চনত হোৱা অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনত সভাপতি কালিৰাম মেধিয়ে তেওঁ অভিভাষণত অসমীয়া লেখকসকলক অনুবাদ বৰ্জন কৰাৰ পৰামৰ্শ দিছিল।মেধি ডাঙৰীয়াৰ অনুবাদ বিৰোধী এই বক্তব্যৰ প্ৰসংগতে সমসাময়িক কিছু নিশকতীয়া অসমীয়া সাহিত্যৰ বাবে অনুবাদৰ প্ৰয়োজনীয়তা প্ৰতিষ্ঠা কৰিবলৈ ১৯২০ চনত কৃষ্ণকান্ত সন্দিকৈয়ে "চেতনা"আলোচনীৰ দুটা সংখ্যাত "অনুবাদ কথা"নামৰ শীৰ্ষক এটা প্ৰবন্ধ ৰচনা কৰি অনুবাদৰ বাবে অসমীয়া লেখকক উৎসাহিত কৰাৰ প্ৰক্ৰিয়াৰ সূচনা কৰিছিল।সেই প্ৰবন্ধৰ পৰা জানিব পাৰিছিলো যে -ওঠৰ শতিকাৰ ৰাছিয়াৰ সম্ৰাজ্ঞীৰ কেথেৰীণ দ্য গ্ৰে'টে ৰাছিয়ান সাহিত্যক মুমূৰ্ষু অৱস্থাৰ পৰা উদ্ধাৰ কৰিবৰ বাবে অনুবাদৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি দেশ -বিদেশৰ সাহিত্যৰ ৰাছিয়ান ভাষালৈ অনুবাদ কৰিবৰ বাবে বহু অনুবাদকক দায়িত্ব দিছিল ।পূৰ্বতে সম্মাট পিটাৰ দ্য গ্ৰে'টেও অনুবাদ সম্পৰ্কে একে পথকেই লৈছিল।এই কাৰ্যই সমসাময়িক ৰাছিয়াআ সাহিত্যৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল বুলি ক'ব পাৰি।এইখিনিতে ক'ব পাৰি যে-১৭৮৮ চনত ভগবদ্গীতাখন ৰাছিয়ান ভাষালৈ (ইংৰাজীৰ অনুবাদৰ পৰা )অনূদিত হোৱাৰ ঘটনাটো ঘটিছিল সম্ৰাজ্ঞী কেথেৰীণ দ্য গ্ৰে'টৰ পৃষ্ঠপোষকতাতে যিটো ঘটনা আছিল ৰাছিয়া আৰু ভাৰতৰ মাজৰ সাংস্কৃতিক বিনিময়ৰ শুভ আৰম্ভণিৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।
১/ অনুবাদ সম্পৰ্কত তেওঁ ৰচনা কৰা "অনুবাদ কথা"নামৰ প্ৰবন্ধটোত নিজস্ব ম'ত স্পষ্টভাৱে উপস্থাপন কৰিছে ।বিশ্বসাহিত্যত বিৰাট দখল থকা সন্দিকৈয়ে পৃথিৱীৰ বিভিন্ন ভাষা, বিভিন্ন সাহিত্যৰ উদাহৰণ দাঙি ধৰি অনুবাদৰ বিভিন্ন দিশৰ বিষয়ে মৌলিক চিন্তা প্ৰবন্ধটোত সন্নিৱিষ্ট কৰিছে।
২/ অনুবাদৰ বিষয়ে সুকীয়া পুথি আদি ৰচনা নহ'লেও বস্তুনিষ্ঠ বিশ্লেষণসমৃদ্ধ প্ৰবন্ধটোৱে অনুবাদৰ এটা স্পষ্ট প্ৰণালী তুলি ধৰিছে।
৩/ কৃষ্ণকান্ত সন্দিকৈৰ দৃষ্টিত অনুবাদ এটা স্বতন্ত্ৰৰীয়া সত্তা । স্বতন্ত্ৰৰীয়া সাহিত্য।কাৰণ অনুবাদ প্ৰথমে সাহিত্য তাৰ পিছতহে সি অনুবাদ।
৪/ অনুবাদ অৱলম্বন আৰু পদ্ধতি কেনে হোৱা উচিত ,উৎস গ্ৰন্থৰ সৈতে অনুবাদৰ সম্পৰ্ক ,মূল আৰু অনুবাদ গ্ৰন্থৰ দূৰত্ব ,মূল ভাষা সম্পৰ্কীয় জ্ঞান আদি কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সামৰি তেওঁ "অনুবাদৰ কথা" নামৰ প্ৰবন্ধত বিষয়সমূহ তুলি ধৰাৰ যত্ন কৰিছে।
৫/ চেক সাহিতৰ ভেটি ভালকৈ প্ৰতিষ্ঠিত হোৱাৰ পাছতো অনুবাদ কাৰ্য চলি আছিল।ঊনৱিংশ শতিকাৰ দ্বিতীয় ভাগত উজ্জ্বল প্ৰতিভাশালী জাৰশ্লাভ ভাৰ্চলিটস্কিৰ আৱিভাৱ হয় ।এওঁ আঢ়ৈশ গ্ৰন্থ ৰচনা কৰি চেক সাহিত্যক মহিমামণ্ডিত কৰি থৈ গৈছিল।
৬/অষ্টাদশ শতাব্দীৰ শেহভাগত" ডব্ৰভস্কি "নামৰ পৰম বিদ্যাৱন্ত চেক জাতীয় লোকৰ আৱিভাৱ হয়।তেখেতে প্ৰাচীন চেক সাহিত্যৰ ইতিহাস লিখে কিন্তু তেওঁ বেছিভাগ চেক ভাষাত নিলিখি জাৰ্মান ভাষাতহে লিখিছিল ।
৭/ চেক ভাষা আৰু সাহিতৰ প্ৰকৃত পুনৰুত্থান ঘাইকৈ চাৰিজনৰ প্ৰচেষ্টাত হয়। অধ্যাপক জুগ্মান , কলাৰ ,চাফাৰিক আৰু পালাস্কি। জুগ্মানে "numerous bohemian translations of english german authors"ফৰাচী পৰাও তেওঁ অনুবাদ কৰিছিল।জুগমানৰ অনুবাদৰ ভিতৰত মিল্টনৰ পেৰেডাইজলষ্ট প্ৰধান।
৮/ ১৮৮৯ চনত লিটনৰ এখন উপন্যাস জাৰ্মানী ভাষালৈ অনুবাদ হয় আৰু এয়ে বিদেশী উপন্যাসৰ অনুবাদৰ আৰম্ভণি বুলি তেওঁ উল্লেখ কৰিছে।
৯/ শিশু সাহিত্যত অনুবাদৰ আৱশ্যকৰ্তব্যতা দেখুওৱাইছে।তেওঁ উল্লেখ কৰিছে যে,বিদেশী কিতাপৰ অনুবাদ ইংৰাজীত পাবলৈ নাই ।যেতিয়াত তেখেতে চেতানেৰ্লিয়া নামৰ এখন লেটিন গ্ৰন্থৰ ইংৰাজী অনুবাদ বিচাৰিছিল তেওঁ দেখিলে যে,ফৰাচী ভাষাত তিনিখন অনুবাদ আছে কিন্তু ইংৰাজীত এখনো নাই।
সন্দিকৈদেৱে "অনুবাদ কথা" নামৰ প্ৰবন্ধটোৰ শেষত ম'ত পোষণত কৰিছে যে,কিছুমান বিষয়ত মূল সংস্কৃত বা পালি গ্ৰন্থ লুপ্ত হৈছে ।কিন্তু অনুবাদ আছে।
১০/অনুবাদকসকলৰ ভিতৰত "জনদিয়েক" নামৰ ভাৰতীয় অনুবাদকো আছে।তেওঁ কৈছে যে ,ভাৰতলৈ অহা চীনা পণ্ডিতসকলক আমি বৌদ্ধ পৰ্যটকৰূপেহে জানো কিন্তু বহুতে নাজানে যে,তেওঁলোকে বহু যত্ন আৰু পৰিশ্ৰমেৰে নিজৰ মাতৃভাষালৈ সংস্কৃত আৰু পালিগ্ৰন্থ অনুবাদ কৰিছিল। তেওঁলোকৰ ভিতৰত -"ফা-হিয়ান" আছিল অন্যতম। তেওঁৰ পিছত পৰ্যটক "ইচিঙে" সপ্তম শতিকাৰ শেহভাগত (৬৯৩-৬৯৪)দেশলৈ ফিৰি গৈ ৫৬ খন গ্ৰন্থ মাতৃভাষালৈ অনুবাদ কৰিছিল তাৰ পিছত বিৰাট আয়োজনেৰে অনুবাদ কাৰ্যত লিপ্ত হয় -"বিদ্বান হুয়েন চাং"। তেখেতে ১৯বছৰ কাল প্ৰথম হংক্ষু আশ্ৰমত আৰু তাৰ পিছত চে.এন মন্দিৰত নিৰলে অনুবাদ কাৰ্যত জীৱন যাপি ৭৪ খন বেলেগে বেলেগে গ্ৰন্থ চীনা ভাষালৈ অনুবাদ কৰি যায়। অনুবাদ কাৰ্য আৰম্ভ কৰোঁতে তেওঁৰ বয়স আছিল ৫০ বছৰ অন্ত:ত। "প্ৰজ্ঞাপাৰমিতা" সূত্ৰৰ সবৃহৎ অনুবাদ কৰোঁতে তেওঁৰ বয়স আছিল মাত্ৰ ৬০ বছৰ।
এই সূত্ৰৰ অনুবাদ নিৰলে সম্পাদন কৰিবলৈ সম্ৰাটে "হুয়েন -চাঙক" নিজৰ ৰত্ন পুষ্প নামক কাৰেঙত থাকিবলৈ দিছিল । "সম্ৰাট "আৰু "যুৱৰাজে" মিলি তেওঁ অনুবাদসমূহৰ দুখন পাতনিও লিখি দিয়ে।
প্ৰবন্ধটোত প্ৰথমেই সন্দিকৈদেৱে অনুবাদক দুৰ্বল সাহিত্য উত্থানৰ এটা পথ হিচাপে দেখুৱাব বিচাৰিছে।তেওঁৰ দৃষ্টিত মৌলিক সাহিত্য সদায়েই উচ্চ স্তৰৰ। সাহিত্যৰ সাহিত্যতো আৰু তাৰ প্ৰকৃত গৌৰৱ নিশ্চয় অনুবাদৰ ওপৰত নিৰ্ভৰ নকৰে,নিৰ্ভৰ কৰে মৌলিক ৰচনাৰ ওপৰত । কিন্তু দুৰ্বল সাহিত্যৰ বাবে অনুবাদ এটা উৎকৃষ্ট পথ। আনকি জ্ঞান শিক্ষা আৰু আদৰ্শৰ কাৰণে উন্নত সাহিতসমূহৰ সমৃদ্ধশালী অৱস্থাতো অনুবাদ অবিৰভাৱে চলি থকাৰ কথা উল্লেখ কৰি তেওঁ অনুবাদৰ গুৰুত্ব প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। সন্দিকৈদেৱে স্বীকাৰ কৰিছে যে অনুবাদ এটা জটিল কাম। কোনো এক অনুবাদৰ বাবে অতি প্ৰয়োজনীয় প্ৰথম স্তৰটো হ'ল-গ্ৰন্থ নিৰ্বাচন ।তেওঁৰ মতে উপযোগিতা বিচাৰ কৰিহে অনুবাদকে অনুবাদৰ বাবে গ্ৰন্থ নিৰ্বাচন কৰিব লাগে।
অসমীয়া সাহিত্যৰ অনুবাদৰ সম্পৰ্কত তেওঁৰ ক'বলগীয়া মূল কথাখিনি হ'ল - আমাৰ ভৱিষ্যত অনুবাদ মুঠতে দুভাগত বিভক্ত হ'ব। এভাগ "সুকুমাৰ সাহিত্য "
আৰু ইভাগ "তথ্যমূলক শিক্ষা প্ৰচাৰী সাহিত্য"।আৰু দাৰ্শনিক অনুবাদ ত্ৰি শঙ্কৰ দৰে মাজতে থাকিব। প্ৰথমভাগত গল্প, উপন্যাস,নাটক আদি অনুবাদেই প্ৰধান হ'ব। কাব্য অনুবাদ অতি কম পক্ষেহে সম্ভৱপৰ ।আৰু দ্বিতীয় ভাগত বিবিধ বিষয়ত লিখা সৰল -সহজ অথচ প্ৰমান্যমূলক কিতাপৰ ভাঙনি থাকিব । সন্দিকৈদেৱে পুথিৰ প্ৰকৃতি বা ধৰণ অনুসৰি অনুবাদো বিভিন্ন ৰীতিৰ হোৱাৰ পোষকতা কৰে ।আৰু প্ৰত্যেক অনুবাদকে মূল গ্ৰন্থৰ বিশেষত্ব অনুসৰি নিজৰ প্ৰণালী থিয় কৰি ল'ব লাগিব বুলি কৈ তেওঁ অনুবাদৰ দায়িত্ব বৃদ্ধি কৰিছে।
অনুবাদৰ প্ৰতি বিৰূপ মনোভাৱ পোষণ আৰু অনুবাদ কাৰ্যক সৃজনীশীল প্ৰতিভাৰ পৰা বিচিন্ন কৰি চোৱাৰ মনোভাৱ এতিয়াও বহু লেখকৰ আছে। বহুতে ভাবে যে অনুবাদ হৈছে এনে এটা কৰ্ম যাৰ জৰিয়তে ব্যক্তিগতভাৱে মৌলিক সৃষ্টিত অপৰাগ এগৰাকী লেখকে আন এগৰাকী লেখকৰ সৃষ্টিশীল কৰ্মৰ ওপৰত নিজা সৃষ্টিশীলতা আৰোপ কৰিবলৈ যায়।সেয়ে "অনুবাদ" (translation)শব্দটোৰ ঠাইত বহুতে "অনুসৃষ্টি"(transcreation)শব্দটো ব্যৱহাৰ কৰিবলৈ বহু লোকে পছন্দ কৰে ।অৱশ্যে "অনুসৃষ্টি"শব্দটো অনুবাদৰ বিৰূদ্ধে অভিযোগসূচক শব্দ হিচাপে ব্যৱহাৰ হোৱা দেখা যায় ।
অনুবাদৰ ক্ষেত্ৰত সদায় এটা ভাষাৰ একোটা বাক্য আৰু একোটা শব্দ আন এটা ভাষাৰ সমাৰ্থক বাক্য বা শব্দটোলৈ ৰূপান্তৰিত কৰাটোৱেই একমাত্ৰ কথা নহ'ব পাৰে ।উৎস পাঠটোত নিহিত সাংস্কৃতিক বৈশিষ্টসমূহকো অনূদিত পাঠটোলৈ নিয়াটো অনুবাদৰ এটা গুৰুত্বপূৰ্ণ দিশ ।
গতিকে ক'ব পাৰি যে , ভাল অনুবাদৰ প্ৰথম কাম হৈছে -দুটা ভাষাৰ মাজৰ , দুটা সাংস্কৃতিৰ পৰম্পৰাৰ মাজৰ সংযোগী বিন্দুসমূহ চিনাক্ত কৰা আৰু সেই বিন্দুসমূহৰ আতঁ ধৰি এগৰাকী লেখকে এটা ভাষাত সৃষ্টি কৰা পাঠক আন এটা ভাষালৈ ৰূপান্তৰিত কৰা ।কৃষ্ণকান্ত সন্দিকৈদেৱে "অনুবাদৰ কথা" নামৰ প্ৰবন্ধটোত অনুবাদৰ প্ৰাণান্ত আৰু মহিমামণ্ডিত চিত্ৰ বুৰঞ্জীত পাবলৈ নাই বুলি তেওঁ প্ৰবন্ধটোৰ সামৰণি মাৰিছে।
প্ৰস্তুতকৰ্তা
নাম = লীনা বৰুৱা
ৰোল নং = ২১
স্নাতকোত্ত চতুৰ্থ ষান্মাসিক
অসমীয়া
বিভাগ,ডিব্ৰুগড় বিশ্ববিদ্যালয়
বৰ্ষ = ২০২১-২০২৩লীনা বৰুৱা অসমীয়াৰ সৈতে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। লীনা বৰুৱা অসমীয়াৰ সৈতে সংযোগ আৰু সহযোগিতা কৰিবলৈ এটা নতুন আলোচনা আৰম্ভ কৰক। ইয়াত আপুনি যি লিখিব সেয়া আনৰ বাবে ৰাজহুৱা হ’ব।