সদস্য বাৰ্তা:শ্ৰীমিশ্ৰ কুমাৰ শৰ্মা
বিষয় যোগ কৰকনমস্কাৰ, শ্ৰীমিশ্ৰ কুমাৰ শৰ্মা
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ!
আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। "ৱিকিপিডিয়াত সম্পাদনাৰ সহায়"
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
বিষ্ণু শইকীয়া বাৰ্তা 08:40, 22 জুলাই 2012 (UTC)
দুনী প্ৰবন্ধ সম্পৰ্কে
[সম্পাদনা কৰক]আপুনি সৃষ্টি কৰা দুনী নামৰ প্ৰবন্ধটোৱে ৱিকিপিডিয়াৰ প্ৰবন্ধৰ ধৰণ মানি চলা নাই। এনে প্ৰবন্ধ সাধাৰণতে বিলোপ কৰা হয়। কিন্তু আপুনি নতুন সদস্য হেতুকে প্ৰবন্ধটো আপোনাৰ পৃষ্ঠালৈ স্থানান্তৰিত কৰাৰ বাবে কোৱা হৈছে। ইয়াৰ অৰ্থ এইটোহে যে আপুনি নিজৰ সদস্য পৃষ্ঠাৰ ভিতৰত প্ৰবন্ধটো সুন্দৰকৈ লিখক, যেতিয়া প্ৰবন্ধটো ৱিকিৰ বাবে উপযুক্ত হৈ উঠিব, তেতিয়া প্ৰবন্ধটো আকৌ মূল ৱিকিত সুমুৱাই দিয়া হ'ব। আপোনাৰ প্ৰবন্ধটোত থকা অসুবিধাসমূহ এনে ধৰণৰঃ
- প্ৰতিটো প্ৰবন্ধৰে আৰম্ভণিতে এটা চিনাকী পৰ্ব থাকিব লাগে। য'ত প্ৰবন্ধটো কিহৰ বিষয়ে, আৰু ভিতৰত কি কি আছে, তাৰ এটা সম্যক আভাষ থাকিব লাগে। সেইটো আপুনি দিয়া নাই।
- আপুনি প্ৰবন্ধটোত কোনো তথ্য সূত্ৰৰ উল্লেখ কৰা নাই। ৱিকিপিডিয়াত লিখা প্ৰবন্ধ নিৰ্ভৰযোগ্য তথ্য-উৎস উল্লেখ অবিহনে গ্ৰহনযোগ্য নহয়। কাৰণ, তথ্য-উৎসৰ অনুল্লেখে প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা শূন্য কৰি ৰাখে। ৱিকিৰ প্ৰবন্ধত তথ্য-উৎসৰ উল্লেখ বাধ্যতামূলক। সেইটো নাথাকিলে প্ৰবন্ধটো ৰাখিব নোৱাৰি।
- আপুনি একোটা বা দুটা শাৰীৰে একোটা শাখা সৃষ্টি কৰিছে। শাখা সৃষ্টি কৰিবই লাগিব বুলি কোনো কথা নাই। এনে কথাখিনি একেটা পেৰেগ্ৰাফতে উল্লেখ কৰিব পাৰি। আকৌ প্ৰতিটো প্ৰবন্ধতে শাখা লাগিবই বুলিও কোনো কথা নাই। দীঘল প্ৰবন্ধহে শাখা হিচাপে ভাগ কৰি পঢ়িবলৈ সহজ কৰি দিয়া হয়। আপুনি কথাখিনি এটা বা দুটা পেৰেগ্ৰাফৰ সৰু প্ৰবন্ধ হিচাপেও লিখিব পাৰে।
মোৰ বোধেৰে আপুনি আগতে ইতিমধ্যে ৱিকিত থকা প্ৰবন্ধবোৰ কেনেকুৱা, কিদৰে লিখা হৈছে, তথ্য-সূত্ৰ উল্লেখ কিদৰে কৰা হৈছে, ক'ত শাখা দিয়া হৈছে আদি বস্তুবোৰ ভালদৰে চাই লওক, আৰু তেনে আধাৰত আপোনাৰ প্ৰবন্ধটো প্ৰস্তুত কৰক। ইয়াৰ পাছত প্ৰবন্ধটো সাধাৰণ প্ৰবন্ধ হিচাপে আগবঢ়াওক। এনেবোৰ কথা আমিও প্ৰথমে জনা নাছিলোঁ, লাহে লাহেহে শিকি উঠিছোঁ। আপুনিও অলপ কষ্ট কৰিলেই পাৰিব। ৱিকিত আপোনাৰ কাম দেখা পাই থাকিম বুলি আশা ৰাখিলোঁ। অ' আৰু এটা কথা, কি শ্ৰেণী (যেনে, অসমৰ গাঁৱ)-ৰ ভিতৰত আছে, সেইটোৱে বিশেষ একো নুবুজায়। সেইটো মাত্ৰ প্ৰবন্ধবোৰ বিচাৰি পাবলৈ সহজ কৰি ৰখাৰ এটা কাৰিকৰী কৌশলহে। সেইটোৰ আধাৰত প্ৰবন্ধ বিচাৰ কৰা নহয়।উদ্দীপতালুকদাৰ (talk) 17:45, 23 জুলাই 2012 (UTC)
