সদস্য বাৰ্তা:শ্ৰী হিমাঙ্গী দাস
বিষয় যোগ কৰক|
|
নমস্কাৰ, শ্ৰী হিমাঙ্গী দাস
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
|
— AdoroniBot (বাৰ্তা) 07:23, 31 May 2022 (ইউ.টি.চি.)
আচাৰ্য মনোৰঞ্জন শাস্ত্ৰী
[সম্পাদনা কৰক]কবি সাহিত্যিক আচাৰ্য মনোৰঞ্জন শাস্ত্ৰীৰ জন্ম হয় খ্ৰীঃ ১৯১১ চনৰ মাৰ্চ মাহত দৰং জিলাৰ অন্তৰ্গত ভেৰুৱা গাঁৱত।১৯৩০ চনত নাপ্তাপাৰা স্বৰ্গীয় গণেশ্বৰী সংস্কৃত পাঠশালাৰ পৰা প্ৰয়োগ ৰত্নমালা ব্যাকৰণৰ উপাধি পৰীক্ষা দি অসম সংস্কৃত বোৰ্ডৰ 'ব্যাকৰণ শাস্ত্ৰী' উপাধি লাভ কৰে। পিছত দতৰাৰ 'ব্ৰহ্মময়ী চতুষ্পাঠীত স্বৰ্গীয় শিৱনাথ বুজবৰুৱা স্মৃতি তীৰ্থদেৱৰ ওচৰত স্মৃতিশাস্ত্ৰৰ অধ্যয়ন কৰে। সাহিত্য-দৰ্শন তেখেতৰ এখন উল্লেখযোগ্য গ্ৰন্থ। বিভিন্ন গ্ৰন্থ,আলোচনী,স্মৃতিগ্ৰন্থ আদিত তেখেতৰ ৰচিত ৪০০ ৰো ওপৰ প্ৰশস্তি শ্লোক প্ৰকাশিত হৈছে। 'পতাকাম্নায়' (১৯৬৬) আৰু 'প্ৰকাম কামৰূপম' কাব্যিক শৈলীৰ নিদৰ্শন।অসম সাহিত্য সভা পত্ৰিকা,আৱাহন,ৰামধেনু আদি আলোচনীত তেখেতৰ অনুসন্ধিৎসাৰ প্ৰমাণ পোৱা যায়। শ্ৰী হিমাঙ্গী দাস (বাৰ্তা) 07:08, 6 April 2023 (ইউ.টি.চি.)
পুৰণি অসমৰ মঠ-মন্দিৰ- ড°মহেশ্বৰ নেওগ
[সম্পাদনা কৰক]মধ্যযুগীয় সময়ৰ গুৰুত্বপূৰ্ণ ঐতিহাসিক নিদৰ্শনৰ সাক্ষী হিচাপে অসমত অসংখ্য মন্দিৰ আৰু স্মৃতিস্তম্ভ আছে,যি অসমখনৰ সৌন্দৰ্য বঢ়াই তুলিছে। অসমৰ বহুতো প্ৰাচীন হিন্দু মন্দিৰৰ পৌৰাণিক কাহিনী আছে, য'ত এক জীপাল আধ্যাত্মিকতাৰ সোঁত বয়। অসম হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দৰে বৈষ্ণৱ গুৰুসকলৰ মিলনভূমি। বিভিন্ন দেৱ-দেৱীৰ মন্দিৰ দেখিবলৈ পোৱা, অসমৰ কেইটামান জনপ্রিয় মন্দিৰৰ বর্ণনা ড° মহেশ্বৰ নেওগে 'পুৰণি অসমৰ মঠ-মন্দিৰ' নামৰ প্ৰৱন্ধটিৰ জৰিয়তে আলোচনা কৰিছে। বৰ্তমানে ড° মহেশ্বৰ নেওগ স্মাৰক ন্যাস পৰিষদে 'মহেশ্বৰ নেওগ ৰচনাৱলী'ৰ অষ্টম খণ্ডত উক্ত প্ৰৱন্ধটি সন্নিৱিষ্ট কৰিছে।
প্ৰাকৃতিক সৌন্দৰ্যৰে মনোৰম পৰিৱেশৰ মাজত সাগৰ,নদী বা হ্ৰদ আদিৰ পাৰত অৱস্থিত তীৰ্থস্থানসমূহত মানুহৰ প্ৰাণৰ আকূতি লৈ থিয় হ'ল মন্দিৰ আৰু মন্দিৰৰ ভিতৰত স্থাপিত হ'ল দেৱতাৰ অৰ্চা-মূৰ্তি।মন্দিৰসমূহ পূজাৰ স্থান। মন্দিৰ দেৱতাৰ মূৰ্তি। ই দেৱতাৰ জ্যামিতিক ৰূপ। কোনো ঠাইত এজন দেৱৰ মন্দিৰ প্ৰতিষ্ঠা কৰাৰ আগতে তাৰ পৰা আন দেৱ,ভূত,ৰাক্ষসসকলক অপসৰণ কৰিবলৈ মিনতি জনাই সেই ঠাই একেজন দেৱতাৰ বাসভূমি কৰা হয়। এই ভূমিত হাল বাই সমান কৰি,পৱিত্ৰ কৰি দেৱৰ স্বৰূপ মন্দিৰৰ বাবে উপযুক্ত কৰা হয়। শিল,ইটা,কৰাল,কাঠ আদি মন্দিৰৰ উপকৰণ। মন্দিৰক অনেক নামেৰে অভিহিত কৰা হয় -প্ৰাসাদ,প্ৰাসাদ-দেৱালয়, দেৱাগাৰ,দেৱগৃহ,দেৱকুল,দেৱায়তন,ভৱন, স্থান,ৱেশ্ম,কীৰ্তন, হৰ্ম্য,বিহাৰ,চৈত্য,ক্ষেত্ৰ ইত্যাদি।
প্ৰাচীন শাস্ত্ৰত প্ৰাসাদৰ কুৰিটা বেলেগ গঢ়ৰ ব্যৱস্থা আছে আৰু অগ্নি পুৰাণত ৪৫ বিধ মন্দিৰৰ কথা আছে যদিও বৰ্তমানে মন্দিৰবিলাকক তিনি শ্ৰেণীত ভাগ কৰা হয় - নাগৰ,দ্ৰাবিড় আৰু ৱেসৰ। নাগৰ উত্তৰ ভাৰতৰ আৰু দ্ৰাবিড় দক্ষিণ ভাৰতৰ আৰু বেসৰ বিন্ধ্য পৰ্বতৰ পৰা অগস্ত্যলৈকে (নাসিক) দাক্ষিণাত্যৰ এই অংশৰ শৈলী বুলি ক'ব পাৰি।
অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ হোৱাত স্থাপিত হোৱা সত্ৰৰ কেন্দ্ৰ মণ্ডপ(নামঘৰ বা কীৰ্তনঘৰ)। সেই সময়ত মন্দিৰৰ উপকৰণ শিল,ইটা,চিমেণ্টৰ ঠাইত কাঠ,বাঁহ,ইকৰা,মাটি আছিল। সেই সময়ত ৰাজনৈতিক পৰিস্থিতিৰ অশান্তিৰ ভয়ো গৃহনিৰ্মাণশিল্পৰ এই নিম্নস্তৰলৈ পৰিৱৰ্তন এটা কাৰণ হ'ব পাৰে বুলি মহেশ্বৰ নেওগে উক্ত প্ৰৱন্ধটিৰ জৰিয়তে উল্লেখ কৰিছে।
অসমৰ মন্দিৰ নিৰ্মাণৰ বুৰঞ্জীত মন কৰিবলগীয়া যে বৰ্তমানৰ সৰহভাগ মন্দিৰেই আহোম যুগৰ শেষৰ ফালে নিৰ্মিত। কামৰূপ জিলা ইয়াৰ এক উদাহৰণ। নীলাচলৰ কামাখ্যা মন্দিৰ ১৫৬৫ খ্ৰীষ্টাব্দত আৰু হাজোৰ হয়গ্ৰীৱ মাধৱৰ বৰ্তমান মন্দিৰ ১৫৮৩ খ্ৰীষ্টাব্দত কোঁচ ৰজাসকলৰ ৰাজত্বত সজোৱা। নীলাচল পৰ্বতত কিছুমান ধ্বংসাৱশেষ সপ্তম-অষ্টম শতিকাৰে হ'ব পাৰে বুলি মহেশ্বৰ নেওগে কৈছে। কিন্তু কামাখ্যা মন্দিৰৰ ওপৰ ভাগৰ কিছু নৰনাৰায়ণৰো পিছত সজোৱা হৈছিল বুলি তেখেতে প্ৰৱন্ধটিৰ জৰিয়তে উল্লেখ কৰিছে। মন্দিৰৰ গাত খোদিত অলঙ্কাৰ আৰু ডাঙৰ মূৰ্তিৰ শাৰী এক বিশেষত্ব। অসমৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত এই কামাখ্যা মন্দিৰটো ভাৰতৰ ৫১ টা শক্তিপীঠৰ ভিতৰত এটা প্রাচীনতম শক্তিপীঠ। মূল মন্দিৰটোৰ চাৰিওকাষে দহটা মহাবিদ্যাক উৎসৰ্গীকৃত পৃথক মন্দিৰৰ দ্বাৰা আবেষ্টিত।সেইকেইটা হৈছে - কালী, তাৰা, শোড়শী, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধূমাৱতী, বগলামুখী, মাতঙ্গী আৰু কমলাত্মিকা। তন্ত্ৰ পূজাৰ কেন্দ্র হোৱা এই মন্দিৰটোৱে অম্বুবাচী মেলা নামে পৰিচিত বাৰ্ষিক উৎসৱত হাজাৰ হাজাৰ তন্ত্ৰ ভক্তক আকৃষ্ট কৰে। অন্য এটা বাৰ্ষিক অনুষ্ঠান হ'ল মনসা পূজা। শৰৎ কালত নৱৰাত্রীৰ সময়ত কামাখ্যাত প্রতি বছৰে দুৰ্গাপূজা উদযাপিত হয়। পাঁচ দিনৰ এই উৎসৱটোত ভালেমান দৰ্শনাৰ্থীক আকৰ্ষণ কৰে। এই মন্দিৰটো হিন্দু ধৰ্মৰ এটা প্ৰধান মন্দিৰ। পুৰণি আখ্যানৰ পৰা জানিব পৰা যায় যে এই মন্দিৰটো সকলোতকৈ প্ৰথমে নৰকাসুৰে নিৰ্মাণ কৰিছিল। কামাখ্যা মন্দিৰ উৎপত্তিৰ বিষয়ে এটা কাহিনী থকা বুলি জানিব পৰা যায়। মহাদেৱৰ পত্নী সতীৰ মৃত্যু হোৱাত ভগৱান শ্ৰী বিষ্ণুৰ সুদৰ্শন চক্ৰইদি মৃতদেহটো কাটি পেলাইছিল আৰু এই মৃতদেহটোৰ অংশবোৰ বিভিন্ন প্ৰান্তত ছিটিকি পৰিছিল। মৃতদেহটোৰ অংশবোৰ য'তেই পৰিছিল তাতেই একোখনকৈ পৱিত্ৰ তীৰ্থস্থান গঢ় লৈ উঠিছিল। নীলাচল পাহাৰত পৰাৰ বাবে ইয়াত কামাখ্যা মন্দিৰ প্ৰতিষ্ঠা হৈছিল। এই মন্দিৰত কামাখ্যা দেৱীক উপাসনা কৰা হয়।
নীলাচলৰ আনবিলাক মঠ আপেক্ষিকভাৱে নতুন আৰু তাৰে কিছু ১৮৯৭ চনত দ্বাৰভাঙ্গাৰ মহাৰাজে পুননিৰ্মাণ কৰে। হাজোৰ এই হয়গ্ৰীৱ মন্দিৰৰ তল অংশৰ কটা ফুল আদি আৰু বিশেষকৈ বাহিৰলৈ শুড় আগ কৰি থকা হাতীৰ শাৰী অতি পুৰণি স্থাপত্যৰ নিদৰ্শন। বহল,পাতল,বেছিকৈ পোৰা ৰঙা ৰঙৰ ইটাৰে সেইবোৰ নিৰ্মাণ কৰা হয়। শিলত কটা অলংকাৰ আদি তাত লগোৱা থাকে। মূল মন্দিৰৰ আগত সৰু এটি নাটমন্দিৰ থাকে। অসমৰ প্ৰায় সৰ্বত্ৰ ইয়াৰ আগত টিনৰ নামঘৰ এটিয়ে মন্দিৰটোৰ মূল আঁচনিক শক্তিশালী ৰূপে দেখা দিছে। কামৰূপত আৰু অন্যান্য স্থানতো আগৰ মন্দিৰ ভাগি যোৱা কাৰণে বা মন্দিৰ-ঘৰ নোহোৱা কাৰণে অনেক ক্ষেত্ৰত কাঠ-বাঁহ-খেৰৰ ঘৰ সাজি পূজা আদি কৰা হয়। হাজোৰ এই হয়গ্রীৱ মাধৱ মন্দিৰ অসমৰ গুৱাহাটী চহৰৰ হাজোৰ মণিকুতা নামে এখন পাহাৰত অৱস্থিত। মন্দিৰটোত ভগৱান বিষ্ণুৰ ছবি এটা সুনিশ্চিত কৰে, যিটো পুৰীত (উড়িষ্যা) থকা ভগৱান জগন্নাথৰ চিত্রৰ অনুৰূপ। এই মন্দিৰটো বৌদ্ধধর্ম অনুসৰণকাৰী হিন্দু, বৌদ্ধ লামা আৰু ভুটীয়াসকলৰ এখন প্রধান তীর্থস্থান হিচাপেও বিবেচিত হয়। বিশ্বাস কৰা হয় যে ভগৱান বুদ্ধই এই স্থানত নির্বান বা মোক্ষ অর্জন কৰিছিল। এই মন্দিৰৰ প্ৰৱেশদ্বাৰতো গ্রেনাইটেৰ ব্লকেৰে তৈয়াৰ কৰা আৰু প্রায় ১০ ফুট ওখ আৰু প্ৰস্থ ৫ ফুট। মন্দিৰৰ বহিৰাংশত দহটা অৱতাৰক উপস্থাপন কৰি বিশাল ভাস্কর্যযুক্ত মূর্তি আছে, যাৰ ভিতৰত নৱমত বুদ্ধ আছে। মন্দিৰৰ কাষত মাধৱ পুখুৰী নামে পৰিচিত এটা ডাঙৰ পুখুৰী আছে, য’ত মানুহবোৰে মাছ আৰু কাছক খাদ্য প্ৰদান কৰে। দৌল, বিহু আৰু জন্মাষ্টমী উৎসৱ প্রতি বছৰে মন্দিৰটোত পালন কৰা হয়।
কামৰূপত শিৱৰ পূজা অতি প্ৰাচীন বুলি অনুমান হয়। কালিকা-পুৰাণৰ বৰ্ণনাৰ পৰা বুজিব পাৰি যে শাক্তধৰ্ম প্ৰচাৰৰো আগতে ইয়াত শৈৱধৰ্মৰ প্ৰভাৱ বিস্তৃতভাৱে আছিল। মিথিলাৰ ৰাজকোঁৱৰ নৰকাসুৰে ইয়াত ৰাজত্ব প্ৰতিষ্ঠা কৰি দেৱীৰ পূজা প্ৰতিষ্ঠা কৰিবলৈ আহোঁতে এই ৰাজ্যত শিৱৰ একাধিপত্য আছিল (সচ দেশঃ স্বৰাজ্যাৰ্থং পূৰ্ৱং গুপ্তশ্চ শম্ভুনা) আৰু নৰকাসুৰে কিৰাতসকলক এই ৰাজ্যৰ পৰা খেদাই দেৱীক প্ৰতিষ্ঠা দিয়াটো শৈৱধৰ্ম গোপনৰূপে ইয়াতে ৰৈ গ'ল (অন্তৰ্গুপ্তঃস মে পুৰে)। শিৱ কেনেকৈ কামৰূপৰ আৰ্যেতৰ লোকসকলৰ মাজত প্ৰিয় হৈ পৰিল,তাৰ ইঙ্গিতো এই পুৰাণখিনিয়েই দিছে। চতুৰ্থৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত পুষ্যবৰ্মা,শালস্তম্ভ আৰু ব্ৰহ্মপাল বংশৰ হিন্দু ৰজাসকলৰ সকলোৱেই যেন একান্ত শিৱভক্ত আছিল। নৱম শতিকাৰ বনমালদেৱে হাটকশূলী শিৱৰ মন্দিৰ পুননিৰ্মাণ কৰে। তেখেতৰ ফলিত কামকূট পৰ্বতত শ্ৰীকামেশ্বৰ আৰু মহাগৌৰীৰ উল্লেখ আছে। সপ্তমৰ পৰা ত্ৰয়োদশ শতিকাৰ ভিতৰত বুলি পণ্ডিতসকলৰ দ্বাৰা নিৰ্ণীত কেইবাটিও শিৱ মন্দিৰৰ ধ্বংসাৱশেষ শিৱসাগৰ,দৰং,কামৰূপ আদি জিলাত পোৱা গৈছে।
অসমত নৱবৈষ্ণৱ ধৰ্মৰ অভ্যুদয়ৰ সময়তো শিৱৰ স্থিতি ভালকৈ অনুভৱ কৰিব পাৰি। আহোম ৰজাসকলৰ আমোলতো শৈৱধৰ্মই বিশেষ আদৰ পাইছিল। প্ৰতাপসিংহ স্বৰ্গদেৱে (১৬০৩-৪১) দেৰগাঁও, নেঘেৰীটিঙত আগৰ ভগা শিৱ মন্দিৰৰ পৰিৱৰ্তে নতুন শিৱদ'ল নিৰ্মাণ কৰিছিল। গদাধৰ সিংহৰ দিনত(১৬৮১-৯৬) হ'ল উমানন্দৰ বৰ্তমান মন্দিৰ,ৰুদ্ৰসিংহৰ দিনত জয়সাগৰৰ পাৰৰ শিৱদ'ল,শিৱসিংহ আৰু তেওঁৰ ৰাণীসকলৰ দিনৰ শিৱসাগৰৰ গৌৰীসাগৰৰ পাৰৰ শিৱদ'ল, প্ৰমত্তসিংহৰ দিনৰ উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰ দ'ল আৰু ৰাজেশ্বৰসিংহৰ দিনৰ বশিষ্ঠাশ্ৰম, মণিকৰ্ণেশ্বৰ আদিৰ শিৱমন্দিৰ উল্লেখযোগ্য। প্ৰতাপসিংহৰে পৰা আৰম্ভ কৰি স্বৰ্গদেউসকলৰ মোহৰবোৰত হৰৰ উল্লেখ প্ৰায় অবিচ্ছেদ্যভাৱে চলোৱা হয়।
অসমৰ গোলাঘাট জিলাৰ নেঘেৰীটিঙৰ শিৱ দৌলটো প্ৰথমে কছাৰীয়ে খ্রীষ্টীয় ৮ম-৯ম শতাব্দীৰ ভিতৰত তৈয়াৰ কৰিছিল যদিও, এইটো প্ৰাকৃতিক দুৰ্যোগত বহুবাৰ ধ্বংস হৈ যায়। মন্দিৰৰ বৰ্তমান ৰূপটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। সুন্দৰভাবে সজোৱা শিৱ দৌলটোৰ চাৰিওকোণত চাৰিটা ক্ষুদ্র দৌলৰ দ্বাৰা সজ্জিত। শিৱ দৌলৰ সৈতে সংলগ্ন প্রায় ৩ ফুট ব্যাসৰ বান লিঙ্গক লৈ গঠিত য’ত গণেশ, বিষ্ণু, দুৰ্গা আৰু সূৰ্য আদি ক্ষুদ্র দৌলবোৰ নিৱিষ্ট।
গুৱাহাটীত অৱস্থিত বশিষ্ঠাশ্ৰম হিন্দু ঋষি বশিষ্ঠ মুনিৰ আশ্ৰম আছিল বুলি বিশ্বাস কৰা হয়। এই আশ্ৰমত সন্ধ্যা, ললিতা আৰু কান্তা নামেৰে তিনিখন ক্ষুদ্ৰ নৈ একেলগ হৈ বৈ আহে , যিয়ে স্থানটোক এক সুন্দৰ ভব্যতা প্ৰদান কৰে। এই চৌহদত ভগৱান বিষ্ণুক উৎসৰ্গিত 'জনাৰ্দন দেৱালয়' আছে।
অসমৰ গুৱাহাটী চহৰেৰে প্ৰৱাহিত ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত "উমানন্দ" হ'ল বিশ্বৰ সকলোতকৈ ক্ষুদ্র নদী দ্বীপ। ব্ৰিটিছসকলে এই দ্বীপটোৰ গঠন অনুসৰি দ্বীপটোৰ নাম দিছিল পিকক দ্বীপ। হিন্দু পুৰাণ অনুসাৰে, শিৱই তেওঁৰ পত্নী পাৰ্বতীৰ সুখ আৰু আনন্দৰ বাবে এই দ্বীপটো তৈয়াৰ কৰিছিল। কথিত আছে যে শিৱই ইয়াত ভায়ানন্দ ৰূপে বাস কৰিছিল। কালিকা পুৰাণৰ এটা পৌৰাণিক কাহিনী অনুসাৰে, শিৱৰ গভীৰ ধ্যানত বাধা দিয়াৰ সময়ত শিৱই কামদেৱক উমানন্দৰ ওপৰত তৃতীয় চকুৰে জ্বলাই দিছিল। সেয়েহে এই দ্বীপটো ভষ্মাচল নামেও পৰিচিত। উমানন্দত মহা শিৱৰাত্ৰি ব্যাপকভাৱে পালিত হয়। সোমবাৰটো মন্দিৰৰ পবিত্ৰ দিন হিচাপে বিবেচনা কৰা হয় আৰু অমাৱস্যাত তীৰ্থযাত্ৰীসকলে আনন্দ কৰে।
শিৱসাগৰৰ প্ৰাণকেন্দ্ৰ বৰ পুখুৰীৰ পাৰত অৱস্থিত শিৱ দৌলটো শিৱ দৌল, বিষ্ণু দৌল আৰু দেৱী দৌলৰ সৈতে অন্তর্ভুক্ত সংগ্রহালয় তথা তিনিটা হিন্দু মন্দিৰৰ আন্তঃগাঁথনিৰে গঠিত এক সমন্বয়ৰ কীৰ্তিচিহ্ন। শিৱ দৌল, বিষ্ণু দৌল, দেৱী দৌল ক্রমে ভগৱান শিৱৰ, ভগবান বিষ্ণুৰ আৰু দেৱী দুৰ্গাৰ দ্বাৰা নিৱিষ্ট। ৮ ফুট ওখ সোণৰ-গম্বুজৰ দ্বাৰা সুসজ্জিত শিৱ দৌলৰ উচ্চতা ১০৪ ফুট আৰু মন্দিৰৰ ভেটিৰ পৰিধি হিচাপে ১৯৫ ফুট। প্রতি বছৰ মহা শিৱৰাত্ৰিৰ সময়ত শিৱ মন্দিৰটোত বিশাল মেলাৰ আয়োজন কৰা হয় আৰু পূজা আগবঢ়াবলৈ ভাৰতৰ বিভিন্ন স্থানৰ পৰা ভক্তপ্রাণ ৰাইজৰ আগমন ঘটে। শাওন (আগষ্ট-ছেপ্টেম্বৰ) মাহত হিন্দুসকলে সমগ্র নিশা কীৰ্ত্তন আৰু জপ কৰা হৰে কৃষ্ণ মন্ত্ৰই হৈছে ভক্তসকলৰ আকৰ্ষণৰ কেন্দ্র বিন্দু। দৌলযাত্ৰা আৰু ৰথযাত্ৰা হ'ল বিষ্ণু দৌলৰ দুটা বাৰ্ষিক উৎসৱ। দেৱীদৌলত প্রতি বছৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত দুৰ্গাপূজা যথেষ্ট উৎসাহেৰে পালন কৰা হয়।
শিৱমন্দিৰসমূহৰ বাহিৰেও বুঢ়াগোঁসাই বা বুঢ়াগোহাঁইৰ থান অসমৰ সৰ্বত্ৰ বিয়পি আছে। উত্তৰ-পূৱ সীমান্ত অঞ্চলত দিক্কৰবাসিনীৰূপে দেৱীয়ে উজ্জ্বল ৰূপ লৈ বিৰাজ কৰিছিল।তেওঁ তাম্ৰেশ্বৰী আই বুলি,কেঁচাইখাঁতী গোসাঁনী বুলি খ্যাতি লাভ কৰে। দেৱীক লক্ষীমপুৰত মালিনী, মণিপুৰীয়া দেৱী,কেঁচাইখাঁতী, নীল গোসাঁনী,বুঢ়ী,শিৱসাগৰত দুৰ্গা,গৌৰী,বুঢ়ীগোসাঁনী বা জয়ন্তেশ্বৰী,নগাঁৱত কামাখ্যা,মহামায়া,চামুণ্ডা,মহিষমৰ্দিনী, কামৰূপত কামাখ্যা,উগ্ৰতাৰা,ভুবনেশ্বৰী,চণ্ডিকা, জয়দুৰ্গা,নাহেশ্বৰী,কালী,ব্যাঘ্ৰেশ্বৰী নামেৰে জনা যায়। মহেশ্বৰ নেওগে উত্তৰ-পূৱ ভাৰতক তন্ত্ৰ আৰু শাক্ত ধৰ্মৰ জন্মস্থান আৰু লীলাভূমি বুলি উল্লেখ কৰিছে। নৱবৈষ্ণৱ ধৰ্মৰ আৱিৰ্ভাৱৰ সময়ৰ সৰু-বৰ শাসক বাৰভূঞাসকল প্ৰায়েই ঘোৰ শাক্ত আছিল। শঙ্কৰদেৱৰ আজোককাক চণ্ডীবৰ বা দেৱীদাস মহা দেৱীভক্ত। বিশ্বসিংহ ৰজাৰ গৰখীয়া কালত গৰখীয়াসকলে শৰত কালত ফৰিং কাটি দেৱীপূজা কৰাৰ উল্লেখ কোঁচ ৰাজবংশাৱলীত আছে। এই সময়ত নীলাচলৰ পুৰণি মন্দিৰবোৰৰ চিন নোহোৱা হৈছিল। বিশ্বসিংহই পণ্ডিতৰ সহায় লৈ মাটিৰ তলৰ পৰা পীঠস্থানবোৰো উলিয়াব লগা হৈছিল। কামাখ্যা মন্দিৰৰ দৰে পুৰণি আন এটা শাক্ত মন্দিৰ শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰ। তাম্ৰেশ্বৰী মন্দিৰত শেষ আহোম যুগত আহোম ৰজাৰ প্ৰতিনিধি সদিয়াখোৱা গোহাঁইৰ অধীনে পূজা-সেৱা-বলি আদি হৈছিল। মন্দিৰটো শদিয়াৰ পৰা ৭ কিলোমিটাৰ দূৰত বনাঞ্চলত জৰা-জীৰ্ণ অৱস্থাত আছে। মন্দিৰটো নির্মাণৰ ৰীতিটো অনন্য, য’ত সম্পূৰ্ণ গঠনটো মাত্ৰ এটা শিলেৰে সজোৱা, চিমেন্ট অবিহনে নিৰ্মিত। শিলটো কেৱল লোহাৰ-গজালৰ দ্বাৰা একেলগ কৰি ৰখা হৈছে। কিন্তু ইয়াত কোনো ক্লেম নাই। মন্দিৰৰ আভ্যন্তৰীণ খণ্ডত পক্ষী, প্রাণী, ফুল আৰু উত্তম জ্যামিতিক ডিজাইনেৰে কৰা দুৰ্দান্ত ভাস্কৰ্যযুক্ত চিত্র আছে।
কামাখ্যা আৰু তাম্ৰেশ্বৰী মন্দিৰৰ বাহিৰে বৰ্তমানে প্ৰায়বিলাক শাক্ত মন্দিৰ পিছৰ আহোম ৰজাসকলৰ দিনৰ। নগাঁৱৰ শিলঘাটৰ কামাখ্যা মন্দিৰো প্ৰমত্তসিংহ স্বৰ্গদেৱৰ কালৰহে(১৭৪৫)। আনফালে উত্তৰ পাৰৰ ফুলবাৰী আদি ঠাইৰ দেৱী মন্দিৰৰ ঐতিহ্য কিছু প্ৰাচীন বুলি মহেশ্বৰ নেওগে উল্লেখ কৰিছে। কছাৰৰ কছাৰী আৰু জয়ন্তাৰ জয়ন্তীয়া ৰজাসকলেও চণ্ডী,জয়ন্তা বা জয়ন্তেশ্বৰী,কালী আদি নামত দেৱীৰ পূজা কৰিছিল আৰু কৰাইছিল। আন আন সৰু সৰু ৰজায়ো শাক্তধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল। যদিও এইদৰে শাক্ত ধৰ্ম গোটেই অসমতে বিয়পি পৰিছিল,ব্ৰহ্মপুত্ৰ উপত্যকাত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু বিস্তাৰিতভাৱে সত্ৰ- স্থাপনৰ ফলত শক্তি পূজাৰ প্ৰাধান্য কমি আহে। যদিও ভাৰতৰ ভিতৰতে এখনি শ্ৰেষ্ঠ শাক্তপীঠ কামাখ্যা মন্দিৰ কামৰূপ জিলাত অৱস্থিত, ১৯০১ চনৰ লোক পিয়লত দেখা গৈছিল,জিলাখনৰ হিন্দু জনসংখ্যাৰ শতকৰা দুজনেহে নিজকে শাক্ত বুলি ঘোষণা কৰে।
হৰ্ষচৰিতত ভাস্কৰবৰ্মাক বৈষ্ণৱবংশ বোলা হৈছে। পুষ্যবৰ্মাৰ বংশই তেওঁলোকৰ তাম্ৰলিপিবোৰত বৰাহ বিষ্ণু আৰু ধৰিত্ৰীৰ পৰা নিজৰ উদ্ভৱ দেখুৱাইছে। বৰগঙ্গাত পোৱা লিপিত ভূৰ্তিবৰ্মাক পৰমভাগৱত বুলি আখ্যা দিয়া হৈছে। ধৰ্মপাল ৰজাৰ পুষ্পভদ্ৰা ফলিত আগৰ লিপিবোৰৰ দৰে শিৱক বন্দনা নকৰি বৰাহ বিষ্ণুৰহে বন্দনা কৰা হৈছে। সমসাময়িক ভাস্কৰ্য-স্থাপত্যয়ো কামৰূপত বৈষ্ণৱ ধৰ্ম প্ৰচলনৰ ভাল আভাস দিয়ে। দেওপানীৰ 'ভগৱতো নাৰায়ণস্য শৈলী প্ৰতিমা' নৱম শতিকাৰ,ডিব্ৰুগড়ৰ ওচৰৰ পুৰণি মন্দিৰ এটাত পোৱা পিতলৰ বিষ্ণুমূৰ্তি একাদশ-দ্বাদশ শতিকাৰ,শিৱসাগৰ নগৰত পোৱা ভাস্কৰ্যৰ নিদৰ্শন দশম-একাদশৰ, অশ্বক্ৰান্তৰ অনন্তশায়ী বিষ্ণু দ্বাদশৰ, শুক্ৰেশ্বৰৰ বিষ্ণু-জনাৰ্দন অষ্টম-নৱম শতিকাৰ বুলি পণ্ডিতসকলে কৈছে। কালিকা পুৰাণত মণিকূটৰ হয়গ্ৰীৱ-মাধৱৰ আৰু দিক্কৰবাসিনী পীঠৰ বাসুদেৱৰ পূজা পদ্ধতিৰ বিশদ ব্যৱস্থা আছে। বৰ্তমানে এই পূজা তান্ত্ৰিক পদ্ধতিৰ বা পাঞ্চৰাত্ৰ ৰীতিৰ,অৰ্থাৎ তাত মন্ত্ৰ,বীজ,যন্ত্ৰ,ন্যাস,শক্তি অলঙ্কাৰ আদি প্ৰক্ৰিয়াৰে পূজা কৰা হয়। বাসুদেৱ পূজাত শম্ভু,গৌৰী,ব্ৰহ্মা,ৰাম আৰু কৃষ্ণ থাকিবই লাগিব,বিশেষতে সম্ভু-গৌৰীক বাদ দিব নোৱাৰিব। পূজাৰ মণ্ডলত বাসুদেৱ নায়ক,নায়িকা হ'ল বিমলা। হয়গ্ৰীৱৰ ন্যাসৰ বিধানত পাঞ্চৰাত্ৰৰ মূল চতুৰ্ব্যূহক স্থাপন কৰিব লাগে। ঈশান আৰু তেওঁৰ শক্তিসমূহ,গ্ৰহ আৰু দিকপতিসকলকো পূজা কৰিব লাগে। আনকি,'যোগিনী-তন্ত্ৰ'ৰ মতে হৰিণ,ছাগ,শহাৰ মাংস হয়গ্ৰীৱ বিষ্ণুৱৰ বিশেষ প্ৰিয়,১৫৮৩ চনত হয়গ্ৰীৱ মাধৱৰ মন্দিৰ ৰঘুদেৱনাৰায়ণে পুননিৰ্মাণ কৰে আৰু তাৰ পূজা-অৰ্চাৰ কাৰণে যোগনীয়া সমলীয়া,পাইক আদিৰ নিৰ্বন্ধ কৰে। কোঁচ,আহোম,মুছলমান শাসকসকলে এই মন্দিৰৰ নামত অনেক মাটি-বৃত্তি দিয়ে।
অশ্বক্ৰান্তৰ অনন্তশায়ী বিষ্ণুৰ মন্দিৰটো উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ওখ পাহাৰত অৱস্থিত। অনন্তশায়ী বিষ্ণুৰ মন্দিৰটো ১৭২০ শকত আহোম স্বৰ্গদেউ শিৱসিংহই নিৰ্মাণ কৰিছিল।
এইসমূহৰ উপৰিও বাসুদেৱ-থানৰ কথা,নৰোৱা সত্ৰ-স্থাপনৰ ইতিহাসৰ আৰম্ভণিৰ কথা শুনা যায়। ইয়াত(উত্তৰ-লক্ষীমপুৰৰ পৰা ১৮ মাইলমান পূবৰ কঢ়া আৰু চাৰিকৰীয়া নৈৰ মাজত) এতিয়াও সুন্দৰ দক্ষতাৰে নিৰ্মিত কলীয়া শিলৰ বিতোপন বাসুদেৱ-মূৰ্তি আছে।
এনেদৰে ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত অসম ৰাজ্যত শক্তি-তান্ত্ৰিকতাবাদ, শিৱবাদ আৰু পাছলৈ বিষ্ণুবাদৰ উত্থান হয়। সময়ে সময়ে বেলেগ বেলেগ জাতি-ধৰ্ম-বৰ্ণ আৰু সংস্কৃতিৰ লোকে এই স্থানলৈ প্ৰৱজিত হৈছিল।
সময়ে সময়ে নতুন নতুন বিশ্বাস আৰু ধৰ্ম সৃষ্টি হৈ অহাৰ ফলত অসমৰ চাৰিওফালে এনে বিভিন্ন মঠ-মন্দিৰ তথা কীৰ্তিচিহ্ন নিৰ্মাণ কৰা হৈছিল। ইয়াৰে বেছিভাগ ভাস্কৰ্য্যই আছিল মধ্যযুগৰ যি কোঁচ, কছাৰী আৰু আহোম শাসনৰ বিভিন্ন আৰ্হিৰ ভাস্কৰ্য্যক প্ৰতিনিধিত্ব কৰে। অসমৰ চাৰিওফালে সিচঁৰিত হৈ থকা এই মন্দিৰ আৰু কীৰ্তিচিহ্নসমূহে নিৰৱে অসমৰ এক গৌৰৱময় ইতিহাসৰ সাক্ষ্য বহন কৰে।
আধ্যাত্মিকতাৰ সুৱাস বিলোৱা অসমৰ বিখ্যাত মঠ-মন্দিৰসমূহৰ বৰ্ণনাৰে ড° মহেশ্বৰ নেওগে অসমৰ ঐতিহাসিক,ৰাজনৈতিক,আধ্যাত্মিক আদি দিশসমূহক সমৃদ্ধ কৰি ৰাখিব খোজা পৰিলক্ষিত হয়। শ্ৰী হিমাঙ্গী দাস (বাৰ্তা) 18:25, 24 April 2023 (ইউ.টি.চি.)
