সদস্য বাৰ্তা:Ananya Taye

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰথমতে অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়োৱাৰ বাবে ধন্যবাদ। কিন্তু শেহতীয়াকৈ আপুনি হাবুং পৃষ্ঠাত কৰা সাল-সলনিসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি হোৱা নাই। অনুগ্ৰহ কৰি আপোনাৰ উপযুক্ত উৎস উল্লেখ কৰি বিষয়টোৰ ওপৰৰ আলোচনা চলি থকালৈকে পৃষ্ঠাখনত সাল-সলনি নকৰিব। ধন্যবাদ- অজয়  কথা-বতৰা 14:03, 23 March 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়োৱাৰ বাবে ধন্যবাদ। কিন্তু এবাৰ অৱগত কৰাৰ পিছতো আপুনি কোনো আলোচনা নকৰাকৈ পৃষ্ঠাৰ সমল বিলোপ কৰিছে। অনুগ্ৰহ কৰি আপোনাৰ উপযুক্ত উৎস উল্লেখ কৰি বিষয়টোৰ ওপৰৰ আলোচনা চলি থকালৈকে পৃষ্ঠাখনত সাল-সলনি নকৰিবলৈ আকৌ অনুৰোধ জনালোঁ। ধন্যবাদ! দিব্য দত্ত (বাৰ্তা) 17:14, 29 মে' 2021 (ইউ.টি.চি.)

@দিব্য দত্ত:, @Chiring chandan:, @অজয় দাস: I have removed material without any proper citation from the Habung article. Please don't try to violate Wikipedia policy by adding unsourced and unverifiable data. If you have any proper verifiable source, you are most welcome to add it in the article.

এই পৃষ্ঠাটো বহুবাৰ ৰিভাৰ্ট কৰা হৈছে, সাধাৰণতে এদিনত তিনিবাৰ ৰিভাৰ্ট কৰা সদস্যৰ ওপৰত বিহিত ব্যৱস্থা লব লাগে, কিন্তু বৰ্তমান লোৱা নাই। ইয়াৰোপৰি হাবুঙৰ সম্পৰ্কে যথেষ্ট তথ্য নেটত উপলব্ধ নহয় যদিও প্ৰবন্ধৰ ইতিহাস চালে গম পোৱা যায় যে সেই প্ৰবন্ধটো বহুকেইজন সম্পাদকে লিখি লিখি আজিৰ অৱস্থা পাইছেহি। কিন্তু হঠাতে কোনোবাই আহি তাৰে এখিনি কাটি দিয়া কাৰ্যটো ৱিকিৰ নিয়মৰ ভিতৰত নপৰে। সেইবাবে প্ৰবন্ধটো সুৰক্ষিত কৰা হ’ল। যদি প্ৰবন্ধটোৰ পৰা কিবা আঁতৰাব বিচাৰে নাইবা যোগ দিব বিচাৰে, তেন্তে এই আলোচনা পৃষ্ঠাত আলোচনাৰ যোগেদি সেয়া কৰিবলৈ সকলোকে অনুৰোধ জনালোঁ। দিব্য দত্ত (বাৰ্তা) 13:47, 6 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@দিব্য দত্ত:‌‌ আপুনি Wikipediaৰ নীতি-নিয়ম উলঙ্ঘন কিয় কৰিছে?? Unverifiable আৰু unsourced materialৰ Wikipediaত স্থান নাই। মই উৎস নাইকীয়া তথ্য আতৰাইছিলো। একো নজনাকৈ কিয় revert কৰিছে?? Chiring chandan নামৰ ব্যক্তি জনে হে বাৰোবাৰ revert কৰিছে ইয়াত। ভূল তথ্য দি অপপ্ৰচাৰ বিয়পোৱাত সহায় নকৰিব।Ananya Taye (বাৰ্তা)

@দিব্য দত্ত: "হাবুং নামৰ উৎপত্তি" অংশটোৰ "টাই মূলীয় তথ্য" দখৰ অপপ্ৰচাৰৰ বাহিৰে একো নহয়। এই তথ্য বোৰ কোনো বুৰঞ্জীবিদে দিয়া তথ্য নহয়। যিবোৰ Source বুলি দিছে, সেইবোৰ Verify কৰিব পৰা আৰু Reliable তথ্য নহয়। এইবোৰ সকলো Wikipediaৰ policy ৰ‌ বিৰুদ্ধে গৈছে। গতিকে সেই অংশ‌ আতৰাই দিয়ক।Ananya Taye (বাৰ্তা)

@দিব্য দত্ত:‌‌‌‌ Wikipediaৰ পৰা কিবা তথ্য আতৰাব নোৱাৰে বুলি কোনো নিয়ম নাই। ভোৱা উৎস বিহীন তথ্য দিয়াটোহে নিয়মৰ বিৰুদ্ধে যোৱা বুজায়। আপুনি ভালদৰে Wikipedia policy বোৰ পঢ়ি চাব। প্ৰমাণ কৰিব নোৱাৰা তথ্যৰ Wikipediaত কোনো স্থান নাই।

@Ananya Taye: তথ্য উৎস নথকা আৰু সত্যাপন কৰিব নোৱাৰা বিষয়বোৰ আপুনি ইয়াতে লিখি ৰাখকচোন। যিহেতু প্ৰবন্ধ এটা বাবে বাৰে ৰিভাৰ্ট কৰি থাকিলে সদস্যৰ মাজত সম্পাদনা দন্দ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়, সেয়ে কিছু দিনলৈ প্ৰবন্ধটো সুৰক্ষিত কৰা হৈছে। আশাকৰোঁ আপুনিও বিষয়টো আলোচনাৰ মাজেৰে সমাধা হোৱাটো বিচাৰিব। দিব্য দত্ত (বাৰ্তা)

@দিব্য দত্ত:

মই যি বোৰ তথ্য আঁতৰাইছো সকলোৰে উৎস নাই বা সত্যপন কৰিব নোৱাৰি। তথাপিও তালিকা এখন বনাই দিছোঁ।

১. "হাবুং নামৰ উৎপত্তি" Sectionৰ "টাই মূলীয় তথ্য" subsection:

এই অংশত দুটা উৎস দিয়া হৈছে, ১) Hazarika, Nagen (2014). Chao Habung (First সম্পাদনা)‌২) সঞ্জীৱ; গগৈ, ৰুনচেং (২০১৭). চাই ফা হীৰক। কিন্তু ইয়াৰ এটাও সত্যপন কৰিব পৰা নহয়। তদুপৰি এই সকল লেখক কোনো‌ ইতিহাসবিদ নহয় বা এই গ্ৰন্থ সমূহ গৱেষণা মূলক নহয়।

২. "হাবুঙৰ ইতিহাস" Sectionৰ "আহোম ৰাজ্যৰ তথ্য" subsection:

এই অংশটোত উল্লেখ কৰা তথ্য বোৰৰ উৎস সমূহৰ লগত মিল নাই। উৎস হিচাপে হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিন, Edward Gaitৰ History of Assam আৰু পদ্মেশ্বৰ গগৈৰ The Tai and the Tai kingdoms দিয়া হৈছে। কিন্তু এইবোৰ গ্ৰন্থৰ এখনতো চুকাফাই হাবুঙত "পঞ্চম ৰাজধানী" পাতিছিল বুলি উল্লেখ নাই। এইবোৰ সকলো গ্ৰন্থৰ মতে চুকাফাই হাবুঙলৈ আহি ৪ বছৰ খেতি কৰি চৰাইদেউত হে প্ৰথম ৰাজধানী স্থাপন কৰিছিল বুলি আছে। এই একেই তথ্য "চুতীয়া ৰাজ্যৰ তথ্য" অংশটোত উল্লেখ আছে। আপুনি নিজেও পঢ়ি চাব পাৰে। নেটত উপলব্ধ আছে।

ইয়াৰ বাহিৰেও হাবুং চুকাফাই গঢ়া বা চুকাফাৰ পঞ্চম ৰাজধানী বুলি দাবী কৰা সকলো বাক্য পাৰিলে আতৰাই দিব। এইবোৰৰ একো ঐতিহাসিক ভিত্তি নাই। বুৰঞ্জীবিদ সকলে কয় থোৱা আছে যে হাবুং কামৰূপ ৰাজ্যৰ দিনৰ পৌৰাণিক প্ৰদেশ হয়, যত ব্ৰাহ্মণ সকলৰ বসতি আছিল। Ananya Taye (বাৰ্তা) 14:32, 6 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ! আপোনাৰ কথাখিনি আমি আলোচনা কৰি প্ৰবন্ধটো উন্নীত কৰিবলৈ চেষ্টা কৰিম। দিব্য দত্ত (বাৰ্তা) 14:33, 6 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Ananya Taye: প্ৰবন্ধটোৰ বহুলাংশ কাটি দিয়াৰ সলনি এইখিনি কথাকে প্ৰবন্ধটোৰ বাৰ্তা পৃষ্ঠাত আৰম্ভণিতেই যোগ দিয়া হ'লে আলোচনা কৰিবলৈ সুবিধা হ'লহেঁ‌তেন। তাৰোপৰি প্ৰবন্ধটোত বিতৰ্কিত বিষয়বস্তু বা তথ্যৰ টেগো লগাই ৰখাৰ লগতে বহুকেইজন সদস্যয়ো আপোনাক এই বিষয়ে বিভিন্ন সময়ত বাৰ্তা দিছিল। ৱিকিপিডিয়ান এগৰাকীয়ে কেৱল নিজৰ দৃষ্টকোণেৰে এনে বিষয়সমূহ নাচাই অন্যান্য ৱিকিপিডিয়ানসকলৰ বাৰ্তা আৰু মতামতকো সন্মান জনোৱা উচিত বুলি ভাবোঁ‌। আপোনাৰ যদি এই বিষয়ত জ্ঞান আছে তেন্তে প্ৰবন্ধৰ সুৰক্ষা বাতিল কৰিলে কোন অংশত উদ্ধৃতিৰ প্ৰয়োজন বা অধিক তথ্য উৎসৰ প্ৰয়োজন সেয়া যোগ দিব। ওপৰৰ আলোচনাত বাৰে বাৰে পূৰ্বৱত কৰা বুলি কৰা অভিযোগৰ উত্তৰত কওঁ যে আপোনাৰ যিসমূহ সম্পাদনাই পৃষ্ঠাটোৰ গুৰুত্বপূৰ্ণ আৰু দ্বৈত মতবাদযুক্ত, আলোচনাৰ থল থকা কিছু অংশ আঁ‌তৰাইছে তেনে সম্পাদনাসমূহ পূৰ্বৱত কৰা হৈছে। আগলৈ সহযোগিতা আগবঢ়াব বুলি আশা কৰিলোঁ।--𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 15:10, 6 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Chiring chandan: মই বাৰে প্ৰতি edit কৰোতে reasonত কথাষাৰ লিখি আহিছোঁ। একো নপঢ়ি সকলো revert কৰিব গ'লে ক'ত দেখা পাব?? ইয়াত কাৰো দৃষ্টিকোণেৰ কথা নাহে। চিধা কথা, যি তথ্যৰ reference নাই, বা সত্যপন কৰিব পৰা নাযায় বা reference আলী তথ্যৰ মিল নাথাকে, সেইবোৰ তথ্যৰ Wikipediaত কোনো স্থান নাই। Wikipedia কাকো ভোৱা অপপ্ৰচাৰ কৰিবলৈ গঠন কৰি দিয়া নাই। English Wikipediaতো একেই জন লোকে এইবোৰ বোলা অপপ্ৰচাৰ কৰিব খুজিছিল, কিন্তু admin সকলে কেতিয়াবা এনে লোকৰ edit revert কৰি block কৰি থৈছে।Ananya Taye (বাৰ্তা) 02:25, 7 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Ananya Taye: আপোনাৰ ভাব-ভাষা সংযত কৰিবলৈ অনুৰোধ জনালোঁ। এইখন ৰাজহুৱা মজিয়া। সম্পাদনা সাৰাংশত কাৰণ লিখিলেই যথেষ্ট নহয়। এনে কথা সকলোৰে আগত উপস্থাপন কৰিবলৈকে আলোচনা পৃষ্ঠাসমূহ আছে। আশাকৰোঁ‌ এতিয়াৰপৰা পূৰ্বৱত নকৰে যেন। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 03:17, 7 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@দিব্য দত্ত:‌‌ কাৰ লগত আলোচনা কৰিব?? এই বিষয়ত জনা মানুহ লাগিব প্ৰথম কথা। মই কোৱা কথা বোৰ ভাবি চাওক নিজে। এইখিনি উৎস ভূলকৈ ব্যৱহাৰ কৰা হৈছে আৰু আন এখিনি সত্যপন কৰিব নোৱাৰা unverifiable উৎস দিয়া হৈছে।‌‌ বুৰঞ্জীৰ তথ্যৰ বাহিৰে একো তথ্য গ্ৰহণযোগ্য নহয়।Ananya Taye (বাৰ্তা)

@Ananya Taye: "কাৰ লগত আলোচনা কৰিব" আপুনি কোৱা এই কথাষাৰৰ মৰ্ম কেনেধৰণৰ! বৰ আচৰিত! আপুনি ভাৱে নেকি যে এই কথা আলোচনা কৰিব পৰা যোগ্য ব্যক্তি নায়েই! --Nayan j Nath (বাৰ্তা)

@Nayan j Nath: মোৰ দৃষ্টিত পৰা নাই এনে লোক। থকা হ'লে সকলো কথা বুজি পাই অদৰকাৰী ভোৱা প্ৰমাণ হীন তথ্য বোৰ কেতিয়াবাই আতৰালে হয়। Ananya Taye (বাৰ্তা) 02:17, 7 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Ananya Taye: অনুগ্ৰহ কৰি ৰিভাৰ্ট নকৰিব, মেনুৱেলি সম্পাদনা কৰক। কিছুমান নতুন তথ্য সংযোগ কৰা হৈছে। দিব্য দত্ত (বাৰ্তা) 02:31, 7 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:26, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

অনুগ্ৰহ কৰি বিহু পৃষ্ঠাত যোগ কৰিবলগীয়া তথ্য খিনি আগৰ তথ্য আঁতৰাই নিদি বেলেগ এটা অনুচ্ছেদত লিখিবলৈ অনুৰোধ জনালোঁ। আগৰ প্ৰবন্ধটো ইতিমধ্যে বহু সম্পাদকে কষ্ট কৰি বৰ্তমান ৰূপত আনিছে। সেয়ে আপুনি আগৰ তথ্য ৰাখি নিজৰ খিনিও যোগ কৰিলে ভাল। শুভেচ্ছাৰে- অজয়  কথা-বতৰা 17:18, 4 মে' 2022 (ইউ.টি.চি.)