সদস্য বাৰ্তা:Bhaskar j Das 1
বিষয় যোগ কৰক|
|
নমস্কাৰ, Bhaskar j Das 1
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
|
— AdoroniBot (বাৰ্তা) 13:06, 6 April 2023 (ইউ.টি.চি.)
= অসম ছাত্ৰ সন্মিলন তৃতীয় অধিবেশন
[সম্পাদনা কৰক]অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱাই ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলন , ডিচেম্বৰ ১৯১৮, তৃতীয় অধিবেশনত সভাপতিত্ব কৰিছিল। অসম ছাত্ৰ সন্মিলনৰ সভাপতি ভাষণত তেওঁ এনেদৰে আৰম্ভ কৰিছিল - ' প্রিয় ছাত্রবন্ধুসকল আৰু লগৰীয়া ৰাইজ! ঈশ্বৰৰ ইচ্ছাত, এটি সমজুৱা মহান ভাৱত আছি আমি এই ঠাইত সন্মিলিত হৈছোহিহঁক। এই সম্মিলনৰ উদ্দেশ্য অতি মহৎ। এই মহৎ মানে সততে আমি যেনে ধাৰণা কৰোহঁক, ঠিক তেনে নহয় ; — এই মহৎ মানে অতি গভীৰ, অতি উচ্চ, অতি প্রশস্ত। ইয়াৰ গভীৰতাই পাতাল ভেদিছে, উচ্চতাই স্বৰ্গ চুইছে, প্রশস্ততাই জগত জুৰিছে। এনে এটি মহৎ উদ্দেশ্যে আজি শুভক্ষণত এই মহাসম্মিলন ঘটাইছে, যাৰ মহা আকর্ষণে এই অতি ক্ষুদ্র ছিগা বেজীৰ মামৰে ধৰা আগ এটিকো টানি আনি আপোনাসকলৰ মাজত পেলাইছেহি ক্ষুদ্রক মহৎ সাজি আত্ম-মহত্ব দেখুৱাৰ মহান ভাৱেৰে আজি আপোনাসকলে এই অভাজনক এই মহাসম্মিলনৰ সভাপতি পাতি যি কৰুণভাৱে তেওঁক সন্মানিত কৰিছে, সেই বাবে তেওঁ হিয়াৰ সমল উবুৰিয়াই দোণমূৰীয়াকৈ থাপি এখনি শলাগৰ শৰাই বিনীতভাৱে আপোনাসকললৈ আগবঢ়াইছে; তাক নিজগুণে গ্রহণ কৰি যেন তেওঁক চৰিতাৰ্থ কৰে, তেওঁৰ এই বাঞ্ছা। এই সম্মান দানত আপোনাসকলে যি দয়া দেখুৱাইছে, সি, নিশ্চয় নিঃস্বার্থ ভাৱৰ, কিন্তু শলাগৰ শৰাই আগবঢ়াওঁতাৰ উদ্দেশ্য তেনে নিৰ্ম্মল নহয়, তাত এফেৰি স্বাৰ্থৰ চেকা আছে—সেই নি স্বার্থ ক্ষমা লাভ। কাৰণ আজি এই অপাত্ৰই সভাপতিৰ পাত্ৰ হবলৈ গৈ যে হাঁহিয়াতৰ পাত্ৰ হব, তাত লেশমানো সন্দেহ নাই। তাৰ প্ৰমাণ অলপ পিছৰপৰাই আপোনা সকলে ক্রমাৎ পাই যাব। এতেকে ইমানৰেপৰা ক্ষমা ভিক্ষালৈ আঁজলি পাতি আমনি কৰাৰ বাবেও যেন তেওঁ ক্ষমা পায়। তথাপি আপোনাসকলে নিজগুণে মানিছে যেতিয়া, তেওঁ পতান হৈয়ো ধানৰ কাম দিবলৈ সাহ কৰি এই আসন লবলৈ আগবাঢ়িছে। এতিয়া আহক, সকলো- টিয়ে একেচিতীয়া হৈ জয়জয়তে সিদ্ধিদাতা ভগৱন্তৰ চৰণত গোহাৰি কৰোহঁক, সেই ইচ্ছাময়ৰ ইচ্ছা আমাৰ আজিৰ মহৎ উদ্দেশ্যৰ আগত লোৱা শুভকাৰ্য্য সুকলমে সম্পাদিত হয় যেন। "
"অসম ছাত্ৰ সন্মিলন এখন সুকীয়া সম্মিলন । এই সম্মিলন গঠন হৈছিল ছাত্ৰসকলৰ সাহিত্যিক শক্তিৰ ক্রমোন্নতি সাধন কৰা,আনকি ইয়াত অসমীয়া অভিধান, ব্যাকরণ বা ভাষাৰ গঢ় লৈ বাদ-প্রতিবাদও হব নোৱাৰে আদিৰ উদ্দেশ্যে। ১৯১৮ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত অসম ছাত্ৰ সম্মিলনৰ তৃতীয় অধিবেশনৰ সভাপতি সম্ভাষনত এই মহৎ উদেশ্য সমূহ ব্যক্ত কৰিছিল - "এতিয়া সুকীয়াকৈ ছাত্ৰ-সম্মেলনৰ উদ্দেশ্বৰ উদ্দেশ্যে দু-আষাৰ কব লাগে। “অসম ছাত্র-সম্মেলন”ৰ নিয়মাৱলীয়ে কয় যে সেই উদ্দেশ্য ঘাইকৈ তিনি খাপি। যেনে- (১) সমূহ অসমীয়া ছাত্ৰৰ উন্নতিৰ অর্থে তেওঁবিলাকক যথাসম্ভৱ সুবিধা দি গুটীয়া কাৰ্য্যত সহায়তা কৰা । (২) তেওঁবিলাকৰ সাহিত্যিক শক্তিৰ ক্ৰমোন্নতি সাধন কৰা। (৩) স্কুল-কলেজৰ শিক্ষাৰ ওপৰঞ্চি স্বৰূপে তেওঁবিলাকৰ মানসিক, আধ্যাত্মিক, শাৰীৰিক শক্তিৰ পৰি- চালনাত সহায়তা কৰা ।
প্রথম খাপি উদ্দেশ্যক উদ্দেশ্য বোলাৰ উপৰি ছাত্ৰ- জীৱনৰ জীৱনীমন্ত্র বা সঞ্জীৱনী শক্তি বুলিলে অত্যুতি নহব। কাৰণ তাৰ অবিহনে ছাত্রজীৱন স্বৰূপাৰ্থত টিকিব নোৱাৰে। সেই মন্ত্ৰ মুখস্থ নাথাকিলে ছাত্রজীৱনত খোজেপতি অপৰাধ নুগুচে। সেই শক্তি সবল নাথাকিলে ছাত্রজীৱন বাঢ়িবৰ সম্ভাৱনা নাই। “গুটীয়া কাৰ্য্যত সহায়তা কৰা” প্রত্যেক ছাত্ৰৰে সুকীয়া লক্ষ্য, আনকি “সমূহ ছাত্ৰৰ উন্নতিৰ অর্থে সুবিধা দিয়া” কাৰ্য্যেও পাক লাগি সেই শুচীয়া কাৰ্য্যতে সহায়তা কৰে । এই কাৰ্য্যৰ আৰ্হি সাংসাৰিক জীৱনত ঠিক এইদৰে পোৱা যায়; যেনে, পৰিয়ালক পালিবলৈ কৰা যত্নতে নিজেও প্রতিপালিত হোৱা যায়; জ্ঞাতিৰ উপকাৰ চিন্তোতে নিজৰো উপকাৰ চিন্তা কৰা হয় ; জাতীয় উন্নতি সাধন কৰোঁতে নিজৰো উন্নতি সাধিত হয়। সমূহ ছাত্ৰৰ উন্নতিৰ অর্থে যি সুবিধালৈ সম্মিলনৰ উদ্দেশ্যই ঠাই থৈছে, সেই সম্পৰ্কত সাধাৰণতে সম্মিলনৰ ধৰ্মই হৈছে- সমূহক সুবিধা দি তাৰ লাটতে গুটীয়াৰ উপকাৰ কৰাটোৱেই সম্মিলনৰ ধৰ্ম আৰু তাক পালন কৰাই ইয়াৰ কৰ্ম। ছাত্র সম্মিলনহে নালাগে আন সকলো সম্মিলনেই সেই একে জাতৰ আৰু সেই একে বান্ধৰ। সামাজিক, ৰাজনৈতিক, ধৰ্ম বিষয়ক সকলে। সম্মিলনৰেই মুখ্য উদ্দেশ্য হৈছে সমূহক সুবিধা দি সমূহ আৰু গুটীয়া জীৱনৰ উন্নতি সাধন কৰা। আজিকালি সকলো উন্নত সমাজৰ ধৰণী হৈছে সম্মিলন। সকলো ওখখাপৰ ৰাজনীতিৰ ভেঁটি হৈছে সম্মিলন। সকলো সত্য আৰু পরিত্র ধৰ্মৰ গঢ়িলা হৈছে সম্মিলন। সভ্য আৰু শিক্ষিত জাতিৰ কথা কবই নালাগে, অসভ্য আৰু অশিক্ষিত জাতিৰ মাজতো সম্মিলনৰ আবিৰ্ভাৱ আৰু প্রাদুর্ভার চিৰকাল চলি আহিছে । পর্ববতীয়া জাতিৰ মেল-দোৱান সাধন কৰা । গাঁৱলীয়া সমাজৰ চালিচ পঞ্চায়ত, শিক্ষিত নম্বৰীয়া সভা-সমিতি, এইবিলাক সম্মিলনৰ এটা এটা সৰু আৰ্হি।
সম্মিলনৰ শক্তি যেনে প্ৰৱল, ভাৰ কাৰ্য্যও ভেনে প্ৰখৰ আৰু তাৰ বিফলতাও বিৰল। “ৰাইছে নখ জোকাৰিলে নৈ বয়”, “সহীয়াৰ ছালপিডীয়াই হওক” এই নীতি-বাক্যই পাক লাগি তাকেইহে সমর্থন কৰে। আন কথাৰে কবলৈ গলে, সম্মিলিত শক্তিয়েই একতাৰ বল,
দ্বিতীয় খাপি উদ্দেশ্যৰ হৈছে ছাত্ৰসকলৰ সাহিত্যিক শক্তিৰ ক্রমোন্নতি সাধন কৰা ৷ এইখাপি উদ্দেশ্যে প্রথম খাপিৰ সৱাতো ভাল লক্ষ্যণস্থল বুলিব পাৰি। গুটীয়াৰ উন্নতিৰে সমূহক আৰু সমূহৰ উন্নতিৰে গুটীয়াক সহায়তা কৰা, এই দুয়োতে দ্বিতীয় উদ্দেশ্যৰ অধিকাৰ অধিক। ছাত্রজীৱনেই সাহিত্যিক জীৱনৰ গা-গজালি। এই গজালিৰপৰাই গছ, আৰু সেই গছৰপৰাই গুটি। আনফালে গছ চাইহে গুটি আৰু সেই গুটি চাইহে গছ। গতিকে গজালিৰ গুণাগুণৰ ওপৰতহে গুটিৰ গুণাগুণে ঘাইকৈ নিৰ্ভৰ কৰে। এতেকে জাতীয় সাহিত্য- গছৰ শ্রীবৃদ্ধি সাধি তাৰপৰা উন্নত আৰু পৈণত ফল পাবলৈ হলে প্রথমে ছাত্র-গজালিৰ গুৰিত, সাহিত্যৰ সাৰ-শক্তি যতনেৰে যোগাব লাগে। গজালিৰ কুমলীয়া পাত যাতে কেৰোণে ধৰিবলৈ নাপায়, তাৰ নিমিত্তে সততে সতর্ক থাকিব লাগে। মুঠতে গছ হৈ নুঠালৈকে গজালিয়ে যুগুত আপডাল পাব লাগে। পিছে সেই সাৰ-শক্তিনো কি আৰু ডাক কি প্রণালীৰে যোগান দি, কিভাৱে গজালিৰ সাৱধান চ প্ৰণালী হৈছে ছাত্ৰৰ দৈনন্দিন অধ্যয়নৰ লগৰীয়াকৈ তাৰ অনুশীলন বঢ়োৱা আৰু সতর্কতাৰে বিধিমতে সেই অনুশীলন এনে বান্ধৰ হব লাগে যাতে অধ্যয়নৰ অপৰাধৰ অঙ্গলৈ পিঠি দি ছাত্রই অকল সাহিত্যিক চর্চ্চাৰ বাটে ইকাটি নাযায়গৈ। অৱশ্যে ষি ছাত্ৰৰ স্বাভাৱিক ৰাপ এই বিষয়ত প্ৰৱল, তেওঁর ধাউতি সেইফালে কোবাল নহৈ নোৱাৰে। তাৰপৰা সেই ছাত্ৰৰ অনিষ্ট নহৈ কালত গুটীয়াৰ আৰু সমূহৰ ইষ্ট লাভ হবলৈহে আছে। বিশেষতঃ যাৰ সেই ৰাপ আজন্ম, তেওঁৰ ধাউতিও অবাৰিত। তাত ভেটা দিবলৈ গলে প্রৱাহিত নৈৰ দৰে সি ওপচনি হৈ পাৰ বাগৰি কাষৰীয়া ক্ষেত্ৰত ঢৌৱাই ববলৈ ধৰিব। তাৰপৰা গুটীয়াৰ আৰু সমূহৰ লাভ হবলৈকো আছে, ক্ষতিৰ আশঙ্কাও নুগুচে। লাভ এই যে আজন্ম প্রতিভাই প্রতিভাত হবলৈ অবাতি বাট পালে সি সংসাৰত অসাধাৰণ উদাহৰণ থিয় কৰাব পাৰে। ক্ষতি এই যে, সংসাৰৰ পাকত নুঘূৰা স্বভাৱ কোবাল সাহিত্যিক-শক্তিয়ে থল বুজি ওখ-চাপৰ ভেঁটা চেৰাই ববলৈ নাপালে অপৰিমিত বোৱনৰ ফলত সোনকালে মূলত সাৰ শক্তি- শূন্য হৈ অকালত সি অস্তিত্ব হেৰোৱাৰো আশঙ্কা থাকে। ছাত্ৰৰ সাহিত্যিক শক্তিয়ে যে সংযত- ভাৱে বাট পাই । এনে সংযতভাৱে বাট পোৱা ছাত্ৰৰ সাহিত্যিক শক্তিয়ে কালত দেশৰ অশেষ কল্যাণ সাধন কৰাৰ পটন্তৰ পৃথিৱীৰ বুৰঞ্জীত বুৰি বুৰিকৈ পোৱা যায়। অসমীয়া সাহিত্যৰ ওজা মহাত্মা হেমচন্দ্ৰ বৰুৱা। কাষলতিৰ তলত লুকাই ইংৰাজী সাহিত্যৰ আদিপাঠ লৈ পাদ্রী চাহাবৰ ওচৰত ইংৰাজী শিকি আৰু সেই ছেগতে চাহাবক অসমীয়া শিকাই পণ্ডিত হোৱা হেমচাই বৰুৱাই অসমীয়া আৰু ইংৰাজী সাহিত্যত যি অসাধাৰণ ব্যুৎপত্তি লাভ কৰিছিল তাক সকলোৱে জানে। সেই হেমচন্দ্ৰ বৰুৱাই স্কুল-কলেজ দেখা নাছিল যদিও তেওঁ ছাত্র, কাৰণ 'ছাত্র' শব্দৰ অৰ্থক অসম ছাত্ৰ-সম্মিলনৰ নিম্নমাৱলীয়ে সীমাৰ ভিতৰত আটক কৰি ৰাখিছে।
তৃতীয় খাপী উদ্দেশ্যে তিনিমূৰীয়া—'মানসিক, আধ্যাধিক আৰু শাৰীৰিক শক্তিৰ পৰিচালনাত সহায়তা কৰা। মানৱ জীৱনৰ যেনে খাপিত মানুহ তিনিমূৰীয়া হয়গৈ ছাত্র-সন্মিলনৰ তেনে খাপিতে তাৰ উদ্দেশ্য উক্ত তিনি শক্তিত তিনিমূৰীয়া হৈছে। কিন্তু সেই তিনি শাৰীৰিক শক্তি আগত লৈ, মানসিক, মাজত বৈ. আধ্যাত্মিক শক্তিক শেহলৈ নি, অসম ছাত্র-সম্মিলন নিয়মাৱলীত বদ্ধা এই খাপি উদ্দেশ্য সূত্রত অলপ সাল-সানি ঘটোৱা হয়। কিয়নো শৰীৰেই মন আৰু আত্মাৰ জিৰণি স্বল। শৰীৰৰ বল-বৃদ্ধিয়ে মনক সৰল কৰে আৰু সৰল মনে আত্মাক ৰাগী কৰে। শৰীৰ দুৰ্বল হ'লে মনো দুর্বল হয় আৰু মনৰ দুৰ্বলতাই আত্মাকো দুৰ্বল কৰে। সেই কাৰণে শাৰীৰিক শক্তিৰ ক্রমোন্নতি আটাইতকৈ আগ৷ মানসিকৰ মাজ আৰু আধ্যাত্মিক শক্তিৰ উন্নতি শেষ কৰি চলাটো বেছি স্বাভাৱিক যেন বোধ হয়। শিক্ষা-পদ্ধতিত ইয়াৰ বিপদৰ্যয় ঘটিলেও, পাশ্চাত্য পদ্ধতিত এই নিয়ম নিয়াৰিকৈ পালন কৰা দেখা যায় আৰু এই বিভিন্ন পদ্ধতিৰ গুণানুসাৰেই প্রাচ্য আৰু পাশ্চাত্য ছাত্ৰৰ জীৱন গঠনতো হীন-ভেঢ়ি ঘটে। মানসিকক মাজৰপৰা এফলীয়াকৈ থৈ যদি শাৰীৰিক আৰু আধ্যাত্মিক শক্তিৰ জোখত সুকীয়াকৈ জুখি চোৱা যায় তেন্তে শাৰীৰিকত পাশ্চাত্য আৰু আধ্যাত্মিকত প্রাচ্য ছাত্রই গধুৰ বোলাব। তাৰ ফলস্বৰূপে আজিকালি সততে কদেখা যায় যে পাশ্চাত্য ছাত্র হৃষ্টপুষ্ট আৰু প্ৰাচ্য ছাত্র জীর্ণ-শীর্ণ। স্কুল-কলেজৰপৰা ওলাই সংসাৰত সোমাবৰ সময়ত পাশ্চাত্য ছাত্র সবল আৰু প্ৰাচাৰ ছাত্ৰ দুৰ্বল। সেই অনুক্রমে সিবিলাকৰ সাংসাৰিক জীৱনৰ প্রতিপত্তিতো হীন-ডেঢ়ি আছে। আগৰ দিনত অৱশ্যে প্রাচ্য ছাত্ৰৰ পক্ষে এই নীতি অহিতকৰ নাছিল বৰঞ্চ তাৰ গুণত তেতিয়া সিৰিলাকে প্রতিপত্তিহে লাভ কৰিছিল। কিন্তু এতিয়া সেই দিন নাই। পাশ্চাত্য শিক্ষা আৰু সভ্যতাৰ ইয়াত এক অপূৰ্ব অধিপতা চলিছে। গতিকে প্রাচ্য ছাত্রই আজিকালি সেই কালিৰ ৰীতি সম্পূর্ণে এৰাটো বিষেয় নহয় যদিও তাৰ সাময়িক সালসলনি ঘটাব লগা হৈছে। প্রাচ্য আৰু পাশ্চাত্যৰ সামজ্ঞস্য ঘটাই এটি অভিনব পন্থা অৱগম্বন কৰিবৰ দিন পৰিছে। সেই সামঞ্জস্যৰ কথা সভাতিয়ে উনুকিয়াইছিল। দেশ-কাল-পাত্র ভেদে অগা-পিছা হ'লেও ওপৰত উল্লেখিত তিনিও বিধ শক্তিৰ পৰিচালনা যে ছাত্র- জীৱনতে হোৱাৰ প্ৰয়োজন লাগে; মাধোন আধ্যাত্মিক শক্তিৰ পৰিচালনা নিয়মীয়া কৰি শাৰীৰিক আৰু মানসিক শক্তিৰ কাৰ্যক্ষেত্ৰ পার্য্যমানে বহলাবলৈ চাব লাগে। প্রকৃতপক্ষে আধ্যাত্মিক শক্তি বা চিন্তা যি, তাৰ কাৰ্যক্ষেত্ৰ ছাত্ৰজীৱন নহয়, সাংসাৰিক জীৱনৰো শেহ ছোৱাহে। ছাত্রজীৱনত আধ্যাত্মিক চর্চা ইমানেই যথেষ্ট যাৰদ্বাৰা ছাত্ৰৰ চৰিত্ৰ সংগঠিত হ'ব পাৰে। সেই কাৰণেই পৃথিৱীত যতবোৰ মহৎ কাৰ্য্য সম্পাদিত হৈছে, তাৰ সৰহ ভাগ মূলত ছাত্রণক্তি। সৰহ ভাগেই সম্মিলিত ছাত্রশক্তিৰ উদাসীন পৰিচালনাৰ ফল।
এইদৰে পদ্মনাথ গোহাঞিবৰুৱাই অসম ছাত্র-সম্মিলনৰ তৃতীয় অধিবেশনৰ সভাপতি সম্ভাষন সামৰণি কৰিছিল।
