সদস্য বাৰ্তা:Bornali Borah
বিষয় যোগ কৰক|
|
নমস্কাৰ, Bornali Borah
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
|
আহোম যুগৰ শিক্ষা ব্যবস্থা
[সম্পাদনা কৰক]আহোম যুগৰ শিক্ষা ব্যৱস্থা
অসমত আহোম যুগ বুলিলে তেৰ শতিকাৰ পৰা ঊনৈশ শতিকাৰ আগভাগলৈকে সামৰি লয়। এই সময়ছোৱাত অসমৰ ৰাজনৈতিক ভাগ্যনিয়ন্তা আছিল আহোম ৰাজশক্তি । আহোম যুগত কোনো এক নিৰ্ধাৰিত শিক্ষা পদ্ধতি প্ৰচলিত নাছিল । সেই সময়ত কাৰ্যকৰী শিক্ষা ব্যৱস্থা আছিল ।আহোম যুগত বৈদিক যুগৰ গুৰু কুল পদ্ধতিৰ শিক্ষা নিষ্প্ৰভ হৈ আহিছিল । যি আছিল সেয়াও পুৰোহিত শ্ৰেণীৰ ছাত্ৰৰ বাবেহে মুকলি আছিল । বনুৱা , কাড়ী-পাইকৰ ল'ৰাই কোনো পুথিগত শিক্ষা নাপাইছিল । ডা-ডাঙৰীয়া, ৰাজ পৰিয়াল আৰু গোহাঁই শ্ৰেণীৰ মাজত টোল বা ঘৰুৱা শিক্ষকৰ ব্যবস্থা আছিল । টোল সমূহৰ শিক্ষাৰ মাধ্যম আছিল সংস্কৃত আৰু বিষয় আছিল সংস্কৃতৰ ধৰ্ম শাস্ত্ৰ, নীতি শাস্ত্ৰ , পুৰাণ আদি শিক্ষা । আহোম ডা-ডাঙৰীয়া সকলৰ বাবে বুৰঞ্জী পঠন অতি অপৰিহাৰ্য্য আছিল । আহোম পুৰোহিতৰ মাজত বুৰঞ্জী আৰু আহোম ধৰ্ম শাস্ত্ৰৰ শিক্ষা পুৰুষানুক্ৰমে চলি আহিছিল ।তদুপৰি তন্ত্ৰ মন্ত্ৰ, চিকিৎসা বিদ্যাৰ আৰু কুটিৰ শিল্প শিক্ষা দিয়া হৈছিল । আহোম যুগৰ শিক্ষা ব্যৱস্থা ঘাই ভাগ কেইটা হৈছে -
(১)সামৰিক শিক্ষা
(২)চিকিৎসা বিদ্যাৰ শিক্ষা
(৩)কাৰিকৰী শিক্ষা
(৪)ধৰ্ম আৰু নৈতিক শিক্ষা
(৫) সংস্কৃত ভাষাৰ শিক্ষা
(৬)আহোম ভাষাৰ শিক্ষা
(৭)বুৰঞ্জী শিক্ষা
(৮)স্ত্ৰী শিক্ষা
সামৰিক শিক্ষা: আহোম ৰাজত্ব যুদ্ধ বিগ্ৰহৰ বুৰঞ্জীৰে ভৰপূৰ । সামৰিক শিক্ষা বাবে কোনো নিৰ্দিষ্ট অনুষ্ঠান নাছিল ।যুদ্ধৰ আগত নিয়মীয়া প্ৰশিক্ষণ দিয়া হৈছিল ।শৰাইঘাত যুদ্ধ লৈ যাত্ৰা কৰাৰ আগতে চক্ৰ ধবজ সিংহ নিজে প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকি নিৰ্দেশ দিছিল । চমুৱা আহোমসকলৰ একমাত্ৰ কাম আছিল দেশ ৰক্ষা কৰিবলৈ যুদ্ধ কৰা । যুদ্ধত পাৰ্গতালি দেখুৱাব পাৰিলে ৰজা ঘৰৰ পৰা বঁটা-বাহন আৰু বিষয়-বাব পাইছিল । সেইবাবে পাকৈত ৰণুৱা হ'বৰ বাবে ধনু বিদ্যা, দা, তৰোৱাল চালনা , হেল যাঠিৰ ব্যবহাৰ সৰুৰে পৰা ঘৰতে আখৰা কৰিছিল । পিতৃৰ পৰাই পুত্ৰই এনে শিক্ষা লাভ কৰিছিল। ৰাজ পৰিয়ালৰ ডেকাই সামৰিক শিক্ষা ল'বই লাগিছিল । আহোম শাসন ব্যৱস্থাৰ অসামৰিক ভাগ নাছিল , সকলো বিষয়া আৰু পাইকে সময়ত ৰনলৈ যাব লাগিছিল। গতিকে সামৰিক শিক্ষা লাভ কৰিব লাগিছিল ।
চিকিৎসা বিদ্যাৰ শিক্ষা : আহোম যুগত মানুহ আৰু পশু পক্ষী উভয়ৰে চিকিৎসাৰ ব্যৱস্থা আছিল । ৰাজকীয় প্ৰচেষ্টাত চিকিৎসাৰ বাবে কোনো দাতব্য চিকিৎসালয় নাছিল । সেইসময়ত বহুতো বেজ আছিল । বেজ সকলক ৰজাই মাটি বাৰী লগুৱা দি ৰাখিছিল । বনৌষধি, ৰাসায়নিক দ্ৰব্য আৰু তন্ত্ৰ-মন্ত্ৰৰে চিকিৎসা কৰিছিল আৰু বেজ বা ওজাই এইবোৰ বিষয়ৰ শিক্ষা দিছিল । এই বেজ বা ওজা একোজনৰ ঘৰেই একোখন শিক্ষানুষ্ঠান আছিল । চিকিৎসা বিদ্যাৰ প্ৰতি ৰাপ থকা মানুহে ওজাৰ ঘৰত থাকি বেজালি শিকিছিল । এইবোৰ শিকিবৰ বাবে বেজক এটা গুৰু মাননি দিব লাগিছিল । শিষ্যই বেজৰ ঘৰত থাকি প্ৰথমে ঔষধ বটা, হাবি বননিৰ পৰা ঔষধ বিচাৰি অনা, ৰোগীৰ ৰোগৰ লক্ষণ নিৰ্ণয় কৰা আদি কথা শিকিছিল । শাস্ত্ৰ বা পুথি একেবাৰে শেষত চুবলৈ পাইছিল ।
আহোম যুগত মানুহৰ চিকিৎসাৰ বাহিৰেও হাতী, ঘোঁৰা আৰু শেন চৰাৰ ৰোগ ব্যাধি কৰি চিকিৎসা কৰা হৈছিল। হস্তীবিদ্যানব, ঘোঁৰা নিদান আৰু শেনৰ পুথিয়েই ইয়াৰ উৎকৃষ্ট প্ৰমাণ ।
কাৰিকৰী শিক্ষা : অসমৰ কুটিৰ শিল্প অতি পুৰণি কালৰ পৰাই বিখ্যাত হৈ আহিছে । আহোম যুগত এইবোৰৰ বিদ্যা শিক্ষাৰ কোনো ৰাজহুৱা ব্যৱস্থা নাছিল । এই বিদ্যাবোৰ পুৰুষানুক্ৰমে চলিছিল । স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত মোমাই তামুলী বৰবৰুৱাই গাঁও সংগঠন কৰি কুমাৰ, কমাৰ , বাঢ়ৈ , সোণাৰি আদি সুকীয়া সুকীয়াকৈ পতাৰ পৰাই এই বিদ্যাবোৰ বংশগত হৈ পৰিছিল । স্থাপত্য বিদ্যাৰ অধ্যক্ষ আছিল চাংৰুং ফুকন । চাংৰুং ফুকনে দল দেৱালয় নিৰ্মাণ , মৈদাম বন্ধা, দলং সজা আদি কাৰ্যৰ আঁচনি তৈয়াৰ কৰিব লাগিছিল আৰু হিচাব ৰাখিব লাগিছিল ।
ধৰ্ম বা নৈতিক শিক্ষা : আহোম যুগত ধৰ্ম সম্পৰ্কীয় শিক্ষা দিয়া হৈছিল সত্ৰসমূহৰ যোগেদি আৰু নৈতিক শিক্ষাৰ বাবে ফকৰা যোজনা , ডাকৰ বচন, পতন্ত্ৰৰ আদিও ব্যবহাৰ কৰিছিল । গাওঁৰ অভিজ্ঞ মেধি , গাওঁবুঢ়া আছিল অবৈতনিক শিক্ষক আৰু নামঘৰ আছিল পঢ়াশালি । প্ৰজাৰ মাজত ধৰ্ম নৈতিক শিক্ষাৰ বিস্তাৰ উদেশ্যে সত্ৰসমূহক ৰজাই পৃষ্ঠপোষকতা কৰিছিল । সত্ৰাধিকাৰ সকলে গাঁৱে গাঁৱে নামঘৰত থাকি ধৰ্ম শাস্ত্ৰ ব্যাখ্যা কৰিছিল । আহোম পুৰোহিত দেওধাই , বাইলুং আহোম নীতি শিক্ষা দান কৰিছিল । এই নীতি শিক্ষা বিস্তাৰৰ অৰ্থেই স্বৰ্গদেউ কমলেশ্বৰ সিংহই নীতি লতাঙ্কুৰ অসমীয়ালৈ অনুবাদ কৰিছিল ।
সংস্কৃত ভাষাৰ শিক্ষা: আহোমসকলৰ যদিও নিজা ভাষা আৰু সুকীয়া সংস্কৃতি আছিল তথাপি তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰি অসমৰ অনাৰ্য সংস্কৃতিৰ লগত আৰ্য সংস্কৃতি সমন্বয়ৰ এটা সূত্ৰ উলিয়াই দিছিল । অসমীয়া ভাষা আৰু সংস্কৃতি বিকাশ সাধনৰ বাবে সংস্কৃত ভাষাৰ শিক্ষা অপৰিহাৰ্য ভাবিয়েই বহুতো সংস্কৃত পণ্ডিতক মাটি ভেটি দি টোল স্থাপন কৰাইছিল। গুণাভিৰাম বৰুৱাই লিখিছে - " বড়ৰজাই এতি পাঠশালা কৰি দিয়ে । এই সকলটো কেৱল সংস্কৃত ভাষা মাত্ৰা শিক্ষা দিয়া হৈছিল । তাৰ পাছত আন আন ঠাইত সংস্কৃত পঢ়াৰ পাঠশালা হ'ল" ।আহোম ৰজাসকলে বহুতো লোকে সংস্কৃত জানিছিল । স্বৰ্গদেউ লক্ষ্মী সিংহই ৰজা হোৱাৰ আগতে ৰমানন্দ নামেৰে পণ্ডিত এজনৰ টোলত বিদ্যা শিক্ষা কৰিছিল । স্বৰ্গদেউ ৰুদ্ৰ সিংহই ৰাজকোঁৱৰ সকলক শিক্ষা দিবৰ কাৰণে কৱিৰাজ চক্ৰৱৰ্তীৰ হতুৱাই 'ভাস্বতি' নামৰ জ্যোতিষ শাস্ত্ৰ এখন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল । অৱশ্যে সংস্কৃত শিক্ষা উচ্চ হিন্দু আৰু ব্রাক্ষ্মন সকলৰ মাজত সীমাবদ্ধ আছিল ।
আহোম ভাষাৰ শিক্ষা: আহোমসকলে অসমীয়া ভাষা গ্ৰহণ কৰাৰ পিছত আহোম ভাষাৰ চৰ্চা লাহে লাহে কমি আহিছিল যদিও আহোম ৰাজত্ব শেষলৈকে এই ভাষা চলি আছিল । আহোম ভাষাৰ শিক্ষা দিবলৈ আহোম পণ্ডিত নিয়োগ কৰিছিল । ঘাই পণ্ডিতে ৰাজ সেৱাৰ বিনিময়ত ৭০০ পুৰা মাটি, কুৰি গোট লিকচৌ পাইছিল । আহোম ভাষাৰ শিক্ষা, পুথি লিখা আৰু সংৰক্ষণ কৰা, বুৰঞ্জী চৰ্চা আদি কাৰ্যত চকু দিবলৈ চিৰিং ফুকন আৰু বৰচিৰিং বৰুৱা নামৰ দুজন বিষয়া আছিল। আহোম ভাষাৰ শিক্ষা লাভ কৰোঁতে বৰ্ণমালা অম্ৰ অৰ্থাৎ অভিধান মুখষ্ট কৰিব লাগিছিল।
বুৰঞ্জী শিক্ষা: বুৰঞ্জী শব্দৰ অৰ্থ হ'ল মূৰ্খৰ শিক্ষাৰ ভঁৰাল। আহোমসকলে বুৰঞ্জী জনাটো অতি আৱশ্যকীয় বুলি ভাবিছিল । প্ৰতিঘৰ সম্ভ্ৰান্ত আহোমেই বুৰঞ্জী লিখা আৰু সংৰক্ষণ কৰাটো আৱশ্যকীয় কৰ্তব্য ভিতৰত ধৰিছিল । বিয়া বাৰু সময়ত চকলং কৰোঁতে বুৰঞ্জী কোৱাটো নিয়ম আছিল গতিকে প্ৰত্যেকেই মৌখিকভাবে বা পঢ়ি শুনি বুৰঞ্জী শিক্ষা লাভ কৰিছিল। আহোম পণ্ডিতৰ পঢ়াশালিতেই বুৰঞ্জী শিক্ষা দিয়া হৈছিল আৰু ইয়াৰ ফলতেই অসংখ্য বুৰঞ্জী পুথি ৰচনা হৈছিল ।
স্ত্ৰী শিক্ষা : আহোম যুগত স্ত্ৰী শিক্ষাৰ প্ৰচলন একেবাৰে নাই বুলিও ক'ব নোৱাৰি কিন্তু সীমাবদ্ধ আছিল । ৰাজনৈতিক শিক্ষা লাভ কৰা কেইবাগৰাকী আহোম ৰমণীয়ে ৰাজকাৰ্যত ৰজাক সহায় কৰাৰ কথা বুৰঞ্জীত পোৱা যায় । চাওচিং কুঁৱৰী এগৰাকী বিদূষী শিক্ষিতা মহিলা আছিল । তেওঁৰ পৰামৰ্শ মতেই গড়গাওঁ নগৰৰ গড় আৰু একেবাৰে নতুনকৈ বৰপাত্ৰ গোহাঁইৰ বিষয়ৰ সৃষ্টি হয়। ফুলেশ্বৰী কুঁৱৰীয়ে ৰাজনগৰতে এখন পঢ়াশালি পতাই তিৰোতাক বোৱা কটা শিকাইছিল ।
আহোম যুগত পোনপটীয়াকৈ ৰাজহুৱা শিক্ষা নাছিল হয় কিন্তু শিক্ষিত লোকৰ সংখ্যা যথেষ্ট আছিল । সত্ৰ , টোল , আহোম পণ্ডিতৰ পঢ়াশালিত আদিত যথেষ্ঠ মানুহে শিক্ষা পাইছিল । আহোম শাস্ত্ৰ আৰু সংস্কৃত শাস্ত্ৰৰ যোগেদি দেশত নৈতিক শিক্ষাই প্ৰসাৰতা লাভ কৰিছিল। যথেষ্ট সংখ্যক শিক্ষিত পঢ়ুৱৈ আছিল বাবেই এই সময়ছোৱাত বহুতো পুথি ৰচনা হৈছিল। মুঠতে আহোম যুগৰ শিক্ষা বিষয়ত তেনেই অন্ধকাৰ নাছিল । Bornali Borah (বাৰ্তা) 07:32, 23 April 2023 (ইউ.টি.চি.)
== লীলা গগৈৰ আহোম যুগৰ শিক্ষা ব্যৱস্থাৰ এটি আলোচনা ।
অসমত আহোম যুগ বুলিলে তেৰ শতিকাৰ পৰা ঊনৈশ শতিকাৰ আগভাগলৈকে সামৰি লয়। এই সময়ছোৱাত অসমৰ ৰাজনৈতিক ভাগ্যনিয়ন্তা আছিল আহোম ৰাজশক্তি । আহোম যুগত কোনো এক নিৰ্ধাৰিত শিক্ষা পদ্ধতি প্ৰচলিত নাছিল । সেই সময়ত কাৰ্যকৰী শিক্ষা ব্যৱস্থা আছিল ।আহোম যুগত বৈদিক যুগৰ গুৰু কুল পদ্ধতিৰ শিক্ষা চলি আহিছিল । যি আছিল সেয়াও পুৰোহিত শ্ৰেণীৰ ছাত্ৰৰ বাবেহে মুকলি আছিল । বনুৱা , কাড়ী, পাইকৰ ল'ৰাই কোনো পুথিগত শিক্ষা নাপাইছিল । ডা-ডাঙৰীয়া, ৰাজ-পৰিয়াল আৰু গোহাঁই শ্ৰেণীৰ মাজত টোল বা ঘৰুৱা শিক্ষকৰ ব্যবস্থা আছিল । টোলসমূহৰ শিক্ষাৰ মাধ্যম আছিল সংস্কৃত আৰু বিষয় আছিল সংস্কৃতৰ ধৰ্ম শাস্ত্ৰ, নীতি শাস্ত্ৰ , পুৰাণ আদি শিক্ষা । আহোম ডা-ডাঙৰীয়া সকলৰ বাবে বুৰঞ্জী পঠন অতি অপৰিহাৰ্য্য আছিল । আহোম পুৰোহিতৰ মাজত বুৰঞ্জী আৰু আহোম ধৰ্ম শাস্ত্ৰৰ শিক্ষা পুৰুষানুক্ৰমে চলি আহিছিল ।তদুপৰি তন্ত্ৰ মন্ত্ৰ, চিকিৎসা বিদ্যাৰ আৰু কুটিৰ শিল্প শিক্ষা দিয়া হৈছিল । আহোম যুগৰ শিক্ষা ব্যৱস্থা ঘাই ভাগ কেইটা হৈছে -
(১)সামৰিক শিক্ষা
(২)চিকিৎসা বিদ্যাৰ শিক্ষা
(৩)কাৰিকৰী শিক্ষা
(৪)ধৰ্ম আৰু নৈতিক শিক্ষা
(৫) সংস্কৃত ভাষাৰ শিক্ষা
(৬)আহোম ভাষাৰ শিক্ষা
(৭)বুৰঞ্জী শিক্ষা
(৮)স্ত্ৰী শিক্ষা
সামৰিক শিক্ষা: আহোম ৰাজত্ব যুদ্ধ বিগ্ৰহৰ বুৰঞ্জীৰে ভৰপূৰ । সামৰিক শিক্ষা বাবে কোনো নিৰ্দিষ্ট অনুষ্ঠান নাছিল ।যুদ্ধৰ আগত নিয়মীয়া প্ৰশিক্ষণ দিয়া হৈছিল ।শৰাইঘাত যুদ্ধ লৈ যাত্ৰা কৰাৰ আগতে চক্ৰধবজ সিংহ নিজে প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকি নিৰ্দেশ দিছিল । চমুৱা আহোমসকলৰ একমাত্ৰ কাম আছিল দেশ ৰক্ষা কৰিবলৈ যুদ্ধ কৰা । তেওঁলোকে যুদ্ধত পাৰ্গতালি দেখুৱাব পাৰিলে ৰজা ঘৰৰ পৰা বঁটা বাহন আৰু বিষয় - বাব পাইছিল । সেইবাবে পাকৈত ৰণুৱা হ'বৰ বাবে ধনু বিদ্যা, দা, তৰোৱাল চালনা, হেল যাঠিৰ ব্যবহাৰ সৰুৰে পৰা ঘৰতে আখৰা কৰিছিল । পিতৃৰ পৰাই পুত্ৰই এনে শিক্ষা লাভ কৰিছিল। ৰাজ পৰিয়ালৰ ডেকাই সামৰিক শিক্ষা ল'বই লাগিছিল । আহোম শাসন ব্যৱস্থাৰ অসামৰিক ভাগ নাছিল , সকলো বিষয়া আৰু পাইকে সময়ত ৰনলৈ যাব লাগিছিল। সেইবাবে সকলোৱে সামৰিক শিক্ষা লাভ কৰিব লাগিছিল ।
চিকিৎসা বিদ্যাৰ শিক্ষা : আহোম যুগত মানুহ আৰু পশু পক্ষী উভয়ৰে চিকিৎসাৰ ব্যৱস্থা আছিল । ৰাজকীয় প্ৰচেষ্টাত চিকিৎসাৰ বাবে কোনো দাতব্য চিকিৎসালয় নাছিল । সেইসময়ত বহুতো বেজ আছিল । বেজ সকলক ৰজাই মাটি বাৰী লগুৱা দি ৰাখিছিল । বনৌষধি, ৰাসায়নিক দ্ৰব্য তন্ত্ৰ মন্ত্ৰৰে চিকিৎসা কৰিছিল আৰু বেজ বা ওজাই এইবোৰ বিষয়ৰ শিক্ষা দিছিল । এই বেজ বা ওজা একোজনৰ ঘৰেই একোখন শিক্ষানুষ্ঠান আছিল । চিকিৎসা বিদ্যাৰ প্ৰতি ৰাপ থকা মানুহে উজাৰ ঘৰত থাকি বেজালি শিকিছিল । এইবোৰ শিকিবৰ বাবে বেজক এটা গুৰু মাননি দিব লাগিছিল । শিষ্যই বেজৰ ঘৰত থাকি প্ৰথমে ঔষধ বটা, হাবি বননিৰ পৰা ঔষধ বিচাৰি অনা, ৰোগীৰ ৰোগৰ লক্ষণ নিৰ্ণয় কৰা আদি কথা শিকিছিল । শাস্ত্ৰ বা পুথি একেবাৰে শেষত চুবলৈ পাইছিল ।
আহোম যুগত মানুহৰ চিকিৎসাৰ বাহিৰেও হাতী, ঘোঁৰা আৰু শেন চৰাইৰ ৰোগ ব্যাধি কৰি চিকিৎসা কৰা হৈছিল। হস্তীবিদ্যানব, ঘোঁৰা নিদান আৰু শেনৰ পুথি হৈছে ইয়াৰ উৎকৃষ্ট প্ৰমাণ ।
কাৰিকৰী শিক্ষা : অসমৰ কুটিৰ শিল্প অতি পুৰণি কালৰ পৰাই বিখ্যাত হৈ আহিছে । আহোম যুগত এইবোৰৰ বিদ্যা শিক্ষাৰ কোনো ৰাজহুৱা ব্যৱস্থা নাছিল । এই বিদ্যাবোৰ পুৰুষানুক্ৰমে চলিছিল । স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত মোমাই তামুলী বৰবৰুৱাই গাঁও সংগঠন কৰি কুমাৰ, কমাৰ , বাঢ়ৈ , সোণাৰি আদি সুকীয়া সুকীয়াকৈ পতাৰ পৰাই এই বিদ্যাবোৰ বংশগত হৈ পৰিছিল । স্থাপত্য বিদ্যাৰ অধ্যক্ষ আছিল চাংৰুং ফুকন । চাংৰুং ফুকনে দল দেৱালয় নিৰ্মাণ , মৈদাম বন্ধা, দলং সজা আদি কাৰ্যৰ আঁচনি তৈয়াৰ কৰিব লাগিছিল আৰু হিচাব ৰাখিব লাগিছিল ।
ধৰ্ম বা নৈতিক শিক্ষা : আহোম যুগত ধৰ্ম সম্পৰ্কীয় শিক্ষা দিয়া হৈছিল সত্ৰসমূহৰ যোগেদি আৰু নৈতিক শিক্ষাৰ বাবে ফকৰা যোজনা , ডাকৰ বচন, পতন্ত্ৰৰ আদিও ব্যবহাৰ কৰিছিল । তেওঁলোকৰ গাওঁৰ অভিজ্ঞ মেধি , গাওঁবুঢ়া আছিল অবৈতনিক শিক্ষক আৰু নামঘৰ আছিল পঢ়াশালি । প্ৰজাৰ মাজত ধৰ্ম নৈতিক শিক্ষাৰ বিস্তাৰ উদেশ্যে সত্ৰসমূহক ৰজাই পৃষঠপোষকতা কৰিছিল । সত্ৰাধিকাৰ সকলে গাঁৱে গাঁৱে নামঘৰত থাকি ধৰ্ম শাস্ত্ৰ ব্যাখ্যা কৰিছিল । আহোম পুৰোহিত দেওধাই , বাইলুং আহোম নীতি শিক্ষা দান কৰিছিল । এই নীতি শিক্ষা বিস্তাৰৰ অৰ্থেই স্বৰ্গদেউ কমলেশ্বৰ সিংহই 'নীতি লতাঙ্কুৰ' অসমীয়ালৈ অনুবাদ কৰিছিল ।
সংস্কৃত ভাষাৰ শিক্ষা: আহোমসকলৰ যদিও নিজা ভাষা আৰু সুকীয়া সংস্কৃতি আছিল তথাপি তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰি অসমৰ অনাৰ্য সংস্কৃতিৰ লগত আৰ্য সংস্কৃতি সমন্বয়ৰ এটা সূত্ৰ উলিয়াই দিছিল । অসমীয়া ভাষা আৰু সংস্কৃতি বিকাশ সাধনৰ বাবে সংস্কৃত ভাষাৰ শিক্ষা অপৰিহাৰ্য ভাবিয়েই বহুতো সংস্কৃত পণ্ডিতক মাটি ভেটি দি টোল স্থাপন কৰাইছিল। গুণাভিৰাম বৰুৱাই লিখিছে " বড়ৰজাই এটি পাঠশালা কৰি দিয়ে । এই সকলটো কেৱল সংস্কৃত ভাষা মাত্ৰা শিক্ষা দিয়া হৈছিল । তাৰ পাছত আন আন ঠাইত সংস্কৃত পঢ়াৰ পাঠশালা হ'ল" । আহোম ৰজাসকলে বহুতো লোকে সংস্কৃত জানিছিল । স্বৰ্গদেউ লক্ষ্মী সিংহই ৰজা হোৱাৰ আগতে ৰমানন্দ নামেৰে পণ্ডিত এজনৰ টোলত বিদ্যা শিক্ষা কৰিছিল । স্বৰ্গদেউ ৰুদ্ৰ সিংহই ৰাজকোঁৱৰ সকলক শিক্ষা দিবৰ কাৰণে কৱিৰাজ চক্ৰৱৰ্তীৰ হতুৱাই 'ভাস্বতি' নামৰ জ্যোতিষ শাস্ত্ৰ এখন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল । অৱশ্যে সংস্কৃত শিক্ষা উচ্চ হিন্দু আৰু ব্রাক্ষ্মন সকলৰ মাজত সীমাবদ্ধ আছিল ।
আহোম ভাষাৰ শিক্ষা: আহোমসকলে অসমীয়া ভাষা গ্ৰহণ কৰাৰ পিছত আহোম ভাষাৰ চৰ্চা লাহে লাহে কমি আহিছিল যদিও আহোম ৰাজত্ব শেষলৈকে এই ভাষা চলি আছিল । আহোম ভাষাৰ শিক্ষা দিবলৈ আহোম পণ্ডিত নিয়োগ কৰিছিল । ঘাই পণ্ডিতে ৰাজ সেৱাৰ বিনিময়ত ৭০০ পুৰা মাটি, কুৰি গোট লিকচৌ পাইছিল । আহোম ভাষাৰ শিক্ষা, পুথি লিখা আৰু সংৰক্ষণ কৰা, বুৰঞ্জী চৰ্চা আদি কাৰ্যত চকু দিবলৈ চিৰিং ফুকন আৰু বৰচিৰিং বৰুৱা নামৰ দুজন বিষয়া আছিল। আহোম ভাষাৰ শিক্ষা লাভ কৰোঁতে বৰ্ণমালা অম্ৰ অৰ্থাৎ অভিধান মুখষ্ট কৰিব লাগিছিল।
বুৰঞ্জী শিক্ষা: বুৰঞ্জী শব্দৰ অৰ্থ হ'ল মূৰ্খৰ শিক্ষাৰ ভঁৰাল। আহোমসকলে বুৰঞ্জী জনাটো অতি আৱশ্যকীয় বুলি ভাবিছিল । প্ৰতিঘৰ সম্ভ্ৰান্ত আহোমেই বুৰঞ্জী লিখা আৰু সংৰক্ষণ কৰাটো আৱশ্যকীয় কৰ্তব্য ভিতৰত ধৰিছিল । বিয়া বাৰু সময়ত চকলং কৰোঁতে বুৰঞ্জী কোৱাটো নিয়ম আছিল গতিকে প্ৰত্যেকেই মৌখিকভাবে বা পঢ়ি শুনি বুৰঞ্জী শিক্ষা লাভ কৰিছিল। আহোম পণ্ডিতৰ পঢ়াশালিতেই বুৰঞ্জী শিক্ষা দিয়া হৈছিল আৰু ইয়াৰ ফলতেই অসংখ্য বুৰঞ্জী পুথি ৰচনা হৈছিল ।
স্ত্ৰী শিক্ষা : আহোম যুগত স্ত্ৰী শিক্ষাৰ প্ৰচলন একেবাৰে নাই বুলিও ক'ব নোৱাৰি কিন্তু সীমাবদ্ধ আছিল । ৰাজনৈতিক শিক্ষা লাভ কৰা কেইবাগৰাকী আহোম ৰমণীয়ে ৰাজকাৰ্যত ৰজাক সহায় কৰাৰ কথা বুৰঞ্জীত পোৱা যায় । চাওচিং কুঁৱৰী এগৰাকী বিদূষী শিক্ষিতা মহিলা আছিল । তেওঁৰ পৰামৰ্শ মতেই গড়গাওঁ নগৰৰ গড় আৰু একেবাৰে নতুনকৈ বৰপাত্ৰ গোহাঁইৰ বিষয়ৰ সৃষ্টি হয়। ফুলেশ্বৰী কুঁৱৰীয়ে ৰাজনগৰতে এখন পঢ়াশালি পতাই তিৰোতাক বোৱা কটা শিকাইছিল ।
আহোম যুগত পোনপটীয়াকৈ ৰাজহুৱা শিক্ষা নাছিল হয় কিন্তু শিক্ষিত লোকৰ সংখ্যা যথেষ্ট আছিল । সত্ৰ , টোল , আহোম পণ্ডিতৰ পঢ়াশালিত আদিত যথেষ্ঠ মানুহে শিক্ষা পাইছিল । আহোম শাস্ত্ৰ আৰু সংস্কৃত শাস্ত্ৰৰ যোগেদি দেশত নৈতিক শিক্ষাই প্ৰসাৰতা লাভ কৰিছিল। যথেষ্ট সংখ্যক শিক্ষিত পঢ়ুৱৈ আছিল বাবেই এই সময়ছোৱাত বহুতো পুথি ৰচনা হৈছিল। মুঠতে আহোম যুগৰ শিক্ষা বিষয়ত তেনেই অন্ধকাৰ নাছিল । Bornali Borah (বাৰ্তা) 14:13, 23 April 2023 (ইউ.টি.চি.)
