সমললৈ যাওক

সদস্য বাৰ্তা:Dipankar Das

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সদস্য বাৰ্তা:Dasdipankar2005ৰ পৰা পুনঃনিৰ্দেশিত)

AdoroniBot (বাৰ্তা) 06:20, 22 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

তথ্যসূত্ৰ আৰু যান্ত্ৰিক অনুবাদ

[সম্পাদনা কৰক]

নমস্কাৰ Dipankar Das, অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ জনাইছোঁ। অনুগ্ৰহ কৰি মন কৰিব যে ৱিকিপিডিয়াত তথ্যসূত্ৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়। উপযুক্ত তথ্যসূত্ৰ নথকা প্ৰবন্ধসমূহ বিলোপ কৰা হ'ব পাৰে। তদুপৰি যথাযথ সম্পাদনা নকৰাকৈ ৰখা যান্ত্ৰিক অনুবাদক ৱিকিপিডিয়াত উৎসাহিত কৰা নহয়। সেয়েহে শেহতীয়াকৈ অসমীয়া ৱিকিপিডিয়াত আপুনি সৃষ্টি কৰা ৰেপাৰ, এমিৱে বাণ্টাই, ৰাফতাৰ আদি প্ৰবন্ধসমূহত প্ৰয়োজন অনুসাৰে হাত ফুৰাই আৰু তথ্যসূত্ৰ যোগ দি উন্নত মানৰ কৰি তুলিবলৈ আহ্বান জনালোঁ। এই বিষয়ে সহায়ৰ প্ৰয়োজন হ'লে জনাব। আশাকৰোঁ আপুনি ৱিকিপিডিয়ালৈ আগলৈয়ো যোগাত্মক বৰঙণি আগবঢ়াই যাব। -Chandan Chiring Phukon  Chat 06:52, 26 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Dasdipankar2005 মাননীয় সদস্য, পূৰ্বতে বাৰ্তা দিয়াৰ পিছতো আপুনি যান্ত্ৰিক অনুবাদৰ ওপৰতেই নিৰ্ভৰশীল হৈ উপযুক্ত তথ্যসূত্ৰ অবিহনে এটাৰ পিছত আনটো প্ৰবন্ধ সৃষ্টি কৰি গৈছে (পাগলাঝোৰা জলপ্ৰপাত, নগেন্দ্ৰ প্ৰসাদ সৰ্বাধিকাৰী, গোলন্দাজ আদি)। ইয়াৰে বহুকেইটা প্ৰবন্ধত আপুনি উপসংহাৰ নামেৰে মূলতঃ প্ৰশংসামূলক বা বিজ্ঞাপনধৰ্মী একোটা অনুচ্ছেদ যোগ কৰিছে। মন কৰিব যে ৱিকিপিডিয়া কোনো বিজ্ঞাপন বা ব্যক্তিগত মতামতৰ স্থান নহয়। আশাকৰোঁ আপুনি নতুন প্ৰবন্ধ পুনৰাই সৃষ্টি কৰাৰ আগতে আন সদস্যই সৃষ্টি তথা সম্পাদনা কৰা পুৰণি প্ৰবন্ধসমূহত চকু ফুৰাব আৰু ৱিকিপিডিয়াৰ লিখনশৈলী শিকিবলৈ যত্ন কৰিব। শুভেচ্ছা!-Chandan Chiring Phukon  Chat 14:38, 19 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Dasdipankar2005 পুনৰাই চুন্নু জলপ্ৰপাত প্ৰবন্ধটোৰ সন্দৰ্ভত এই কথা ক'ব লগা হোৱাৰ বাবে দুঃখিত। ৱিকিপিডিয়াত "এখন সুন্দৰ শিলৰ বাগিচা আছে'", '"ফটোগ্ৰাফীৰ বাবে আদৰ্শ স্থান'" এনে বাক্য পোনপটীয়াকৈ ব্যৱহাৰ কৰা নহয়। ইয়াৰ সলনি "এখন শিলৰ বাগিচা আছে" আৰু "ফটোগ্ৰাফীৰ বাবে আদৰ্শ স্থান হিচাপে গণ্য কৰা হয়" বুলি লিখিব পাৰে। ইয়াৰ লগতে তথ্যসূত্ৰ অবিহনে কোনো প্ৰবন্ধৰ তথ্যক নিৰ্ভৰযোগ্য বুলি ধৰা নহয় আৰু ইয়াক পক্ষপাতদুষ্ট বুলি ভবা হয়। আশাকৰোঁ আপুনি নতুন প্ৰবন্ধ পুনৰাই সৃষ্টি কৰাৰ আগতে আন সদস্যই সৃষ্টি তথা সম্পাদনা কৰা পুৰণি প্ৰবন্ধসমূহত চকু ফুৰাব আৰু ৱিকিপিডিয়াৰ লিখনশৈলী শিকিবলৈ যত্ন কৰিব। লগতে, ৱিকিপিডিয়াৰ সাধাৰণ নীতিসমূহ জানি-বুজি লৈ তাক মানি চলি অসমীয়া ৱিকিমিডিয়া সমাজৰ সৈতে সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ। -Chandan Chiring Phukon  Chat 05:07, 21 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Chiring chandan ভুলবোৰ দেখুৱাই দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ।
মহোদয়, অনুগ্ৰহ কৰি অনুবাদ কাৰ্য্য তথা অন্যান্য ভুল শুধৰণি আৰু তথ্য সংগ্ৰহ কাৰ্য্যত সহায় কৰক। Dasdipankar2005 (বাৰ্তা) 07:22, 21 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Dasdipankar2005 মাননীয় সদস্য, প্ৰবন্ধকেইটা যিহেতু আপুনি লিখিছে গতিকে ইয়াৰ অনুবাদ আৰু তথ্য সংগ্ৰহ আপুনিয়েই কৰাটো বাঞ্ছনীয়। অসমীয়া ৱিকিপিডিয়াৰ দৰে মুষ্টিমেয় স্বেচ্ছাসেৱক থকা এক ৱিকিপ্ৰকল্পত এজনে যান্ত্ৰিক অনুবাদৰ যথাযথ সম্পাদনা নকৰাকৈ, তথ্যসূত্ৰ নিদিয়াকৈ প্ৰবন্ধৰ সৃষ্টি কৰি যাব আৰু আন এজনে ইয়াক হাত ফুৰাই ঠিক কৰিব বুলি আশা কৰাটো মুঠেই যুক্তিকৰ কথা নহয়। -Chandan Chiring Phukon  Chat 11:29, 21 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Chiring chandan ঠিক আছে। আপোনাক ধন্যবাদ। Dasdipankar2005 (বাৰ্তা) 11:49, 21 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

unreferenced tag মুছি দিয়া সন্দৰ্ভত

[সম্পাদনা কৰক]

নমস্কাৰ Dasdipankar2005,

অনুগ্ৰহ কৰি এয়া মন কৰিব যে ৱিকিপিডিয়াত তথ্যসূত্ৰৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয়। উপযুক্ত তথ্যসূত্ৰ নথকা প্ৰবন্ধসমূহ যিকোনো মুহূৰ্ততে বিলোপ কৰা হ'ব পাৰে। কিন্তু, বাৰেপতি কোৱাৰ পিছতো আপুনি unreferencedটো কোনো তথ্যসূত্ৰ বা উদ্ধৃতি যোগ নকৰি গুচাই দিছে, সাল-সলনি ইয়াতে চাওঁক

সেই গতিকে, আপোনাক ভৱিষ্যতে এনেকে নকৰিবলৈ সকিয়াই দিয়া হ'ল।

Thesaurabhsaha (বাৰ্তা) 18:50, 30 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এছিয়ান মাহৰ সহযোগী

[সম্পাদনা কৰক]
এছিয়ান মাহৰ সহযোগী
হে ৱিকিসতীৰ্থ,

বৰ্তমান ৱিকিপিডিয়াত চলি থকা এছিয়ান মাহ ২০২৩ এডিটাথনত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে, -অসমীয়া ৱিকিমিডিয়া সমাজ

অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা- ২০২৪

[সম্পাদনা কৰক]

প্ৰিয় Dasdipankar2005,

আশাকৰোঁ কুশলে আছে। এই বছৰৰে জানুৱাৰী মাহত ৪ তাৰিখৰ পৰা ১০ তাৰিখলৈ আয়োজিত “অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা- ২০২৪’’ ত সম্পাদনা কৰি ৱিকিপিডিয়াক অধিক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত আপোনাৰ উৎসৰ্গীকৃত সেৱাৰ বাবে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।

এই সম্পাদনা মেলাৰ এগৰাকী অংশগ্ৰহণকাৰী হিচাপে আপোনাৰ প্ৰাপ্য মানপত্ৰৰ বাবে আমি আপোনাৰ বিষয়ে কিছু তথ্য জনাৰ প্ৰয়োজন। অনুগ্ৰহ কৰি তলত সন্নিৱিষ্ট ফৰ্মখন ভৰ্তি কৰি আমাক পৰৱৰ্তী কাৰ্যসূচী পালন কৰিবলৈ সহযোগ কৰক। আপোনাৰ সহযোগিতাই আমাৰ প্ৰেৰণা। (ইতিমধ্যেই যদি ফৰ্মখন পূৰণ কৰা হৈছে, তেন্তে দ্বিতীয়বাৰ পূৰণ কৰাৰ প্ৰয়োজন নাই)

আন্তৰিক শুভকামনা জানিব।
ধন্যবাদ।

Dolon Prova (বাৰ্তা) 04:10, 15 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সংগঠক,
অসমীয়া - বাংলা আন্তঃৱিকি সম্পাদনা মেলা ২০২৪

অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতা পদক

[সম্পাদনা কৰক]
অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতা পদক
হে ৱিকিসতীৰ্থ, অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৪-ত আপুনি দেখুওৱা আন্তৰিক উৎসাহ আৰু নিস্বাৰ্থ অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনাৰ শলাগ ল'লোঁ। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। - দিব্য দত্ত  (বাৰ্তা) 11:06, 19 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

যান্ত্ৰিক অনুবাদ

[সম্পাদনা কৰক]

প্ৰথমতে অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়োৱাৰ বাবে ধন্যবাদ। অনুগ্ৰহ কৰি আপুনি সৃষ্টি কৰা পৃষ্ঠাসমূহ পোনে পোনে যান্ত্ৰিক অনুবাদ কৰি প্ৰকাশ কৰাৰ আগতে অকণমান হাত ফুৰাই ঠিক কৰি প্ৰকাশ কৰিবলৈ অনুৰোধ জনালোঁ। শেহতীয়াকৈ আপুনি সৃষ্টি কৰা পৃষ্ঠাসমূহত ভুল বাক্য, ঠৰঙা অনুবাদ আদি যান্ত্ৰিক অনুবাদৰ আসোঁৱাহসমূহ দৃষ্টিকটুভাৱে পৰিলক্ষিত হৈছে। যিহেতু অসমীয়া ৱিকিপিডিয়াত সক্ৰিয় সদস্যৰ সংখ্যা নিচেই তাকৰ, সেয়ে পৰাপক্ষত নিজে সৃষ্টি কৰা পৃষ্ঠাৰ আসোঁৱাহ নিজেই ঠিক কৰা কাম্য। শুভেচ্ছাৰে -  অজয়  কথা-বতৰা 15:37, 28 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@অজয় দাস বাৰু, আগলৈ মনত ৰাখিম। পৰামৰ্শৰ বাবে ধন্যবাদ। দিপাংকৰ দাস (বাৰ্তা) 03:35, 16 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিপিডিয়া এছিয়ান মাহ ২০২৪ - দ্বিতীয় স্থান

[সম্পাদনা কৰক]
শ্ৰদ্ধাৰ ৱিকিসতীৰ্থ,

অসমীয়া ৱিকিপিডিয়াত আয়োজন কৰা ৱিকিপিডিয়া এছিয়ান মাহ ২০২৪ শীৰ্ষক সম্পাদনা মেলাত অংশগ্ৰহণ কৰি ভালেমান প্ৰবন্ধ সৃষ্টিৰে আপুনি দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আপোনাৰ এই অৱদানে প্ৰতিযোগিতাখনিক এক দুৰন্ত গতি প্ৰদান কৰিছে। আপোনাৰ এই বহুমূলীয়া অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। আপোনাক এই পদক আগবঢ়াবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। ধন্যবাদেৰে,
অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ,
ৰুমি বৰা
প্ৰাণজ্যোতি নাথ
চাণক্য কুমাৰ দাস

চাণক্য (বাৰ্তা) 02:58, 16 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@-chanakyakdas ধন্যবাদ জনালোঁ। Dasdipankar2005 (বাৰ্তা) 03:53, 16 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকি শতক পদক

[সম্পাদনা কৰক]
ৱিকি শতক পদক
হে ৱিকিসতীৰ্থ, এক শতক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে আপোনালৈ এই পদকটো আগবঢ়োৱা হ’ল। আপোনাৰ এই গতি চিৰদিন অব্যাহত থাকক-অসমীয়া ৱিকিমিডিয়া সমাজ

-দিব্য দত্ত (বাৰ্তা) 17:46, 27 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ জনালোঁ। অনুপ্ৰাণিত হʼলোঁ। Dasdipankar2005 (বাৰ্তা) 18:01, 27 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Invitation to Participate in the Wikimedia SAARC Conference Community Engagement Survey

[সম্পাদনা কৰক]

Dear Community Members,

I hope this message finds you well. Please excuse the use of English; we encourage translations into your local languages to ensure inclusivity.

We are conducting a Community Engagement Survey to assess the sentiments, needs, and interests of South Asian Wikimedia communities in organizing the inaugural Wikimedia SAARC Regional Conference, proposed to be held in Kathmandu, Nepal.

This initiative aims to bring together participants from eight nations to collaborate towards shared goals. Your insights will play a vital role in shaping the event's focus, identifying priorities, and guiding the strategic planning for this landmark conference.

Survey Link: https://forms.gle/en8qSuCvaSxQVD7K6

We kindly request you to dedicate a few moments to complete the survey. Your feedback will significantly contribute to ensuring this conference addresses the community's needs and aspirations.

Deadline to Submit the Survey: 20 January 2025

Your participation is crucial in shaping the future of the Wikimedia SAARC community and fostering regional collaboration. Thank you for your time and valuable input.

Warm regards,
Biplab Anand

Wikipedia Asian Month 2024 Barnstar

[সম্পাদনা কৰক]

Dear Dipankar Das,

Thank you for joining us in celebrating the 10th year of Wikipedia Asian Month!
We truly appreciate your contributions, and we look forward to seeing more articles about Asia written in different languages.

We also hope you continue to participate each year!

Sincerely,
Wikipedia Asian Month User Group

সৌতেলা ভাই আৰু ৱিকিডাটা

[সম্পাদনা কৰক]

তুমি সৌতেলা ভাই (১৯৬২ চলচ্চিত্ৰ) প্ৰবন্ধটোৰ পূৰ্বৰ ৱিকিডাটা আইটেম সলাই ১৯৯২ চনত মুক্তি পোৱা একে নামৰ ছবি এখনৰ ৱিকিডাটাৰ সৈতে সংযোগ কৰি দিছা। নাম একে যদিও দুয়োটা বেলেগ বিষয়। আকৌ মই সৃষ্টি কৰা আইটেমটোও মাৰ্জ কৰি দিলা। মোৰ গোটেই সম্পাদনা নষ্ট হৈ গ'ল। মন কৰিবা, সৌতেলা ভাই (১৯৬২ চলচ্চিত্ৰ) প্ৰবন্ধটো একমাত্ৰ অসমীয়া ৱিকিতহে আছে, যিটো মই সৃষ্টি কৰিছিলো। আৰু সেয়েহে পূৰ্বতে ইয়াৰ ৱিকি়ডাটা সৃষ্টি কৰা হোৱা নাছিল। যেতিয়া কোনো আইটেম মাৰ্জ কৰিবা, তাৰ আগত ভালকৈ ভেৰীফাই কৰি ল'বা। নামৰ সাদৃশ্য দেখিলেই তাক ফটাফট মাৰ্জ কৰি দিব নালাগে। বাবুল বৈশ্য (বাৰ্তা) 15:12, 12 May 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ক্ষমা কৰিব। মই ভালকৈ নোচোৱাৰ বাবেই ভুলটো হৈ গʼল। আগলৈ লক্ষ্য ৰাখিম। Dipankar Das (বাৰ্তা) 15:29, 14 May 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]