সদস্য বাৰ্তা:Mukul Saikia
বিষয় যোগ কৰক'খাদ্য শৃংখল আৰু খাদ্য জাল'
[সম্পাদনা কৰক]4.8:1: খাদ্য শৃংখল (Food chain): পৰিৱেশ তন্ত্ৰত বিভিন্ন প্রকাৰৰ জীৱৰ মাজেদি (সেউজীয়া উদ্ভিদৰ পৰা শীর্ষস্থানৰ উপভোক্তালৈ) খাদ্যৰ পৰিবহনক খাদ্য শৃংখল বোলা হয়। অর্থাৎ খাদ্য শৃংখল পৰিৱেশ তন্ত্ৰত এটা পুষ্টি সম্বন্ধীয় অনুক্ৰম। বিজ্ঞানী ওডামৰ (1966) মতে এটা বসতি স্থানত উৎপাদকৰ পৰা ক্ৰম পর্যায়ত যি পদ্ধতিৰ দ্বাৰা ভক্ষক আৰু ভক্ষিতৰ সম্পর্কত প্রথম উপভোক্তা, দ্বিতীয় উপভোক্তা, তৃতীয় উপভোক্তা আদিৰ জৰিয়তে শক্তি প্রৱাহিত হয় তাকে খাদ্য শৃংখল বোলে। সেউজীয়া উদ্ভিদবোৰে (উৎপাদক) খাদ্য শৃংখল এটাৰ প্রথম পৌষ্টিক স্তৰ (Trophic level) গঠন কৰে। সেউজীয়া উদ্ভিদ বা প্রথম পৌষ্টিক স্তৰক খাদ্য হিচাপে গ্রহন কৰা তৃণভোজী প্রাণীবোৰে (প্রাথমিক উপভোক্তা) দ্বিতীয় পৌষ্টিক স্তৰ গঠন কৰে। সেইদৰে তৃণভোজী প্রাণীক ভক্ষণ কৰা মাংসভোজী প্রাণীবোৰে খাদ্য শৃংখলৰ তৃতীয় পৌষ্টিক স্তৰ গঠন কৰে। আকৌ তৃতীয় তৃণভোজী আৰু মাংসভোজী প্রাণীক খাদ্য হিচাপে গ্রহণ কৰা প্রাণীবোৰক চতুর্থ পৌষ্টিক স্তৰ বোলা হয়। খাদ্য শৃংখলত এটাতকৈ অধিক পৌষ্টিক স্তৰক খাদ্য হিচাপে গ্রহণ কৰা প্রাণীবোৱক সর্বভক্ষী প্রাণী বুলি কোৱা হয়। যিকোনো খাদ্যশৃংখলত শক্তি প্রবাহৰ ক্ৰম তলত উল্লেখ কৰা ধৰণে চলি থাকে। খাদ্য শৃংখলৰ উদাহৰণ:
4.8.1.1: খাদ্য শৃংখলৰ প্রকাৰ (Types of food chain): খাদ্য শৃংখল দুই প্রকাৰৰ – 1. চৰণীয়া খাদ্য শৃংখল (Grazing food chain) 2. অপৰদ খাদ্য শৃংখল (Detritus food chain) 1. চৰণীয়া খাদ্য শৃংখল (Grazing food chain): এই খাদ্য শৃংখল সেউজীয়া উদ্ভিদত আৰম্ভ হৈ তৃণভোজীৰ মাজেৰে গৈ মাংসভোজীত শেষ হয়। এনেকুৱা খাদ্য শৃংখলত 3-5 প্রকাৰৰ উপভোক্তা দেখা যায়। চৰণীয়া খাদ্য শৃংখলৰ উদাহৰণ: 1.পুখুৰীৰ পৰিৱেশ তন্ত্ৰৰ চৰণীয়া খাদ্য শৃংখল।
2. তৃণভূমি পৰিৱেশ তন্ত্ৰৰ চৰণীয়া খাদ্য শৃংখল।
চৰণীয়া খাদ্য শৃংখলক আকৌ দুটা ভাগত ভগাব পাৰি – a) পৰভক্ষী খাদ্য শৃংখল (Predator food chain) b) পৰজীৱী খাদ্য শৃংখল (Parasitic food chain) a) পৰভক্ষী খাদ্য শৃংখল (Predator food chain): এনেকুৱা খাদ্য শৃংখলত ডাঙৰ প্রাণীয়ে সৰু প্রাণীক ভক্ষণ কৰে। যিতো প্রাণীক ভক্ষণ কৰে তাক ভক্ষিত (Prey) আৰু যিতো প্রাণীয়ে চিকাৰ কৰি খায় তাক পৰভক্ষী বা ভক্ষক (Predator) বোলা হয়। b) পৰজীৱী খাদ্য শৃংখল (Parasitic food chain): চৰণীয়া খাদ্য শৃংখলৰ উদ্ভিদ আৰু প্রাণীবোৰ পৰজীৱীৰ দ্বাৰা আক্ৰান্ত হব পাৰে। পৰজীৱীবোৰে সিহঁতৰ পোষক প্রাণীৰ (Host) পৰা পুষ্টি আহৰণ কৰে। ইয়াত সদায় পোষক প্রাণীটো ডাঙৰ আকৃতিৰ হয়। পৰজীৱী খাদ্য শৃংখল চৰণীয়া খাদ্য শৃংখলৰ অন্তর্ভূক্ত। 2. অপৰদ বা পচনকাৰী খাদ্য শৃংখল (Detritus food chain): এই ধৰণৰ খাদ্য শৃংখল গেলা পচা বস্তুত আৰম্ভ হৈ অজৈৱ পদার্থত সমাপ্ত হয়। অপৰদভোজী নাইবা পচনকাৰী জীৱবোৰে গেলা পচা বস্তুবোৰৰ পৰা কিছু পৰিমানৰ শক্তি আহৰণ কৰি বাকী অংশ সৰল জৈৱ যৌগ হিচাপে নিস্কাশন কৰে।এইবোৰ আকৌ আন কিছুমান পচনকাৰী জীৱই গ্রহণ কৰি জৈৱ পদার্থবোৰক CO2 আৰু H2O লৈ ৰূপান্তৰ কৰে। অপৰদ খাদ্য শৃংখল প্রায়েই চৰণীয়া খাদ্য শৃংখলৰ সৈতে সংযুক্ত হৈ থাকে। ইয়াত অপৰদভোজী জীৱবোৰক সৰু আকৃতিৰ মাংসভোজী প্রাণীয়ে খাদ্য হিচাপে গ্রহণ কৰে আৰু সৰু মাংসভোজী প্রাণীবোৰক ডাঙৰ মাংসভোজী প্রাণীয়ে ভক্ষণ কৰে। উদাহৰণ:
4.8.1.2: খাদ্য শৃংখলৰ বৈশিষ্ট (Characteristics of food chain): (i) একোটা খাদ্য শৃংখলত কেইবা প্রকাৰৰো আবাদী বা জীৱ ভক্ষক আৰু ভক্ষিতাৰ ৰূপত ইটোৱে সিটোৰ লগত জড়িত হৈ থাকে। (ii) খাদ্য শৃংখলৰ প্রথম স্তৰত উৎপাদকবোৰ থাকে। ইয়াৰ পাছৰ উপভোক্তাবোৰে প্রত্যক্ষ নাইবা পৰোক্ষ ভাবে উৎপাদকৰ ওপৰত নির্ভৰশীল। (iii) খাদ্য শৃংখল সাধাৰণতে সৰল (Simple) আৰু চিধা-চিধি (Straight) প্রকৃতিৰ হয়। (iv) খাদ্য শৃংখলত সাধাৰণতে 3 টাৰ পৰা 6 টালৈ পৌষ্টিক স্তৰ থাকে। (v) উৎপাদকৰ পৰা যিমানেই ওপৰলৈ যোৱা যায় সিমানেই ওপৰৰ উপভোক্তাৰ স্তৰবোৰত জীৱৰ সংখ্যা হ্রাস পায়, সংগৃহীত শক্তিৰ পৰিমাণ কমি আহে, জৈৱ ভৰ কমি আহে আৰু জীৱবোৰৰ আকৃতি বৃত্থি পাবলৈ ধৰে। (vi) খাদ্য শৃংখল যিমানে দীঘলীয়া হয় সিমানে শক্তিৰ অপচয়ো বাঢ়ি যায় আৰু শক্তি আহৰণৰ মাত্ৰা কম হয়। 4.8:1: খাদ্য জাল (Food web): পৰিৱেশ তন্ত্ৰত খাদ্য শৃংখলবোৰ সৰল অৱস্থাত নেথাকে। কেইবাটাও সৰল খাদ্য শৃংখল পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ জটিল সংগঠণৰ সৃষ্টি কৰি জালিকাৰ আকৃতি ধাৰণ কৰে। ইয়াকে খাদ্য জাল বোলে। তাৰোপৰি জীৱনৰ বিভিন্ন স্তৰত একোবিধ প্রাণীয়ে খাদ্য পৰিৱর্তন কৰিব পাৰে। বিভিন্ন প্রাণীয়ে একেবিদ উৎপাদকৰ পৰা প্রত্যক্ষ ভাবে বা পৰোক্ষ ভাবে খাদ্য আহৰণ কৰাৰ ফলত খাদ্য জাল সমূহৰ সৃষ্টি হয়। উদাহৰণ স্বৰূপে ঘাঁহনি পৰিৱেশ তন্ত্ৰত ফৰিং, শহাপহু, আৰু এন্দুৰ বা নিগনিও ঘাঁহ খায়। ফৰিঙক তেজপিয়াই খায়, তেজপিয়াক চিলনীয়ে খায়, চিলনীয়ে শহাপহু খায়, নিগনিক সাপে খায়, সাপক চিলনীয়ে খায় আৰু চীলনীয়ে আকৌ ফৰিং আৰু নিগনি খায়। এইদৰে কেবাটাও খাদ্য শৃংখল সংযুক্ত হৈ এখন খাদ্য জালিকাৰ সৃষ্টি হয়।
চিত্ৰ 14.2 ঘাঁহনি পৰিৱেশ তন্ত্ৰত খাদ্য জালৰ 5 টা ৰৈখিক খাদ্য শৃংখল।
4.8:1:2 খাদ্য জালৰ বৈশিষ্ট (Characteristics of Food web): (i) খাদ্য জালৰ সহায়ত বিকল্প খাদ্যৰ সন্ধান পোৱা যায়। (ii) খাদ্য জালে পৰিৱেশ তন্ত্ৰৰ সুস্থিৰতা বঢ়ায়। অর্থাৎ কেনেবাকৈ এটা খাদ্য স্তৰ নাইকীয়া হৈ গলেও আন এটা খাদ্য স্তৰৰ জৰিয়তে শক্তিৰ প্রৱাহ চলি থাকে। (iii) খাদ্য জাল সমূহ তুলনামূলক ভাবে জটিল আৰু এইবোৰ ৰৈখিক নহয়। (iv) খাদ্যজালে আবাদীৰ সংখ্যা সাম্যৱষ্তাত ৰখাত সহায় কৰে। (v) খাদ্য জালত পৌষ্টিক স্তৰৰ সংখ্যা সৰহ।
খাদ্য শৃংখল আৰু খাদ্য জাল
[সম্পাদনা কৰক]উদাহৰণ
2409:408A:8E88:CC09:21F2:AF04:109D:D5B4 02:55, 11 October 2023 (ইউ.টি.চি.)
খাদ্য শৃংখল
[সম্পাদনা কৰক]খাদ্য শৃংখল 2409:40E6:9:3C24:8000:0:0:0 03:03, 12 November 2023 (ইউ.টি.চি.)