সমললৈ যাওক

সদস্য বাৰ্তা:PRANJAL KUMAR SARMA

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 3 বছৰৰ পূৰ্বে by PRANJAL KUMAR SARMA in topic আজিৰ সময়

আজিৰ সময়

[সম্পাদনা কৰক]

অসমীয়া আলোচনী এখনৰ প্ৰবন্ধ এটা পঢ়িলো।


এজন বিখ্যাত অসমীয়া উপন্যাসিকৰ ভাষাত কওঁ, দুখৰ নিজৰা বয় হৃদয়েদি এনেকৈয়ে। আলোচনী খনৰ ধাৰাটোৱেই হৈছে এইটো, আগৰ পৃথিৱীখন বৰ ভাল আছিল, এতিয়া সকলো শেষ হৈ গ'ল!!


মোৰ বয়স ৫০ পাৰ হ'ল, ময়ো নামনিৰ কেইবাখনো চহৰত ডাঙৰ হৈছো, জন্মসূত্ৰে উজনিৰ, লগেত পাৰিবাৰিক সম্বন্ধৰেও উজনিৰ, একেখন মৰমৰ আপোন পৃথিৱী পাই আহিছো।

কিন্ত মোৰ আজিৰ জগতখন বহুত আগবঢ়া,সম্ভাৱনাময় আৰু সুন্দৰ যেন লাগে।

আগতে টেঙা বল এটা গুৰিয়াই গুৰিয়াই কোনো নীতি নিয়ম নোহোৱাকৈ খেলিছিলো, কোনেও খেলৰ একো এটা নিশিকিলো, এতিয়া যিয়েই যি খেল খেলিছে শৃংখলাবদ্ধ ভাবে খেলিছে, ভাল খেলুৱৈই হ'ব নোৱাৰিলেও ব্যাকৰণ শিকিছে। 

আগৰ গাড়ী কিনিব পৰা মানুহজন অতি ধনী অথবা দুৰ্নীতিপৰায়ণ, এতিয়া বেংকৰ ঋণ লৈ অতি সাধাৰণ মানুহেও গাড়ী কিনিব পৰা হ'ল।  আগৰ ভালৰ ভাল বস্তুটো ধনী মানুহৰ ল'ৰা ছোৱালীয়ে খাইছিল, এতিয়া ই সীমাবদ্ধ নহয়।

আগৰ অসমীয়া মানুহে অসমৰ গোটেই কেইটা চুক নেদেখিছিল, এতিয়া জকাইচুকৰ ল'ৰা ছোৱালীও গৈ নৰৱে বা পোলেণ্ড পাইছে নিজৰ চেষ্টাৰ বলত। 


আগতে ইঘৰে সিঘৰৰ ঘৰলৈ গৈ লুচি চাহ খাই অদৰকাৰী শাক খোৱা,ভাত খোৱাৰ কথা পাতি আনন্দ উপভোগ কৰিছিল, এতিয়া সেইখিনি সময়ত বহুতে ব্যায়ামাগাৰলৈ যায়, খৰকৈ খোজ কাঢ়ে অথবা মবাইলত, টিভিত,লেপটপত নিজৰ পচন্দৰ চিনেমাখন চায় অথবা প্ৰিয় কিতাপখন পঢ়ে। 


এটা কথা সঁচা, মানুহ নিসংগ হৈছে, কিন্ত অৰ্থহীন আড্ডাত সময় নষ্ট কৰাতকৈ নিৰবে দহখন ভাল চবি চোৱা অথবা গছপুলি লালন পালন কৰা বহুত বেছি ভাল।  

১৯৭০,৮০ৰ খেলবোৰ চালে ইউৰোপৰো খেলুৱৈৰ কেটেঙা চেহেৰাবোৰ চকুত পৰে, এতিয়া আমাৰ গাঁৱৰ ল'ৰা ছোৱালীৱেও স্বাস্থ্যৰ যত্ন লোৱা দেখা যায় আৰু প্ৰায়বোৰেই সুন্দৰ সুঠাম।  


৬০,৭০,৮০ৰ দশকৰ মানুহখিনিয়ে জন্ম নিয়ন্ত্ৰণৰ প্ৰয়োজন আৰু ক্ৰমবৰ্ধমান জনসংখ্যাৰ কথা একোৱেই নাভাবিলে, আৰু এতিয়াৰ খিনিয়ে  তাৰ ফল ভূগিব লাগিছে।


হোৱাট্চাপ, ফেচবুক, মবাইল ফোনে সকলোকে ওচৰ চপাই আনিছে। একো কথাই এতিয়া দূৰৈৰ নহয়।


জ্ঞানৰ পৰিসৰ সাংঘাটিক ধৰণে বৃদ্ধি পাইছে, যান্ত্ৰিক নিসংগতাৰ মাজতো সংগৰ সংখ্যা বহুত বৃদ্ধি পাইছে, কোনে কেনেকৈ তাক ব্যৱহাৰ কৰিছে সেইটোহে ডাঙৰ কথা। 

আমি অতীতৰ গুণ গাই আজিৰ এখন দুখৰ প্ৰতিচ্ছবি ডাঙি ধৰাতকৈও আজিৰ বিশাল জ্ঞান, সম্ভাৱনাময় পৃথিৱীখন কেনেকৈ সুন্দৰ কৰিব পাৰি সেইকথা আলোচনা কৰা উচিত। 

এই বিখ্যাত আলোচনীখন ৬০ৰ ওপৰৰ মানুহৰ আলোচনী হৈ থাকিব নে সম্ভাৱনাময় বিশাল আজিৰ এই পৃথিৱীখনৰ আলোচনাত নিমগ্ন হ'ব সেইটোহে ডাঙৰ কথা। 

আগৰ পৃথিৱীখন মৰম লগা আছিল, কিন্ত জনসংখ্যা ৬০ৰ দশকতে স্থবিৰ হৈ থকা হ'লে কথাবোৰ সম্পূৰ্ণ বেলেগ হ'ল হেতেন। 

এতিয়াৰ পৃথিৱীখনো বহুত সুন্দৰ। 

কোনে কৈছিল নেজানো, 

Life is Beautiful, it's our responsibility to make it better. 


জীৱন জীৱন বৰ অনুপম। 


মৰম আৰু শ্ৰদ্ধাৰে, প্ৰাঞ্জল কুমাৰ শৰ্মা, গুৱাহাটী ২৪। PRANJAL KUMAR SARMA (বাৰ্তা) 14:49, 26 February 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক