সদস্য বাৰ্তা:Porag Saikia
বিষয় যোগ কৰকঅৱয়ব
অনুপ্ৰেৰণামূলক গ্ৰন্থ হিচাপে ড॰ ৰুবুল মাউতৰ "মোৰো এটা সপোন আছে" গ্ৰন্থৰ চমু অৱলোকন :
বৰ্তমান যুৱ প্ৰজন্মৰ বহুচৰ্চিত আৰু বহুপঠিত এখন অনুপ্ৰেৰণামূলক গ্ৰন্থ হৈছে ড॰ ৰুবুল মাউতৰ 'মোৰো এটা সপোন আছে' । ড॰ মাউতৰ এই আত্মজীৱনীমূলক গ্ৰন্থৰ প্ৰতিটো পৃষ্ঠাতে বৰ্ণিত আছে তেওঁৰ ৰূঢ় বাস্তৱ । অসম অৰুণাচল সীমান্তৰ কৈলাশপুৰৰ টঙনা নামৰ গাঁৱৰ পৰা কোনোদিনে আধুনিক জ্ঞান-বিজ্ঞান সভ্যতাৰ শিক্ষা নোপোৱা এইজন ব্যক্তিয়ে দৰিদ্ৰতাৰ সীমা নেওচি আমেৰিকাৰ মাচাচ্যুচেটচ বিশ্ববিদ্যালয়লৈ যোৱাৰ কাহিনী এই গ্ৰন্থখনত সমৃদ্ধ হৈছে ।
সপোন প্ৰতিজন ব্যক্তিৰেই আছে । সপোনৰ পিছত যিয়ে দৌৰিব পাৰে , তেওঁহে সফল ব্যক্তি । ডঃ ৰুবুল মাউত আছিল তেনে এজন লোক যিয়ে এটি সপোনৰ পিছত দৌৰি তাক বাস্তৱায়িত কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল।
ৰুবুল মাউত আছিল আর্থিকভাৱে দৰিদ্ৰ পৰিয়ালৰ । দেউতাক এজন সাধাৰণ খেতিয়ক । দুবেলা দুসাঁজ খাই কোনোৰকম ঘৰখন পোহপাল দিয়ে। কিন্তু জুপুৰিৰ জোনাক ৰুবুল মাউতে দৰিদ্ৰতাৰ প্ৰাচীৰ ভেদি উচ্চ-শিক্ষাৰে শিক্ষিত হৈ এজন বিজ্ঞানী হিচাপে পৰিচিতি লাভ কৰিবলৈ সক্ষম হয় ।
ড॰ ৰুবুল মাউতৰ সফল সফল জীৱনৰ আঁৰত আছে এক অসাধাৰণ সংগ্ৰাম । তেওঁৰ শৈক্ষিক জীৱনৰ কালছোৱাত নানান ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছিল । খেতিৰ সময়ত কপালৰ ঘাম মাটিত পেলাই তেওঁ খেতি কৰ্মত লাগিব লগীয়া হৈছিল । আনকি ঘৰখন চলিবলৈ উপাৰ্জনৰ বাবে সাপ্তাহিক বজাৰত পাচলি বিক্ৰী কৰিছিল। আন নালাগে তেওঁ নানান অনৈতিক কৰ্মটো লিপ্ত হ'বলগীয়া হৈছিল । সেয়ে হয়তো বিজুলীৰ পোহৰ দেখি নোপোৱা এখন অতি দুৰ্গম অঞ্চলৰ পৰা প্ৰথমবাৰৰ বাবে মেট্ৰিকত প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছিল আৰু এনেদৰেই এদিন মহাবিদ্যালয় , বিশ্ববিদ্যালয়ত পঢ়ি জীৱনৰ ৰঙীন সপোন এটা বুকুত বান্ধি মুম্বাইৰ পৰা আমেৰিকালৈ যাত্ৰা কৰিছিল ।
গ্ৰন্থখনত লেখকে জীৱনটোক ট্রেজাৰহাণ্ট খেলবিধৰ লগত ৰিজাইছে এনেদৰে --- "জীৱনটো ঠিক তেনেকুৱাই , আৰম্ভণিতে এটা লক্ষ্য থাকে , সেই লক্ষ্যত উপনীত হোৱাৰ পাছত নতুন সুযোগ আহে ফলত নতুন লক্ষ্যত উপনীত হোৱাৰ আকাংক্ষা জন্মে । এইদৰে লক্ষ্য খেদি খেদি গৈ থাকোঁতে শেষত আপুনিও মহামূল্যৱান সম্পদ পাই যাব পাৰে " ।
জীৱন আৰু সংগ্ৰাম এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । সংগ্ৰাম অবিহনে জীৱনত সফল হোৱাটো সহজ নহয় । গ্ৰন্থখনত প্ৰতিভাসিত হৈ উঠা জীয়া সংগ্ৰামে প্ৰতিজন পাঠককে আমোদ দিয়াৰ লগতে নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰে ।
তথ্যসূত্ৰ: মোৰো এটা সপোন আছে - ড॰ ৰুবুল মাউত
নাম: পৰাগ শইকীয়া স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিক অসমীয়া বিভাগ , ডিব্ৰুগড় বিশ্ববিদ্যালয় ।
Porag Saikiaৰ সৈতে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। Porag Saikiaৰ সৈতে সংযোগ আৰু সহযোগিতা কৰিবলৈ এটা নতুন আলোচনা আৰম্ভ কৰক। ইয়াত আপুনি যি লিখিব সেয়া আনৰ বাবে ৰাজহুৱা হ’ব।