সদস্য বাৰ্তা:Rupjyoti Rajesh Das
বিষয় যোগ কৰকঅৱয়ব
পথাৰ শ্যামগাওঁ বৌদ্ধ বিহাৰ,তিতাবৰ
অসমৰ যোৰহাট জিলাৰ তিতাবৰৰ পথাৰ শ্যামগাওঁ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বসবাস কৰা এখন সৰু গাওঁ।গাওঁখনৰ উপাসক-উপাসিকাসকলে ধৰ্মচৰ্চাৰ নিমিত্তে প্ৰতিষ্ঠা কৰা বৌদ্ধ বিহাৰ তিতাবৰ অঞ্চলৰ সৰ্বপ্ৰাচীন বৌদ্ধ ধৰ্মস্থান।এই বৌদ্ধ বিহাৰ পোনপ্ৰথমে যোৰহাটত অৱস্থিত আছিল পৰৱৰ্তী সময়তহে তিতাবৰৰ পথাৰ শ্যামগাৱঁত প্ৰতিষ্ঠা কৰা হয়।এই বৌদ্ধ ধৰ্মস্থান থেৰাবাদী বৌদ্ধ ধৰ্মপন্থীয়।পথাৰ শ্যামগাৱঁৰ এই বৌদ্ধবিহাৰ ১৮১৫ শকত স্থাপিত।তেতিয়াৰে পৰা এই স্থানত থেৰাবাদী বৌদ্ধ ধৰ্ম প্ৰৱাহিত হৈ আহিছে।২০১১ চনৰ জৰীপমতে এই বৌদ্ধ ধৰ্মস্থানৰ প্ৰতি স্থানীয় পথাৰ শ্যামগাৱঁৰ সৰ্বমুঠ ৬৩ টা পৰিয়াল অনুৰক্ত হৈ আছে।বিহাৰখন পৰিচালনা কৰে বৌদ্ধ ভিক্ষুসকলে।বৰ্তমান এই বিহাৰৰ অধ্যক্ষ হৈছে ফুছ' ভিক্ষু।ভিক্ষুসকলেই উপাসকসকলক ধৰ্মকথা শুনায় অৰ্থাৎ তেওঁলোকৰ মাজত ধৰ্মচৰ্চা কৰে ।পথাৰ শ্যামগাৱঁৰ এই বৌদ্ধবিহাৰৰ এটি উল্লেখযোগ্য দিশ হৈছে― এই ধৰ্মস্থান প্ৰত্নতাত্ত্বিক স্থানৰূপে চিহ্নিত।'প্ৰাচীন কীৰ্তিচিহ্ন আৰু অভিলেখ আইন ১৯৫৯'ৰ অধীনত এই ঐতিহাসিক অঞ্চলক ৰাজ্য চৰকাৰৰ সংৰক্ষিত প্ৰত্নতাত্ত্বিক স্থান ৰূপে চিহ্নিত কৰা হয়।সেয়েহে এই বৌদ্ধ বিহাৰৰ এক ঐতিহাসিক গুৰুত্ব আছে।
Rupjyoti Rajesh Dasৰ সৈতে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। Rupjyoti Rajesh Dasৰ সৈতে সংযোগ আৰু সহযোগিতা কৰিবলৈ এটা নতুন আলোচনা আৰম্ভ কৰক। ইয়াত আপুনি যি লিখিব সেয়া আনৰ বাবে ৰাজহুৱা হ’ব।