সন্তোষ (২০২৪ চলচ্চিত্ৰ)
| সন্তোষ | |
|---|---|
চিত্ৰগৃহত মুক্তিৰ পোষ্টাৰ | |
| পৰিচালক | সন্ধ্যা সূৰী |
| ৰচনা | সন্ধ্যা সূৰী |
| প্ৰযোজক |
|
| অভিনয়ত |
|
| চিত্ৰগ্ৰহণকাৰী | লেনাৰ্ট হিলেজ |
| সম্পাদনা | মেক্সিম প’জি-গাৰ্চিয়া |
| সংগীত পৰিচালক | লুইছা গেৰষ্টেইন |
প্ৰযোজনা কোম্পানীসমূহ |
|
| পৰিবেশক | চিভিক ষ্টুডিঅʼছ ভাৰ্টিগো ৰিলিজিং (যুক্তৰাজ্য আৰু আয়াৰলেণ্ড) পিভিআৰ আইনক্স পিকচাৰ্ছ (ভাৰত) হাউট এট কʼৰ্ট (ফ্ৰান্স) |
মুক্তি |
২০ মে' ২০২৪ (কানছ) ১০ জানুৱাৰী ২০২৫ (ভাৰত) |
দৈৰ্ঘ্য |
১২০ মিনিট |
| দেশসমূহ |
|
| ভাষা | হিন্দী |
| বাজেট | $২.৫ মিলিয়ন[1] |
| সৰ্বমুঠ আয় | $১.১ মিলিয়ন[2] |
সন্তোষ (ইংৰাজী: Santosh) সন্ধ্যা সূৰীৰ দ্বাৰা ৰচিত তথা পৰিচালিত, ২০২৪ চনত মুক্তিপ্ৰাপ্ত, হিন্দী ভাষাৰ এখন অপৰাধমূলক নাট্য চলচ্চিত্ৰ। ছবিখন যুক্তৰাজ্য, ভাৰত, জাৰ্মানী আৰু ফ্ৰান্সৰ এক আন্তঃৰাষ্ট্ৰীয় সহ-প্ৰযোজনা। উত্তৰ ভাৰতৰ গ্ৰামীণ অঞ্চলৰ পটভূমিত নিৰ্মিত এই ছবিখনত অভিনেত্ৰী শ্বাহানা গোস্বামীয়ে এগৰাকী বিধৱা তিৰোতাৰ চৰিত্ৰত অভিনয় কৰিছে; যিয়ে তেওঁৰ প্ৰয়াত স্বামীৰ আৰক্ষী কনিষ্টবলৰ চাকৰিটো উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে।[3][1][4]
২০২৪ চনৰ ২০ মে’ তাৰিখে ৭৭তম কান চলচ্চিত্ৰ মহোৎসৱৰ আন চাৰ্টেইন ৰিগাৰ্ড বিভাগত ছবিখনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল,[5][6] য’ত ছবিখনে সমালোচকসকলৰ পৰা ইতিবাচক সমালোচনা লাভ কৰিছিল। ২০২৫ চনৰ ১০ জানুৱাৰী তাৰিখে ছবিখনে ভাৰতৰ ছবিগৃহত মুক্তি লাভ কৰে।[7] এই ছবিখনক, নেচনেল ব’ৰ্ড অৱ ৰিভিউৰ দ্বাৰা, ২০২৪ চনৰ শীৰ্ষ ৫খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়[8] আৰু ব্ৰিটিছ লেখক, পৰিচালক তথা প্ৰযোজকৰ দ্বাৰা অসাধাৰণ আত্মপ্ৰকাশৰ শিতানত ৭৮তম বাফটা বঁটাৰ বাবেও মনোনীত হয়।[9] ইয়াৰ উপৰিও ছবিখন ডিচেম্বৰৰ চৰ্টলিষ্টত স্থান লাভ কৰিছিল আৰু ৯৭তম একাডেমী বঁটা প্ৰদান অনুষ্ঠানত, শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰৰ বাবে যুক্তৰাজ্যৰ এণ্ট্ৰি হিচাপে নিৰ্বাচিত হৈছিল।[10]
কাহিনী
[সম্পাদনা কৰক]ছবিখনত, এগৰাকী ২৮ বছৰীয়া বিধৱা তিৰোতাৰ কাহিনী চিত্ৰিত হৈছে। তিৰোতাগৰাকীয়ে তেওঁৰ প্ৰয়াত স্বামীৰ আৰক্ষী বিষয়াৰ চাকৰিটো লাভ কৰাৰ পিছত এগৰাকী কণমানি ছোৱালীৰ হত্যাকাণ্ডৰ গোচৰৰ তদন্ত কৰিবলগীয়া হয়।
অভিনয় শিল্পী
[সম্পাদনা কৰক]- সন্তোষ ছাইনীৰ চৰিত্ৰত শ্বাহানা গোস্বামী
- গীতা শৰ্মাৰ চৰিত্ৰত সুনীতা ৰাজৱাৰ
- বেনিৱালৰ চৰিত্ৰত সঞ্জয় বিষ্ণোই
- বিক্ৰমৰ চৰিত্ৰত কুশল দুবে
- ঠাকুৰৰ চৰিত্ৰত নৱল শুক্লা
- প্ৰিয়াৰ চৰিত্ৰত প্ৰতিভা অৱস্থী
প্ৰযোজনা
[সম্পাদনা কৰক]২০২৩ চনৰ আগষ্ট–অক্টোবৰ মাহত, ভাৰতৰ লক্ষ্ণৌ আৰু ইয়াৰ আশে-পাশে প্ৰায় ৪৫ দিনলৈকে প্ৰধান চিত্ৰগ্ৰহণ কাৰ্যসূচী চলিছিল।[11]
মুক্তি
[সম্পাদনা কৰক]২০২৪ চনৰ মে’ মাহত ৭৭তম কান চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হয়। এই ছবিখন মামী মুম্বাই চলচ্চিত্ৰ মহোৎসৱ, ২০২৪-ৰ বাবেও নিৰ্বাচিত হৈছিল, য’ত ই দক্ষিণ এছিয়া প্ৰতিযোগিতা বিভাগৰ অংশ আছিল।[12] ২০২৫ চনৰ ১০ জানুৱাৰী তাৰিখে, ছবিখনে ভাৰতৰ চিত্ৰগৃহত মুক্তি পায়।[13]
সঁহাৰি
[সম্পাদনা কৰক]ৰিভিউ এগ্ৰিগেটৰ ৱেবছাইট ৰটেন টমেটোছত, ছবিখনে ৫২ গৰাকী সমালোচকৰ পৰ্যালোচনাৰ ১০০%ই ইতিবাচক সমালোচনা লাভ কৰে; যʼত গড় ৰেটিং আছিল ৭.৫/১০। ৱেবছাইটটোৰ ঐক্যমত বিভাগত এনেদৰে লিখা আছে: "শ্বাহানা গোস্বামীয়ে সন্তোষৰ চৰিত্ৰত অবিস্মৰণীয় তীব্ৰতাৰে সৈতে অভিনয় কৰিছে, যি এটি উৎকণ্ঠাপূৰ্ণ প্ৰক্ৰিয়াগত নাটক হিচাপে সমাজৰ সামাজিক স্তৰক লৈ কঠিন প্ৰশ্ন উত্থাপন কৰে।" [14] ওজনযুক্ত গড় ব্যৱহাৰ কৰা ৱেবচাইট, মেটাক্ৰিটিকে ছবিখনক ১৬ গৰাকী সমালোচকৰ ভিত্তিত ১০০ৰ ভিতৰত ৭৫ নম্বৰ দিছিল, যিয়ে এক "সাধাৰণতে অনুকূল" সমালোচনাৰ কথা সূচায়।[15]
বঁটা-সন্মান
[সম্পাদনা কৰক]| পুৰস্কাৰ | অনুষ্ঠানৰ তাৰিখ | শিতান | প্ৰাপক(সকল) | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| কান চলচ্চিত্ৰ মহোৎসৱ | ২৫ মে’ ২০২৪ | প্ৰিস্ক আন চাৰ্টেইন গাৰ্ড | সন্ধ্যা সূৰী | মনোনীত | [16] |
| বিএফআই লণ্ডন চলচ্চিত্ৰ মহোৎসৱ | ২০ অক্টোবৰ ২০২৪ | শ্ৰেষ্ঠ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰৰ সাদাৰলেণ্ড পুৰস্কাৰ | সন্তোষ | মনোনীত | [17] |
| চেভিল ইউৰোপীয় চলচ্চিত্ৰ মহোৎসৱ | ১৬ নৱেম্বৰ ২০২৪ | শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা | সন্ধ্যা সূৰী | বিজয়ী | [18] |
| কেমেৰীমেজ | ২৩ নৱেম্বৰ ২০২৪ | গোল্ডেন ফ্ৰগ – পৰিচালকসকলৰ আত্মপ্ৰকাশ প্ৰতিযোগিতা | বিজয়ী | [19] | |
| টকিঅʼ ফিলমেক্স | ৩০ নৱেম্বৰ ২০২৪ | বিশেষ জুৰী বঁটা | সন্তোষ | বিজয়ী | [20][21] |
| ছাত্ৰ জুৰী বঁটা | বিজয়ী | ||||
| নেচনেল ব’ৰ্ড অৱ ৰিভিউ | ৪ ডিচেম্বৰ ২০২৪ | শীৰ্ষ পাঁচখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ | বিজয়ী[টোকা 1] | [22] | |
| ইউৰোপীয় চলচ্চিত্ৰ বঁটা | ৭ ডিচেম্বৰ ২০২৪ | ইউৰোপীয় আৱিষ্কাৰ - প্ৰিস্ক ফিপ্ৰেছকি | সন্তোষ | মনোনীত | [23] |
| ব্ৰিটিছ স্বতন্ত্ৰ চলচ্চিত্ৰ বঁটা | ৮ ডিচেম্বৰ ২০২৪ | শ্ৰেষ্ঠ ব্ৰিটিছ স্বতন্ত্ৰ চলচ্চিত্ৰ | সন্ধ্যা সূৰী, মাইক গুডৰিজ, জেমছ ব’শ্বাৰ, বালথাজাৰ ডি গনে আৰু এলান মেকএলেক্স | মনোনীত | [24] |
| শ্ৰেষ্ঠ চিত্ৰনাট্য | সন্ধ্যা সূৰী | বিজয়ী | |||
| শ্ৰেষ্ঠ নৱাগত চিত্ৰনাট্যকাৰ | মনোনীত | ||||
| বিৰাট সাফল্য-অৰ্জনকাৰী প্ৰযোজক | বালথাজাৰ ডি গনাই, জেমছ ব’শ্বাৰ | বিজয়ী | |||
| এছিয়ান চলচ্চিত্ৰ বঁটা | ১৬ মাৰ্চ ২০২৫ | শ্ৰেষ্ঠ অভিনেত্ৰী | শ্বাহানা গোস্বামী | বিজয়ী | [25] |
| শ্ৰেষ্ঠ নতুন পৰিচালক | সন্ধ্যা সূৰী | বিজয়ী | |||
| ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা | ১৬ ফেব্ৰুৱাৰী ২০২৫ | এজন ব্ৰিটিছ লেখক, পৰিচালক তথা প্ৰযোজকৰ দ্বাৰা অসাধাৰণ আত্মপ্ৰকাশ | সন্ধ্যা সূৰী, জেমছ বʼশ্বাৰ, বালথাজাৰ ডি গনাই (মাইক গুড্ৰিজ আৰু এলান মেকএলেক্সেও প্ৰযোজক) | মনোনীত | [26] |
টোকা
[সম্পাদনা কৰক]- ↑ This award does not have a single winner, but recognizes multiple films.
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Calnan, Ellie (19 May 2024). "'Santosh' producer on the freedom of filming in India" (en ভাষাত). Screen International. https://www.screendaily.com/features/santosh-producer-on-the-freedom-of-filming-in-india/5193751.article। আহৰণ কৰা হৈছে: 26 September 2024.
- ↑ "Santosh". Box Office Mojo. https://www.boxofficemojo.com/release/rl1947500545/?ref_=bo_da_table_24। আহৰণ কৰা হৈছে: December 29, 2024.
- ↑ Scott, Mathew (16 May 2024). "India, Back in the Palme d'Or Hunt After 30 Years, Hopes Cannes Will Help Producers See the Light" (en-US ভাষাত). The Hollywood Reporter. https://www.hollywoodreporter.com/movies/movie-news/india-cannes-film-festival-competition-2024-incentives-1235893440/। আহৰণ কৰা হৈছে: 26 September 2024.
- ↑ Ramachandran, Naman (20 May 2024). "Cannes Title 'Santosh' First Clip Unveiled: ‘Religious Intolerance, Casteism, Prejudice and Misogyny Are Sitting Heavily in the Atmosphere' (EXCLUSIVE)" (en-US ভাষাত). Variety. https://variety.com/2024/film/news/cannes-un-certain-regard-santosh-first-clip-1236009553/। আহৰণ কৰা হৈছে: 26 September 2024.
- ↑ Pavan, Benoit (20 May 2024). "Santosh, Sandhya Suri's vision" (en-US ভাষাত). Festival de Cannes. https://www.festival-cannes.com/en/2024/santosh-sandhya-suri-s-vision/। আহৰণ কৰা হৈছে: 26 September 2024.
- ↑ "The Screenings Guide of the 77th Festival de Cannes". Festival de Cannes. 8 May 2024. https://www.festival-cannes.com/en/2024/the-screenings-guide-of-the-77th-festival-de-cannes/। আহৰণ কৰা হৈছে: 8 May 2024.
- ↑ "Exclusive: Shahana Goswami has 'gut feeling' Santosh will bag Oscar nomination". India Today. https://www.indiatoday.in/movies/story/shahana-goswami-on-her-film-santosh-making-it-to-oscar-shortlist-2652983-2024-12-20.
- ↑ "2024 Archives" (en-US ভাষাত). National Board of Review. https://nationalboardofreview.org/award-years/2024/। আহৰণ কৰা হৈছে: 2024-12-04.
- ↑ "BAFTA Awards 2025: Sandhya Suri's Santosh, Karan Kandhari's Sister Midnight nominated alongside Dev Patel's Monkey Man". Hindustan Times. https://www.hindustantimes.com/entertainment/bollywood/bafta-awards-2025-sandhya-suris-santosh-karan-kandharis-sister-midnight-nominated-alongside-dev-patels-monkey-man-101736944249581.html.
- ↑ Ritman, Alex (25 September 2024). "'Santosh' to Represent U.K. in Oscars International Feature Race" (en ভাষাত). Variety. https://variety.com/2024/film/awards/santosh-uk-oscars-international-feature-submission-1236154561/। আহৰণ কৰা হৈছে: 25 September 2024.
- ↑ Tabbara, Mona (14 December 2023). "Sandhya Suri's UK-backed 'Santosh' wraps production in India (exclusive)" (en ভাষাত). Screen International. https://www.screendaily.com/news/sandhya-suris-uk-backed-santosh-wraps-production-in-india-exclusive/5188793.article। আহৰণ কৰা হৈছে: 26 September 2024.
- ↑ "MAMI Mumbai Film Festival will open with Payal Kapadia's 'All We Imagine as Light'" (en ভাষাত). Scroll.in. 9 October 2024. https://scroll.in/reel/1074218/mami-mumbai-film-festival-will-open-with-payal-kapadias-all-we-imagine-as-light। আহৰণ কৰা হৈছে: 11 October 2024.
- ↑ "Santosh: Oscars shortlisted film all set to release in India on THIS date". Daily News and Analysis. 20 December 2024. https://www.dnaindia.com/entertainment/report-santosh-oscars-shortlisted-film-all-set-to-release-in-india-on-this-date-3123443.
- ↑ "Santosh". Rotten Tomatoes. https://www.rottentomatoes.com/m/santosh_2024। আহৰণ কৰা হৈছে: 9 July 2025.
- ↑ "Santosh". Metacritic. https://www.metacritic.com/movie/santosh। আহৰণ কৰা হৈছে: 9 July 2025.
- ↑ "Cannes 2024 line-up guide: Un Certain Regard titles". Screen International. 9 May 2024. https://www.screendaily.com/features/cannes-2024-line-up-guide-un-certain-regard-titles/5193155.article। আহৰণ কৰা হৈছে: 11 May 2024.
- ↑ Ntim, Zac (29 August 2024). "London Film Festival: Dea Kulumbegashvili’s ‘April’ And Barry Keoghan Pic ‘Bring Them Down’ To Play In Competition". Deadline. https://deadline.com/2024/08/london-film-festival-dea-kulumbegashvili-april-barry-keoghan-bring-them-down-competition-1236072294/। আহৰণ কৰা হৈছে: 6 September 2024.
- ↑ "“And Their Children After Them” wins the Golden Giraldillo at the Seville European Film Festival" (en ভাষাত). Festival de Sevilla. 16 November 2024. https://festivalcinesevilla.eu/en/news/and-their-children-after-them-wins-golden-giraldillo-seville-european-film-festival। আহৰণ কৰা হৈছে: 22 December 2024.
- ↑ Brzeski, Patrick (2024-11-23). "Camerimage: Gripping Danish Drama ‘The Girl With the Needle’ Wins Golden Frog" (en-US ভাষাত). The Hollywood Reporter. https://www.hollywoodreporter.com/movies/movie-news/2024-camerimage-winners-the-girl-with-the-needle-golden-frog-1236070038/। আহৰণ কৰা হৈছে: 2024-12-05.
- ↑ "フィルメックス授賞式:朝日新聞デジタル" (ja ভাষাত). The Asahi Shimbun. 2024-12-01. https://www.asahi.com/articles/DA3S16096771.html। আহৰণ কৰা হৈছে: 2024-12-05.
- ↑ "第25回東京フィルメックス受賞結果" (ja ভাষাত). TOKYO FILMeX. 2024-11-30. https://filmex.jp/news/20241130/। আহৰণ কৰা হৈছে: 2024-12-05.
- ↑ Lattanzio, Ryan (December 4, 2024). "'Wicked' and Jon M. Chu Win Big with the National Board of Review — See the Full List". IndieWire. https://www.indiewire.com/awards/results/national-board-of-review-2024-winners-list-1235072435/। আহৰণ কৰা হৈছে: December 5, 2024.
- ↑ Goodfellow, Melanie (5 November 2024). "European Film Awards: 'Emilia Pérez', 'The Room Next Door' Lead Nominations" (en-US ভাষাত). Deadline Hollywood. https://deadline.com/2024/11/european-film-awards-nominations-37th-2024-1236167495/। আহৰণ কৰা হৈছে: 6 November 2024.
- ↑ "BIFA 2024 Nominations Announced · BIFA · British Independent Film Awards" (en-GB ভাষাত). BIFA · British Independent Film Awards. 2024-11-05. https://www.bifa.film/news/bifa-2024-nominations-announced/। আহৰণ কৰা হৈছে: 2024-11-05.
- ↑ Lo, Zabrina (10 January 2025). "Asian Film Awards 2025 nominations: Sean Lau gunning for Best Actor, South Korea’s ‘Exhuma’ selected in 9 categories, and more" (en ভাষাত). Tatler Asia. https://www.tatlerasia.com/lifestyle/entertainment/asian-film-awards-2025-nominations। আহৰণ কৰা হৈছে: 11 January 2025.
- ↑ "BAFTA 2025: All We Imagine As Light Nominated For Best Foreign Film; Indian Films Monkey Man, Santosh, Sister Midnight Lead Nominations". Free Press Journal. https://www.freepressjournal.in/entertainment/bafta-2025-all-we-imagine-as-light-nominated-for-best-foreign-film-indian-films-monkey-man-santosh-sister-midnight-lead-nominations.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- সন্তোষ (২০২৪ চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ৰ'টেন টমাট'জ ৱেবছাইটত সন্তোষ (২০২৪ চলচ্চিত্ৰ)।