সন্দিকৈ ছোৱালী মহাবিদ্যালয়
| সন্দিকৈ ছোৱালী মহাবিদ্যালয় | |
|---|---|
| স্থাপিত | ১৯৩৯ |
| ধৰণ | ৰাজহুৱা |
| অধ্যক্ষ | ড০ ৰঞ্জিত শৰ্মা |
| স্থান | গুৱাহাটী, অসম, ভাৰত |
| চৌহদ | চহৰাঞ্চল |
| ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
| ৱেবছাইট | hgcollege.edu.in |

সন্দিকৈ ছোৱালী মহাবিদ্যালয় হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন মহাবিদ্যালয়[1]। এইখন অসম তথা গুৱাহাটীৰ পুৰণি মহাবিদ্যালয়সমূহৰ ভিতৰত এখন, য'ত বিজ্ঞান আৰু কলা শাখাত অধ্যয়নৰ সুবিধা আছে। মহাবিদ্যালয়খন গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত অৱস্থিত৷ উত্তৰ-পূব ভাৰতৰ নাৰী শিক্ষাৰ অন্যতম কেন্দ্ৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়খন ১৯৩৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল, অসমত নাৰী শিক্ষাৰ ক্ষেত্ৰখনৰ অগ্ৰণী নাৰী প্ৰয়াত ৰাজাবালা দাসৰ নেতৃত্বত এই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰয়াত ৰাধাকান্ত সন্দিকৈৰ পৃষ্ঠপোষকতা আৰু দান-বৰঙণিৰ দ্বাৰা প্ৰথম পৰ্যায়ত এই মহাবিদ্যালয়খনৰ শুভাৰম্ভ কৰা হয়৷[2]
ইতিহাস
[সম্পাদনা কৰক]সন্দিকৈ ছোৱালী মহাবিদ্যালয় স্থাপিত কৰা হৈছিল ১৯৩৯ চনত গুৱাহাটী ছোৱালী মহাবিদ্যালয় নামেৰে। ৰাজাবালা দাস মহাবিদ্যালয়খনৰ প্ৰথম অধ্যক্ষা আছিল। মহাবিদ্যালয়খন এতিয়া গুৱাহাটী মহানগৰৰ পাণবজাৰ এলেকাত অৱস্থিত। ১৯৪০ চনত মহাবিদ্যালয়খনৰ নাম সন্দিকৈ ছোৱালী মহাবিদ্যালয় নামলৈ সলনি কৰা হয় আৰু কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ হয়। গুৱাহটী বিশ্ববিদ্যালয় স্থাপন হোৱাৰ পিছত মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ কৰা হয়।
নতুন প্ৰকাশৰ অসম সাহিত্য সভা পত্ৰিকাৰ প্ৰথম সংখ্যাত ড° সূৰ্য্যকুমাৰ ভূঞাই লেখিছে;
ইতিমধ্যে গুৱাহাটীত এখন ছোৱালী কলেজ স্থাপিত হয়। কলিকতা বিশ্ববিদ্যালয়ৰ ইন্সপেক্টৰে ৰিজাৰ্ভ ফাণ্ড এটা স্থাপন কৰিলেহে কলেজটো স্বীকৃত হ'ব বুলি কোৱাত কলেজ কৰ্তৃপক্ষ নিৰুপায় হৈ সন্দিকৈ ডাঙৰীয়াৰ ওচৰত হাত পাতিবলৈ স্থিৰ কৰিলে। তেতিয়া ১৯৮০ চনৰ বহাগৰ বিহু। সন্দিকৈ ডাঙৰীয়াৰ ওচৰত সকলো কথা ভাঙি কোৱাত তেখেতে কলেজ পুঁজিলৈ তৎক্ষণাত দহহাজাৰ টকা আগবঢ়ায়। ইয়াৰ পিছতো তেওঁ কলেজখন সুপ্ৰতিষ্ঠিত কৰিবলৈ প্ৰায় তিনি কুৰি হাজাৰ টকা দান দিয়ে। সন্দিকৈ ডাঙৰীয়াৰ দানৰ সাহায্যত বৰ্ত্তমান সন্দিকৈ কলেজৰ নিজা ঘৰ নিৰ্ম্মিত হব লাগিছে। সহধৰ্ম্মিনী নাৰায়ণী সন্দিকৈৰ নামত এই কলেজৰ ছাত্ৰীসকলৰ উদগনিৰ কাৰণে তেখেতে বৃত্তিৰো ব্যৱস্থা কৰি থৈ গৈছে।[3]
মহাবিদ্যালয়ৰ চৌহদ
[সম্পাদনা কৰক]
গুৱাহাটীৰ দীঘলীপুখুৰীৰ পশ্চিম পাৰত অৱস্থিত মহাবিদ্যালয়খন।[4] বৰ্তমানৰ চৌহদটো দুবিঘা মাটিত বিস্তৃত। অসম চৰকাৰে ভৱিষ্যতে সম্প্ৰসাৰণৰ বাবে অতিৰিক্ত চাৰি একৰ মাটি আবণ্টন দিছে।[4]
ছাত্ৰী নিবাস
[সম্পাদনা কৰক]
দীঘলীপুখুৰীৰ পূব দিশত কলেজ চৌহদৰ ঠিক বিপৰীতে অৱস্থিত নিৰ্মল প্ৰভা বৰদলৈ ছাত্ৰী নিবাস।[5]
হোষ্টেল ছুপাৰ আৰু অন্যান্য কৰ্মচাৰীৰ বাবে অতিৰিক্ত আৱাসিক কমপ্লেক্সৰ সৈতে এইটো এটা তিনিমহলীয়া অট্টালিকা
অধ্যক্ষৰ তালিকা
[সম্পাদনা কৰক]১৯৩৯ চনৰ পৰা ২০২৫ চনলৈ কাৰ্য্যভাৰ গ্ৰহণ কৰা অধ্যক্ষসকল ।