সন্দিকৈ ছোৱালী মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সন্দিকৈ বালিকা মহাবিদ্যালয়ৰ পৰা পুনঃনিৰ্দেশিত)
সন্দিকৈ ছোৱালী মহাবিদ্যালয়
স্থাপিত ১৯৩৯
ধৰণ ৰাজহুৱা
অধ্যক্ষ ইন্দিৰা বৰদলৈ
স্থান গুৱাহাটী, অসম, ভাৰত
চৌহদ চহৰাঞ্চল
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট hgcollege.edu.in

সন্দিকৈ ছোৱালী মহাবিদ্যালয় হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন মহাবিদ্যালয়[1]। এইখন অসম তথা গুৱাহাটীৰ পুৰণি মহাবিদ্যালয়সমূহৰ ভিতৰত এখন, য'ত বিজ্ঞান আৰু কলা বিষয়ৰ সুবিধা আছে।

ইতিহাস[সম্পাদনা কৰক]

সন্দিকৈ ছোৱালী মহাবিদ্যালয় স্থাপিত কৰা হৈছিল ১৯৩৯ চনত গুৱাহাটী ছোৱালী মহাবিদ্যালয় নামেৰে। ৰাজাবালা দাস মহাবিদ্যালয়খনৰ প্ৰথম অধ্যক্ষা আছিল। মহাবিদ্যালয়খন এতিয়া গুৱাহাটী মহানগৰৰ পাণবজাৰ এলেকাত অৱস্থিত। ১৯৪০ চনত মহাবিদ্যালয়খনৰ নাম সন্দিকৈ ছোৱালী মহাবিদ্যালয় নামলৈ সলনি কৰা হয় আৰু কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ হয়। গুৱাহটী বিশ্ববিদ্যালয় স্থাপন হোৱাৰ পিছত মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ কৰা হয়।

অধ্যক্ষৰ তালিকা[সম্পাদনা কৰক]

১৯০১ চনৰপৰা ২০১৪ চনলৈকে মুঠ ১১ জন অধ্যক্ষই কাৰ্য্যভাৰ গ্ৰহণ কৰিছে

  1. ৰাজাবালা দাস (১৯৩৯-১৯৬৫)
  2. শৰৎ চন্দ্ৰ গোস্বামী (১৯৬৫-১৯৭৪)
  3. অমেদা ৰচুল (১৯৭৪-১৯৮৪)
  4. ৰত্ন কন্ত বৰুৱা (১৯৮৪-১৯৯২)
  5. প্ৰীতি বৰুৱা (১৯৯২-১৯৯৩)
  6. সৰজু দাস (১৯৯৩-১৯৯৪)
  7. গগণ চন্দ্ৰ বৰুৱা (১৯৯৪-২০০০)
  8. চেনেহী বেগম (২০০০-২০০২)
  9. মৃদুলা মজুমদাৰ (২০০২-২০০৪)
  10. গীতা বৰুৱা (২০০৪)
  11. ইন্দিৰা বৰদলৈ (২০০৪-বৰ্তমানলৈ)

বিভিন্ন বিভাগ[সম্পাদনা কৰক]

  1. অসমীয়া বিভাগ
  2. অৰ্থনীতি বিভাগ
  3. শিক্ষাতত্ত্ব বিভাগ
  4. ইংৰাজী বিভাগ
  5. বুৰঞ্জী বিভাগ
  6. ৰাজনীতি-বিজ্ঞান বিভাগ
  7. সমাজতত্ত্ব বিভাগ
  8. মনোবিজ্ঞান বিভাগ
  9. সংস্কৃত বিভাগ
  10. ৰসায়ন-বিজ্ঞান বিভাগ
  11. জীৱ-বিজ্ঞান বিভাগ
  12. গণিত বিভাগ
  13. ৰসায়ন-বিজ্ঞান বিভাগ
  14. জীৱ-বিজ্ঞান বিভাগ
  15. গণিত বিভাগ
  16. কম্পিউটাৰ বিজ্ঞান বিভাগ
  17. হিন্দী বিভাগ
  18. ভেষজ বিজ্ঞান বিভাগ


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Nearly 3000 apply in Handique Girls College". Times of India. 14 June 2012. Archived from the original on 3 January 2013. https://archive.today/20130103165412/http://articles.timesofindia.indiatimes.com/2012-06-14/guwahati/32234370_1_admission-procedure-cotton-college-majors। আহৰণ কৰা হৈছে: 4 August 2012. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]