সন্দেশ
কলকাতাৰ ৱেবৰয় গ্ৰাণ্ড হোটেলত বিভিন্ন সন্দেশ | |
| অন্য নাম | প্ৰাণহৰা |
|---|---|
| প্ৰকাৰ | নাস্তা |
| উৎপত্তিৰ স্থান | বাংলাদেশ, ভাৰত |
| ভিন্ন প্ৰকাৰ | প্যাঁড়া সন্দেশ, কাঁচা সন্দেশ অবাক সন্দেশ |
সন্দেশ গাখীৰৰ ছানাৰপৰা প্ৰস্তুত কৰা এবিধ উপাদেয় মিঠাই। ছানাৰ লগত চেনি বা গুৰ মিহলাই সাঁচত দি প্ৰস্তুত কৰা হয়। খাদ্যৰ উপাদানৰফালৰপৰা ই এক পুষ্টিকৰ খাদ্য। বঙালীৰ উৎসৱ আয়োজনত এই নক্সাকৰা উপাদেয় খাদ্যবিধৰ ব্যৱহাৰ অনেক প্ৰাচীন কালৰপৰাই প্ৰচলিত হৈ আহিছে। বিভিন্ন অঞ্চলৰ মিঠাই নিৰ্মাতাসকলে সন্দেশ নিৰ্মাণক এক শিল্পকৰ্মলৈ ৰূপান্তৰিত কৰিছে। ভাৰতৰ পশ্চিমবঙ্গ ৰাজ্যৰ হুগলি জিলাত অৱস্থিত গুপ্তিপাড়াৰ "গুপো" সন্দেশক বাংলাৰ প্ৰথম "ব্ৰেণ্ডেড মিঠাই" বুলি ধাৰণা কৰা হয়।[1] বাংলাদেশৰ নাটোৰ জিলাৰ সন্দেশ (যা অবাক বা অবাক সন্দেশ নামেৰে বিশেষভাৱে জনা যায়) এক জনপ্ৰিয় মিঠাই।
সন্দেশৰ বাবে বাংলাদেশৰ সাতক্ষীৰা জিলাও উল্লেখযোগ্য। তাৰ বিখ্যাত সন্দেশৰ সুনাম এতিয়া বিদেশতো বিয়পি পৰিছে। সাতক্ষীৰাৰ ক্ষীৰসন্দেশ, সৰপুৰি, বগা সন্দেশ, গুড়ৰ সন্দেশ, পেড়া সন্দেশৰ সোৱাদ সঁচাকৈয়ে অতুলনীয়।
সন্দেশ হৈছে গাখীৰৰ ছানা আৰু চেনি বা গুড়েৰে তৈয়াৰী এবিধ বঙালী মিঠাই।[2] দৈ বা পনীৰ ব্যৱহাৰ কৰিও কিছু সন্দেশ তৈয়াৰ কৰা হয়। য’ত মন্থন কৰি গাখীৰৰপৰা ঘিউ পৃথক কৰা হয়।[3] ঢাকা জিলাৰ একাংশ লোকে ইয়াক প্ৰাণহৰা বুলি অভিহিত কৰে। যিটো দৈ আৰু মাৱাৰে তৈয়াৰী একপ্ৰকাৰৰ সন্দেশ।[4]
ইতিহাস
[সম্পাদনা কৰক]মধ্যযুগৰ বাংলা সাহিত্য কৃত্তিবাসী ৰামায়ণ আৰু চৈতন্যৰ কবিতাত সন্দেশেৰ উল্লেখ পোৱা যায়। অৱশ্যে উক্ত মিঠাইৰ মূল উপাদানটো অজ্ঞাত। [5] এই সন্দেশ বনাবলৈ ক্ষীৰ ব্যৱহাৰ কৰা হৈছিল।[6][7] এয়া অনুমান কৰা কঠিন ঠিক কেতিয়াৰপৰা ক্ষীৰ সমৃদ্ধ সন্দেশৰ পৰিৱৰ্তে ছানা সমৃদ্ধ সন্দেশ তৈয়াৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। কিন্তু জনা যায় যে ১৯ শতিকাৰ শেষৰফালৰপৰা সাধাৰণতে ছানাৰ সন্দেশক বুজাবলৈ সন্দেশ শব্দটো ব্যৱহাৰ কৰা হৈছিল।[5][8]

প্ৰস্তুতি
[সম্পাদনা কৰক]ছানা অথবা পনীৰৰ মাধ্যমত সন্দেশ প্ৰস্তুত কৰিব পাৰি। বংগত প্ৰচলিত অতি সাধাৰণ এবিধ সন্দেশ হ'ল মাখা সন্দেশ। এইবিধ সন্দেশ পাতলকৈ তপত কৰা ছানা আৰু চেনিৰ মিশ্ৰণক গৰম কৰে প্ৰস্তুত কৰা হয়। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ সন্দেশ আছে। কাঁচাগোল্লা তাৰ ভিতৰৰ এবিধ সন্দেশ। আন বিভিন্নপ্ৰকাৰৰ সন্দেশৰ ভিতৰৰ এবিধ সন্দেশত ছানা শুকাই গুড়ি কৰি ফলৰ অংশ মিহলি কৰা হয় আৰু অন্যান্য প্ৰয়োজনীয় উপকৰণ মিহলাই এইবিধ সন্দেশ প্ৰস্তুত কৰা হয়। কেতিয়াবা সন্দেশত ৰং মিহলি কৰা হয়। কিছুমান সন্দেশ প্ৰস্তুত কৰাৰ সময়ত তাৰ সৈতে নাৰিকল মিহলি কৰা হয়। ইয়াৰ উপৰি আছে নলিন গুড়ৰ সন্দেশ, যিটো ছানাৰ সৈতে গুড় মিহলাই প্ৰস্তুত কৰা হয়। ইয়াৰ ৰং আৰু সোৱাদ চেনিৰ সহযোগত প্ৰস্তুত কৰাৰ ফলত ভিন্ন হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ দত্ত, ৰঙ্গন (6 সেপ্টেম্বৰ 2009). "Next weekend you can be at ... Guptipara" (ইংৰেজি ভাষাত). দ্য টেলিগ্ৰাফ (অবিপি গ্ৰুপ). http://www.telegraphindia.com/1090906/jsp/calcutta/story_11457400.jsp.
- ↑ "Sandesh Mishti - Bengali Dessert Recipe". thespruce.com. 7 March 2017. https://www.thespruce.com/sandesh-mishti-bengali-dessert-1957842.[সংযোগবিহীন উৎস]সাঁচ:অকাৰ্যকৰ সংযোগ
- ↑ "Sandesh Mishti". hindustanlink.com. http://www.hindustanlink.com/recepiet/sandesh.htm.
- ↑ Albala Ken, ed.(2011). "Food Cultures of the World Encyclopedia". https://books.google.co.in/books?id=zG1H75z0EYYC&pg=RA2-PA34&redir_esc=y#v=onepage&q&f=false.
- ↑ 5.0 5.1 Meenakshi Das Gupta, Bunny Gupta and Jaya Chaliha (2000). "Calcutta Cookbook: A Treasury of Recipes From Pavement to Place". Penguin UK. p. 338. https://books.google.ca/books?id=NQltAwAAQBAJ&lpg=PT338.
- ↑ Harlan Walker, ed. (2000). "Milk - Beyond the Dairy: Proceedings of the Oxford Symposium on Food and Cookery 1999". Oxford Symposium. p. 57. https://books.google.ca/books?id=tuor2vcVtiQC&lpg=PA57.
- ↑ Michael Krondl (2011). "Sweet Invention: A History of Dessert". Chicago Review Press. pp. 55–59. https://books.google.ca/books?id=gN6ySQnUnfwC&lpg=PA53.
- ↑ Chitrita Banerji (2006).. "Error: no
|title=specified when using {{Cite web}}".