সমললৈ যাওক

সন্ধ্যা ধৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০২২ চনত নাৰী শক্তিপুৰস্কাৰ বিজয়ী হোৱাৰ পিছত ধৰ

সন্ধ্যা ধৰ (ইংৰাজী: : Sandhya Dhar; জন্ম ১৯৮০) এগৰাকী ভাৰতীয় অক্ষম অধিকাৰ কৰ্মী। কম বয়সতে চেৰিব্ৰেল পালচি ৰোগত আক্ৰান্ত হৈ হুইল চেয়াৰ ব্যৱহাৰকাৰী মহিলা। বিশেষভাৱে সক্ষম লোকক সহায়ৰ বাবে ২০১৫ চনত জম্মু ইনষ্টিটিউট অৱ জেনেৰেল এডুকেশ্যন এণ্ড ৰিহেবিলিটেচন (JIGER) প্ৰতিষ্ঠা কৰি ২০২০ চনৰ নাৰী শক্তিৰ সন্মানেৰে সন্মানিত হয়।

কৰ্ম জীৱন

[সম্পাদনা কৰক]

১৯৮০ চনৰ আৰম্ভণিতে ভাৰতৰ পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ গ্ৰীষ্মকালীন ৰাজধানী শ্ৰীনগৰত কাশ্মীৰী পণ্ডিত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সন্ধ্যা ধৰ। জন্মৰ কেইমাহমান বয়সত তেওঁৰ জ্বৰ হৈছিল যাৰ ফলত তেওঁৰ পক্ষাঘাত হৈছিল আৰু তেওঁৰ মস্তিষ্কৰ পক্ষাঘাত ধৰা পৰিছিল।[1] পিতৃ-মাতৃয়ে তেওঁৰ চিকিৎসাক অগ্ৰাধিকাৰ দিছিল আৰু তেওঁক দুবছৰৰ বাবে নতুন দিল্লীৰ দীনদয়াল উপাধ্যায় ইনষ্টিটিউট ফৰ দ্য ফিজিকেলি হেণ্ডিকেপডলৈ পঠিওৱা হৈছিল। পাঁচ বছৰ বয়সত তেওঁ স্থানীয় স্কুললৈ গ’ল আৰু তাৰ পিছত পৰিয়াল জম্মুলৈ গুচি গ’ল, য’ত চিকিৎসাৰ সুবিধা ভাল আছিল। আদৰ্শ শিক্ষা নিকেতন বিদ্যালয় আৰু তাৰ পিছত এম দাস বিদ্যালয়ত পঢ়িছিল।[1] চৰকাৰী ডিগ্ৰী কলেজ পেৰেড গ্ৰাউণ্ড জম্মুত বাণিজ্য শাখাত স্নাতক, বাণিজ্য স্নাতকোত্তৰ, কম্পিউটাৰ বিজ্ঞানত ডিপ্লমা আৰু ব্যৱসায় প্ৰশাসনত স্নাতকোত্তৰ (এম বি এ) অধ্যয়ন কৰি শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ জম্মু-কাশ্মীৰ চৰকাৰৰ বিত্ত বিভাগত কাম কৰে।[1] ধৰে বচিয়া খেলে আৰু ২০২২ চনত বচিয়া নেচনেল চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰে।[2]

ধৰ এগৰাকী হুইল চেয়াৰ ব্যৱহাৰকাৰী মহিলা।[3] তেখেতে এগৰাকী অক্ষম অধিকাৰ কৰ্মী হিচাপে ২০১৫ চনত জম্মু ইনষ্টিটিউট অৱ জেনেৰেল এডুকেচন এণ্ড ৰিহেবিলিটেচন (JIGER) প্ৰতিষ্ঠা কৰে। এই প্ৰতিস্থানে প্ৰতিবন্ধীসকলক সহায় কৰে আৰু প্ৰতিবন্ধী শিক্ষকসকলে আগবঢ়োৱা পাঠদান শিকোৱা হয়।[4] ২০২২ চনত ই ৪০০ ৰো অধিক অক্ষম শিশুক সহায় কৰিছিল।[5]

সন্ধ্যাই ২০২২ চনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা ২০২০ চনৰ নাৰী শক্তিৰ সন্মান লাভ কৰে।[4] জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই ২০২২ চনত কৈছিল যে নাছিৰা আখতাৰ আৰু নাছিমান আশ্ৰফৰ সৈতে ধৰ এই অঞ্চলৰ মহিলাসকলৰ বাবে এক প্ৰেৰণাদায়ক।[6]

নিৰ্বাচিত ৰচনা

[সম্পাদনা কৰক]
  • ধৰ, সন্ধ্যা (২০১৫)। জম্মু অঞ্চলৰ ৰাজনৈতিক চেতনা, ১৯০৪–১৯৭৭। নতুন দিল্লী, ভাৰত। আই এছ বি এন ৯৭৮-৯৩-৫১২৮-১০৪-৭।
  • ধৰ, সন্ধ্যা (২০১৯)। জম্মু অঞ্চলত ৰাজনৈতিক জাগৰণঃ আলোচনা চক্ৰ, সন্মিলনত উপস্থাপন কৰা গৱেষণা পত্ৰ। দিল্লী। আই এছ বি এন ৯৭৮-৯৩-৫৩২৪-০২৯-৫।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]