সমললৈ যাওক

সন্ধ্যা মেনন (লেখিকা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সন্ধ্যা মেননৰ পৰা পুনঃনিৰ্দেশিত)
সন্ধ্যা মেনন

Menon in 2017
জন্ম India
পেচা Author
ধৰণ Young Adult
ৱেবছাইট www.sandhyamenon.com

সন্ধ্যা মেনন ইংৰাজী: : Sandhya Menon,আমেৰিকাৰ ক’লৰাড’ত বাস কৰা এগৰাকী মালয়ালী ভাৰতীয় আমেৰিকান লেখিকা। নিউয়ৰ্ক টাইমছৰ বেষ্টচেলাৰ হোৱেন ডিম্পল মেট ৰিছি আৰু ফ্ৰম টুইংকল, উইথ লাভৰ লেখিকা।[1][2]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

ভাৰতত ডাঙৰ-দীঘল হোৱা মেনন বলিউড চলচ্চিত্ৰৰ এক নিবিড় অনুৰাগী। পোন্ধৰ বছৰ বয়সত ভাৰতৰ পৰা আমেৰিকালৈ গুচি যায়।[3] দুটা ভিন্ন সংস্কৃতিত ডাঙৰ-দীঘল হোৱাত তেওঁৰ বহুত কষ্ট হৈছিল আৰু তেওঁ কয় যে তেওঁ সদায় লেখিকা হ'ব বিচাৰিছিল, কিন্তু পৰিয়ালে তেওঁক চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল।[3]

কেৰিয়াৰ

[সম্পাদনা কৰক]

মেননে কিশোৰ-কিশোৰীসকলৰ বাবে যুৱ প্ৰাপ্তবয়স্ক কল্পকাহিনী আৰু ৰোমাণ্টিক-কমেডি ৰম-কম লিখে, য’ত সাধাৰণতে ভাৰতীয়-মাৰ্কিন চৰিত্ৰ থাকে। ২০১৭ চনত প্ৰকাশ পাইছিল তেওঁৰ প্ৰথমখন কিতাপ When Dimple Met Rishi. এইখন হৈছে দুজন ভাৰতীয়-আমেৰিকান কিশোৰ-কিশোৰী ডিম্পল আৰু ঋষিৰ বিষয়ে লিখা এখন যুৱ প্ৰাপ্তবয়স্ক ৰম-কম, যাৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ মাজত বিবাহৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছে। হেচেটে প্ৰকাশ কৰা এই গ্ৰন্থখন নিউয়ৰ্ক টাইমছৰ বেষ্টচেলাৰ আছিল।[4][5] ২০২০ চনত এই কিতাপখন নেটফ্লিক্সৰ ধাৰাবাহিক ''মিছমেচড''লৈ ৰূপান্তৰিত কৰা হয়।[6]

মেননৰ পৰৱৰ্তী কিতাপ ফ্ৰম টুইংকল, উইথ লাভ, য'ত এগৰাকী কিশোৰী ভাৰতীয়-আমেৰিকান উচ্চাকাংক্ষী চলচ্চিত্ৰ নিৰ্মাতাৰ বিষয়ে লিখা হৈছে যিয়ে তেওঁৰ ক্ৰাছৰ ভাতৃৰ সৈতে এখন তথ্যচিত্ৰ নিৰ্মাণত সহযোগিতা কৰে, ২০১৮ চনৰ মে' মাহত চাইমন পালছে প্ৰকাশ কৰে।[7][8] তেওঁৰ আত্মপ্ৰকাশৰ সংগী থেৰ'ছ ছামথিং এবাউট ছুইটি (There's Something About Sweetie) নামৰ দুজন ভাৰতীয়-আমেৰিকান কিশোৰ-কিশেৰিকলৈ আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে মিল থকা এৰেঞ্জ মেৰেজৰ বিষয়ে ২০১৯ চনত প্ৰকাশ পাইছিল।[9]

এই কাহিনী ৰয়েল শিক্ষাৰ্থীসকলৰ বাবে এটা বোৰ্ডিং স্কুলক কেন্দ্ৰ কৰি ৰচিত আৰু বিউটি এণ্ড দ্য বিষ্টৰ পুনৰাবৃত্তিক কেন্দ্ৰ কৰি লিখা তেওঁৰ প্ৰথম ধাৰাবাহিক অফ কাৰ্ছছ এণ্ড কিছছৰ প্ৰথমখন কিতাপ ২০২০ চনত চাইমন পালছে প্ৰকাশ কৰে।[7]

তেওঁৰ ৰম-কমৰ প্ৰথম ছবি মেক-আপ ব্ৰেক আপ, এগৰাকী ভাৰতীয়-আমেৰিকান উদ্যোগী আৰু তেওঁৰ মেচমেকিং ব্যৱসায়ৰ বিষয়ে, ২০২১ চনত ছেইণ্ট মাৰ্টিন প্ৰেছে প্ৰকাশ কৰে।[7]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

মেনন এতিয়া ক'লৰাডোস্থিত ক'লৰাডো স্প্ৰিংছত তেওঁৰ স্বামী আৰু দুটা সন্তান, এজন পুত্ৰ আৰু এগৰাকী কন্যাৰ সৈতে থাকে।[10]

গ্ৰন্থতালিকা

[সম্পাদনা কৰক]
  • ডিম্পলে যেতিয়া ঋষিক লগ পাইছিল (২০১৭)
  • টুইংকলৰ পৰা, প্ৰেমৰ সৈতে (২০১৮)
  • চুইটিৰ বিষয়ে কিছু কথা (২০১৯)
  • As Kismet Would Have It (২০১৯)
  • প্ৰথম যুঁজত প্ৰেম (২০২০)
  • পিংকিৰ বিষয়ে মই ঘৃণা কৰা ১০টা কথা (২০২০)
  • অভিশাপ আৰু চুমা (২০২০)
  • মেক আপ ব্ৰেক আপ (২০২১)
  • অফ প্ৰিন্সেছ এণ্ড প্ৰমিজছ (২০২১)
  • তিনিটা চুমা, এটা মাজনিশা (২০২২)
  • সপোন আৰু ভাগ্যৰ (২০২৩)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Sandhya Menon" (en ভাষাত). Simon & Schuster. http://www.simonandschuster.com/authors/Sandhya-Menon/2086619766। আহৰণ কৰা হৈছে: 2018-05-26. 
  2. "Sandhya Menon - Interview" (en ভাষাত). BookPage.com. https://bookpage.com/interviews/21410-sandhya-menon. 
  3. 3.0 3.1 author, Germ Magazine guest (2017-04-07). "The Story Behind 'When Dimple Met Rishi' by Sandhya Menon" (en-US ভাষাত). Germ Magazine. http://www.germmagazine.com/the-story-behind-when-dimple-met-rishi-by-sandhya-menon/. 
  4. "Micro review: When Dimple Met Rishi is a refreshing YA romance - Times of India". The Times of India. https://timesofindia.indiatimes.com/life-style/books/reviews/micro-review-when-dimple-met-rishi-is-a-refreshing-ya-romance/articleshow/60016304.cms. 
  5. Menon, Sandhya (2017-05-30) (en ভাষাত). When Dimple Met Rishi. Simon and Schuster. ISBN 9781481478687. http://www.simonandschuster.com/books/When-Dimple-Met-Rishi/Sandhya-Menon/9781481478687. 
  6. "Netflix India announces eight new titles for 2020, including Anurag Basu's Ludo, Mira Nair's A Suitable Boy". Firstpost. 2020-07-16. https://www.firstpost.com/entertainment/netflix-india-announces-eight-new-titles-for-2020-including-anurag-basus-ludo-mira-nairs-a-suitable-boy-8599001.html। আহৰণ কৰা হৈছে: 2020-11-19. 
  7. 7.0 7.1 7.2 "Books | Sandhya Menon" (en-US ভাষাত). www.sandhyamenon.com. http://www.sandhyamenon.com/books/। আহৰণ কৰা হৈছে: 2018-05-26. 
  8. "Children's Book Review: From Twinkle, with Love by Sandhya Menon. Simon Pulse, $18.99 (336p) ISBN 978-1-4814-9540-0" (en ভাষাত). PublishersWeekly.com. https://www.publishersweekly.com/978-1-4814-9540-0। আহৰণ কৰা হৈছে: 2019-03-17. 
  9. Trombetta, Sadie (17 October 2018). "A 'When Dimple Met Rishi' Character Gets The Spotlight In Sandhya Menon's New Book" (en ভাষাত). Bustle. https://www.bustle.com/p/theres-something-about-sweetie-by-sandhya-menon-is-a-love-story-that-fans-of-when-dimple-met-rishi-will-adore-12587637। আহৰণ কৰা হৈছে: 2019-03-17. 
  10. "Introducing Debut Author Sandhya Menon" (en-US ভাষাত). www.sabaatahir.com. https://www.sabaatahir.com/introducing-debut-author-sandhya-menon/। আহৰণ কৰা হৈছে: 2018-05-26.