সপ্তমী
অৱয়ব
সপ্তমী (ইংৰাজী: Saptami, সংস্কৃত: सप्तमी) হʼল হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিক (পক্ষ)ৰ সপ্তম দিন (তিথি)।[1][2] প্ৰত্যেক মাহত দুটিকৈ সপ্তমী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ সপ্তম দিন।
উৎসৱ
[সম্পাদনা কৰক]- ৰথসপ্তমী: এই উপলক্ষ্যে সাধাৰণতে সূৰ্য্য দেৱতাক পূজা কৰা হয়। সাধাৰণতে ঘৰতে শুদ্ধিকৰণ স্নান কৰাৰে ৰথসপ্তমীৰ আৰম্ভণি হয়। গা-ধোৱাৰ সময়ত, কেইটামান বেল পাত মূৰত ধৰি ৰাখি বছৰটোৰ বাকী সময়খিনিৰ সকলো কামতে দেৱতাৰ কৃপা কামনা কৰি শ্লোক এটা জপ কৰা হয়। এই অনুষ্ঠানটিৰ লগত ‘নৈৱেদ্যম’ অনুষ্ঠান, ফুল আৰু ফল-মূলৰ সৈতে পূজা কৰাও জড়িত।
- নৱৰাত্ৰি: নৱৰাত্ৰিৰ সপ্তম দিনা কালৰাত্ৰি পূজা অনুষ্ঠিত হয়।
- জলৰাম বাপাৰ জন্মদিন কাতি মাহৰ সপ্তমী তিথিৰ শুক্ল পক্ষত পৰে আৰু ইয়াক জলৰাম জয়ন্তী হিচাপে পালন কৰা হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Monier-Williams, Sir Monier (1872) (en ভাষাত). A Sanskṛit-English Dictionary Etymologically and Philologically Arranged: With Special Reference to Greek, Latin, Gothic, German, Anglo-Saxon, and Other Cognate Indo-European Languages. Clarendon Press. পৃষ্ঠা. 1065. https://books.google.com/books?id=FzRDAQAAMAAJ&dq=saptami+seventh+day&pg=PA1065.
- ↑ Rao, S. Balachandra (2000) (en ভাষাত). Indian Astronomy: An Introduction. Universities Press. পৃষ্ঠা. 65. ISBN 978-81-7371-205-0. https://books.google.com/books?id=PGXgssv08PgC&dq=saptami+lunar+month&pg=PA65.