সপ্তমী গৌড়া
| সপ্তমী গৌড়া | |
|---|---|
কান্তাৰা ছবিৰ সাফল্য সভাত গৌড়া | |
| জন্ম | সপ্তমী গৌড়া ০৮ জুন, ১৯৯৬ (২৯ বছৰ) বেংগালুৰু, কৰ্ণাটক, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষা | বি.টেক. |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০২০–বৰ্তমান |
| পিতৃ-মাতৃ | এছ.কে. উমেশ গৌড়া (পিতৃ) |
সপ্তমী গৌড়া (ইংৰাজী: Sapthami Gowda; জন্ম: ৮ জুন ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ কন্নড় চলচ্চিত্ৰত কাম কৰে। ২০২০ চনত তেওঁ দুনিয়া সূৰীৰ পৰিচালনাত নিৰ্মিত পপকৰ্ণ মাংকি টাইগাৰ ছবিত অভিনয়েৰে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। তেওঁ ২০২২ চনত ঋষব শ্বেট্টীৰ পৰিচালনাত নিৰ্মিত কান্তাৰা ছবিখনত লীলাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে সুপৰিচিত। তেওঁ এটা ফিল্মফেয়াৰ বঁটা দক্ষিণ আৰু দুটা চাইমা বঁটা লাভ কৰিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]কৰ্ণাটকৰ বেংগালুৰু চহৰত[1] ইন্সপেক্টৰ এছ. কে. উমেশ গৌড়া আৰু শান্তা গৌড়াৰ ঘৰত সপ্তমীৰ জন্ম হৈছিল।[2] তেওঁ বাল্ডউইন গাৰ্লছ হাইস্কুল আৰু বেংগালুৰুৰ শ্ৰীকুমাৰ কম্পোজিট জুনিয়ৰ কলেজত অধ্যয়ন কৰিছিল।[3] তাৰ পিছত তেওঁ বাংগালুৰু ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা চিভিল ইঞ্জিনিয়াৰিং বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[4] তেওঁ এগৰাকী প্ৰশিক্ষিত সাঁতোৰবিদ আৰু তেওঁ কেইবাটাও পদকো লাভ কৰিছে।[5]
কৰ্মজীৱন
[সম্পাদনা কৰক]২০২০ চনত সহ-অভিনেতা ধনঞ্জয়ৰ বিপৰীতে, দুনিয়া ছুৰীৰ দ্বাৰা পৰিচালিত কন্নড় ছবি পপকৰ্ণ মাংকি টাইগাৰত অভিনয়েৰে গৌড়াই অভিনয়ৰ ক্ষেত্ৰত অভিষেক ঘটায়। ছবিখন দৰ্শকৰ পৰা মিশ্ৰিত সমালোচনাৰ সন্মুখীন হয়। ইয়াৰ পিছত তেওঁক ব্লকবাষ্টাৰ চিনেমা কান্তাৰাত লীলাৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল যিয়ে তেওঁক লাইমলাইটলৈ আনিছিল আৰু গাঁৱলীয়া ছোৱালীৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে তেওঁৰ প্ৰশংসা কৰা হৈছিল।[6] ইয়াৰ পিছত তেওঁক সন্তোষ আনন্দ্দ্ৰমৰ দ্বাৰা পৰিচালিত যুৱ নামৰ ছবিখনত দেখা গৈছিল যʼত অভিনয় কৰিছিল নৱাগত অভিনেতা যুৱ ৰাজকুমাৰে (ৰাঘবেন্দ্ৰ ৰাজকুমাৰৰ পুত্ৰ)।[7] এক চলি থকা আলোচনা অনুসৰি অভিষেক আম্বৰীশৰ বিপৰীতে এছ কৃষ্ণৰ পৰিচালনাত নিৰ্মিত আগন্তুক ছবি 'কালি'ত তেওঁ এগৰাকী সম্ভাৱ্য নায়িকা হ'ব পাৰে।[8]
২০২৩ চনত বিবেক অগ্নিহোত্ৰীৰ পৰিচালনাত নিৰ্মিত দ্য ভেকচিন ৱাৰ ছবিত অভিনয়েৰে বলীউডত অভিষেক ঘটায়৷ চিনেমাখন মিশ্ৰিত সমালোচনাৰ বাবে মুকলি হৈছিল আৰু তেওঁৰ ভূমিকাৰ পৰিসৰ নূন্যতম আছিল যদিও তথাপিও তেওঁক উপযুক্ত প্ৰশংসা দিয়া হৈছিল।[9] ভেনু শ্ৰীৰামৰ পৰিচালনাত নিৰ্মিত থামুডু ছবিত অভিনেতা নিতিনৰ বিপৰীতে সপ্তমীয়ে তেলুগু চিনেমাত অভিষেক ঘটাব।[10]
অন্যান্য কৰ্মৰাজি
[সম্পাদনা কৰক]তেওঁ কৰ্ণাটক চৰকাৰৰ "নান্না মৈত্ৰী" আঁচনিৰ এম্বেচেডৰ হিচাপে নিযুক্তি লাভ কৰিছে। এই আচঁনিৰ সহায়ত সমগ্ৰ কৰ্ণাটকতে কিশোৰী ছোৱালীসকলক ঋতুস্ৰাৱৰ কাপ বিতৰণ কৰা হয়।[11] বিশেষভাৱে সক্ষম লোকসকলৰ সবলীকৰণৰ বাবে কাম কৰা অলাভজনক সংস্থা সমৰ্থনম্ ট্ৰাষ্ট ফৰ ব্লাইণ্ডৰ উদ্যোগত অনুষ্ঠিত হোৱা ব্লাইণ্ড ক্ৰিকেট ২০২২ৰ তৃতীয় টি-২০ বিশ্বকাপ সংস্কৰণৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপেও তেওঁক নিযুক্তি দিয়া হয়।[12][13]
চলচ্চিত্ৰপুঞ্জী
[সম্পাদনা কৰক]চলচ্চিত্ৰ
[সম্পাদনা কৰক]এতিয়াও মুক্তি লাভ কৰা নাই |
- সকলো ছবি কানাড়া ভাষাতেই, অন্যথা উল্লেখ কৰা হৈছে।
| বৰ্ষ | শিৰোনাম | ভূমিকা | ভাষা | টোকা | |
|---|---|---|---|---|---|
| ২০২০ | পপকৰ্ণ মাংকি টাইগাৰ | গিৰিজা | কন্নড় ভাষা | প্ৰথম চলচ্চিত্ৰ | [14] |
| ২০২২ | কান্তাৰা | লীলা | [15] | ||
| ২০২৩ | ভেকচিন ৱাৰ | ডাঃ শ্ৰীলক্ষ্মী মহনদাস | হিন্দী | প্ৰথম হিন্দী চলচ্চিত্ৰ | [16] [17] |
| ২০২৪ | যুৱ | ছিৰি | কন্নড় ভাষা | [18] | |
| ২০২৫ | থাম্মুডু | ৰত্না | তেলুগু | প্ৰথম তেলুগু চলচ্চিত্ৰ | |
| শোধা | কন্নড় ভাষা | ৱেব ছিৰিজ | [19] | ||
| ঘোষণা হ’ব | দ্য ৰাইজ অফ অশোক |
অম্বিকা | [20] |
বঁটা আৰু মনোনয়ন
[সম্পাদনা কৰক]| বৰ্ষ | পুৰস্কাৰ | শিতান | চলচ্চিত্ৰ | ফলাফল | |
|---|---|---|---|---|---|
| ২০২০ | দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – কন্নড় | পপকৰ্ণ মাংকি টাইগাৰ | বিজয়ী | [21] |
| ২০২৩ | শ্ৰেষ্ঠ অভিনেত্ৰী – কন্নড় | কান্তাৰা | মনোনীত | [22] | |
| সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী – কন্নড় | বিজয়ী | ||||
| ২০২৩ | ফিল্মফেয়াৰ বঁটা দক্ষিণ | সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী – কন্নড় | বিজয়ী | [23] | |
| শ্ৰেষ্ঠ অভিনেত্ৰী - কন্নড় | মনোনীত |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Provoke Lifestyle" (en ভাষাত). https://provokelifestyle.in/the-sporty-star-sapthami-gowda/.
- ↑ "Sapthami Gowda : ತಂದೆಯ ಜೊತೆ ಸಪ್ತಮಿಗೌಡ.. ಎಸ್.ಕೆ. ಉಮೇಶ್ ಯಾರು ಗೊತ್ತಾ..?". Zeenews. https://zeenews.india.com/kannada/photo-gallery/sapthami-gowda-shares-photos-with-father-umesh-sk-doddi-110770। আহৰণ কৰা হৈছে: 2024-05-04.
- ↑ "Provoke Lifestyle" (en ভাষাত). https://provokelifestyle.in/the-sporty-star-sapthami-gowda/.
- ↑ "Provoke Lifestyle" (en ভাষাত). https://provokelifestyle.in/the-sporty-star-sapthami-gowda/.
- ↑ "Did you know Kantara girl Sapthami Gowda is a National gold medalist in swimming?" (en ভাষাত). OTTPlay. https://www.ottplay.com/news/did-you-know-kantara-girl-sapthami-gowda-is-a-national-gold-medalist-in-swimming/f934123d49405। আহৰণ কৰা হৈছে: 2023-11-03.
- ↑ "Kantara Movie Review: Rishab Shetty offers a brilliant experience that should not be missed in theatres" (en ভাষাত). India Today. 12 October 2022. https://www.indiatoday.in/showbuzz/reviews/story/kantara-movie-review-rishab-shetty-achyuth-kumar-sapthami-gowda-2284306-2022-10-12। আহৰণ কৰা হৈছে: 2023-11-03.
- ↑ "Kantara Actress Sapthami Gowda Joins The Cast Of Film Yuva, Has This To Say" (en ভাষাত). News18. 2023-03-09. https://www.news18.com/movies/kantara-actress-sapthami-gowda-joins-the-cast-of-film-yuva-has-this-to-say-7251505.html। আহৰণ কৰা হৈছে: 2023-11-03.
- ↑ "Sapthami Gowda to star alongside Abhishek Ambareesh in Krishna's 'Kaali'". The New Indian Express. 19 November 2022. https://www.newindianexpress.com/entertainment/kannada/2022/nov/19/sapthami-gowda-to-star-alongside-abhishek-ambareesh-in-krishnas-kaali-2519734.html। আহৰণ কৰা হৈছে: 2023-11-03.
- ↑ "The Vaccine War Review: Vivek Agnihotri's film is relevant but not without flaws" (en ভাষাত). India Today. 28 September 2023. https://www.indiatoday.in/movies/reviews/story/the-vaccine-war-review-vivek-agnihotri-film-is-relevant-but-not-without-flaws-2441496-2023-09-28। আহৰণ কৰা হৈছে: 2024-04-10.
- ↑ Sharma, Bhavana (2023-09-13). "Nithiin's "Thammudu" reveals star-studded cast: Sapthami Gowda and Laya in key roles" (en ভাষাত). www.ibtimes.co.in. https://www.ibtimes.co.in/nithiins-thammudu-reveals-star-studded-cast-sapthami-gowda-laya-key-roles-862443। আহৰণ কৰা হৈছে: 2024-04-10.
- ↑ J A, Naina. "15,000 menstrual cups to be distributed under Shuchi–'Nanna Maithri' on Sept 11" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/india/karnataka/15000-menstrual-cups-to-be-distributed-under-shuchinanna-maithri-on-sept-11-2680312। আহৰণ কৰা হৈছে: 2023-11-03.
- ↑ Reddy, Y Maheswara (November 18, 2022). "Walk for visually impaired cricketers" (en ভাষাত). Bangalore Mirror. https://bangaloremirror.indiatimes.com/bangalore/others/walk-for-visually-impaired-cricketers/articleshow/95589359.cms। আহৰণ কৰা হৈছে: 2023-11-03.
- ↑ Telugu360 (2023-11-27). "Kantara girl in Nithiin's Next" (en-US ভাষাত). Telugu360.com. https://www.telugu360.com/kantara-girl-in-nithiins-next/। আহৰণ কৰা হৈছে: 2024-04-10.
- ↑ "'I am preparing to give my hundred per cent for Yuva'". The New Indian Express. 7 March 2023. https://www.newindianexpress.com/entertainment/kannada/2023/mar/07/i-am-preparing-to-give-my-hundred-per-cent-for-yuva-2553777.html.
- ↑ "'It was a matter of pride to play a forest guard': Sapthami Gowda". The New Indian Express. 24 September 2022. https://www.newindianexpress.com/entertainment/kannada/2022/sep/24/it-was-a-matter-of-pride-to-play-a-forest-guardsapthami-gowda-2501230.html.
- ↑ "'Kantara'-fame Sapthami Gowda to debut in Hindi with 'The Vaccine War'" (en ভাষাত). New Indian Express. 13 January 2023. https://www.newindianexpress.com/entertainment/hindi/2023/jan/13/kantara-famesapthami-gowda-to-debut-in-hindi-with-the-vaccine-war-2537576.html। আহৰণ কৰা হৈছে: 7 June 2023.
- ↑ "Vivek Ranjan Agnihotri's 'The Vaccine War' to release in September, teaser out". 2023-08-15. Archived from the original on 15 August 2023. https://web.archive.org/web/20230815105654/https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/vivek-ranjan-agnihotris-the-vaccine-war-to-release-in-september-teaser-out/articleshow/102744448.cms?from=mdr.
- ↑ "'Kantara' Actress Saptami Gowda Joins Cast Of Upcoming Hombale Film 'Yuva'". Outlook India. 6 March 2023. https://www.outlookindia.com/art-entertainment/-kantara-actress-saptami-gowda-joins-cast-of-upcoming-hombale-film-yuva--news-267852.
- ↑ ""Shodha gave me the scope to go intense and truly perform," says, Pawan Kumar". 2025-08-20. https://timesofindia.indiatimes.com/web-series/news/kannada/shodha-gave-me-the-scope-to-go-intense-and-truly-perform-says-pawan-kumar/articleshow/123404178.cms.
- ↑ Sharadhaa, A. (2025-06-16). "The Rise of Ashoka wraps filming" (en ভাষাত). Cinema Express. https://www.cinemaexpress.com/kannada/news/2025/Jun/16/the-rise-of-ashoka-wraps-filming। আহৰণ কৰা হৈছে: 2025-07-04.
- ↑ "SIIMA Awards 2020: Dhananjay best actor and Love Mocktail best film among Kannada winners". TV9 Kannada. 20 September 2021. https://tv9kannada.com/entertainment/sandalwood/siima-2020-awards-list-dhananjay-best-actor-and-love-mocktail-best-movie-rmd-271969.html/amp। আহৰণ কৰা হৈছে: 2021-09-21.
- ↑ "SIIMA Awards 2023: RRR, 777 Charlie win big; Jr NTR, Yash named Best Actors; Sreeleela and Srinidhi Shetty are Best Actresses". https://indianexpress.com/article/entertainment/telugu/siima-awards-2023-telugu-kannada-winners-list-jr-ntr-yash-rrr-kantara-8942103/lite/.
- ↑ "Nominations for the 68th Filmfare Awards South (Kannada) 2023 | Filmfare.com" (en ভাষাত). www.filmfare.com. https://www.filmfare.com/news/bollywood/nominations-for-the-68th-filmfare-awards-south-kannada-2023_-67186.html। আহৰণ কৰা হৈছে: 2024-07-19.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- সপ্তমী গৌড়া সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।