সবুজ পত্ৰ
সবুজ পত্ৰ আলোচনীৰ ল'গ' | |
| সম্পাদক | প্ৰমথ চৌধুৰী |
|---|---|
| প্ৰকাৰ | মাহেকীয়া |
| প্ৰকাশক | ৩ নং হেষ্টিংছ ষ্ট্ৰীট, কলকাতা |
| দেশ | ব্ৰিটিশ ভাৰত |
| ভাষা | বাংলা |
সবুজ পত্ৰ (ইংৰাজী: Sabujpatra) হ'ল কুৰি শতিকাৰ আৰম্ভণিতে প্ৰকাশ হোৱা বাংলা ভাষাৰ অন্যতম প্ৰধান সাময়িকী। সাহিত্যিক প্ৰমথ চৌধুৰীৰ সম্পাদনাত এইখন প্ৰকাশ পাইছিল। সবুজ পত্ৰ প্ৰথম প্ৰকাশ হৈছিল বাংলা ১৩২১ চনত (ইংৰাজী: ১৯১৪ খ্ৰীষ্টাব্দ)। সবুজ পত্ৰত কোনো বিজ্ঞাপন আৰু ছবি কেতিয়াও প্ৰকাশ কৰা হোৱা নাছিল। প্ৰমথ চৌধুৰীয়ে সাময়িকীখনক ব্যাৱসায়িকভাৱে আকৰ্ষণীয় কৰি তুলিবলৈ কোনো প্ৰচেষ্টা কৰা নাছিল। অৱশ্যে ইয়াৰ মান আৰু আদৰ্শ বৰ্তাই ৰখাৰ বিষয়ত সদা-সতৰ্ক আছিল। সাধাৰণ পাঠক আৰু লেখকৰ মাজত সবুজ পত্ৰ জনপ্ৰিয় হ’ব নোৱাৰিলে। প্ৰথম পৰ্যায়ত ১৩২৯ বঙ্গাব্দ (১৯২২ চন)লৈকে প্ৰকাশ পাইছিল। দ্বিতীয় পৰ্যায়ত ১৩৩২ বঙ্গাব্দ (১৯২৫ চন) পৰা সবুজ পত্ৰৰ প্ৰকাশ আৰম্ভ হয়। অৱশেষত ১৩৩৪ বঙ্গাব্দ (১৯২৭ চন)ত সাময়িকীখন বন্ধ হৈ পৰে।[1]
সাধাৰণ বিৱৰণ
[সম্পাদনা কৰক]এইখন মূলতঃ: এখন মাহেকীয়া সাময়িকী/আলোচনী। ইয়াৰ প্ৰথম প্ৰকাশ ১৩২১ বঙ্গাব্দৰ ব'হাগ মাহ (১৯১৪ খ্ৰীষ্টাব্দ)ত। কাকতখনৰ সম্পাদক আছিল প্ৰমথ চৌধুৰী। আলোচনীখন কলকাতাৰ ৩ নং হেষ্টিংছ ষ্ট্ৰীটৰপৰা প্ৰকাশ পাইছিল। ইয়াৰ বাৰ্ষিক মূল্য আছিল দুটকা ছয় অনা।[2]
বাংলা সাহিত্যত প্ৰভাৱ
[সম্পাদনা কৰক]বাংলা সাহিত্যৰ ইতিহাসত ‘সবুজ পত্ৰ’ই এক বিশেষ স্থান দখল কৰিছে। বাংলা সাহিত্যৰ বিভিন্ন বিষয়ৰ উত্থানত ইয়াৰ অপৰিসীম অৱদান চিৰস্মৰণীয়; উদাহৰণ স্বৰূপে বুদ্ধদেৱ বসুৱে সাহিত্যপত্ৰত কোৱা কথাখিনি উদ্ধৃত কৰিব পাৰে-
"ইয়াৰ প্ৰথম দান আছিল প্ৰমথ চৌধুৰী বা বীৰবল। দ্বিতীয়টো দান হৈছে চলিত ভাষাৰ প্ৰতিষ্ঠা। তৃতীয় - আৰু হয়তো আটাইতকৈ ডাঙৰ দান, ৰবীন্দ্ৰনাথ ঠাকুৰ। প্ৰমথ চৌধুৰী আৰু ৰবীন্দ্ৰনাথ, দুয়োকে আটাইতকৈ বেছি প্ৰয়োজন আছিল সবুজ পত্ৰৰ। প্ৰথমজনৰ আত্মপ্ৰকাশৰ বাবে, দ্বিতীয়জন নতুন হোৱাৰ বাবে।"
বাংলা সাহিত্যৰ ইতিহাসত সবুজ পত্ৰ কেৱল বাংলা ভাষাক সাধু ভাষাৰ প্ৰভাৱৰপৰা মুক্ত কৰি কথিত ভাষাক অগ্ৰাধিকাৰ দিয়াৰ বাবেই স্মৰণীয় হৈ থাকিব।[3]
লেখকসকল
[সম্পাদনা কৰক]সবুজ পত্ৰৰ প্ৰথম সংখ্যাত ৰবীন্দ্ৰনাথ ঠাকুৰ, সত্যেন্দ্ৰনাথ দত্ত আৰু সম্পাদকৰ নিজৰ লেখা সন্নিৱিষ্ট হৈছিল। ধূৰ্জটিপ্ৰসাদ মুখোপাধ্যায়, অতুলচন্দ্ৰ গুপ্ত, বৰদাচৰণ গুপ্ত, সুনীতিকুমাৰ চট্টোপাধ্যায়, হাৰীতকৃষ্ণ দেৱ, কিৰণশঙ্কৰ ৰায় আদিয়ে সবুজ পত্ৰত লিখিছিল। কান্তিচন্দ্ৰ ঘোষ, অমিয় চক্ৰৱৰ্তী আৰু সুৰেশ চক্ৰৱৰ্তী আদিয়ে কবিতা লিখিছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "সবুজপত্ৰ - বাংলাপিডিয়া". 2021-12-04. https://bn.banglapedia.org/index.php?title=%E0%A6%B8%E0%A6%AC%E0%A7%81%E0%A6%9C%E0%A6%AA%E0%A6%A4%E0%A7%8D%E0%A6%B0.
- ↑ "সংৰক্ষণাগাৰভুক্ত অনুলিপি". ১১ জানুয়াৰি ২০১৩. Archived from the original on 2013-01-20. https://web.archive.org/web/20130120044351/http://www.srishtisandhan.com/srishtisandhan/LittleMagazine%5C1914Sabujpatra.pdf। আহৰণ কৰা হৈছে: 2025-10-11.
- ↑ http://www.prothomalo.com/print/news/116321[সংযোগবিহীন উৎস]সাঁচ:অকাৰ্যকৰ সংযোগ