সমমিতি



সমমিতি দৈনন্দিন জীৱনত সাধাৰণতে ৰূপৰ, অনুপাতৰ আৰু সমতাৰ এটি সুন্দৰ আৰু সুমধুৰ অনুভৱৰ দিশত ইঙ্গিত কৰে।[1][2][টোকা 1] গণিতত, এই শব্দটোৰ এটা অধিক সঠিক সংজ্ঞা থাকে আৰু সাধাৰণতে এনে বস্তুৰ বৰ্ণনাৰ বাবে ব্যৱহাৰ কৰা হয় যি কিছুমান পৰিবৰ্তনৰ প্ৰতি অপৰিবৰ্তনীয় (invariant) হৈ থাকে, যেনে স্থানান্তৰ, প্ৰতিফলন, ঘূৰ্ণন বা আকাৰ পৰিবৰ্তন। যদিও এই শব্দৰ দৈনন্দিন আৰু বৈজ্ঞানিক অৰ্থ বেলেগ হব পাৰে, তথাপি এইবোৰ গভীৰভাৱে আন্তঃসংযুক্ত আৰু সেইকাৰণে একেলগে আলোচনা কৰা হয়।
গণিতীয় সমমিতি সময়ৰ প্ৰবাহৰ সৈতে, স্থানিক সম্পৰ্কৰ সৈতে, জ্যামিতিক ৰূপান্তৰৰ সৈতে, আন ধৰণৰ কাৰ্য্যগত ৰূপান্তৰৰ সৈতে, তথা বৈজ্ঞানিক মডেল, ভাষা আৰু সংগীত আদি অমূৰ্ত বস্তুৰ ক্ষেত্ৰতো লক্ষ্য কৰিব পৰা যায়।[3][টোকা 2]
এই লেখাটোত সমমিতি তিনিটা দৃষ্টিভংগীৰ পৰা বৰ্ণনা কৰা হৈছে: গণিত (বিশেষকৈ জ্যামিতি)ৰ ক্ষেত্ৰত, যি বহুতে সৰ্বাধিক পৰিচিত; বিজ্ঞান আৰু প্ৰকৃতিৰ ক্ষেত্ৰত; আৰু স্থাপত্য, কলা আৰু সংগীতৰ দৰে কলাৰ ক্ষেত্ৰত।
সমমিতিৰ বিপৰীত শব্দ হৈছে অসমমিতি, অৰ্থাৎ য’ত সমমিতি নাই।
টোকা
[সম্পাদনা কৰক]- ↑ উদাহৰণস্বৰূপে, এৰিষ্টটলএ আকাশীয় বস্তুবোৰৰ গাঁথনিক ৰূপ হিচাপে গোল আকৃতি নিৰ্ধাৰণ কৰিছিল, যি প্ৰাকৃতিক শৃংখলা আৰু বিশ্বৰ পূৰ্ণতাৰ ৰূপ হিচাপে চিন্তা কৰা হৈছিল।
- ↑ সমমিত বস্তুবোৰ পদাৰ্থিক হ’ব পাৰে, যেনে মানুহ, স্ফটিক, জৰা কাপোৰ, ফ্ল’ৰ টাইল্ছ বা অণু, অথবা গণিতীয় সমীকৰণ বা সংগীতৰ স্বৰৰ দৰে অমূৰ্ত বস্তু হ’ব পাৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Zee, A. (2007). Fearful Symmetry. প্ৰকাশক প্ৰিন্সটন, নিউ জাৰ্ছি: Princeton University Press. ISBN 978-0-691-13482-6.
- ↑ Hill, C. T.; Lederman, L. M. (2005). Symmetry and the Beautiful Universe. Prometheus Books.
- ↑ Mainzer, Klaus (2005). Symmetry and Complexity: The Spirit and Beauty of Nonlinear Science. World Scientific. ISBN 981-256-192-7.