সমালোচনা কলা আৰু সাধনা
| সমালোচনা কলা আৰু সাধনা | |
|---|---|
| লেখক | কল্যাণ ভূঞা, প্ৰকল্প ৰঞ্জন ভাগৱতী (সম্পাদক) |
| প্ৰচ্ছদ শিল্পী | জলী বৰগোহাঁই |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| বিষয় | সাহিত্য তত্ত্ব আৰু সমালোচনা |
| প্ৰকাশক | প’য়েট্ৰী উইডাউট ফীয়াৰ |
| প্ৰকাশ | ২৪ আগষ্ট, ২੦২৪ |
| মিডিয়া প্ৰকাৰ | ছপা (পকাবন্ধা) |
| পৃষ্ঠা সংখ্যা | ৩২੦ |
| আই.এচ.বি.এন. | 978-81-975772-1-5 |
সমালোচনা কলা আৰু সাধনা (ইংৰাজী: Samalochana Kala Aru Sadhana, ২੦২৪) সমালোচক আৰু অনুবাদক আনন্দ বৰমুদৈক অভিনন্দন জনোৱাৰ উদ্দেশ্যে প্ৰকাশ পোৱা এখন সংকলন গ্ৰন্থ৷ গ্ৰন্থখনৰ সম্পাদক হ’ল কল্যাণ ভূঞা আৰু প্ৰকল্প ৰঞ্জন ভাগৱতী৷[1]
বিষয়বস্তু
[সম্পাদনা কৰক]গ্ৰন্থখনৰ বিষয়বস্তুবোৰ তিনিটা ভাগত সজোৱা হৈছে৷[1] প্ৰথম ভাগত আনন্দ বৰমুদৈৰ ব্যক্তিত্ব, জীৱন আৰু কৃতিত্বৰ ওপৰত আলোকপাত কৰা হৈছে৷ এই ভাগত সন্নিৱিষ্ট প্ৰবন্ধসমূহ লিখিছে ক্ৰমে নগেন শইকীয়া, কৰবী ডেকা হাজৰিকা, প্ৰণয় ফুকন, ফৰিদা আহমেদ, শ্বৰীফা খাতুন চৌধুৰী, সত্যজিৎ গগৈ, কল্যাণ ভূঞা আৰু সিদ্ধাৰ্থ গোস্বামীয়ে৷ দ্বিতীয় ভাগত সাহিত্য তত্ত্ব আৰু সমালোচনা বিষয়ক প্ৰবন্ধ সন্নিৱিষ্ট হৈছে৷ প্ৰবন্ধকাৰসকল হ’ল ক্ৰমে হৰেকৃষ্ণ ডেকা, পল্লৱী ডেকা বুজৰবৰুৱা, বিভাস চৌধুৰী, সঞ্জীৱ কুমাৰ নাথ, জ্যোতিপ্ৰসাদ শইকীয়া, নীৰেন্দ্ৰনাথ ঠাকুৰীয়া, অনুৰাধা শৰ্মা, পৰী হিলৈদাৰী, বিৰিঞ্চি কুমাৰ দাস, ৰাজীৱ বৰা, গীতালী শইকীয়া, জ্যোতিষ্মান দাস আৰু মৃদুল বৰদলৈ৷ গ্ৰন্থখনৰ তৃতীয় ভাগটোত আনন্দ বৰমুদৈৰ সৈতে হোৱা দুটা সাক্ষাৎকাৰ সন্নিৱিষ্ট হৈছে৷ সাক্ষাৎকাৰ দুটা গ্ৰহণ কৰিছে ক্ৰমে প্ৰকল্প ৰঞ্জন ভাগৱতী আৰু প্ৰশান্ত জে বৰুৱাই৷ ইয়াৰ উপৰি তৃতীয় ভাগত বৰমুদৈৰ সংক্ষিপ্ত জীৱনপঞ্জী এখনো সন্নিৱিষ্ট হৈছে৷[1]
প্ৰকাশন ইতিহাস
[সম্পাদনা কৰক]গ্ৰন্থখনৰ প্ৰকাশক প’য়েট্ৰী উইডাউট ফীয়াৰ৷ ২৪ আগষ্ট, ২੦২৪ তাৰিখে ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এখন সভাত গ্ৰন্থখন সাহিত্যিক নগেন শইকীয়াই উন্মোচন কৰে৷[2][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 সমালোচনা কলা আৰু সাধনা, সম্পাদক কল্যাণ ভূঞা আৰু প্ৰকল্প ৰঞ্জন ভাগৱতী, ২੦২৪, প’য়েট্ৰী উইডাউট ফীয়েৰ, পকাবন্ধা, ISBN 978-81-975772-1-5৷
- ↑ https://www.sentinelassam.com/north-east-india-news/assam-news/assam-festschrift-and-english-anthologies-launched-in-dibrugarh
- ↑ https://rongilibarta.com/literary-critic-dr-ananda-bormudoi-honored-and-felicitated/