সমললৈ যাওক

সমিৰণ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সমিৰণ বৰুৱা
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বিষয় চিত্ৰশিল্পী
উল্লেখনীয় কৰ্মৰাজি ৰৌৰিং ইন এন এনচিয়েণ্ট নাইট ইন কুণ্ডিল নগৰ

সমিৰণ বৰুৱা (ইংৰাজী: Samiran Baruah) অসমৰ এগৰাকী প্ৰতিষ্ঠিত চিত্ৰশিল্পী। সত্তৰৰ দশকত আত্মপ্ৰকাশ কৰা তৰুণ অসমীয়া চিত্ৰকৰসকলৰ ভিতৰত সমিৰণ বৰুৱা উল্লেখযোগ্য।[1] তেওঁ ভাৰতৰ গুৱাহাটীস্থিত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সহযোগী। ইণ্ডিয়া ফাউণ্ডেশ্যন ফৰ দ্য আৰ্টছ, বেংগালুৰু, ইণ্ডিয়াৰ আৰ্থিক সাহায্যত অসমীয়া সাঁচিপতীয়া পুথিৰ ক্ষুদ্ৰ চিত্ৰকলাৰ ডিজিটেল আৰ্কাইভৰ কাম কৰিছিল।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. মৌচুমী কন্দলী (জানুৱাৰী, ২০২৫). কলা বীক্ষণ. প্ৰকাশক গুৱাহাটী: বান্ধৱ. পৃষ্ঠা. ৮২. ISBN 978-93-94594-63-0.
  2. "Author : Samiran Boruah Samiran Boruah". https://indianreview.in/. 2011. https://indianreview.in/nonfiction/an-introduction-to-the-contemporary-paintings-in-assam/ আহৰণ কৰা হৈছে: 19 January 2025.