সম্প্ৰদায়

সম্প্ৰদায় হৈছে সৰু বা ডাঙৰ জনগোষ্ঠী যাৰ ভিতৰত কিছু বিষয়; যেনে সামাজিক প্ৰথা, ধৰ্ম, মূল্যবোধ আৰু সামাজিক পৰিচয়ৰ মিল থাকে। সম্প্ৰদায় প্ৰায়েই এটা নিৰ্দিষ্ট ভৌগোলিক অৱস্থাৰ (যেনে: দেশ, চহৰ, বা গাঁও) আধাৰত গঢ় লৈ উঠে। যদিও সকলো ক্ষেত্ৰত নহয়। নিৰ্দিষ্ট ভৌগোলিক অৱস্থাৰ বাহিৰতো দীঘলীয়া সম্পৰ্ক গঢ়ি উঠিলে তাক সম্প্ৰদায় বুলি কোৱা হয়। এনে সম্প্ৰদায়ৰ এটা ভাল উদাহৰণ হৈছে ইণ্টাৰনেট সম্প্ৰদায়। মানুহে এই ধৰণৰ সামাজিক সম্পৰ্কক তেওঁলোকৰ পৰিচয়, নীতি-নিয়ম আৰু সামাজিক বিভিন্ন ক্ষেত্ৰত; যেনে পৰিয়াল, কৰ্মক্ষেত্ৰ, চৰকাৰ, সমাজ, বা মানৱ সেৱাত ভূমিকা ৰাখিবলৈ গুৰুত্ব দিয়ে।[1][2] যদিও সম্প্ৰদায় বুলি সাধাৰণতে সৰু পৰিসৰত ব্যক্তিগত সামাজিক সম্পৰ্কক বুজোৱা হয়, "সম্প্ৰদায়" বুলি ডাঙৰ জনগোষ্ঠী, যেনে জাতীয় সম্প্ৰদায়, আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়, ভাৰ্চুৱেল সম্প্ৰদায়ৰ লগতো একাত্মতা বুজোৱা হয়।
বিভিন্ন শাখাৰ দৃষ্টিভংগি
[সম্পাদনা কৰক]সম্প্ৰদায় অধ্যয়ন
[সম্পাদনা কৰক]সম্প্ৰদায় অধ্যয়ন হৈছে সমাজ বিজ্ঞান আৰু নৃতত্ত্ব তথা নৃগোষ্ঠীবিদ্যাৰ সামাজিক গৱেষণা পদ্ধতি আৰু অংশগ্ৰহণকাৰী পৰ্যবেক্ষণৰ গৱেষণাৰ ক্ষেত্ৰ। পৃথিৱীৰ বিভিন্ন পাঠ্যক্ৰমত সম্প্ৰদায় অধ্যয়ন নৃতত্ত্ব বা সমাজবিজ্ঞানেৰ উপশাখা হিচাপে বা স্বতন্ত্ৰ শাখা হিচাপে পঢ়োৱা হয়। এই পাঠ্যক্ৰম সাধাৰণতে আন্তঃবিষয়ক আৰু সম্পূৰ্ণ তাত্ত্বিক নহয়, ব্যৱহাৰিক দৃষ্টিভংগিৰে সাজি দিয়া হয়।[3] আকৌ সম্প্ৰদায় অধ্যয়ন অন্য ক্ষেত্ৰৰ লগতো মিলাই পঢ়োৱা হয়, যেনে "নগৰ আৰু সম্প্ৰদায় অধ্যয়ন", "স্বাস্থ্য আৰু সম্প্ৰদায় অধ্যয়ন", বা "পৰিয়াল আৰু সম্প্ৰদায় অধ্যয়ন।" [4]
সামাজিক বিজ্ঞানৰ দৰ্শন
[সম্পাদনা কৰক]সামাজিক বিজ্ঞানৰ দৰ্শন হৈছে সমাজ বিজ্ঞান, নৃতত্ত্ব, আৰু ৰাজনৈতিক বিজ্ঞানৰ যুক্তি আৰু পদ্ধতি অধ্যয়ন। সামাজিক বিজ্ঞানৰ দাৰ্শনিকসকলে সামাজিক আৰু প্ৰাকৃতিক বিজ্ঞানৰ পাৰ্থক্য আৰু সাদৃশ্য, সামাজিক ঘটনাবলীৰ কাৰণ, সামাজিক আইনসমূহৰ সম্ভাৱ্য অস্তিত্ব, আৰু সংগঠন আৰু সংস্থাপনাৰ তাত্ত্বিক গুৰুত্ব বিষয়ে আলোচনা কৰে।
নৃতত্ত্ব
[সম্পাদনা কৰক]সাংস্কৃতিক নৃতত্ত্ব হৈছে নৃতত্ত্বৰ এটা শাখা য'ত মানুহৰ মাজত সাংস্কৃতিক পাৰ্থক্যৰ বিষয়ে আলোচনা কৰা হয়। ই সামাজিক নৃতত্ত্বৰ বিপৰীত। সামাজিক নৃতত্ত্বত কোৱা হয় সাংস্কৃতিক পাৰ্থক্য হৈছে নৃতাত্ত্বিক ধ্ৰুবকৰ এটা উপশাখা। সাংস্কৃতিক নৃতত্ত্বৰ কেইটামান পদ্ধতি হৈছে অংশগ্ৰহণকাৰী পৰ্যবেক্ষণ (ফিল্ডৱৰ্ক বুলিও কোৱা হয়), সাক্ষাৎকাৰ আৰু জৰিপ।[5]
পুৰাতত্ত্ব
[সম্পাদনা কৰক]পুৰাতাত্ত্বিক গৱেষণাত "সম্প্ৰদায়" শব্দটো দুবিধ ভাবে ব্যৱহৃত হয়। প্ৰথম অনানুষ্ঠানিক সংজ্ঞা অনুসৰি সম্প্ৰদায় হৈছে এনে এটা স্থান য'ত মানুহে বাস কৰে। অৰ্থাৎ ই পুৰণি বসতি, গাঁও বা নগৰৰ সমৰ্থক। দ্বিতীয় সংজ্ঞা অনুসৰি সম্প্ৰদায়ক অন্যান্য সামাজিক বিজ্ঞানৰ দিশৰ সমৰ্থক হিচাপে কোৱা হয়: সম্প্ৰদায় হৈছে কাষৰ-পাতৰ মানুহৰ এটা গোট যিয়ে সামাজিকভাৱে একে-অন্যৰ লগত যোগাযোগ কৰে। সামাজিক সম্পৰ্ক কম হলে পুৰাতাত্ত্বিক তথ্য উলিয়াবলৈ অসুবিধা হয়। পুৰাতত্ত্ববিদসকলে অতীতৰ সম্প্ৰদায়ৰ ধাৰণা পোৱাৰ বাবে সাধাৰণতে ভৌত সংস্কৃতিৰ সাদৃশ্য ব্যৱহাৰ কৰে, যেনে ঘৰ-বাৰী অথবা মাটিৰ শিল্পৰ শৈলী। তেওঁলোকে ভাবে যে একে সম্প্ৰদায়ৰ ঘৰ-বাৰী আৰু শিল্পশৈলীত মিল থাকিব।[6][7]
মনোবিজ্ঞান
[সম্পাদনা কৰক]সম্প্ৰদায় মনোবিজ্ঞান ব্যক্তিকেন্দ্ৰিকৰ পৰা আৰম্ভ কৰি বৃহত্তৰ সমাজ পৰ্যন্ত বিষয় অধ্যয়ন কৰে আৰু ব্যক্তিৰ লগত সম্প্ৰদায় আৰু সমাজৰ সম্পৰ্ক নিৰ্ধাৰণ কৰে।[8] সম্প্ৰদায় মনোবিজ্ঞানীসকলে গোট, সংগঠন আৰু প্ৰতিষ্ঠান, সম্প্ৰদায়, আৰু সমাজৰ মাজত ব্যক্তিৰ জীৱনৰ গুণগত মান বিচাৰে। তেওঁলোকৰ লক্ষ্য হৈছে একেলগে গৱেষণা আৰু কামৰ জৰিয়তে জীৱনমান উন্নয়ন কৰা।[9]
সম্প্ৰদায়ৰ ধৰণ
[সম্পাদনা কৰক]সম্প্ৰদায়ক বিভিন্ন ভাগত বিভাজন কৰাৰ প্ৰস্তাব দিয়া হৈছে। ইয়াৰ ভিতৰত এটা হৈছে:
- অৱস্থান-ভিত্তিক সম্প্ৰদায়: স্থানীয় মহল্লাৰ পৰা আৰম্ভ কৰি, উপচহৰ, গাঁও, চহৰ, অঞ্চল, দেশ বা সমগ্ৰ পৃথিৱী।
- পৰিচয়-ভিত্তিক সম্প্ৰদায়: স্থানীয় গোটৰ পৰা আৰম্ভ কৰি, উপ-সংস্কৃতি, ক্ষুদ্ৰ জাতিসত্তা, ধৰ্মীয় গোট, একাধিক সংস্কৃতি, বা বিশ্বায়নৰ ফলত বৰ্তমান বৈশ্বিক সংস্কৃতি।
- সংঘ-ভিত্তিক সম্প্ৰদায়: পৰিয়ালৰ পৰা আৰম্ভ কৰি বিভিন্ন নেটৱৰ্ক-ভিত্তিক সংঘ, কেইটামান সংঘৰ সংমিশ্ৰণ, ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণকাৰী সংগঠন, অৰ্থনৈতিক সংগঠন, পেচাদাৰী সংগঠন।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ James, Paul; Nadarajah, Yaso; Haive, Karen; Stead, Victoria (2012)। "Sustainable Communities, Sustainable Development: Other Paths for Papua New Guinea।" Honolulu: University of Hawaii Press. p. 14।
- ↑ See also James, Paul (2006)। "Globalism, Nationalism, Tribalism: Bringing Theory Back In —Volume 2 of Towards a Theory of Abstract Community।" London: Sage Publications।
- ↑ The University of California at Santa Cruz has an interdisciplinary Community Studies Department।
- ↑ Urban and Community Studies at the University of Toronto; The Institute of Health and Community Studies at Bournemouth University, UK, and The Faculty of Child, Family and Community Studies at Douglas College, New Westminster BC, Canada.
- ↑ Johnson, Christopher (2003)। Claude Levi-Strauss: the formative years। Cambridge University Press, p.31।
- ↑ Canuto, Marcello A. and Jason Yaeger (editors) (2000)। The Archaeology of Communities। Routledge, New York।
- ↑ Hegmon, Michelle (2002)। Concepts of Community in Archaeological Research. In Seeking the Center: Archaeology and Ancient Communities in the Mesa Verde Region, edited by Mark D. Varien and Richard H. Wilshusen, pp. 263-279. University of Utah Press, Salt Lake City।
- ↑ Jim Orford (2008). Community Psychology: Challenges, Controversies and Emerging Consensus। John Wiley and Sons।
- ↑ Dalton, J.H., Elias, M.J., & Wandersman, A. (2001)। "Community Psychology: Linking Individuals and Communities।" Stamford, CT: Wadsworth।