সম্বলপুৰী শাৰী
![sambalpuri saree design]](http://upload.wikimedia.org/wikipedia/commons/thumb/5/5b/Sambalpuri_saree1.jpg/250px-Sambalpuri_saree1.jpg?utm_source=as.wikipedia.org&utm_campaign=parser&utm_content=thumbnail)
![mayur design sambalpuri saree pallu]](http://upload.wikimedia.org/wikipedia/commons/thumb/1/15/Sambalpuri_saree_pallu.jpg/250px-Sambalpuri_saree_pallu.jpg?utm_source=as.wikipedia.org&utm_campaign=parser&utm_content=thumbnail)
সম্বলপুৰী শাৰী হৈছে পৰম্পৰাগত হাতেৰে বোৱা বন্ধা ( ikat ) শাৰী (স্থানীয়ভাৱে "সম্বলপুৰী বন্ধ" সাধি বা শাৰী বুলি কোৱা হয়) য'ত বোৱাৰ আগতে ৱাৰ্প আৰু ৱেফ্ট বান্ধি ৰং কৰা হয়। ভাৰতৰ ওড়িশাৰ সম্বলপুৰ, বৰগড়, বালাংগীৰ, বৌধ আৰু সোণেপুৰ জিলাত ইয়াৰ উৎপাদন হয়। শাৰী ভাৰত উপমহাদেশৰ মহিলাই পৰিধান কৰা পৰম্পৰাগত কাপোৰ, চাৰিৰ পৰা ন মিটাৰ দীঘল চিলাই নোহোৱা কাপোৰৰ গঠিত এই শাৰী বিভিন্ন শৈলীত শৰীৰৰ ওপৰত মেৰিয়াই লোৱা হয়।
সম্বলপুৰী শাৰীত শংখ, চক্ৰ , ফুল আদি পৰম্পৰাগত মটিফৰ অন্তৰ্ভুক্তিৰ বাবে জনাজাত, এই সকলোবোৰৰ থলুৱা ওডিয়া সংস্কৃতিৰ সৈতে গভীৰ প্ৰতীকী সম্পৰ্ক আছে। ৰঙা, ক'লা আৰু বগা ৰঙে ভগৱান কালিয়া (জগন্নাথ) ৰ মুখৰ ৰঙক প্ৰতিনিধিত্ব কৰে। এই শাৰীবোৰৰ উল্লেখযোগ্য বৈশিষ্ট্য হ'ল 'বন্ধকলা'ৰ পৰম্পৰাগত কাৰুকাৰ্য্য- টাই-ডাই শিল্প ইহঁতৰ জটিল বয়নত প্ৰতিফলিত হয়, যাক সম্বলপুৰী " ইক্কাট " বুলিও কোৱা হয়। এই কৌশলত প্ৰথমে সূতাবোৰ টাই-ডাই কৰি পিছলৈ কাপোৰ বোৱা হয়, সমগ্ৰ প্ৰক্ৰিয়াটোত বহু সপ্তাহ সময় লাগে। প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এই শাৰী পিন্ধিবলৈ আৰম্ভ কৰাৰ লগে লগে ৰাজ্যৰ বাহিৰত এই শাৰীবোৰ প্ৰথমে জনপ্ৰিয় হৈ পৰিছিল। ১৯৮০ আৰু নব্বৈৰ দশকত সমগ্ৰ ভাৰততে এইবোৰ জনপ্ৰিয় হৈ পৰিছিল ৷ [1] এই কলাৰ চৰ্চা কৰা শিপিনীসকলক সুৰক্ষা প্ৰদান কৰিবলৈ ওড়িশাৰ সম্বলপুৰ আৰু বেৰহামপুৰ (বেৰহামপুৰ পট্টা)ত নিৰ্মিত হস্ততাঁত ৰেচমৰ শাৰীসমূহ ভাৰত চৰকাৰৰ ভৌগোলিক সূচক (জি আই) পঞ্জীয়নত অন্তৰ্ভুক্ত কৰা হৈছে।
সম্বলপুৰী শাৰী
[সম্পাদনা কৰক]সম্বলপুৰী শাৰী হাতৰ তাঁতশালত বোৱা কাপোৰৰ পৰা তৈয়াৰ কৰা হয় ৷ সম্বলপুৰী শাৰীৰ বিভিন্ন প্ৰকাৰৰ ভিতৰত সোনেপুৰী, পছাপালী, বমকাই, বৰপালী, বাপতা শাড়ীৰ চাহিদা বেছি। ইয়াৰে অধিকাংশই ইয়াৰ উৎপত্তিস্থলৰ নামেৰে নামকৰণ কৰা হৈছে আৰু জনপ্ৰিয়ভাৱে পাটা নামেৰে জনাজাত। তুছাৰ শাৰীত মথুৰা বিজয়, ৰাসলীলা আৰু অযোধ্যা বিজয়ক চিত্ৰিত কৰা চিত্ৰসমূহৰ উৎপত্তি ‘ৰঘুৰাজপুৰ পট্টা চিত্ৰ'ৰ পৰা হৈছে।
কাপোৰ আৰু ডিজাইন
[সম্পাদনা কৰক]
বান্ধ কাপোৰ টাই-ডাই কৌশল ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। পৰিকল্পিত অংশৰ বাবে নিৰ্ধাৰিত ৰং বেলেগ অংশই শোষণ নকৰিবলৈ আকাংক্ষিত আৰ্হি অনুসৰি সূতা বান্ধি লোৱা হয়, আৰু তাৰ পিছত ৰং কৰা হয়। [2] এনেদৰে উৎপাদিত সূতা বা সূতাৰ গোটক ‘বান্ধ’ বোলা হয়। এই ধৰণৰ ডিজাইনৰ অনন্য বৈশিষ্ট্য হ’ল কাপোৰৰ দুয়োফালে ডিজাইনবোৰ প্ৰায় একেদৰে প্ৰতিফলিত হয়। কাপোৰখন এবাৰ ৰং কৰিলে ইয়াক কেতিয়াও আন ৰংলৈ ব্লিচ কৰিব নোৱাৰি। [3]
এই বহুমুখী কৌশলে এজন শিল্পীক ৰঙীন ডিজাইন, আৰ্হি আৰু ছবি বোৱাই কোনো চিন্তাক অনুপ্ৰাণিত কৰিব পৰা বা বাৰ্তা প্ৰেৰণ কৰিব পৰা কৌশল কাপোৰত বোৱাবলৈ সক্ষম কৰি তোলে। পৰম্পৰাগতভাৱে শিল্পীসকলে উদ্ভিদ বা প্ৰাণীজগতৰ প্ৰতিচ্ছবিৰে বা জ্যামিতিক আৰ্হিৰে বান্ধ সৃষ্টি কৰিছিল। শেহতীয়াকৈ, প্ৰতিকৃতি, প্ৰাকৃতিক দৃশ্য আৰু ফুলৰ গুটি চিত্ৰিত নতুন ধৰণৰ বান্ধ ডিজাইন কৰা হৈছে।
মোগলৰ হাতত চৌহান সাম্ৰাজ্যৰ পতনৰ পিছত ১১৯২ খ্ৰীষ্টাব্দত উত্তৰ ভাৰতৰ পৰা পলায়ন কৰা ভুলীয়া সম্প্ৰদায়ৰ সৈতে এই শিল্প পশ্চিম ওড়িশালৈয়ো প্ৰব্ৰজন কৰিছিল ৷ তেতিয়াৰ পৰা ১৯২৫ চনলৈকে ই পশ্চিম ওড়িশাত সীমিত সংখ্যক ডিজাইন আৰু শাক-পাচলিৰ ৰঙত ফুলি উঠে আৰু ইয়াৰ বেছিভাগেই ওড়িশাৰ মহিলাসকলে ব্যৱহাৰ কৰা শাৰী।
অধিক পঢ়ক
[সম্পাদনা কৰক]- The Orissan art of weaving, কেছাবচন্দ্ৰ মেহেৰাৰ দ্বাৰা, প্ৰকাশক: কেশব চন্দ্ৰ মেহেৰ, ১৯৯৫।
- Indian ikat textiles, ভি এণ্ড এ মিউজিয়াম ইণ্ডিয়ান আৰ্ট ছিৰিজ। ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়ামৰ ৰোজমেৰী ক্ৰিলৰ দ্বাৰা। ভি এণ্ড এ পাব্লিকেচনছ, ১৯৯৮। .
তথ্যসূত্ৰসমূহ
[সম্পাদনা কৰক]- ↑ "How sambalpuri sarees are suitable for all season" Archived 13 January 2022 at the Wayback Machine Hindustan Times, 5 September 2009.
- ↑ "A glimpse at Sambalpuri Saree of Odisha". https://www.bsmjsambalpuri.in/2023/02/a-glimpse-at-sambalpuri-saree-of-odisha.html.
- ↑ "The History of Indian Sarees: A Legacy for Centuries". 13 February 2020. https://nidhishekhawat.hatenablog.com/entry/2020/02/13/170702.