সম্বৰণ
সম্বৰণ মহাভাৰতত এজন ৰজাৰ নাম। তেওঁ তাপ্তিৰ স্বামী আৰু কুৰুৰ পিতৃ আৰু ঋক্ষৰ পুত্ৰ।[1]
মহাভাৰতত সম্বৰণ
[সম্পাদনা কৰক]| সম্বৰণ | |
|---|---|
মহাভাৰতৰ এজন ৰজা | |
| Information | |
| দাম্পত্যসঙ্গী | তাপ্তি |
| সন্তান | কুৰু |
| আত্মীয় | ঋক্ষ(পিতা) |
আদি পৰ্বত উল্লেখ থকামতে, এসময়ত সম্বৰণে তেওঁৰ শাসনকালত প্ৰজাসকলৰ মাজত এক বৃহৎ দুৰ্যোগৰ সৃষ্টি হৈছিল। সকলো ধৰণৰ মহামাৰীৰ লগতে দুৰ্ভিক্ষ, খৰাং আৰু অতিমাৰীৰ সৃষ্টি হৈছিল। তাৰ ওপৰতে এক বৃহৎ সৈন্যবাহিনীৰে শক্তিশালী শত্ৰুৱে দেশখন আক্ৰমণ কৰাত ৰজাই পৰিয়াল, বন্ধু-বান্ধৱী আৰু মন্ত্ৰীসকলৰ সৈতে পলায়ন কৰি আহি সিন্ধু নদীৰ কাষৰীয়া বনাঞ্চলত বসতি স্থাপন কৰিবলগীয়া হয়। তাৰ পাছত এদিন ঋষি বশিষ্ঠ তেওঁলোকৰ ওচৰলৈ গৈ আঠ বছৰ তেওঁলোকৰ লগত থাকিল। ইয়াৰ পিছত সম্বৰণে তেওঁক নিজৰ পুৰোহিত কৰাৰ সংকল্প লয় আৰু তেওঁৰ সহায়ত তেওঁৰ সমগ্ৰ ৰাজ্য আৰু ক্ষমতা পুনৰ লাভ কৰে।[2]
তাপ্তিৰ লগত বিবাহ
[সম্পাদনা কৰক]এবাৰ ৰজাই তেওঁ উঠি ফুৰা ঘোঁৰাটোৰ মৃত্যু হোৱাত এটা পাহাৰত খোজ কাঢ়ি বিচৰণ কৰি আছিল। হঠাৎ তেওঁ সপোন সপোন যেন লগা এগৰাকী অতুলনীয় সৌন্দৰ্যৰ এগৰাকী যুৱতী দেখা পালে। ৰজাই ছোৱালীজনীক তেওঁৰ বিষয়ে জানিবলৈ মাত দিওঁতেই তেওঁ অদৃশ্য হৈ পৰিল।। তাকে দেখি ৰজা স্তম্ভিত হৈ পৰিল। কিন্তু অলপ পাছত তেওঁ পুনৰ আবিৰ্ভূত হ’ল আৰু ক’লে যে তেওঁ সূৰ্য দেৱতা বিৱস্বতৰ কন্যা আৰু তেওঁ ৰজাক বিয়া কৰাব পাৰে নে নাই, সেইটো সিদ্ধান্ত দেউতাকেহে ল’ব পাৰিব।
ৰজাৰ মনত কি চলি আছে সেই কথা অন্তৰ্দৃষ্টিৰে জানিব পাৰি বশিষ্ঠ মুনি সোনকালে আহি উপস্থিত হ’ল আৰু ৰজাই তেওঁৰ দিহাতে পাহাৰত অকলশৰে বাৰ দিন থাকি সূৰ্যক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিলে। ৰজাই মুনিক তেওঁৰ হৈ সূৰ্য দেৱতাৰ ওচৰলৈ যাবলৈ ক’লে, যাৰ বাবে প্ৰস্তাৱিত বিবাহৰ বাবে তেওঁৰ কন্যা তপতীক ৰজাৰ হাতত দিবলৈ সহজেই সন্মত হ’ল।
বাৰ বছৰ ধৰি ৰজাই নিজৰ কৰ্তব্যৰপৰা সম্পূৰ্ণৰূপে আঁতৰি আহি পাহাৰত পত্নীৰ সৈতে সুখেৰে বাস কৰিছিল। কিন্তু তাৰ পিছত দেশখনত এক বিপজ্জনক খৰাং পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়া বশিষ্ঠই সম্ৱৰণ আৰু তেওঁৰ পত্নীক পুনৰ ৰাজ্যলৈ মাতিলে, তেওঁলোক উভতি অহাৰ ফলত সকলো নাগৰিক সুখ আৰু সমৃদ্ধিৰে বাস কৰিবলৈ সক্ষম হয়।[3]