সমললৈ যাওক

সহ্যাদ্ৰিছ বন এন্দুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সহ্যাদ্ৰিছ বন এন্দুৰ

Sahyadris forest rat

সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: প্ৰাণী
পৰ্ব: পৃষ্ঠদণ্ডী
শ্ৰেণী: স্তন্যপায়ী
বৰ্গ: Rodent
পৰিয়াল: Muridae
গণ: Rattus
প্ৰজাতি: R. satarae
দ্বৈৰাশিক নামকৰণ
Rattus satarae
Hinton, 1918

সহ্যাদ্ৰিছ বন এন্দুৰ (ইংৰাজী: Sahyadris forest rat; বৈ‍জ্ঞানিক নামঃ Rattus satarae) মুৰিদাই পৰিয়ালৰ অন্তৰ্গত এক এন্দুৰ প্ৰজাতি। ই ভাৰতৰ উত্তৰ পশ্চিম ঘাটৰ স্থানীয় প্ৰাণী য'ত ই তিনিটা অঞ্চলত বিভক্ত, মহাৰাষ্ট্ৰৰ সতৰা, তামিলনাডুৰ নীলগিৰি পৰ্বত আৰু কৰ্ণাটকৰ কোদাগু জিলা।[1]

অসুৰক্ষিত প্ৰজাতি‍

[সম্পাদনা কৰক]

ৰাট্টুছ সটাৰে (Rattus satarae)আই ইউ চি এন-এ অসুৰক্ষিত প্ৰজাতি‍ বুলি তালিকাভুক্ত কৰিছে কাৰণ ইয়াৰ বিচৰণক্ষেত্ৰ ২০০০ বৰ্গকিলোমিটাৰতকৈ‍ও কম বনাঞ্চলৰ মাজৰ বাসস্থানত সীমাৱদ্ধ হৈ আছে। ইয়াক পোৱা স্থানসমূহ অতি খণ্ডিত আৰু ইয়াৰ বাসস্থানৰ পৰিৱৰ্তনৰ বাবে ই অসুৰক্ষিত৷ এই প্ৰজাতিটোৰ বাসস্থানৰ মান অৱনমিত হৈছে আৰু সংখ্যাৰ ক্ষেত্ৰত প্ৰাপ্তবয়স্কৰ সংখ্যা হ্ৰাস পাইছে৷ ইয়াৰ বাসস্থানৰ পৰিৱৰ্তনৰ প্ৰতি ই অতি সংবেদনশীল। এই প্ৰজাতিটোৱে সন্মুখীন হোৱা মূল ভাবুকিসমূহ হ'ল বাগিচাৰ বাবে বনাঞ্চল ধ্বংস, কাঠ কটা, কীটনাশক ব্যৱহাৰ আৰু বিদেশী প্ৰজাতিৰ গছপুলি‍ ৰোপণ।[1]

বাসস্থান

[সম্পাদনা কৰক]

ভাৰতৰ ৭০০ৰ পৰা ২,১৫০ মিটাৰ উচ্চতাৰ ভিতৰৰ উত্তৰ পশ্চিম ঘাটৰ আৰ্দ্ৰ পৰ্ণপাতী আৰু চিৰসেউজ অৰণ্যতহে এই প্ৰজাতিটো দেখা যায়৷ ই কেৱল গছৰ মাজত বা ওখ আচ্ছাদনত থকা বাহ বা গাঁতত বাস কৰে, মাজে মাজেহে গছ বা লতা গছৰ গুৰিৰ ওচৰৰ মাটিলৈ যায়। ই ফল-মূল আৰু পোক-পৰুৱা খায়।[1][2]

ৰাট্টুছ সটাৰে (Rattus satarae) দেখাত দীঘল, শৰীৰত কোমল নোম থাকে আৰু পিঠি সোণালী মুগা আৰু তলৰ ফাল বগা। ইয়াৰ নেজডাল বৰ দীঘল।[2] ইয়াৰ ৰূপ একে হোৱাৰ বাবে ইয়াক প্ৰথমে ক’লা নিগনি (Rattus rattus)ৰ উপপ্ৰজাতি হিচাপে বৰ্ণনা কৰা হৈছিল। কিন্তু ডি এন এৰ প্ৰমাণে দেখুৱাইছে যে ইহঁত একেটা অঞ্চলত বাস কৰাৰ পাছতো ইহঁত দুটা সুকীয়া প্ৰজাতি আৰু ইহঁতৰ কোনো আন্তঃপ্ৰজনন নহয়। ইহঁতৰ সাদৃশ্য একেটা পৰিৱেশগত স্থানত ভাগ কৰাৰ ফলত অভিসৰণৰ বাবে হোৱা বুলি ভবা হয়।[3]

আলোকচিত্ৰ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 Molur, S. (2016). Rattus satarae.
  2. 1 2 Musser, GG; Carleton, MD (2005). Superfamily Muroidea. In Wilson, DE & Reeder, DM (eds.). Mammal Species of the World. 3rd ed. JHU Press.
  3. Pagès, Marie (2011). "Morphological, chromosomal, and genic differences between sympatric Rattus rattus and Rattus satarae in South India". Journal of Mammalogy খণ্ড 92 (3): 659–670. doi:10.1644/10-MAMM-A-033.1. https://archive.org/details/sim_journal-of-mammalogy_2011-06_92_3/page/659.