সমললৈ যাওক

সাঁৱৰীয়া জী মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাঁৱলিয়া জী মন্দিৰ মণ্ডফিয়া
স্থান
ৰাজ্য ৰাজস্থান
জিলা চিত্তৌৰগড়
এলেকা সাঁৱলিয়া জী- মণ্ডফিয়া
স্থানাংক 24°40′N 74°24′E / 24.66°N 74.40°E / 24.66; 74.40স্থানাংক: 24°40′N 74°24′E / 24.66°N 74.40°E / 24.66; 74.40
ইতিহাস
প্ৰতিস্থাপক ভিণ্ডৰ (উদয়পুৰ)ৰ শক্তাৱাত শাসক
পৰিচালক ৰাজস্থান চৰকাৰ
ৱেবছাইট https://shrisanwariyaseth.org/

সাঁৱৰীয়া জী মন্দিৰ হʼল ৰাজস্থানৰ চিত্তৌৰগড় জিলাত অৱস্থিত ভগৱান শ্ৰীকৃষ্ণক উৎসৰ্গিত এটি প্ৰসিদ্ধ হিন্দু মন্দিৰ৷ এই মন্দিৰটোক শ্ৰী সাঁৱলিয়া ছেঠ নামেৰেও জনা যায়৷[1][2]

কিংবদন্তি

[সম্পাদনা কৰক]

কিংবদন্তি অনুসৰি, ১৮৪০ চনত ভোলাৰাম নামৰ এজন গৰখীয়াই বাগুণ্ড গাঁৱৰ ছাপৰ নামে ঠাইত মাটিৰ তলত পুতি থোৱা তিনিটা ঐশ্বৰিক মূৰ্তিৰ সপোন দেখিছিল। এই স্থানত খননৰ সময়ত ভগৱান শ্ৰীকৃষ্ণৰ তিনিটা মূৰ্তি পোৱা গৈছিল, যিটো সপোনত দেখা গৈছিল। ইয়াৰে এটা মূৰ্তি মণ্ডফিয়াত, দ্বিতীয়টো ভাদসোড়াত আৰু তৃতীয়টো মূৰ্তি বাগুণ্ড গাঁৱৰ ছাপৰত স্থাপন কৰা হৈছিল, যʼত মূৰ্তিটো পোৱা গৈছিল। এই তিনিওটা ঠাইতে মন্দিৰ নিৰ্মাণ কৰা হৈছিল আৰু প্ৰায় ৫ কিলোমিটাৰ দূৰত্বৰ ব্যৱধানত এই সকলোবোৰ মন্দিৰ এটা-আনটোৰ ওচৰতে অৱস্থিত।[3]

প্ৰধান মন্দিৰ

[সম্পাদনা কৰক]

এই তিনিটা মন্দিৰৰ ভিতৰত মণ্ডফিয়াৰ মন্দিৰক সাঁৱলিয়া জী ধাম (সাঁৱলিৰ বাসস্থান) হিচাপে প্ৰতিষ্ঠিত কৰা হৈছে। এই মন্দিৰটো ৰাজস্থান, মধ্যপ্ৰদেশ আৰু গুজৰাটৰ পৰা অহা ভক্তসকলৰ বাবে এক প্ৰধান তীৰ্থস্থান।[4]

সাঁৱলিয়া জী মন্দিৰ, চিত্তৌৰগড় ৰেলৱে ষ্টেচনৰ পৰা ৪১ কিলোমিটাৰ দূৰত্বত আৰু ডবোক বিমানবন্দৰৰ পৰা ৬৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই মন্দিৰটো শ্ৰী নাথদ্বাৰৰ পিছত বৈষ্ণৱ পন্থাৰ অনুগামীসকলৰ বাবে দ্বিতীয়টো গুৰুত্বপূৰ্ণ তীৰ্থস্থান বুলি গণ্য কৰা হয়।[5][6]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "राजस्थान का सांवलिया सेठ मंदिर: यहां भगवान हैं बिजनेस पार्टनर, जानिये क्या है पूरा इतिहास" (hi-IN ভাষাত). News18 हिंदी. https://hindi.news18.com/photogallery/rajasthan/chittorgarh-sanwaliya-seth-temple-god-is-a-business-partner-here-know-what-is-the-whole-history-rjsr-3581030.html। আহৰণ কৰা হৈছে: 2021-11-28. 
  2. "सांवलिया सेठ मंदिर, चित्तौड़गढ़: एक अद्भुत कहानी" (hi ভাষাত). Herzindagi. https://www.herzindagi.com/hindi/diary/sanwariya-seth-mandir-chittorgarh-story-article-299517। আহৰণ কৰা হৈছে: 2021-11-28. 
  3. "राजस्थान का सांवलिया सेठ मंदिर: यहां हर भक्त बनता है अमीर" (hi ভাষাত). Patrika News. https://www.patrika.com/jaipur-news/visit-this-krishna-temple-in-rajasthan-on-janmashtami-every-devotee-becomes-a-rich-man-here-18930742। আহৰণ কৰা হৈছে: 2021-11-28. 
  4. "यहां भगवान को बना दिया बिजनेस पार्टनर: दिलचस्प कारण" (hi-IN ভাষাত). News18 हिंदी. https://hindi.news18.com/photogallery/madhya-pradesh/opium-smugglers-here-make-the-sanwariya-seth-god-a-business-partner-offering-black-gold-in-donations-an-interesting-reason-7901053-page-6.html। আহৰণ কৰা হৈছে: 2021-11-28. 
  5. dinesh. "राजस्थान का अद्भुत मंदिर जहां लोग जितना चढ़ाते हैं उससे कई गुणा ज्यादा पाते हैं" (hi ভাষাত). Patrika News. https://m.patrika.com/chittorgarh-news/sanwaliya-seth-temple-chittorgarh-rajasthan-2398436/। আহৰণ কৰা হৈছে: 2021-11-28. 
  6. "सांवलिया सेठ मंदिर, चित्तौड़गढ़: एक अद्भुत कहानी" (hi ভাষাত). Herzindagi. https://www.herzindagi.com/hindi/diary/sanwariya-seth-mandir-chittorgarh-story-article-299517। আহৰণ কৰা হৈছে: 2021-11-28. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]