সাংস্কৃতিক ইতিহাস
সাংস্কৃতিক ইতিহাস (ইংৰাজী: Cultural history) হৈছে এক অনুশাসন যিয়ে কোনো এক নিৰ্দিষ্ট জনসমষ্টিয়ে পছন্দ কৰা কলা আৰু আচাৰ-ব্যৱহাৰৰ সৈতে জড়িত সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিৱেশৰ জৰিয়তে অতীতৰ মানৱীয় ঘটনাসমূহ লিপিৱদ্ধ আৰু ব্যাখ্যা কৰে। জেকব বাৰ্কহাৰ্টক (১৮১৮–১৮৯৭) এজন প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰি সাংস্কৃতিক ইতিহাসক এক স্বতন্ত্ৰ শাখা হিচাপে গঢ়ি তোলাত তেওঁ সহায় কৰিছিল। সাংস্কৃতিক ইতিহাসে বিবেচনাধীন একোটা জনসমষ্টিয়ে গঢ়ি তোলা বিভিন্ন স্বকীয় জীৱন-ধাৰণৰ পদ্ধতিসমূহ নিৰ্দেশ কৰি মানৱ সমাজৰ অভিলেখসমূহ অধ্যয়ন আৰু ব্যাখ্যা কৰে। সাংস্কৃতিক ইতিহাসত অতীতৰ সামূহিক সাংস্কৃতিক কাৰ্যকলাপ, যেনে অনুষ্ঠান-পৰ্ব, বিভিন্ন শ্ৰেণীৰ মাজত প্ৰচলিত ৰীতি-নীতি আৰু স্থানীয় অঞ্চলসমূহৰ সৈতে হোৱা পাৰস্পৰিক ক্ৰিয়া-কলাপ আদি অন্তৰ্ভুক্ত থাকে।[1] ই নৃবিজ্ঞান আৰু ইতিহাসৰ দৃষ্টিভংগীক একত্ৰিত কৰি জনপ্ৰিয় সাংস্কৃতিক পৰম্পৰা আৰু ঐতিহাসিক অভিজ্ঞতাৰ সাংস্কৃতিক ব্যাখ্যাসমূহ পৰীক্ষা কৰে।
বিৱৰণ
[সম্পাদনা কৰক]বৰ্তমানৰ বহুতো সাংস্কৃতিক ইতিহাসবিদে ইয়াক এক নতুন দৃষ্টিভংগী বুলি দাবী কৰে, কিন্তু ১৯ শতিকাৰ ইতিহাসবিদসকলৰ কামত সাংস্কৃতিক ইতিহাসৰ উল্লেখ ইতিমধ্যে পোৱা গৈছিল। বিশেষকৈ নৱ-জাগৰণৰ ইতিহাসৰ ছুইছ পণ্ডিত জেকব বাৰ্কহাৰ্টৰ লেখাত ইয়াৰ স্পষ্ট প্ৰতিফলন দেখা যায়।[2]
সাংস্কৃতিক ইতিহাসৰ দৃষ্টিভংগীৰ সৈতে ফৰাচী আন্দোলন ‘হিষ্ট’ৰি ডেশ্ব মেণ্টালিটিজ’ আৰু তথাকথিত ‘নতুন ইতিহাস’ৰ মিল আছে। আমেৰিকা যুক্তৰাষ্ট্ৰত ই ‘আমেৰিকান ষ্টাডিজ’ ক্ষেত্ৰখনৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। ১৯ শতিকাত ইটালীৰ নৱ-জাগৰণৰ প্ৰেক্ষাপটত বাৰ্কহাৰ্টে যিদৰে সাংস্কৃতিক ইতিহাসৰ চৰ্চা কৰিছিল, সেই অনুসৰি ই কোনো এক নিৰ্দিষ্ট ঐতিহাসিক কালখণ্ডক সামগ্ৰিকভাৱে অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব দিছিল। ইয়াত কেৱল চিত্ৰকলা, ভাস্কৰ্য আৰু স্থাপত্যই নহয়, বৰঞ্চ সমাজৰ অৰ্থনৈতিক ভেটি আৰু দৈনন্দিন জীৱনৰ সামাজিক প্ৰতিষ্ঠানসমূহকো সামৰি লোৱা হৈছিল।[3] ২০ শতিকাত জোহান হুইজিংগাৰ ‘দ্য ৱানিং অৱ দ্য মিডল এজ’ (১৯১৯) গ্ৰন্থত বাৰ্কহাৰ্টৰ এই দৃষ্টিভংগীৰ প্ৰভাৱ দেখা যায়।[4]
প্ৰায়ে এই অধ্যয়নৰ কেন্দ্ৰবিন্দু হয় সমাজৰ সাধাৰণ শ্ৰেণীৰদ্বাৰা পালন কৰা পৰম্পৰাসমূহ, যেনে: কাৰ্নিভাল, উৎসৱ আৰু ৰাজহুৱা ৰীতি-নীতি; সাধুকথা, মহাকাব্য আৰু অন্যান্য মৌখিক পৰম্পৰা; মানৱ সম্পৰ্কৰ সাংস্কৃতিক বিৱৰ্তন (ধাৰণা, বিজ্ঞান, কলা, কৌশল); আৰু জাতীয়তাবাদৰ দৰে সামাজিক আন্দোলনৰ সাংস্কৃতিক প্ৰকাশ। সাংস্কৃতিক ইতিহাসে ক্ষমতা, আদৰ্শ, সামাজিক শ্ৰেণী, সংস্কৃতি, সাংস্কৃতিক পৰিচয়, দৃষ্টিভংগী, বৰ্ণ আৰু ধাৰণাৰ দৰে মূল ঐতিহাসিক ধাৰণাসমূহ পৰীক্ষা কৰে। বহুতো অধ্যয়নে ছপা মাধ্যমৰপৰা চলচ্চিত্ৰ আৰু বৰ্তমানৰ ইণ্টাৰনেটলৈকে পৰম্পৰাগত সংস্কৃতিৰ অভিযোজনসমূহ (টেলিভিছন, ৰেডিঅ’, বাতৰি কাকত, আলোচনী, পষ্টাৰ আদি) বিবেচনা কৰে। ইয়াৰ আধুনিক দৃষ্টিভংগীসমূহ শিল্প ইতিহাস, এনালিছ স্কুল, মাৰ্ক্সবাদী স্কুল আৰু নতুন সাংস্কৃতিক ইতিহাসৰপৰা আহিছে।[5]
সাম্প্ৰতিক সাংস্কৃতিক ইতিহাসৰ বাবে কিছুমান সাধাৰণ তাত্ত্বিক আধাৰৰ ভিতৰত আছে: জুৰ্গেন হাবাৰমাছৰ ‘ৰাজহুৱা ক্ষেত্ৰ’ৰ ধাৰণা; ক্লিফৰ্ড গিৰ্টজৰ ‘থিক ডেসক্ৰিপচন’ আৰু স্মৃতিৰ ধাৰণা।
ইতিহাস লিখন আৰু ফৰাচী বিপ্লৱ
[সম্পাদনা কৰক]সাংস্কৃতিক ইতিহাসৰ নতুন শৈলীক প্ৰায়ে ফৰাচী বিপ্লৱৰ "সংশোধনবাদী" ইতিহাস হিচাপে চিহ্নিত কৰা হয়। ১৯৭৮ চনত ফ্ৰঁচোৱা ফুৰেটৰ প্ৰভাৱশালী ৰচনা ‘ইণ্টাৰপ্ৰিটিং দ্য ফ্ৰেঞ্চ ৰিভলিউচন’ৰপৰা ইয়াৰ আৰম্ভণি বুলি ধৰা হয়। এই সংশোধনবাদী ব্যাখ্যায় পূৰ্বৰ প্ৰভাৱশালী মাৰ্ক্সবাদী "সামাজিক ব্যাখ্যা"ৰ স্থান লৈছিল, য’ত বিপ্লৱৰ কাৰণ হিচাপে সামাজিক শ্ৰেণীৰ সংঘাতক দেখুওৱা হৈছিল। সংশোধনবাদী দৃষ্টিভংগীয়ে "ৰাজনৈতিক সংস্কৃতি"ৰ ওপৰত অধিক গুৰুত্ব দিছে। হাবাৰমাছৰ ৰাজহুৱা ক্ষেত্ৰৰ ধাৰণাৰে ৰাজনৈতিক সংস্কৃতিক বুজিবলৈ চেষ্টা কৰা ইতিহাসবিদসকলে যোৱা কেইটামান দশকত প্ৰাক-বিপ্লৱী ফৰাচী ৰাজনৈতিক সংস্কৃতিৰ প্ৰেক্ষাপটত লিংগ, ৰীতি-নীতি আৰু আদৰ্শৰ দৰে সাংস্কৃতিক বিষয়সমূহৰ ভূমিকা পৰীক্ষা কৰিছে।
এই ধাৰাৰ ইতিহাসবিদসকলৰ ভিতৰত ৰজাৰ চাৰ্টিয়াৰ, ৰবাৰ্ট ডাৰণ্টন, লিন হাণ্ট আৰু চাৰাহ মাজা আদি অন্যতম। অৱশ্যে এই পণ্ডিতসকলৰ ভিন্ন স্বাৰ্থ আছে। কলিন জ'নছৰ দৰে ইতিহাসবিদে যুক্তি দিছে যে মাৰ্ক্সবাদী ব্যাখ্যা মৃত নহয়, ইয়াক পুনৰ উজ্জীৱিত কৰিব পৰা যায়। ইফালে, ৰেবেঁকা স্পাং-এ শেহতীয়াকৈ যুক্তি দিছে যে সকলো নতুনত্বৰ পাছতো ‘সংশোধনবাদী’ দৃষ্টিভংগীয়ে ফৰাচী বিপ্লৱক আধুনিকতাৰ ইতিহাসৰ এক জলবিভাজক হিচাপে ধৰি ৰাখিছে।
সাংস্কৃতিক অধ্যয়ন
[সম্পাদনা কৰক]সাংস্কৃতিক অধ্যয়ন হ’ল বিভিন্ন বিশেষজ্ঞৰ মাজত জনপ্ৰিয় এটা শৈক্ষিক শাখা। ইয়াত বিভিন্ন সমাজৰ সাংস্কৃতিক পৰিঘটনাসমূহ অধ্যয়ন কৰিবলৈ ৰাজনৈতিক অৰ্থনীতি, ভূগোল, সমাজতত্ত্ব, সামাজিক তত্ত্ব, সাহিত্য তত্ত্ব, চলচ্চিত্ৰ/ভিডিঅ’ অধ্যয়ন, সাংস্কৃতিক নৃবিজ্ঞান, দৰ্শন, আৰু কলাৰ ইতিহাস/সমালোচনাৰ দৰে বিষয়সমূহক একত্ৰিত কৰা হয়। সাংস্কৃতিক অধ্যয়নৰ গৱেষকসকলে প্ৰায়ে কোনো এক বিশেষ পৰিঘটনা মতাদৰ্শ, ৰাষ্ট্ৰীয়তা, নৃগোষ্ঠীয়তা, সামাজিক শ্ৰেণী, আৰু/বা লিংগৰ সৈতে কেনেদৰে সম্পৰ্কিত সেই বিষয়ে আলোকপাত কৰে। ১৯৬৪ চনত বাৰ্মিংহামৰ চেন্টাৰ ফৰ কন্টেম্পৰেৰী কালচাৰেল ষ্টাডিজ প্ৰতিষ্ঠা কৰাৰ সময়ত ৰিচাৰ্ড হগাৰ্টে এই শব্দটো উদ্ভাৱন কৰিছিল। পৰৱৰ্তী সময়ত হগাৰ্টৰ উত্তৰাধিকাৰী সঞ্চালক ষ্টুয়াৰ্ট হলৰ সৈতে এই বিভাগটো দৃঢ়ভাৱে জড়িত হৈ পৰে।
জনপ্ৰিয় সংস্কৃতিত সাংস্কৃতিক ইতিহাস
[সম্পাদনা কৰক]মানৱ সাংস্কৃতিক ইতিহাসৰ বিভিন্ন দিশৰ ওপৰত বিবিচিয়ে কেবাটাও শিক্ষামূলক টেলিভিছন কাৰ্যসূচী প্ৰস্তুত আৰু সম্প্ৰচাৰ কৰিছে: ১৯৬৯ চনত চিভিলাইজেচন, ১৯৭৩ চনত দ্য এচেণ্ট অৱ মেন, ১৯৮৫ চনত দ্য ট্ৰাইমফ অৱ দ্য ৱেষ্ট আৰু ২০১২ চনত এণ্ড্ৰু মাৰ্ছ হিষ্ট্ৰী অৱ দ্য ৱৰ্ল্ড।
আৰু চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Liu, Siyung; Alley, Fatihiya (August 2019). "Learning from the historical culture of American people for the current society". Linguistics and Culture Review খণ্ড 3 (1): 32–47. doi:10.21744/lingcure.v3n1.14.
- ↑ "Historicising Historical Theory's History of Cultural Historiography" Archived 2020-11-26 at the Wayback Machine. Alison M. Moore, Cosmos & History: The Journal of Natural and Social Philosophy, 12 (1), February 2016, 257-291.
- ↑ Siegfried Giedion, Space, Time and Architecture (6th ed.), p 3.
- ↑ See Moran, Sean Farrell (2016). "Johan Huizinga, The Waning of the Middle Ages, and the Writing of History". Michigan Academician খণ্ড 42 (3): 410–22. doi:10.7245/0026-2005-43.3.410.
- ↑ What Became of Cultural Historicism in the French Reclamation of Strasbourg After World War One? French History and Civilization 5, 2014, 1-15