সাক্ষী আগৰৱাল
| সাক্ষী আগৰৱাল | |
|---|---|
২০১৮ চনত সাক্ষী আগৰৱাল | |
| জন্ম | ২০ জুলাই, ১৯৮৫ (৪০ বছৰ) নৈনিতাল, উত্তৰাখণ্ড, ভাৰত |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০১৩–বৰ্তমান |
| দূৰদৰ্শন | বিগ বস তামিল ৩ |
| দাম্পত্যসঙ্গী | নবনীত মিশ্ৰ (বি. ২০২৫) |
সাক্ষী আগৰৱাল (জন্ম ২০ জুলাই ১৯৮৫)[1] এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে।
অভিনয় জীৱন আৰম্ভ কৰাৰ আগতে সাক্ষী আগৰৱালে এজন বিপণন পৰামৰ্শদাতা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত খণ্ডকালীন মডেলিংৰ সৈতে জড়িত হৈ তেওঁ অভিনয় জগতলৈ আগবাঢ়ে। দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত তেওঁ বিভিন্ন মুখ্য আৰু সহায়ক চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হয়।[2]
সাক্ষী আগৰৱাল তামিল ভাষাৰ জনপ্ৰিয় বাস্তৱধৰ্মী টেলিভিছন অনুষ্ঠান বিগ বচ তামিল ৩-ৰ এগৰাকী প্ৰতিযোগী হিচাপেও অংশগ্ৰহণ কৰিছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]উত্তৰাখণ্ডৰ নৈনিতালত জন্ম গ্ৰহণ কৰা সাক্ষী আগৰৱালে চেন্নাইৰ গুড শেফাৰ্ড কনভেণ্টত পঢ়া-শুনা কৰে। তাৰ পিছত তেওঁ চেণ্ট জোচেফ্ছ কলেজ অৱ ইঞ্জিনিয়াৰিঙত তথ্য প্ৰযুক্তিত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু পাছলৈ জেভিয়াৰ ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপৰপৰা এমবিএ ডিগ্ৰী লাভ কৰে। শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ বিপণন পৰামৰ্শদাতা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে আৰু ২০১০ চনত টাটা কনচাল্টেন্সী ছাৰ্ভিছেছ আৰু পাছলৈ ইনফ’ছিছত কাম কৰে।[3]
এজন বন্ধুৰ বাবে আয়োজন কৰা এটা দাতব্য ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰাৰ পাছত এজন মডেলিং নিয়োগকৰ্তাই তেওঁক বিজ্ঞাপন পৰিচালকসকলৰ সৈতে পৰিচয় কৰাই দিয়ে। তাৰ পিছত সাক্ষীয়ে ছুটীৰ দিনসমূহত বাণিজ্যিক মডেলিং কাম আৰম্ভ কৰে আৰু মুদ্ৰিত মাধ্যম, দূৰদৰ্শন আৰু ফেশ্বন শ্ব’ত মডেল হিচাপে দেখা দিয়ে। তেওঁ সুৰিয়াৰ সৈতে মালাবাৰ গোল্ডৰ এটা বিজ্ঞাপনতো অভিনয় কৰে। অৱশেষত ২০১৩ চনৰ জানুৱাৰী মাহত ইনফ’ছিছৰ চাকৰি ত্যাগ কৰি সম্পূৰ্ণভাৱে অভিনয়কেই নিজৰ পেচা হিচাপে গ্ৰহণ কৰে।[4][5]
চলচ্চিত্ৰ জগতৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ তেওঁ ‘Jillinu Oru Kalavaram’ নামৰ এটা ভিডিঅ’ এলবামত অভিনয় কৰে, শিয়ামক ডাভাৰৰপৰা নৃত্য শিকে আৰু Ratan Thakore Theatre Groupৰ সৈতে অভিনয়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। তাৰ পাছত তেওঁ তামিল আৰু কন্নড় চলচ্চিত্ৰ উদ্যোগত সুযোগ বিচাৰে আৰু ২০১৩ চনৰ আৰম্ভণিতে প্ৰথম চলচ্চিত্ৰ চুক্তিসমূহ লাভ কৰে।[6][7]
তেওঁ প্ৰথমবাৰৰ বাবে পৰিচালক তেজস্বীৰ কন্নড় চলচ্চিত্ৰ Heddariত অভিনয় কৰে, যাৰ শ্বুটিং ২০১৩ চনৰ আগষ্ট মাহত সম্পূৰ্ণ হয়।[8] যদিও তেওঁৰ প্ৰথম মুক্তিপ্ৰাপ্ত কাম আছিল তামিল টেলি-চলচ্চিত্ৰ No Parking, তথাপি তেওঁ প্ৰথমবাৰৰ বাবে ৰঙীন পৰ্দাত দেখা যায় আতলীৰ Raja Raniত।[9]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০২৫ চনৰ জানুৱাৰী মাহত সাক্ষী আগৰৱালে তেওঁৰ দীৰ্ঘদিনৰ প্ৰেমিক নবনীত মিশ্ৰৰ সৈতে গোৱাত পৰম্পৰাগত হিন্দু বিবাহ অনুষ্ঠানত বিবাহ সম্পন্ন কৰে।[10]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- সাক্ষী আগৰৱাল সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Here's how actress Sakshi Agarwal celebrated her 33rd birthday". Times of India. ২২ জুলাই ২০২৪. https://timesofindia.indiatimes.com/tv/news/tamil/heres-how-actress-sakshi-agarwal-celebrated-her-33rd-birthday/articleshow/102008683.cms.
- ↑ "Kaala girl Sakshi Agarwal makes Mollywood debut with Biju Menon", The Indian Express (১৯ ডিচেম্বৰ ২০১৭)।
- ↑ Placements 2010. XIME.
- ↑ Sivakumar, Anushka (3 June 2014). "In love with the uncertainties". Deccan Herald.
- ↑ "From IT to Sandalwood". Deccan Chronicle. 13 November 2013.
- ↑ "Happy hues for Sakshi Agarwal". Daily News and Analysis. 17 December 2012.
- ↑ "Newbie Sakshi Agarwal cries casting couch?". The Times of India. 19 December 2013.
- ↑ "Techies & doctors invade silver screen in Karnataka". The Times of India. 25 August 2013.
- ↑ "Model on the role". The New Indian Express. 15 May 2014.
- ↑ "Sakshi Agarwal gets married to her childhood love Navneet in Goa". Times of India. ৩ জানুৱাৰী ২০২৫. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/sakshi-agarwal-gets-married-to-her-childhood-love-navneet-in-goa/articleshow/116914646.cms.