সমললৈ যাওক

সাগৰময় ঘোষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাগৰময় ঘোষ
জন্ম ২২ জুন, ১৯১২
চাঁদপুৰ, বেঙ্গল প্ৰেসিডেন্সি, ব্ৰিটিশ ভাৰত (বৰ্তমান বাংলাদেশ)
মৃত্যু ১৯ ফেব্ৰুৱাৰী, ১৯৯৯ (৮৬ বছৰ)
কলকাতা,পশ্চিমবঙ্গ,ভাৰত
পেচা শিক্ষক, সাংবাদিক আৰু সাহিত্যিক
সংস্থা দেশ (আলোচনী)
আত্মীয়-স্বজন শান্তিদেব ঘোষ (ভাই)
বঁটা, সন্মান, পুৰস্কাৰ আদি আনন্দ পুৰস্কাৰ

সাগৰময় ঘোষ (ইংৰাজী: Sagarmoy Ghosh, ২২ জুন, ১৯১২ – ১৯ ফেব্ৰুৱাৰী, ১৯৯৯) এজন স্বনামখ্যাত ভাৰতীয় বাঙালী সাহিত্যিক; তেওঁ কলকাতাৰপৰা প্ৰকাশিত দেশ আলোচনীৰ সম্পাদকৰ দায়িত্ব পালন কৰি জীৱন্ত কিংবদন্তিত পৰিণত হৈছিল।[1][2] ১৯৯৯ চনত তেওঁৰ মৃত্যুৰ লগে লগে লণ্ডনৰ দ্য গাৰ্ডিয়ান কাকতত প্ৰকাশিত মৃত্যু বাৰ্তাত তেওঁক বংগৰ ‘সাহিত্যৰ বাঘ’ বুলি অভিহিত কৰিছিল। ১৯৯৭ চনত মৃত্যুৰ কিছু দিন পূৰ্বে তেওঁ কুৰি‍ শতিকাৰ আটাইতকৈ দীৰ্ঘদিনীয়া বাংলা ভাষাৰ আলোচনী দেশৰ সম্পাদক পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।[3][4]

১৯১২ চনৰ ২২ জুনত ব্ৰিটিছ ভাৰত, বৰ্তমানৰ বাংলাদেশৰ পূব বংগৰ চাঁদপুৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। চাঁদপুৰতেই আছিল তেওঁলোকৰ পূৰ্বপুৰুষৰ ঘৰ। সময়ৰ লগে লগে নদীৰ খহনীয়াত পূৰ্বপুৰুষৰ ঘৰখন হেৰাই গ’ল। তেওঁৰ পিতৃ কালিমোহন ঘোষ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ঘনিষ্ঠ বন্ধু আছিল। মাতৃৰ নাম মনোৰমা দেৱী। তেওঁৰ জ্যেষ্ঠ ভাতৃ শান্তিদেৱ ঘোষ ৰবীন্দ্ৰ সংগীতৰ বিশিষ্ট সাধক আছিল আৰু ভাৰতৰ জাতীয় পণ্ডিত হিচাপে স্বীকৃতি লাভ কৰিছিল। সাগৰময় ঘোষে শান্তিনিকেতনত অধ্যয়ন কৰিছিল আৰু তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰত্যক্ষ ছাত্ৰ আছিল। শান্তিনিকেতনত অধ্যয়ন কৰি থাকোঁতে কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰভাৱত তেওঁ সাহিত্য, সংগীত আৰু সৰ্বোপৰি শিল্পৰ প্ৰতি গভীৰ প্ৰেম গঢ়ি তুলিছিল, যিয়ে তেওঁৰ বৌদ্ধিক প্ৰতিভাক মৃত্যুৰ আগলৈকে পৰিচালিত কৰিছিল।[3]

তেওঁ আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিশেষ অনুৰক্ত। তেওঁৰ ভাষ্য অনুসৰি,‘কোনোবাই মোক যদি সোধে‍ আপুনি এই পৃথিৱীত জন্মগ্ৰহণ কৰি কি পালে‍? মোৰ উত্তৰ হ'ব - ৰবীন্দ্ৰনাথ ৰবীন্দ্ৰনাথ আৰু ৰবীন্দ্ৰনাথ। ' দেশ আলোচনীত যোগদান কৰাৰ লগে লগে তেওঁক প্ৰথম কাম দিয়া হৈছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰপৰা এটি কবিতা আৰু এটি গল্প সংগ্ৰহ কৰা। সেয়া ১৯৩৯ চনত কবিৰ মৃত্যুৰ মাত্ৰ কেইমাহমান আগৰ কথা। তেওঁ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা গল্পটো আছিল শেষ কথা

এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ তেওঁ পিতৃ আছিল। গুৰুগম্ভীৰ স্বভাৱৰ মানুহ হ’লেও তেওঁ আচৰণ আছিল অমায়িক আৰু বিনয়ী। ব্যক্তিগত জীৱনৰ অনুশাসনে তেওঁক সুস্বাস্থ্যৰ গৰাকী আৰু সুখী কৰি ৰাখিছিল। কবি নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে এটি পদ্যত কৈছিল,"সাগৰদা, তোমাৰ বয়স একেবাৰেই হোৱা নাই,/ পয়সত্তৰ বছৰ বয়সতো তোমাৰ মন সতেজ, তোমাৰ চুলিবোৰ বৰমৌৰ দৰে ক'লা।" [5]

১৯৯৯ চনৰ ১৯ ফেব্ৰুৱাৰীত ৮৬ বছৰ বয়সত সাগৰময় ঘোষৰ মৃত্যু হয়। তেওঁৰ মৃত্যুত বাংলা সাহিত্যই হেৰুৱালে এজন অসাধাৰণ সম্পাদকক।

দেশ আলোচনীৰ সম্পাদনাৰ দায়িত্ব

[সম্পাদনা কৰক]

তেওঁৰ জীৱনৰ আৰম্ভণি আছিল বিভিন্ন পৰিঘটনাৰে পূৰ্ণ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰত্যক্ষ সান্নিধ্য, কলিকতাৰ চিটি কলেজত অধ্যাপনা, ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰৰ ৰোষত পৰি কাৰাবৰণ, চৰকাৰী চাকৰী, বেংগল ইমিউনিটি আৰু দুই-এখন বা দুখন কাকতত কিছু কাল কাম কৰি ১৯৩৯ চনত দেশ আলোচনীৰ সহকাৰী সম্পাদক হিচাপে যোগদান কৰে। ১৯৭৬ চনৰপৰা ১৯৮৬ চনলৈকে তেওঁ দৃঢ়তা আৰু নিপুণতাৰে এই সাহিত্যমুখী আলোচনীৰ গতি অক্ষুণ্ণ ৰাখিছিল। যদিও তেওঁৰ বিৰুদ্ধে ঔপন্যাসিক সুবোধ ঘোষৰ তিলাঞ্জলি আৰু সমৰেশ বসুৰ দুখন উপন্যাস ক্ৰমে‍ বিবৰ আৰু প্ৰজাপতিকে ধৰি বিভিন্ন বিতৰ্কিত ৰচনা প্ৰকাশৰ অভিযোগ উঠিছিল, তথাপি তেওঁ নিজৰ লক্ষ্যত মনোনিৱেশ কৰি নিজৰ কৰ্মত উৎসৰ্গিত হৈ অক্ষতভাৱে বৰ্তি আছিল। তেওঁ নিজেই পৰ্দাৰ আঁৰৰপৰা নতুন নতুন লেখক, কবি, গল্পকাৰক আৱিষ্কাৰ কৰি‍ প্ৰতিষ্ঠিত কৰিছে। দীৰ্ঘদিন একেটা পদতে সেৱা আগবঢ়োৱাৰ পাছতো তেওঁ ক্লান্ত নহ’ল, বৰঞ্চ আধুনিকতাৰ আশ্ৰয় লৈ আলোচনীখন সজোৱাৰ কাম কৰিলে আৰু দেশক চিৰ আধুনিক কৰি ৰাখিলে। তেওঁৰ বিষয়ে কবি নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে এটি পদ্যত কৈছিল,"সাগৰদা, তোমাৰ বয়স একেবাৰেই হোৱা নাই,/ পয়সত্তৰ বছৰ বয়সতো তোমাৰ মন সতেজ, তোমাৰ চুলিবোৰ বৰমৌৰ দৰে ক'লা। তেওঁৰ ব্যক্তিত্ব আৰু স্বভাৱৰ সতেজতাই তেওঁক অতুলনীয় সফলতা প্ৰদান কৰিছিল।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "আনন্দবাজাৰ পত্ৰিকায় প্ৰকাশিত নিবন্ধ-১". Archived from the original on 2024-12-12. https://web.archive.org/web/20241212035913/http://archives.anandabazar.com/archive/1120618/18karcha.html। আহৰণ কৰা হৈছে: 2025-08-04. 
  2. "আনন্দবাজাৰ পত্ৰিকায় প্ৰকাশিত নিবন্ধ-২". Archived from the original on 2024-12-12. https://web.archive.org/web/20241212040903/http://archives.anandabazar.com/archive/1120204/4pustak1.html। আহৰণ কৰা হৈছে: 2025-08-04. 
  3. 3.0 3.1 Bengal's literary tiger
  4. আনন্দবাজাৰ পত্ৰিকায় প্ৰকাশিত নিবন্ধ-৩
  5. "কড়চা". Archived from the original on 2024-12-12. https://web.archive.org/web/20241212035913/http://archives.anandabazar.com/archive/1120618/18karcha.html। আহৰণ কৰা হৈছে: 2025-08-04.