সাগৰিকা ঘাটগে
সাগৰিকা ঘাটগে Sagarika Ghatge | |
---|---|
![]() ২০১৮ চনৰ লেকমি ফেশ্বন সপ্তাহত ঘাটগে | |
জন্ম | ০৮ জানুৱাৰী, ১৯৮৬ (৩৯ বছৰ)[1] কোলহাপুৰ, মহাৰাষ্ট্ৰ, ভাৰত |
পেচা | মডেল, চলচ্চিত্ৰৰ অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০০৭-বৰ্তমানলৈকে |
জনা যায় | চক দে ইণ্ডিয়া (চলচ্চিত্ৰ) |
দাম্পত্যসঙ্গী | জাহিৰ খান (বি. ২০১৭) |
সাগৰিকা ঘাটগে খান (ইংৰাজী: Sagarika Ghatge Khan, জন্ম-৮ জানুৱাৰী ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ তেওঁ প্ৰধানকৈ হিন্দী ছবিত কাম কৰে। 'চক দে ইণ্ডিয়া' নামৰ চলচ্চিত্ৰখনত প্ৰীতি ছব্ৰৱাল নামৰ চৰিত্ৰটিৰ বাবে তেওঁ জনাজাত৷ ২০১৫ চনত তেওঁ ফিয়েৰ ফেক্টৰ-খতৰো কে খিলাড়ী ৬ত অংশগ্ৰহণ কৰি চূড়ান্ত প্ৰতিযোগীৰ পৰ্যায়ত উপনীত হয়।[2] তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ হকী খেলুৱৈ আছিল৷
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]মহাৰাষ্ট্ৰ ৰাজ্যৰ কোলহাপুৰৰ এটি মহাৰাষ্ট্ৰীয় পৰিয়ালত ঘাটগেৰ জন্ম হয়৷ তেওঁৰ পিতৃ হৈছে বিজয়সিং ঘাটগে৷[3] আৰু মাতৃ হৈছে উৰ্মিলা ঘাটগে৷ মহাৰাষ্ট্ৰৰ কোলহাপুৰত তেওঁ আঠ বছৰ বয়সলৈকে থাকে৷ তাৰপিছত তেওঁ ৰাজস্থানৰ আজমেৰলৈ স্থানান্তৰিত হয়৷ ৰাজস্থানত তেওঁ মায়ো কলেজ গাৰ্লছ স্কুলত নামভৰ্তি কৰে৷[4] কলহাপুৰৰ শ্বাহু মহাৰাজৰ জৰিয়তে ভাৰতৰ পূৰ্বৰ এটা ৰাজগৃহৰ সৈতে তেওঁৰ সম্পৰ্ক আছে। তেওঁৰ পিতৃ কাগালৰ পূৰ্বৰ ৰাজকীয় পৰিয়ালৰ আৰু আইতাক সীতা ৰাজে ঘাটগে ইন্দোৰৰ তৃতীয় টুকোজিৰাও হোলকাৰৰ কন্যা। তেওঁৰ এজন ভ্ৰাতৃ আছে। সাগৰিকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ হকী খেলুৱৈ আছিল।[5]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]
২০১৭ চনৰ ২৪ এপ্ৰিল তাৰিখে ঘাটগেয়ে ভাৰতীয় ক্ৰিকেটাৰ জাহিৰ খানৰ সৈতে বৈবাহিক সূত্ৰৰ কথা ৰাজহুৱা কৰে৷[6] ২০১৭ চনৰে নৱেম্বৰ মাহত তেওঁলোকৰ বিবাহ সম্পন্ন হয়৷[7]
কৰ্মজীৱন
[সম্পাদনা কৰক]২০০৭ চনত ঘাটগেয়ে চক দে ইণ্ডিয়া (চলচ্চিত্ৰ)ত প্ৰীতি সভাৰৱালৰ চৰিত্ৰত অভিনয় কৰিছিল৷ ইয়াৰ বাবে তেওঁ ৰিবকৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে মনোনীত হৈছিল।[8] তেওঁ কেইবাখনো ফেশ্বন আলোচনী আৰু একাধিক ফেশ্বন শ্বোত অংশ লৈছে৷
ইয়াৰ পিছত ঘাটগেয়ে ২০০৯ চনত ফক্স নামৰ ছবিখনত উৰ্বশী মাথুৰৰ চৰিত্ৰত অভিনয় কৰে। পিছলৈ তেওঁ মিলে না মিলে হামত কামিয়াৰ চৰিত্ৰত অভিনয় কৰে। ইয়াৰ পিছত ঘাটগেয়ে ২০১২ চনৰ ৰাশ্ব ত ইমৰাণ হাশ্বমীৰ বিপৰীতে অভিনয় কৰে। ইয়াৰ পিছত ২০১৩ চনত সতীশ ৰাজৱাড়ৰ প্ৰেমাচী গোষ্ঠাত অভিনয় কৰে। অতুল কুলকাৰ্ণীৰ সৈতে ঘাটগেয়ে অভিনয় কৰা এই ছবিখনেই আছিল তেওঁৰ প্ৰথম মাৰাঠী চিনেমা।
২০১৫ চনত ফিয়েৰ ফেক্টৰ-খতৰো কে খিলাড়ী ৬ ত অংশগ্ৰহণ কৰি চূড়ান্ত প্ৰতিযোগী হিচাপে আত্মপ্ৰকাশ কৰে। ঘাটগেয়ে পৰৱৰ্তী সময়ত দিলদাৰিয়ান নামৰ পাঞ্জাবী ছবিত অভিনয় কৰে৷ ছবিখনত তেওঁ জাছি গিলৰ বিপৰীতে পালিৰ চৰিত্ৰত অভিনয় কৰিছিল।[9]
২০১৭ চনত তেওঁ সমালোচকৰ দ্বাৰা প্ৰশংসিত ইৰাদাত মায়া সিঙৰ চৰিত্ৰত অভিনয় কৰে।
২০১৯ চনত তেওঁ অলটি বালাজীৰ বছ ৰ জৰিয়তে ডিজিটেল অভিষেক কৰিছিল য'ত তেওঁ কৰন সিং গ্ৰভাৰৰ বিপৰীতে এচিপি সাক্ষী ৰঞ্জনৰ চৰিত্ৰত অভিনয় কৰিছিল।[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Birthday girl Sagarika Ghatge feels 'grateful and blessed' for all the love coming her way". The Times of India. 8 January 2020. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/birthday-girl-sagarika-ghatge-feels-grateful-and-blessed-for-all-the-love-coming-her-way/articleshow/73154570.cms.
- ↑ "I miss playing hockey: Sagarika Ghatge". The Times of India. 18 August 2007. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/I-miss-playing-hockeySagarika/articleshow/2288149.cms.
- ↑ "Mistaken identity for Sagarika Ghatge". The Times of India. 27 April 2017. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/mistaken-identity-for-sagarika-ghatge/articleshow/58381110.cms.
- ↑ "I'm determined & focused: Sagarika". The Times of India. 27 August 2007. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Im-determined-focussed-Sagarika/articleshow/2285459.cms.
- ↑ "Sagarika Ghatge: Lesser known facts about the actress". The Times of India. 25 April 2017. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/photo-features/sagarika-ghatge-lesser-known-facts-about-the-actress/-daddys-girl/photostory/58358361.cms.
- ↑ "Zaheer Khan announces engagement with actress Sagarika Ghatge". The Indian Express. http://indianexpress.com/article/sports/cricket/ipl-2017-10/zaheer-khan-announces-engagement-with-actress-sagarika-ghatge-4626646/.
- ↑ "Sagarika Ghatge marries Zaheer Khan". The Indian Express. http://indianexpress.com/article/entertainment/bollywood/zaheer-khan-sagarika-ghatge-ties-the-knot-see-first-photos-all-wedding-updates-4950683/.
- ↑ "Sagarika Ghatge is Reebok's brand ambassador". http://www.domain-b.com/people/in_the_news/20070928_ambassador.htm। আহৰণ কৰা হৈছে: 23 February 2012.
- ↑ "Sagarika Ghatge learns Punjabi for her next movie!". Can India News. http://www.canindia.com/2015/09/sagarika-ghatge-learns-punjabi-for-her-next-movie/। আহৰণ কৰা হৈছে: 11 October 2015.[সংযোগবিহীন উৎস]
- ↑ "Boss teaser out: Karan Singh Grover and Sagarika Ghatge win hearts with their amazing chemistry" (en ভাষাত). India Today. https://www.indiatoday.in/television/web-series/story/boss-teaser-out-karan-singh-grover-and-sagarika-ghatge-win-hearts-with-their-amazing-chemistry-1475296-2019-03-11.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত সাগৰিকা ঘাটগে সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Sagarika Ghatge at IMDb
- সাগৰিকা ঘাটগে সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
- ইনষ্টাগ্ৰামত সাগৰিকা ঘাটগে