সাতগড়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

অসমৰ পুৰণি কৃতীচিহ্ন সমূহৰ ভিতৰত মাটিৰে সজা গড় সমূহো অন্যতম। মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত উত্তৰ গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বহুতো ঐতিহাসিক গড় আজিও নিজৰ অস্তিত্ব বহন কৰি ঠিয়হৈ আছে স্বমহিমাৰে। উত্তৰ গুৱাহাটীৰ পৰা চাংসাৰিলৈ একেলগে সাতটা ঐতিহাসিক গড় আছে। এই গড় কেইটাই আগুৰি থকা অঞ্চলটোক একেলগে সাতগড় বুলি কোৱা হয়। এই সাতগড় সম্পৰ্কে আজিৰ আলোচনা আগবঢ়োৱা হ’ল--------

ক’ৰ পৰা কলৈ আছেঃ এই গড় সমূহৰ প্ৰথমটো আছে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ কানাই বৰশী বোৱা শিলৰ পৰা দীৰ্ঘেশ্বৰী পাহালৈ। এই গড়টোক ফুলুং গড় বা বৰগড় বুলি কোৱা হয়। দ্বিতীটো আছে দীৰ্ঘেশ্বৰী পাহাৰৰ উত্তৰ দিশৰ এতিয়া ফুলুং উপ স্বাস্থ্য কেন্দ্ৰৰ সন্মুখৰ পৰা হেমলে পাহাৰলৈ। এই হেমলে পাহাৰৰ পৰাই আৰম্ভ হৈছে সাতগড়ৰ তৃতীয়টো গড়। ই আহি বৰলাবাৰীৰ পাহাৰৰ উত্তৰ দিশত শেষ হৈছে। এইখন পাহাৰৰ দক্ষিণ দিশৰ পৰা আৰম্ভহৈ বাগান টিলাত লগ লাগিছে চতুৰ্থটো গড়। এতিয়া ব্ৰহ্মপুত্ৰ বৰ্ড স্থাপন হোৱা টিলাটোত পূৰ্বতে চাহ বাগিচা আছিল কাৰণে ইয়াক বাগান টিলা বুলি কোৱা হৈছিল। ইয়াৰ পৰা পশ্চিমে গৈ চিলা পাহাৰত লগা গোটোৱে সাতগড়ৰ পঞ্চমটো গড়। সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা দেৱে স্মৃতিৰ পাপৰি নামৰ গ্ৰন্থখন এই গড়টোকে মোমাইকটা গড় বুলি অভিহিত কৰিছে। মোমাইকটা গড়ৰ বিষয়টো আজিৰ আলোচনাৰ পৰা বাদ দিয়া হ’ল। কিয়নো ই এটা জটিল বিষয়। বাগান টিলাৰ পূব দিশত থকা বিহলগঙণী পাহাৰৰ পৰা ছয় নম্বৰ গড়টো ওলাই বৰগড়ৰ মাজত থকা ভাজটোত লগলাগিছে। এই চুবুৰী গড় বা চুবুৰৰ গড় বুলি কোৱা হয়। সাতগড়ৰ শেষৰ গড়টো আছে চাংসাৰিৰ সীমাত আছে।

ইতিহাসে কি কয়ঃ এই গড় সমূহৰ ইতিহাস ধুসৰ। চাংসাৰিস্থ শৰাইঘাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ইতিহাসবিদ হৰেশ্বৰ নাথৰ মতে এই গড় সমূহ পালবংশৰ ৰজা সকলে সজাইছিল। তেওঁ শৰাইঘাট মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ স্মৃতিগ্ৰন্থত পালবংশৰ ৰজা ধৰ্মপালৰ পৰা পৃথু, সন্ধ্যা ৰজাৰ ৰাজত্ব কালৰ ভিতৰত এই গড় সমূহ নিৰ্মাণ কৰা হৈছিল ঠাৱৰ কৰা হৈছে বুলি উল্লেখ কৰিছে। আনহাতে একেখন স্মৃতি গ্ৰন্থত লুচাই গগৈয়ে এই কৃতিচিহ্ন সমূহ আহোম ৰাজত্বকালত সজাহৈছিল বুলি উল্লেখ কৰিছে। ইফালে গড় সমূহৰ ওচৰে-পাজৰে বাস কৰা লোকসকলৰ সৰহভাগে কিন্তু এইবোৰ আহোমে সজা বুলিয়ে বিশ্বাস কৰে। উত্তৰ গুৱাহাটীৰ বাসিন্দা সাংবাদিক নিৰ্মলেশ্বৰ গোস্বামীৰ মতে অসমত গড় নিৰ্মাণ কৰাৰ প্ৰথাৰ প্ৰৱৰ্তন আহোম সকলে কৰা। তেওঁৰ মতে আহোম সকলৰ পূৰ্বে অসমত কোনেও গড় বন্ধা নাছিল। ইয়াতে এটা কথা উল্লেখ কৰিব পাৰি যে পালবংশৰ ৰজা পৃথুৰ পুত্ৰ সন্ধ্যাই ৰাজ্যৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ উঠাই নিছিল। এই ৰাজধানী স্থানন্তৰৰ মূল কাৰন আছিল বানপানী। যদি গড় বান্ধী বানপানী ৰোধ কৰাৰ ব্যবস্থা পাল ৰজাসকলে কৰিব জানিছিল তেনেহলে ৰাজধানী কিয় উঠাই নিছিল সেইটো এটা ডাঙৰ প্ৰশ্ন। বানৰ পৰা ৰক্ষা পাবৰ বাবে যিহেতু ৰাজধানী স্থানন্থৰিত কৰিছিল সেইফালৰ পৰা তেওঁলোকে এই গড় সমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সন্দেহ আছে। কিন্তু আহোম সকলে বন্ধা বুলি ধৰি ললেও ১৬৬৫ চনৰ পূৰ্বে নিৰ্মাণ কৰাৰ কোনো ইতিহাস আমাৰ হাতত নাই। উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিৰ দ্বিতীয় আৰু তৃতীয় লিপিত ক্ৰমে ১৬৬৫ আৰু ১৬৬৭ চনত ইয়াত এটাকৈ গড় নিৰ্মাণ কৰা হৈছিল বুলি কোৱা আছে। আনহাতে ডঃ সূৰ্য্য কুমাৰ ভূঞা সম্পাদিত হৰকান্ত বৰুৱা সদৰামিনৰ অসম বুৰঞ্জী আৰু উত্তৰ গুৱাহাটীৰ সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জীতো এই দুটা গড়ৰ কথা উল্লেখ আছে। সেইবুলিয়ে আহোমৰ পূৰ্বে অসমৰ কতো গড় সজাহোৱা নাছিল বোলা কথাটো সঁচা নহয়। কিয়নো আহোম সকলৰ পূৰ্বে উত্তৰ কামৰূপৰ ৰঙিয়াৰ ওচৰত বৈদ্যদেৱে বৈদ্যগড় নিৰ্মাণ কৰিছিল। কোনো ইতিহাসবিদে এইগড়টো আৰিমত্ত ৰজাই বন্ধা বুলি কয়। আন একাংশ বুৰঞ্জীবিদৰ মতে আৰিমত্ত আৰু বৈদ্যদেৱ একেজন ব্যক্তি। সি যিয়ে নহওক কিয় যিহেতু বৈদ্যদেৱ আহোমতকৈ পূৰ্বৰ ৰজা সেয়া আহোমতকৈ পূৰ্বে গড় নিৰ্মাণৰ প্ৰমাণ আছে। সেয়ে এই গড় সমূহ কোনো সজাইছিল তাক নিৰ্নয় কৰাটো কঠিন হৈপৰিছে। সেয়ে এই গড় সমূহৰ ইতিহাস নিৰ্ণয় কৰাৰ কাৰণে ইয়াকলৈ অধিক গৱেষণা কৰাৰ প্ৰয়োজন আছে বুলি কব পাৰি।

কেনে অৱস্থাত আছেঃ অনাদৰ অৱহেলাত নীৰৱে শুই আছে গড় সমূহ। কেৱল বৰগড়টোৰ বাহিৰে আন কেইটা গড়ৰ কোনো সুৰক্ষাৰ ব্যৱস্থা এতিয়ালৈ লোৱাহোৱা নাই। বিগত দশকৰ আৰম্ভণিতে এই গড়টোৰ সুৰক্ষাৰ বাবে বৰগড় সুৰক্ষা সমিতি নামৰ এটি সন্থা গঠন হৈছিল। ইয়াৰ দাবিৰ ভিত্ততে চৰকাৰে ইয়াক ৰক্ষা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু আন কেইটা গড়ৰ ক্ষেত্ৰত এতিয়ালৈ কোনো ব্যৱস্থা লোৱা হোৱা নাই। এই গড় কেইটাৰ কিছু আংশ বেদখলৰ কৱলত পৰাৰ লগতে বিভিন্ন অঞ্চলত এই গড় সমূহৰ পৰা মাটি কাটি নিছে। যাৰ ফলস্বৰূপে গড় সমূহৰ সৰহভাগ ধংস প্ৰাপ্ত হোৱাৰ উপক্ৰম হৈছে।

এতিয়া কি কৰা উচিতঃ এই ঐতিহাসিক কৃতিচিহ্ন সমূহ এনেদৰে অনাদৰ অৱহেলাত ধংস হবলৈ নিদি এই বোৰ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা উচিত। উল্লেখ্য যে নিৰ্মাণৰ ইমান বছৰ পিছতো গড় সমূহে অক্ষত থাকি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লোক সকলক বানপানীৰ কৱলৰ পৰা ৰক্ষা কৰি আহিছে। যদি এই গড়বেৰ ধংস হয় তেনেহলে সমগ্ৰ উত্তৰ কামৰূপ বিচ্ছিন্ন হৈ পৰিব। সেয়ে ইয়াক ৰক্ষা কৰাৰ বাবে চৰকাৰ, পুৰাতত্ব বিভাগ আগবাঢ়ি অহা উচিত। স্থানীয় ৰাইজেও ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। গৌৰৱময় অতীতৰ এই কৃতিচিহ্ন সমূহ সংৰক্ষণ কৰাটো সময়ৰ আহ্বান। এই আহ্বান চৰকাৰ তথা জনসাধাৰণ সকলোৱে গ্ৰহণ কৰা উচিত।