সাতপখলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাতপখলী
—  গাঁও  —
সাতপখলী is located in Assam
সাতপখলী
অসমত অৱস্থান, ভাৰত
ভৌগোলিক স্থানাংক: 26°04′N 91°26′E / 26.07°N 91.44°E / 26.07; 91.44স্থানাংক: 26°04′N 91°26′E / 26.07°N 91.44°E / 26.07; 91.44
দেশ  ভাৰত
ৰাজ্য অসম
জিলা কামৰূপ
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)
PIN ৭৮১১৩২

সাতপখলী (ইংৰাজী: Satpakhali) অসমৰ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত এখন আদৰ্শ গাঁও।[1] ২০১৪ চনত গুৱাহাটী লোকসভা সমষ্টিৰ তেতিয়াৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ অধীনত সাতপখলীক এখন আদৰ্শ গাঁও হিচাপে নিৰ্বাচন কৰে।[2] জনশ্ৰুতিমতে, গাঁওখনৰ দক্ষিণে বৰভিঠা নামেৰে ঠাইত সাতটা পখলী আছিল। সেই পখলী সাতোটাৰ নাম অনুসৰি গাঁওখনৰ নাম সাতপখলী হয়।[3] ২০১১ চনৰ লোকপিয়ল অনুসৰি গাঁওখনৰ মুঠ পৰিয়ালৰ সংখ্যা ৯৪৬ আৰু মুঠ জনসংখ্যা ৪,৫৯৭ জন। মুঠ জনসংখ্যাৰ ২৫.২১ শতাংশ অনুসূচীত জাতি আৰু ০.০৭ শতাংশ অনুসূচীত জনজাতিৰ অন্তৰ্গত। সাক্ষৰতাৰ হাৰ ৮১.১৬ শতাংশ।[4] গাঁওখনৰ মুঠ মাটিকালি ৩৭৬.৯২ হেক্টৰ।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Satpakhali". Indian Village Directory. https://villageinfo.in/assam/kamrup/palasbari/satpakhali.html। আহৰণ কৰা হৈছে: 12 January 2022. 
  2. "Sansad Adarsh Gram Yojana". Maps of India. https://www.mapsofindia.com/government-of-india/saansad-adarsh-gram-yojana.html। আহৰণ কৰা হৈছে: 12 January 2022. 
  3. মালব্য মালী (২০০৬). সপ্তশিলা. পলাশবাৰী সাহিত্য সভা. 
  4. "Satpakhali - Kamrup, Assam". Census 2011. https://www.census2011.co.in/data/village/303222-satpakhali-assam.html। আহৰণ কৰা হৈছে: 12 January 2022.