সাতসৰী (অলংকাৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সাতসৰী বা সাতলৰী বা সাতমেৰীয়া হাৰ[1] এবিধ নাৰীসকলে ডিঙিত পিন্ধা অলংকাৰ। সৰহখিনি অসমীয়া অলংকাৰ আহোম শাসন কালতে গঢ় লৈ উঠে৷[2]৷ আগৰ দিনত ভাৰতৰ আন ঠাইৰ দৰে কাঁচ বা পিতলৰ অলংকাৰ পিন্ধা নহৈছিলেই৷ দৈনন্দিন ব্যৱহাৰত মধ্যবিত্ত অসমীয়া নাৰীয়ে বগা বা ৰঙা পোৱালমণিৰে গঁথা বেনা, ডুগডুগী, চিতিপতি, গলপতা আদি নানাপ্ৰকাৰৰ অলংকাৰ পিন্ধিছিল৷ তাৰ ভিতৰত সাতসৰী অন্যতম৷[3] প্ৰাচীন কালত অসমত ইয়াৰ প্ৰচলন অধিক আছিল। শঙ্কৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ “ধ্যান বৰ্ণন’’ অধ্যায়ৰ শ্ৰীকৃষ্ণৰ শাৰীৰিক বৰ্ণনাত শ্ৰীকৃষ্ণৰ ডিঙিত সাতসৰী নামৰ কণ্ঠহাৰ থকাৰ কথা উল্লেখ আছে৷ [4] ইয়ালৈ চাই এইটো ক’ব পাৰি যে, এসময়ত সাতসৰী পুৰুষৰো অলংকাৰ আছিল৷ আনহাতে, মাধবদেৱ বিৰচিত “চোৰধৰা’’ [5]নাটত যশোদাই গোৱালীসকলে কানাইক চোৰ বোলা অপবাদৰ পৰা মুক্তি দিবলৈ গৈ কৃষ্ণক “গলাৰ সাতসৰী’’ বোলালৈ চাই এই অলংকাৰবিধ নাৰীসকলৰ বৰ হেঁপাহৰ আৰু ই অসমীয়া সমাজত কেইবাশতিকা আগৰে পৰা প্ৰচলিত আছিল বুলি অনুমান কৰা হয়। অতি প্ৰাচীন কালত ৰাজ-নৰ্তকী, দেৱদাসী আৰু ওজাপলিসমূহত নানা অলংকাৰ পিন্ধাৰ প্ৰমাণ আমাৰ পুৰণি শাস্ত্ৰসমূহত আছে যদিও এইবোৰে কেৱল অসমীয়া ঐতিহ্য বহন কৰিছিল বুলি ক’ব নোৱাৰি৷ অসমীয়া ঐতিহ্যবহনকাৰী পৰিধেয় অলংকাৰ আহোমৰ শাসন কালত ক্ৰমান্বয়ে অসমত সৃষ্টি হ’বলৈ ধৰে। তেনেকৈয়ে ডুগডুগী, গলপতা, চন্দ্ৰহাৰ আদিৰ লগতে আভিজাত্যৰ প্ৰতীকস্বৰূপ সাতসৰী নামৰ কণ্ঠালংকাৰবিধৰ সৃষ্টি হয়৷ সাতসৰীত অন্য অসমীয়া অলংকাৰৰ দৰে বগা বা ৰঙা পোৱালমণি ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কেৱল সোণেৰে বা পিছলৈ আন ধাতু যেনে ৰূপ বা তামৰ ওপৰত সোণ গলাই বা সোণপানী চৰাই গঢ়া হৈছিল৷

সাতসৰীৰ ধাতু[সম্পাদনা কৰক]

আদিতে সাতসৰী সোণেৰে তৈয়াৰ কৰা হৈছিল৷ অৱশ্যে পিছলৈ সোণৰ মূল্য বাঢ়িবলৈ ধৰাত, সৰ্বসাধাৰণ লোকেও ব্যৱহাৰ কৰিব পৰাকৈ ইয়াক ৰূপ আৰু তামৰ বা এই দুবিধ ধাতুৰ ওপৰত ওপৰত সোণ গলাই বা সোণপানী চৰাই প্ৰস্তুত কৰা হৈছিল।

সাতসৰীৰ বিৱৰণ[সম্পাদনা কৰক]

সোণ বা আন ধাতু আৰু সোণ চৰোৱা সাতসৰী প্ৰকৃততে সাতডাল হাৰৰ সমষ্টি। হাৰ মানে কণ্ঠালংকাৰ। হাৰৰ গাঁঠনি শিকলিৰ দৰে। সাতসৰীৰ হাৰ গোটাকৈ তৈয়াৰ কৰা হয়৷ এপতীয়া বা কেইবাপতীয়া শিকলিৰ দৰে গাঁঠনি দি হাৰ প্ৰস্তুত কৰা হয়। সাতডাল হাৰেৰে তৈয়াৰ কৰা সাতসৰীক পশ্চিমৰ ফালে ’সাতলসৰী’ও বোলে। সাতসৰীৰ হাৰৰ সংখ্যা অনুসৰি বেলেগ বেলেগ নাম আছে। সেইবোৰ হ’ল, এলৰি, দোলৰী, তিনলৰী, চাৰিলৰী, পাঁচলৰী, ছলৰী আৰু সাতলৰী।[6]আহোম ৰজা আৰু ৰাণী উভয়ে ৰাজকীয় অলঙ্কাৰ হিচাপে পাঁচসৰী, সাতসৰী, নৱসৰী পিন্ধিছিল৷ প্ৰত্যেক লহৰৰ মাজে মাজে ডিঙিৰ পৰা লটকন দিয়া হৈছিল৷ [7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. হেমকোষ
  2. অসমীয়া মানুহৰ ইতিহাস, পৃ: নং, ২১৭; নগেন শইকীয়া
  3. অসমৰ লোকসংস্কৃতি, পৃ: নং, ২১৫; নিৰ্মলপ্ৰভা বৰদলৈ
  4. কীৰ্তন ঘোষা, শঙ্কৰদেৱ
  5. চোৰধৰা, মাধবদেৱ
  6. অসমীয়া অলংকাৰ, অসমীয়া মানুহৰ ইতিহাস, নগেন শইকীয়া
  7. ইতিহাসে সোঁৱৰা ছশটা বছৰ, পৃ: নং,৭৫; সৰ্বানন্দ ৰাজকুমাৰ