সমললৈ যাওক

সাত বইনী পাহাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাত বইনী পাহাৰ (বাঁওফালে) আৰু আইথান পাহাৰ (সোঁফালে) -ৰ দৃশ্য

সাত বইনী পাহাৰ অসমৰ গোৱালপাৰা জিলাৰ বান্দৰ্শী মৌজাৰ দেউৰীপাৰাত শ্ৰীশ্ৰীআই ভগৱতী থান (আইথান)ৰ পূৱত গাতে লাগি থকা এটি সৰু টিলা পাহাৰটোৰ দক্ষিণ-পশ্চিম অংশত এই "সাতবইনী" গোঁসানীক এটা সময়ত পূজা কৰিছিল আৰু দেৱী গোঁসানীৰ থাপনা এই পাহাৰত আছিল বাবে পাহাৰটিৰ নাম সাত বইনী পাহাৰ। এই পাহাৰ এসময়ত মানুহৰ আবাস ভূমি আছিল। ১৯৯০ চনত এই পাহাৰত "আইথান মধ্য ইংৰাজী বিদ্যালয়"খন স্থাপন কৰা হয়। পাহাৰটিৰ টিঙত বিদ্যালয়ৰ ঘৰ সাজিবলৈ মাটি খান্দোঁতে পিতলৰ খাৰু আৰু অচিনাকি গহনা কিছুমান পোৱা গৈছিল। এই পাহাৰটিৰ পূৱত ৰাভা সকলৰ দেৱীৰ নামৰে এটি ঝৰণা আছে। ঝৰণাটিৰ নাম "খোক্‌ছি ঝৰা।" "খোক্‌ছি" ৰাভা সকলৰ পূজিতা দেৱী। ইয়াৰ আন এটি নাম "বায়খো।" [1]

গোৱালপাৰা জিলাৰ ৰংচাই-চাতাবাৰী অঞ্চলত এটি সৰু টিলা পাহাৰ আছে। এই পাহাৰটিৰ নাম "সাত বইনী পাহাৰ।"

বইনী বুলিলে বঙালী ভাষাত বোন, কামৰূপী ভাষাত ব’নি আৰু আধুনিক অসমীয়া ভাষাত ভনী। সেই বাবে- সাত বইনী/সাত ব’নি/সাত ভনী। তাহানিতে উত্তৰ ভাৰত বিশেষকৈ উত্তৰ বঙ্গত বইনী বোলা শব্দই সংযোগী ভাষা হিচাবে প্ৰচলিত আছিল বাবে "বইনী" বুলি ক’লে উত্তৰ-পূৰ্বাঞ্চলত সকলো সম্প্ৰদায়ৰ লোকে বুজি পায় আৰু সেই দিনত আই গোঁসানীক- বাৰ বইনী, ন বইনী, সাত বইনী নামকৰণ কৰি আজিও পূজা অৰ্চনা কৰে।

ব্ৰিটিছ-ইণ্ডিয়াঅসম প্ৰভিন্স (১৯১২) কালক্ৰমত সাত খণ্ড হোৱাটো এটা ঐতিহাসিক সত্য। একালৰ "বৰ অসম" বিদীৰ্ণ বক্ষত ক্ৰম অনুসাৰে সৃষ্টি হৈছিল- নগালেণ্ড, মনিপুৰ, ত্ৰিপুৰা, মেঘালয়, মিজোৰাম আৰু অৰুণাচল। অসমকে ধৰি মুঠতে সাতখন পূৰ্ণাঙ্গ ৰাজ্য। এয়াই সাত ভনী। আন্তঃৰাষ্ট্ৰীয় সীমান্ত স্পৰ্শ কৰি থকা ভাৰতৰ এক নিৰ্দ্দিষ্ট ভূখণ্ড, নাম যাৰ "উত্তৰ-পূৰ্বাঞ্চল।"

আই বাৰ গৰাকী[2]

[সম্পাদনা কৰক]
  1. শীতলা আই,
  2. তিলেনী আই,
  3. পানীমলা,
  4. ৰংমলা,
  5. বাঁহামুৰী,
  6. লাভামুৰী,
  7. পানীচমেৰী,
  8. ধনমালা,
  9. মৰুৱা,
  10. কাহুৰী,
  11. কেটেৰী,
  12. হাগুৰী।

আই সাত গৰাকী

[সম্পাদনা কৰক]
  1. শীতলা,
  2. বসন্ত আই,
  3. লুতি আই,
  4. বাসুৱা আই,
  5. মাজু আই,
  6. চেমেৰী আই,
  7. কেতেৰী আই।

বসন্ত ওলালে উক্তৰোগৰ অধিষ্ঠাত্ৰী দেৱী জনসমাজত বিশ্বাস কৰা সাত গৰাকী আই বা দেৱীক সন্তুষ্ট কৰাৰ উদ্দেশ্যে "আইনাম" গোৱা হয়। কোনো কোনো ঠাইত "শীতলা নাম" বুলিও জনাজাত।[3] তদুপৰি- উল্লিখিত সাত গৰাকী আই বা দেৱী হ’ল যথাক্ৰমে-[3]

  1. বৰ আই,
  2. সৰু আই,
  3. আই ঠাকুৰিণী,
  4. অম্বিকা,
  5. চণ্ডিকা,
  6. ভৱানী আৰু
  7. কালিকা।

পাংবা (ঝাকুৱা)

[সম্পাদনা কৰক]

ৰাভা সকলৰ পৌৰাণিক গীতত উল্লেখ আছে-

ন বইনী নাৰানি জগৰ বায়নি কাকয়নি-
হোগো ৰে হোগো হোগো॥
চিতলি না কাতলি কানকায় চাকায়নি-
বিচুৱালি ৰুপৱালি চেং খাপাক চাকায়নি-
হোগো ৰে হোগো হোগো॥

এই গীতটোৱেই "ন বইনী" গোঁসানী পূজাৰ গীত। ইয়াক ৰাভা সকলে পাংবা গোঁসানী পূজাৰ গীত বুলি কয়। অসমবাসী কবিৰাজ সকলে এই গোঁসানীক "ঝাকুৱা দেও" বুলি কয়।

সাত বইনী খাল

[সম্পাদনা কৰক]

গোৱালপাৰা জিলাৰ ছোটমাকৰী গাঁওখনৰ উত্তৰত পানীৰ উহ (নলা)ৰ খাল আছে। আজিও ই সাক্ষী হৈ আছে। ৰাভা সকলৰ ৰজা "দ’দান"ৰ সাতজনী ভাগিনীয়েক-

  1. চাম্পায়,
  2. তামায়,
  3. নাকাতি,
  4. দাদুৰি (দাদ্ৰি)
  5. ৰংমাৰি,
  6. ৰংবুদি আৰু
  7. আইমাৰি।

এই সাতগৰাকী ভাগিনীক লৌকিক গুণৰ বাবে পূজা কৰে। সিহঁত সাত গৰাকী বাবে "সাতবইনী।" অৱশ্যে অঞ্চলবাসী ৰাইজে চাংকাতি, মালতি,ভানজি, হুৰপি, কেওতি,মায়তি আৰু মায়মতিৰ নাম ধৰি পূজা কৰে। ই পাহাৰ নহয়। শিৰোনাম- "সাতবইনী"; স্থানৰ নাম- "সাতবইনী খাল।" গোৱালপাৰাত অৱস্থিত।

সহায়ক গ্ৰন্থ

[সম্পাদনা কৰক]
  • নতুন সংস্কৰণ হেমকোষ
  • অসমীয়া লোক-সংস্কৃতিত পূজা-পাতল -অসমীয়া ৱিকিপিডিয়া
  • কোচ ৰাজবংশী সকলৰ পূজা-পাতলৰ আচাৰ-নীতি।
  • পাংবা নৃত্যৰ গীত।
  • ৺ৰেমন ৰাভা। গাঁবুঢ়া,ৰাংচি।
  • গ্ৰন্থ-বৃহত্তৰ পঞ্চৰত্ন অঞ্চলৰ ইতিবৃত্ত। প্ৰথম প্ৰকাশ; পৃষ্ঠা-২৩; লেখক-ৰামেশ্বৰ ৰাভা। প্ৰকাশক-ৰাজকুমাৰ ৰাভা,প্ৰধান সম্পাদক-বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুম্। আহৰণ কৰা হৈছে ২৪মে/২০২০।


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. প্ৰবন্ধ : বায়খো (খোক্‌ছি) | স্মৃতিগ্ৰন্থ : ৰাংচাক | সম্পাদক : ৰুদ্ৰ সিং ৰাভা | প্ৰবন্ধ লেখক : দুৰ্য্যোধন ৰাভা জুৰো | পৃষ্ঠা :৮৬ | আহৰণ কৰা হৈছে=১৮ মে ২০২০
  2. গ্ৰন্থ : অসমৰ লোক-সংস্কৃতি | লেখক : ড॰ নিৰ্মল প্ৰভা বৰদলৈ | পৃষ্ঠা নং : ৭৩
  3. 1 2 অলকেশ শৰ্মা. "বসন্ত ৰোগৰ বাবে “আই নাম” প্ৰথা". সন্ধান আলোচনী. https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ac9b89a89cd9a4-9f09979f0-9ac9be9ac9c7-201c9869879a89be9ae201d-9aa9cd9f09a59be আহৰণ কৰা হৈছে: 18 May 2020.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]