সাথী লীলাৱতী (১৯৯৫ চলচ্চিত্ৰ)
![]() পোষ্টাৰ | |
| পৰিচালক | বালু মহেন্দ্ৰ |
|---|---|
| ৰচনা | ক্ৰেজী মোহন (সংলাপ) |
| চিত্ৰনাট্য | বালু মহেন্দ্ৰ |
| কাহিনী | অনন্থু |
| প্ৰযোজক | কমল হাছান |
| অভিনয়ত |
|
| চিত্ৰগ্ৰহণকাৰী | বালু মহেন্দ্ৰ |
| সম্পাদনা | বালু মহেন্দ্ৰ |
| সংগীত পৰিচালক | ইলায়াৰাজা |
মুক্তি |
১৫ জানুৱাৰী ১৯৯৫ |
দৈৰ্ঘ্য |
১৫১ মিনিট[1] |
| দেশ | ভাৰত |
| ভাষা | তামিল |
সাথী লীলাৱতী (ইংৰাজী: Sathi Leelavathi) ১৯৯৫ চনৰ বালু মহেন্দ্ৰৰ পৰিচালনা, সহ-লেখন, চিত্ৰগ্ৰহণ আৰু সম্পাদনাত নিৰ্মিত এখন ভাৰতীয় তামিল ভাষাৰ কমেডী ছবি। ছবিখনত ৰমেশ অৰবিন্দ, কল্পনা (অভিনেত্ৰী) আৰু হীৰাই মুখ্য ভূমিকাত অভিনয় কৰিছে। সহযোগী চৰিত্ৰত অভিনয় কৰিছে কোভাই সৰলা আৰু কমল হাছানে। ছবিখনৰ কাহিনী অৰুণক (অৰবিন্দ) কেন্দ্ৰ কৰি ঘূৰ্ণায়মান, যিয়ে পত্নী লীলাৱতীৰ (কল্পনা) সাধাৰণ চেহেৰা আৰু শকত হোৱা বাবে অসন্তুষ্ট হৈ প্ৰিয়াৰ (হীৰা) সৈতে বিবাহ বহিৰ্ভূত প্ৰেমত লিপ্ত হয়।[2]
ছবিখনৰ প্ৰযোজক কমল হাছান। ১৯৮৯ চনৰ আমেৰিকান ছবি শ্বি-ডেভিলৰ পৰা শিথিলভাৱে অভিযোজিত[3] সাথী লীলাৱতীৰ কাহিনী অনন্থুৱে ৰচনা কৰিছে। সংলাপ ক্ৰেজী মোহনৰ।[4] সংগীত ৰচনা ইলায়াৰাজাৰ। ১৯৯৫ চনৰ ১৫ জানুৱাৰীত মুক্তি[5] পোৱা সাথী লীলাৱতী ব্যৱসায়িকভাৱে সফল হৈছিল। হিন্দী ভাষাত বিবি নং ১ (১৯৯৯) আৰু কানাড়া ভাষাত ৰামা শামা ভামা (২০০৫) নামেৰে পুনৰ নিৰ্মাণ কৰা হয়।[6] কানাড়াখনত অৰবিন্দ আৰু হাছানে পুনৰ নিজৰ চৰিত্ৰত অভিনয় কৰিছিল।[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Rajadhyaksha & Willemen 1998, পৃষ্ঠা. 531.
- ↑ S, Srivatsan (6 November 2019). "From 'Kadalora Kavithaigal' to 'Adithya Varma': Tamil cinema's quintessential 'soft-spoken hero' Raja returns after a 20-year exile". The Hindu. https://www.thehindu.com/entertainment/movies/the-raja-profilefrom-kadalora-kavithaigal-to-adithya-varma-tamil-cinemas-quintessential-soft-spoken-hero-raja-returns-after-a-20-year-exile/article29900048.ece.
- ↑ "Sathi Leelavathi (1994)". Raaga.com. Archived from the original on 20 November 2022. https://web.archive.org/web/20221120195919/https://www.raaga.com/album/?mid=t0002931। আহৰণ কৰা হৈছে: 20 November 2022.
- ↑ "'சதிலீலாவதி' வெற்றிக்கு கோவை சரளாவும் காரணம்: கமல் புகழாரம்" (ta ভাষাত). Hindu Tamil Thisai. 12 June 2020. https://www.hindutamil.in/news/cinema/tamil-cinema/559094-kamal-interview.html। আহৰণ কৰা হৈছে: 13 November 2022.
- ↑ ஆர். பி. ஆர். (22 January 1995). "சதி லீலாவதி" (ta ভাষাত). Kalki: 1. https://archive.org/details/kalki1995-01-22/page/n1/mode/2up। আহৰণ কৰা হৈছে: 27 February 2024.
- ↑ "Kamal Haasan back after 16 years.". The Hindu. 18 March 2005. Archived from the original on 14 January 2006. https://web.archive.org/web/20060114043755/http://www.hindu.com/lf/2005/05/18/stories/2005051815780200.htm.
- ↑ "Kamal Haasan back after 16 years.". The Hindu. 18 March 2005. Archived from the original on 14 January 2006. https://web.archive.org/web/20060114043755/http://www.hindu.com/lf/2005/05/18/stories/2005051815780200.htm.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- সাথী লীলাৱতী (১৯৯৫ চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ৰ'টেন টমাট'জ ৱেবছাইটত সাথী লীলাৱতী (১৯৯৫ চলচ্চিত্ৰ)।
