সাধু ৰামচান্দ মুৰ্মু
| সাধু ৰামচান্দ মুৰ্মু | |
|---|---|
| জন্ম | ৩০ এপ্ৰিল, ১৮৯৭ কামাৰবান্দি,মেদিনীপুৰ পশ্চিম বংগ, ভাৰত |
| মৃত্যু | ১৫ ডিচেম্বৰ, ১৯৫৪ (৫৭ বছৰ) |
| পেচা | ভাষাতত্ত্ববিদ, শিক্ষাবিদ, লেখক |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| উল্লেখনীয় কৰ্মৰাজি | মজ দান্দেৰ আঁক লিপিৰ উদ্ভাৱন |
সাধু ৰামচান্দ মুৰ্মু (৩০ এপ্ৰিল ১৮৯৭-১৫ ডিচেম্বৰ ১৯৫৪)[1][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন] এজন চাওঁতালি কবি, লেখক আৰু শিক্ষাবিদ আছিল[2]। তেখেত উনৈশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতাব্দীৰ প্ৰথম ভাগত চাওঁতালি সাহিত্য আৰু সংগীতক নতুন ৰূপ দিছিল। তেখেত চাওঁতালি সাহিত্যৰ কবিগুৰু বা মহাকবি নামেৰেও জনাজাত। তেখেত প্ৰথম চাওঁতালি কবি যিয়ে সংস্কৃত আৰু বঙলা সাহিত্যৰ উচ্চমান সম্পন্ন কাব্যিক ঐতিহ্যক চাওঁতালি মৌখিক ঐতিহ্যৰ ছন্দ আৰু নান্দনিক অনুভূতিৰ লগত সংযোগ কৰিছে। তেখেত আদিবাসী চাওঁতাল সম্প্ৰদায়ক উৎসাহিত কৰে আৰু তেওঁলোকৰ সংস্কৃতি আৰু সংস্কৃতি সংৰক্ষণ কৰাত অনুপ্ৰাণিত কৰে। তেখেত ১৯২৩ চনত চাওঁতালি ভাষাৰ বাবে মজ দান্দেৰ আঁক নামৰ লিপি পোনপ্ৰথমে সৃষ্টি কৰিছিল।[3][4][5]
জীৱনী
[সম্পাদনা কৰক]সাধু ৰামচান্দ মুৰ্মু ১৮৯৭ চনৰ ৩০ এপ্ৰিল তাৰিখে পশ্চিম বংগৰ মেদিনীপুৰ জিলাৰ (বৰ্তমান ঝাড়গ্ৰাম জিলা) শিলদা চহৰৰ ওচৰ চুবুৰীয়া গাঁৱ কামাৰবান্দিত জন্ম গ্ৰহণ কৰিছিল। তেখেতৰ পিতৃৰ নাম আছিল মোহন মুৰ্মু আৰু মাকৰ নাম কুনি মুৰ্মু আছিল। তেখেত ১৫ ডিচেম্বৰ ১৯৫৪ তাৰিখে মৃত্যুবৰণ কৰে। তেখেতৰ মৃত্যুৰ পিছত সকলো সাহিত্য সৃষ্টিৰাজি প্ৰকাশিত হৈছিল।
সাহিত্যকৰ্ম
[সম্পাদনা কৰক]সাধু ৰামচান্দ মুৰ্মুৰ দ্বাৰা লিখিত কেইটামান উল্লেখযোগ্য কিতাপৰ নাম হৈছে
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "News regarding Sadhu Ramchand Murmu". http://archives.anandabazar.com/archive/1130501/1med1.html। আহৰণ কৰা হৈছে: 26 August 2021.[সংযোগবিহীন উৎস]
- ↑ "Sadhu Ramchand Murmu". https://brill.com/view/book/9789004439153/BP000013.xml। আহৰণ কৰা হৈছে: 26 August 2021.
- ↑ "Scripts developed by Sadhu Ramchand Murmu". https://prmmch.nic.in/?page_id=918। আহৰণ কৰা হৈছে: 26 August 2021.
- ↑ "News regarding Sadhu Ramchand Murmu". http://archives.anandabazar.com/archive/1130501/1med1.html। আহৰণ কৰা হৈছে: 26 August 2021.[সংযোগবিহীন উৎস]
- ↑ "Culture of Mayurbhanj and Medinipur: A Comperative Study". http://oaji.net/articles/2020/9223-1595403633.pdf। আহৰণ কৰা হৈছে: 26 August 2021.
- ↑ "Books by Sadhu Ramchand Murmu". Archived from the original on 30 November 2023. https://web.archive.org/web/20231130182352/http://libnet.vidyasagar.ac.in/cgi-bin/koha/opac-detail.pl?biblionumber=31323&query_desc=au:%22Murmu%20,%20Sadhu%20Ramchand%20.%22। আহৰণ কৰা হৈছে: 26 August 2021.
- ↑ "Books by Sadhu Ramchand Murmu". sahitya-akademi.gov.in. http://sahitya-akademi.gov.in/publications/book-63.jsp। আহৰণ কৰা হৈছে: 2020-08-26.