সমললৈ যাওক

সানন্দা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সানন্দা
কোম্পানী আনন্দ পাব্লিচাৰ্ছ
দেশ ভাৰত
ভাষা বাংলা
ৱেবচাইট sananda.in

সানন্দা (বাংলা: সানন্দা, ওড়িয়া: ସାନନ୍ଦା) হৈছে ভাৰতকলকাতাৰ পৰা এবিপি গ্ৰুপৰ দ্বাৰা প্ৰকাশিত বাংলা পষেকীয়া মহিলা আলোচনী[1][2] আলোচনীখন সাধাৰণতে প্ৰতি মাহৰ ১৫ আৰু ৩০ তাৰিখে প্ৰকাশ পায়। ১৯৮৬ চনৰ পৰা বাংলা ভাষাত প্ৰকাশিত হোৱা এই আলোচনীখনৰ ওড়িয়া সংস্কৰণ আৰম্ভ হয় ২০০৫ চনৰ পৰা।

সানন্দা আলোচনীৰ প্ৰকাশ আৰম্ভ হয় ১৯৮৬ চনৰ পৰা।[3] প্ৰথম সংখ্যাটো ১৯৮৬ চনৰ ৩১ জুলাই, ১৯৮৬ চনত প্ৰকাশ পাইছিল[1] আৰু ই তাৎক্ষণিকভাৱে সফলতা লাভ কৰিছিল। আলোচনীখন বাংলা ভাষাত ছপা কৰা হয়।[3] ইয়াৰ মূল প্ৰিন্ট ৰান ৩০,০০০ হ'ব বুলি ধাৰণা কৰা হৈছিল যদিও প্ৰথম সংখ্যাটো ৭৫,০০০ বিক্ৰী হৈছিল।[4] ইয়াৰ প্ৰথম সম্পাদক আছিল বাংলা ভাষাৰ বিখ্যাত পৰিচালিকা আৰু অভিনেত্ৰী অপৰ্ণা সেন[2] তেওঁৰ পিছত ২০০৫ চনত আলোচনীখনৰ মুখ্য সম্পাদক পদত অধিষ্ঠিত হয় মধুমিতা চট্টোপাধ্যায়।[2] সেই বছৰতে আলোচনীখনৰ ওড়িয়া সংস্কৰণ আৰম্ভ হয়।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Sananda Magazine". Magzter. http://www.magzter.com/IN/ABP_Pvt_Ltd/SANANDA/Culture/। আহৰণ কৰা হৈছে: 16 June 2015. 
  2. 2.0 2.1 2.2 2.3 Pritha Mitra (12 December 2005). "Bengali magazine 'Sananda' to don a new look". Afaqs. http://www.afaqs.com/news/story/13556_Bengali-magazine-Sananda-to-don-a-new-look. 
  3. 3.0 3.1 Amrita Madhukalya (19 July 2015). "Of recipes and G-spots: On India's 'magazine era'". dna. http://www.dnaindia.com/lifestyle/report-of-recipes-and-g-spots-on-india-s-magazine-era-2105879। আহৰণ কৰা হৈছে: 25 September 2016. 
  4. Subroto Sengupta (25 January 2005). Brand Positioning: Strategies for Competitive Advantage. Tata McGraw-Hill Education. পৃষ্ঠা. 68. ISBN 978-0-07-058159-3. https://books.google.com/books?id=KtVdGFjYuxsC&pg=PA68.