সমললৈ যাওক

সাপ আৰু খেতিয়ক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৬৭৩ চনৰ জন অগিলবিৰ 'দ্য ফেবলছ অৱ ঈছপ' সংস্কৰণৰ পৰা লোৱা এটা অলংকৰণ

সাপ আৰু খেতিয়ক (ইংৰাজী: The Snake and the Farmer; দ্য স্নেক এণ্ড দ্য ফাৰ্মাৰ) হৈছে ঈছপৰ নামত প্ৰচলিত এক নীতিশিক্ষা মূলক কাহিনী বা ফেবুল। ইয়াৰ কেইবাটাও প্ৰাচীন সংস্কৰণ পোৱা যায় আৰু মধ্যযুগৰ ইউৰোপ তথা ভাৰতীয় ইতিহাসতো ইয়াৰ উল্লেখ আছে। আৰ্নে-থম্পছন-উথাৰ শ্ৰেণীবিভাজনত এই কাহিনীটোক ২৮৫ডি (285D) প্ৰকাৰৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই কাহিনীটোৰ মূল বিষয়বস্তু হ’ল— এবাৰ ভাঙি যোৱা বন্ধুত্ব পুনৰ আগৰ দৰে জোৰা লগাব নোৱাৰি।[1] যদিও এই কাহিনীটোৱে মানুহ আৰু সাপৰ মাজত এক পাৰস্পৰিক উপকাৰী সম্পৰ্কৰ সম্ভাৱনাক স্বীকাৰ কৰে, একেধৰণৰ শিৰোনাম থকা আন এটা কাহিনী দ্য ফাৰ্মাৰ এণ্ড দ্য ভাইপাৰ-এ ইয়াক অস্বীকাৰ কৰে।

কাহিনীটোৰ বিভিন্ন সংস্কৰণ

[সম্পাদনা কৰক]

পেৰী ইণ্ডেক্সত এই কাহিনীটোৰ আটাইতকৈ পুৰণি গ্ৰীক সংস্কৰণসমূহক ৫১ নম্বৰত তালিকাভুক্ত কৰা হৈছে।[2] কাহিনী অনুসৰি, এজন খেতিয়কৰ ঘৰৰ দুৱাৰমুখৰ এটা গাঁতত এটা সাপ থাকে। খেতিয়কজনে সাপটোক একো নকৰে, কিন্তু এদিন তেওঁৰ পুত্ৰই ভুলবশতঃ সাপটোৰ ওপৰত ভৰি দিয়ে আৰু সাপে দংশন কৰাত ল’ৰাটোৰ মৃত্যু হয়। খঙত খেতিয়কজনে কুঠাৰ লৈ সাপটোক খেদি যায় আৰু তাৰ নেজডাল কাটি পেলায়। পিছত যেতিয়া তেওঁ সাপটোৰ সৈতে মান্তি হ’বলৈ চেষ্টা কৰে, তেতিয়া সাপে এই বুলি অস্বীকাৰ কৰে যে তেওঁলোকৰ কোনেও কেতিয়াও এজনে আনজনক দিয়া আঘাত পাহৰিব নোৱাৰে। হাইৰ’নিমাছ অ'চিয়াছ আৰু পেণ্টেলিয়ন কেণ্ডিডাছৰ নিঅ'-লেটিন কবিতাসমূহতো একেধৰণৰ কাহিনী পোৱা যায়।[3]

অৱশ্যে মধ্যযুগীয় ইউৰোপীয় উৎসসমূহত এই কাহিনীটোৰ এটা বিকল্প সংস্কৰণ পোৱা যায়, যিটো পেৰী ইণ্ডেক্সত ৫৭৩ নম্বৰত পৃথকে তালিকাভুক্ত কৰা হৈছে।[4] ইয়াত সাপে মানুহজনে থৈ দিয়া খাদ্য বা তেওঁৰ মেজৰ উচ্ছিষ্ট খায়; ই মানুহজনৰ বাবে ভাগ্য কঢ়িয়াই আনে আৰু ফলস্বৰূপে মানুহজন ধনী হৈ পৰে। শেষত তেওঁ সাপটোৱে আশীৰ্বাদ বন্ধ কৰাৰ আগতেই তাক মাৰি পেলোৱাৰ সিদ্ধান্ত লয়, কিন্তু সাপটো সেই আক্ৰমণৰ পৰা বাচি যায় আৰু প্ৰতিশোধ ল’বলৈ মানুহজনৰ পুত্ৰক হত্যা কৰে। খেতিয়কজনে শান্তিৰ বাবে অনুৰোধ কৰে যদিও সাপে উত্তৰ দিয়ে যে যেতিয়ালৈকে পুৰণি অন্যায়ৰ প্ৰমাণবোৰ চকুৰ আগত থাকিব, তেতিয়ালৈকে কোনেও কাকো ক্ষমা কৰিব নোৱাৰে।

১২ শতিকাৰ শেষৰ ফালে মেৰী ডি ফ্ৰান্সৰ পদ্য বৰ্ণনাত সাপে খেতিয়কজনক প্ৰতিদিন গাখীৰ খুৱাবলৈ কয় আৰু বিনিময়ত তাক ধনী কৰি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে। পিছলৈ খেতিয়কজনে তেওঁৰ পত্নীৰ কথাত সাপটোক মাৰিবলৈ চেষ্টা কৰে আৰু কুঠাৰেৰে কোব মাৰে, কিন্তু কুঠাৰৰ কোবটো সাপৰ গাত নালাগি গাঁতটোৰ শিল এটাতহে লাগে। সাপে প্ৰতিশোধ ল’বলৈ মানুহজনৰ ভেড়া এটাক হত্যা কৰে আৰু যেতিয়া খেতিয়কজনে ক্ষমা খোজে, তেতিয়া সাপে কয় যে তাক আৰু বিশ্বাস কৰিব নোৱাৰি। শিলত ৰৈ যোৱা সেই আঘাতৰ চিনটোৱে সদায় খেতিয়কজনৰ বিশ্বাসঘাটকতাৰ কথা সোঁৱৰাই থাকিব। মেৰীয়ে এই কাহিনীটোৰ জৰিয়তে কেতিয়াও মহিলাৰ পৰামৰ্শ নল’বলৈ এক নীতিশিক্ষা দিছে।[5] এশ বছৰৰ পিছত 'জেষ্টা ৰোমানোৰাম'ত (Gesta Romanorum) পোৱা কাহিনীটোৰ গাঁথনিও একেই। এজন ধাৰত পোত যোৱা যোদ্ধাই এটা সাপৰ সৈতে চুক্তি কৰে আৰু ধনী হয়। তেওঁ পত্নীৰ কথাত বিশ্বাসঘাটকতা কৰাত সাপে তেওঁৰ সন্তানক হত্যা কৰে আৰু তেওঁ পুনৰ দৰিদ্ৰ হৈ পৰে। ইয়াক পাপ আৰু মিছা অনুশোচনাৰ এক ৰূপক হিচাপে ব্যাখ্যা কৰা হৈছে।[6]

এই সংস্কৰণসমূহ ১২ শতিকাৰ শেষৰ ফালে ভাৰতীয় পঞ্চতন্ত্ৰত যোগ কৰা একেধৰণৰ কাহিনীৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে। এজন খেতিয়কে তেওঁৰ পথাৰৰ এটা ঢিপৰ পৰা সাপ এটা ওলাই অহা দেখি তাক আহাৰ খাবলৈ দিয়ে। বিনিময়ত সাপে বাতিটোত এটা সোণৰ মোহৰ এৰি থৈ যায়। 'সোণৰ কণী পৰা হাঁহ'ৰ কাহিনীৰ দৰেই ইয়াতো খেতিয়কজনৰ পুত্ৰই ভাবে যে সাপৰ ঢিপটোৰ তলত এটা গুপ্তধনৰ ভাণ্ডাৰ আছে আৰু তাক মাৰিবলৈ গৈ নিজেই প্ৰাণ হেৰুৱায়। যেতিয়া খেতিয়কজনে ক্ষমা খুজিবলৈ আহে, সাপে তেওঁৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে আৰু কয় যে তেওঁ কেৱল লোভৰ বশৱৰ্তী হৈহে ক্ষমা বিচাৰিছে।[7]

জোচেফ জেকবছে যুক্তি দিছে যে ভাৰতীয় উৎসটোৱেই মূল আৰু ই প্ৰাচীন কালৰ সকলো সংস্কৰণক প্ৰভাৱিত কৰিছে। তেওঁৰ মতে এই সংস্কৰণটো অধিক বিস্তৃত আৰু ই আনবোৰত অস্পষ্ট হৈ থকা বহুতো কথা বুজাই দিয়ে।[8] অৱশ্যে পৰৱৰ্তী গৱেষণাত দেখা গৈছে যে ১১৯৯ চনৰ আগৰ কোনো সংস্কৃত সংস্কৰণ এই কাহিনীটোৰ পোৱা নাযায়। এই কাৰণতে ফ্ৰান্সিস্কো ৰড্ৰিগেজ এড্ৰাডোছে মত পোষণ কৰিছে যে ভাৰতীয় সংস্কৰণটোৱেহে গ্ৰীক কাহিনীৰ দ্বাৰা প্ৰভাৱিত হৈছে।[9] অৱশ্যে তেওঁ স্বীকাৰ কৰিছে যে কোনোবা এটা এতিয়াও আৱিষ্কাৰ নোহোৱা মূল উৎসৰ পৰাই এই সকলোবোৰ ভিন্ন সংস্কৰণৰ জন্ম হৈছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Man and Serpent: Tales of Type 285D". www.pitt.edu. http://www.pitt.edu/~dash/type0285d.html আহৰণ কৰা হৈছে: 2021-03-23.
  2. "The Snake and The Farmer (51)". mythfolklore.net. http://mythfolklore.net/aesopica/perry/51.htm আহৰণ কৰা হৈছে: 2021-03-23.
  3. "26. Anguis et Agricola. (Phryx Aesopus by Osius)". mythfolklore.net. http://mythfolklore.net/aesopica/osius/26.htm আহৰণ কৰা হৈছে: 2021-03-23.
  4. "The Snake and The Farmer (573)". mythfolklore.net. http://mythfolklore.net/aesopica/perry/573.htm আহৰণ কৰা হৈছে: 2021-03-23.
  5. Die Fabeln der Marie de France, Halle 1898, Fable 72, pp. 236–243
  6. Gesta Romanorum. প্ৰকাশক name.umdl.umich.edu. 1879. http://name.umdl.umich.edu/GRom.
  7. Indian Fairy Stories, edited by Joseph Jacobs, London 1892, pp. 112–114
  8. Indian Fairy Stories, pp.246-7
  9. History of the Graeco-Latin Fable vol.2, Leiden NL 2000, pp. 107–109

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]