সাবিত্ৰী – এক প্ৰেম কাহানী
সাবিত্ৰী – এক প্ৰেম কাহানী | |
---|---|
শৈলী | নাটক |
পৰিচালক | ৰঞ্জন কুমান সিং, অনিল ভি. কুমাৰ, সন্তোষ ভাট,সাগৰ কাগ্ৰা |
দেশ | ভাৰত |
ভাষা | হিন্দী |
খণ্ডৰ সংখ্যা | ১৬৩ |
প্ৰযোজনা | |
প্ৰযোজক | সাবিৰ আহ্লোৱালিয়া আৰু শকেত ছাৱনে[1] |
ষ্টুডিঅ’ | ফ্লাইং টাৰ্টেলছ |
সম্প্ৰচাৰ | |
মূল ছেনেল | লাইফ অকে |
প্ৰদৰ্শনৰ সময় | ১৮ ফেব্ৰুৱাৰী ২০১৩ | – ৪ অক্টোবৰ ২০১৩
সাবিত্ৰী হৈছে ভাৰতীয় কাল্পনিক নাটকৰ দূৰদৰ্শন ধাৰাবাহিক৷ এই ধাৰাবাহিকখন ২০১৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ[2] পৰা ২০১৩ চনৰ ৪ অক্টোবৰলৈকে লাইফ অ'কেত প্ৰচাৰিত হৈছিল। ধাৰাবাহিকখনৰ প্ৰাৰম্ভিক সহ-প্ৰযোজক আছিল ফিল্ম ফাৰ্ম ইণ্ডিয়া, কিন্তু ধাৰাবাহিকখন সম্প্ৰচাৰিত হোৱাৰ আগতেই প্ৰযোজনা ফ্লাইং টাৰ্টেলছলৈ সলনি কৰা হয়৷[1] ২০১৩ চনৰ আগষ্ট মাহত কাষ্ট ৰিভেম্প কৰা হৈছিল।[3] এই ধাৰাবাহিকখন পৰম্পৰাগত ভাৰতীয় লোককথা মহাভাৰতৰ সাবিত্ৰী আৰু সত্যবানৰ আধুনিক ৰূপ।[4]
অভিনয়
[সম্পাদনা কৰক]ধাৰাবাহিকখনত শিশু ৰাজকুমাৰী দময়ন্তীৰ চৰিত্ৰত অবনীত কৌৰে অভিনয় কৰিছিল৷[5] ৰাজকুমাৰী দময়ন্তী আৰু সাবিত্ৰী সত্যৱান ৰায় চৌধাৰীৰ চৰিত্ৰত ৰিদ্ধি ডোগ্ৰাই অভিনয় কৰিছিল৷ ৰাহুকালৰ চৰিত্ৰত কৃপ সূৰী, সেনাপতি বীৰ, আশীষ কাপুৰ আৰু সত্যৱান ৰায় চৌধুৰীৰ চৰিত্ৰত চৰিত্ৰত যশ পণ্ডিত, মিষ্টিৰ চৰিত্ৰত সুমনা দাস,[6] মহাৰাজ[7] তথা দময়ন্তীৰ পিতৃ হিচাপে সলিল অংকোলা, দময়ন্তীৰ মাতৃ মহাৰাণীৰ ৰূপত সুচিতা ত্ৰিবেদী,[7] দেৱৰ চৰিত্ৰত অংগদ হাছিজা, গুলিকাৰ চৰিত্ৰত ৰেশ্মী ঘোষ, ৰাজকুমাৰ দেৱাতীনৰ চৰিত্ৰত আহাদ আলী আমিৰ, লীনা ৰায় চৌধুৰী আৰু বিষঘাটিৰ চৰিত্ৰত ইন্দ্ৰানী হালদাৰ, বিক্ৰান্তৰ চৰিত্ৰত কৰণ সুচাক, দময়ন্তীৰ মাতৃ হিচাপে উৎকৰ্ষ নাইক, বিষ্কামিনীৰ চৰিত্ৰত বাহবিজ দোৰাবজী, সেনাপতিৰ চৰিত্ৰত অমিত বেহল আৰু ধুমকেতু হিচাপে পুনীত বশিষ্ঠই অভিনয় কৰিছিল৷
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Shabbir Ahluwalia the new producer of Savitri - The Times of India
- ↑ Savitri-a fantasy mega series launched - The Times of India
- ↑ Savitri is not going off air: Saaket Saawhney | The Times of India
- ↑ "Life OK's Savitri: What is the show all about?" (en ভাষাত). Bollywood Life. 2013-02-17. https://www.bollywoodlife.com/editors-pick/life-oks-savitri-what-is-the-show-all-about-191634/.
- ↑ Avneet Kaur in Life OK's Savitri - The Times of India
- ↑ "Sumana Das to enter Life OK's Savitri" (en ভাষাত). India Forums Dot Com. 2013-02-20. https://www.indiaforums.com/article/sumana-das-to-enter-life-oks-savitri_41368?ri=3&rv=9883। আহৰণ কৰা হৈছে: 2020-02-18.
- ↑ 7.0 7.1 "Salil Ankola and Sucheta Trivedi to essay Damayanti's parents in Life OK's Savitri" (en ভাষাত). Tellychakkar Dot Com. 2013-03-21. https://www.tellychakkar.com/tv/tv-news/salil-ankola-and-sucheta-trivedi-essay-damayantis-parents-life-oks-savitri। আহৰণ কৰা হৈছে: 2020-02-18.