সাবিত্ৰী (১৯৩৭ চলচ্চিত্ৰ)
| সাবিত্ৰী | |
|---|---|
পোষ্টাৰ | |
| পৰিচালক | ফ্ৰেঞ্জ অষ্টিন |
| ৰচনা |
|
| প্ৰযোজক | বোম্বে টকীজ |
| অভিনয়ত |
|
| চিত্ৰগ্ৰহণকাৰী | যোচেফ ৱিৰচিং |
| সংগীত পৰিচালক | সৰস্বতী দেৱী |
প্ৰযোজনা কোম্পানী |
বোম্বে টকীজ |
| পৰিবেশক | ৰামনিকলাল মোহনলাল এণ্ড কোম্পানী, বোম্বে |
মুক্তি |
১৯৩৭ |
দৈৰ্ঘ্য |
১৩৬ মিনিট |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
সাবিত্ৰী' (ইংৰাজী: Savitri) হৈছে ১৯৩৭ চনৰ ফ্ৰেঞ্জ অষ্টিনৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় হিন্দী ভাষাৰ পৌৰাণিক ছবি।[1] নিৰঞ্জন পালৰ দ্বাৰা অভিযোজিত মহাভাৰতৰ এটা কাহিনীৰ আধাৰত ছবিখনৰ সংলাপ জোচেফ উইৰ্চিঙে লিখে। সংগীত ৰচনা সৰস্বতী দেৱীৰ।[2] গাৰ্গৰ মতে সাবিত্ৰী আছিল হিমাংশু ৰায়ে "গ্ৰাম্যবাদী সংস্কাৰধৰ্মী ড্ৰামা" নিৰ্মাণৰ বাবে পৰিচিত বম্বে টকীৰ বাবে প্ৰযোজনা কৰা "একমাত্ৰ পৌৰাণিক" ছবি আছিল।[3] অশোক কুমাৰ আৰু দেৱীকা ৰাণীয়ে মূল ভূমিকাত অভিনয় কৰিছিল; সহযোগী চৰিত্ৰত আছিল মায়া দেৱী, সৰোজ বৰকাৰ, মুমতাজ আলী আৰু সুনীতা দেৱী।[4]
কাহিনী
[সম্পাদনা কৰক]ৰাজ্যহাৰা অন্ধৰজা দুমতসেনৰ পুত্ৰ সত্যৱানৰ লগত সাবিত্ৰীৰ বিবাহ হয়। নাৰদ ঋষিয়ে অৱশ্যে বিবাহৰ পূৰ্বে সাবিত্ৰীক সকিয়াই দিছিল যে বিবাহৰ এবছৰ পিছতে সত্যৱানৰ মৃত্যু হ’ব। এবছৰ পাছত যেতিয়া সত্যবানৰ আত্মা যমে কাঢ়ি নিব ওলোৱাত সাবিত্ৰীয়ে যমক কাকুতি মিনতি কৰে। তেওঁৰ সাধনাত যম সন্তুষ্ট হৈ স্বামীৰ জীৱনদানৰ সলনি তিনিটা বৰ বিচাৰিব কলে। সেই মতে তেওঁ শহুৰেকক দৃষ্টিশক্তি দান, হেৰুওৱা ৰাজ্য পুনৰুদ্ধাৰ আৰু এশ পুত্ৰ দান- এই তিনিটা বৰ বিচাৰিলে। যমে তিনিওটা বৰ দিলে। কিন্তু যম নিজেই নিজৰ কথাত বান্ধ খাই পৰিল। স্বামী অবিহনে সাবিত্ৰীয়ে এশ পুত্ৰ জন্ম দিব কেনেকৈ? অৱশেষত যমে সত্যৱানৰ আত্মা ওভতাই দিবলৈ বাধ্য হ’ল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Karanjia, B. K. (1989). Genres of Indian Cinema. The Author. https://books.google.com/books?id=2X6RAAAAIAAJ। আহৰণ কৰা হৈছে: 18 April 2015.
- ↑ "Savitri (1937)". Gomolo.comgomolo.com. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304110540/http://www.gomolo.com/savitri-movie/641। আহৰণ কৰা হৈছে: 18 April 2015.
- ↑ Bhagwan Das Garga (1996). So many cinemas: the motion picture in India. Eminence Designs. ISBN 978-81-900602-1-9. https://books.google.com/books?id=wXRZAAAAMAAJ। আহৰণ কৰা হৈছে: 9 April 2015.
- ↑ "Savitri". Alan Goblecitwf.com. http://www.citwf.com/film307030.htm। আহৰণ কৰা হৈছে: 18 April 2015.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- সাবিত্ৰী (১৯৩৭ চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।