সমললৈ যাওক

সাবিত্ৰী (১৯৪১ চনৰ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাবিত্ৰী

ছবিখনৰ পোস্তাৰ
পৰিচালক ৱাই. ভি. ৰাও
ভিত্তি সাবিত্ৰী আৰু সত্যবান, মহাভাৰত এটা কাহিনী
অভিনয়ত শান্তা আপ্তে
এম. এছ. চুব্বালক্ষ্মী
ৱাই. ভি. ৰাও
ভি. এ. চেল্লাপ্পা
সংগীত পৰিচালক এম. ৰাজাগোপাল শৰ্মা
কমল দাস গুপ্তা
প্ৰযোজনা
কোম্পানী
নিউ থিয়েটাৰ ষ্টুডিঅ'
মুক্তি
৪ ছেপ্টেম্বৰ ১৯৪১ (1941-09-04)
দেশ ভাৰত
ভাষা তামিল

সাবিত্ৰী (ইংৰাজী: Savithiri) ১৯৪১ চনত তামিল ভাষাত নিৰ্মিত এখন ভাৰতীয় চলচ্চিত্ৰ৷ ছবিখন ৱাই ভি ৰাওে পৰিচালনা কৰিছিল। ছবিখনত ৱাই. ভি. ৰাওে সত্যবানৰ চৰিত্ৰত আৰু শান্ত আপ্তেই সাবিত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।[1]

প্ৰযোজনা

[সম্পাদনা কৰক]

শান্তা আপ্তে মাৰাঠী আৰু হিন্দী ছবিৰ জনপ্ৰিয় তাৰকা। তেওঁ তামিল নাজানিছিল যদিও ভাষাটো শিকিব আৰু ছবিখনত নিজৰ কণ্ঠ দিব বুলি জোৰ দিছিল। পুনেত ব্যক্তিগত শিক্ষকৰ অধীনত এবছৰ অধ্যয়ন কৰি তেওঁ ভাষাটোত পাকৈত হৈ উঠিছিল।[1] এম. এছ. চুব্বালক্ষ্মীয়ে ছবিখনৰ দেৱৰ্ষি নাৰদ হিচাপে এজন পুৰুষ চৰিত্ৰত অভিনয় কৰিছিল।[2] কলিকতা (বৰ্তমান কলকাতা)ৰ নিউ থিয়েটাৰ ষ্টুডিঅ'ত এই ছবিখন নিৰ্মাণ কৰা হৈছিল।[3]

১৯৪১ চনৰ ৪ ছেপ্টেম্বৰত মাদুৰাই, ত্ৰিচি আৰু কয়ম্বাটুৰত ছবিখন মুক্তি দিয়া হয়।[4] মাদ্ৰাজত ইয়াক ১৭ অক্টোবৰত মুক্তি দিয়া হয়।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]