সামাজিক গণতন্ত্ৰ
সামাজিক গণতন্ত্ৰ (ইংৰাজী: Social Democracy) হৈছে সমাজবাদৰ অন্তৰ্গত এক ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক দৰ্শন যিয়ে এখন উদাৰ-গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু পুঁজিবাদী মিশ্ৰ অৰ্থনীতিৰ গাঁথনিৰ ভিতৰত থাকিয়ে সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাৰ পোষকতা কৰে।[1][2][3] ই মূলতঃ এক শান্তিপূৰ্ণ, ক্ৰমান্বয়িক আৰু সংসদীয় সংস্কাৰৰ জৰিয়তে সমাজত থকা অৰ্থনৈতিক অসমতা দূৰ কৰা আৰু জনসাধাৰণৰ সৰ্বাঙ্গীন কল্যাণ সাধন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাত গুৰুত্ব দিয়ে। কমিউনিজম বা সাম্যবাদৰ দৰে ই বিপ্লৱ বা বলপ্ৰয়োগৰ জৰিয়তে পুঁজিবাদৰ সম্পূৰ্ণ পতন বিচৰাৰ পৰিৱৰ্তে, পুঁজিবাদী ব্যৱস্থাৰ ভিতৰতেই চৰকাৰী নিয়ন্ত্ৰণ আৰু সংস্কাৰৰ জৰিয়তে শ্ৰমিক আৰু সাধাৰণ জনতাৰ অধিকাৰ সুৰক্ষিত কৰিব বিচাৰে। নৰৱে, ছুইডেন আদিৰ দৰে দেশত এই ৰাজনৈতিক ব্যৱস্থাতো এটা বিশেষ ৰূপত পালন কৰা দেখা যায়।
ইতিহাস আৰু ক্ৰমবিকাশ
[সম্পাদনা কৰক]সামাজিক গণতন্ত্ৰৰ উৎপত্তি ১৯ শতিকাৰ শেষভাগত আৰু ২০ শতিকাৰ আৰম্ভণিতে ইউৰোপৰ শ্ৰমিক আন্দোলনৰ মাজেৰে হৈছিল।
১. মাৰ্ক্সবাদৰ সৈতে প্ৰাৰম্ভিক সম্পৰ্ক: প্ৰথম অৱস্থাত সামাজিক গণতন্ত্ৰী দলসমূহ মাৰ্ক্সবাদী মতাদৰ্শৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত আছিল। তেওঁলোকৰ মূল লক্ষ্য আছিল পুঁজিবাদৰ অৱসান ঘটাই সমাজবাদ প্ৰতিষ্ঠা কৰা।
২. বাৰ্নষ্টেইনৰ সংস্কাৰবাদ : ১৯ শতিকাৰ শেষৰ ফালে এডৱাৰ্ড বাৰ্নষ্টেইন নামৰ এগৰাকী জাৰ্মান ৰাজনৈতিক চিন্তাবিদে মত পোষণ কৰে যে পুঁজিবাদৰ পতন নিশ্চিত নহয় আৰু সমাজবাদ প্ৰতিষ্ঠাৰ বাবে সশস্ত্ৰ বিপ্লৱৰ প্ৰয়োজন নাই। তেওঁ যুক্তি দিছিল যে সাৰ্বজনীন ভোটাধিকাৰ আৰু সংসদীয় গণতন্ত্ৰৰ জৰিয়তে শান্তিপূৰ্ণভাৱে সমাজবাদী লক্ষ্য উপনীত হ'ব পাৰি। ইয়াৰ পিছতেই সামাজিক গণতন্ত্ৰই এক নতুন মোৰ লয়।
৩. কমিউনিজমৰ পৰা বিচ্ছেদ: ১৯১৭ চনৰ ৰাছিয়ান বিপ্লৱ আৰু প্ৰথম বিশ্বযুদ্ধৰ পিছত সমাজবাদী শিবিৰ দুটা ভাগত বিভক্ত হয়। বিপ্লৱত বিশ্বাসী অংশটোৱে নিজকে "কমিউনিষ্ট" বুলি পৰিচয় দিয়ে আৰু শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াত বিশ্বাসী অংশটোৱে "সামাজিক গণতন্ত্ৰী" হিচাপে নিজৰ স্থিতি স্পষ্ট কৰে।
৪. দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পশ্চিম ইউৰোপৰ বহুকেইখন দেশত (যেনে: ব্ৰিটেইন, জাৰ্মানী, চুইডেন) সামাজিক গণতন্ত্ৰী দলসমূহ ক্ষমতালৈ আহে আৰু এখন "কল্যাণকামী ৰাষ্ট্ৰ" গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
মূল নীতি আৰু বৈশিষ্ট্যসমূহ
[সম্পাদনা কৰক]সামাজিক গণতন্ত্ৰৰ মূল ভেটি কেইটামান নিৰ্দিষ্ট নীতিৰ ওপৰত প্ৰতিষ্ঠিত:
- মিশ্ৰ অৰ্থনীতি : সামাজিক গণতন্ত্ৰই ব্যক্তিগত মালিকীস্বত্ব আৰু মুক্ত বজাৰ ব্যৱস্থাক স্বীকাৰ কৰে, কিন্তু একে সময়তে জনকল্যাণৰ স্বাৰ্থত গুৰুত্বপূৰ্ণ খণ্ডসমূহত (যেনে: স্বাস্থ্য, শিক্ষা, যাতায়াত আৰু শক্তি) চৰকাৰী নিয়ন্ত্ৰণ বা মালিকীস্বত্বৰ পোষকতা কৰে।[4]
- কল্যাণকামী ৰাষ্ট্ৰ : ইয়াৰ অন্যতম প্ৰধান লক্ষ্য হৈছে এখন শক্তিশালী কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। চৰকাৰে সকলো নাগৰিকৰ বাবে বিনামূলীয়া বা সুলভ মূল্যৰ শিক্ষা, উৎকৃষ্ট স্বাস্থ্যসেৱা, বৃদ্ধাৱস্থাৰ পেঞ্চন আৰু নিবনুৱা ভাট্টাৰ দৰে সামাজিক নিৰাপত্তা সুনিশ্চিত কৰে।
- সামাজিক ন্যায় আৰু সমতা : সমাজত ধনী আৰু দুখীয়াৰ মাজৰ ব্যৱধান হ্ৰাস কৰাৰ বাবে প্ৰগতিশীল কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। অৰ্থাৎ যিগৰাকী ব্যক্তিৰ আয় বেছি, তেওঁ অধিক কৰ প্ৰদান কৰিব লাগে।
- শ্ৰমিকৰ অধিকাৰ : শ্ৰমিক ইউনিয়নমূহক আইনী স্বীকৃতি আৰু ক্ষমতা প্ৰদান কৰি শ্ৰমিকৰ উপযুক্ত মজুৰি, কৰ্মক্ষেত্ৰৰ নিৰাপত্তা আৰু কৰ্মঘণ্টা নিৰ্ধাৰণ কৰাত গুৰুত্ব দিয়া হয়।
- পৰিৱেশ আৰু বহনক্ষম উন্নয়ন: আধুনিক সামাজিক গণতন্ত্ৰই পৰিৱেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে বিষয়সমূহতো বিশেষ গুৰুত্ব আৰোপ কৰে।
নৰ্ডিক আৰ্হি
[সম্পাদনা কৰক]বৰ্তমান সময়ত ছুইডেন, নৰৱে, ডেনমাৰ্ক, ফিনলেণ্ড আৰু আইচলেণ্ডৰ দৰে নৰ্ডিক দেশসমূহত সামাজিক গণতন্ত্ৰৰ আটাইতকৈ সফল প্ৰয়োগ দেখা যায়।[5] এই আৰ্হিটোক "নৰ্ডিক মডেল" বুলি কোৱা হয়। এই দেশসমূহত জনপ্ৰতি আয় আৰু মানৱ উন্নয়ন সূচকাংক বিশ্বৰ ভিতৰতে সৰ্বোচ্চ। ইয়াত এখন প্ৰতিযোগিতামূলক মুক্ত বজাৰ অৰ্থনীতিৰ লগতে এখন শক্তিশালী সমাজ কল্যাণমূলক ব্যৱস্থাৰ সুন্দৰ সমন্বয় ঘটিছে।
সমালোচনা
[সম্পাদনা কৰক]সামাজিক গণতন্ত্ৰক বিভিন্ন মতাদৰ্শৰ ফালৰ পৰা সমালোচনা কৰা হয়:
- বাওঁপন্থীৰ সমালোচনা: গোঁড়া মাৰ্ক্সবাদী আৰু কমিউনিষ্টসকলে বিশ্বাস কৰে যে সামাজিক গণতন্ত্ৰই পুঁজিবাদৰ মূল শোষণকাৰী গাঁথনিটো ধ্বংস নকৰে, বৰঞ্চ কিছুমান সংস্কাৰৰ জৰিয়তে পুঁজিবাদকে জীয়াই ৰাখিবলৈহে সহায় কৰে।
- সোঁঁপন্থীৰ সমালোচনা: নব্য-উদাৰতাবাদী আৰু ৰক্ষণশীলসকলে যুক্তি দৰ্শায় যে অত্যাধিক কৰ আৰোপ আৰু বজাৰৰ ওপৰত কঠোৰ চৰকাৰী নিয়ন্ত্ৰণে ব্যৱসায়িক উদ্যোগ আৰু অৰ্থনৈতিক বিকাশত বাধাৰ সৃষ্টি কৰে। কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাই মানুহক চৰকাৰৰ ওপৰত অত্যধিক নিৰ্ভৰশীল কৰি তোলে বুলিও তেওঁলোকে দাবী কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Social Democracy". https://www.britannica.com/topic/social-democracy। আহৰণ কৰা হৈছে: 25 June 2026.
- ↑ Eatwell & Wright 1999, পৃষ্ঠা. 80–103; Newman 2005, পৃষ্ঠা. 5; Heywood 2007, পৃষ্ঠা. 101, 134–136, 139; Ypi 2018; Watson 2019.
- ↑ Wintrop 1983, পৃষ্ঠা. 306; Archer 1995; Jones 2001, পৃষ্ঠা. 737; Ritzer 2004, পৃষ্ঠা. 479.
- ↑ "Social democracy". https://www.ebsco.com/research-starters/political-science/social-democracy। আহৰণ কৰা হৈছে: 25 June 2026.
- ↑ "15 Democratic Socialist Countries and Social Democracies". https://people.howstuffworks.com/democratic-socialist-countries.htm। আহৰণ কৰা হৈছে: 25 June 2026.