সাম্প্ৰতিক সাময়িকী (আলোচনী)
সাম্প্ৰতিক সাময়িকী (ইংৰাজী: Sampratik Samayikee) ১৯৭৬ চনৰ পৰা ১৯৮৬ চনলৈকে এৰাধৰাকৈ প্ৰকাশ হোৱা এখন অসমীয়া আলোচনী৷[1] এই সময়ছোৱাত আলোচনীখনৰ প্ৰায় পঞ্চাশটামান সংখ্যা প্ৰকাশ হৈছিল৷ সাহিত্য-সংস্কৃতি বিষয়ক তিনিমহীয়া আলোচনীখনৰ প্ৰথম বছৰ প্ৰথম সংখ্যাটো প্ৰকাশ হৈছিল ১৯৭৬ চনৰ এপ্ৰিল মাহত।[2] প্ৰথম বছৰ প্ৰথম সংখ্যাৰ প্ৰচ্ছদপট অঙ্কণ কৰিছিল বেণু মিশ্ৰই। সম্পাদক আছিল নিত্য বৰা আৰু উপদেষ্টা আছিল নলিনীধৰ ভট্টাচাৰ্য।
প্ৰথম বছৰ প্ৰথম সংখ্যা
[সম্পাদনা কৰক]প্ৰথম বছৰ প্ৰথম সংখ্যাৰ সাংস্কৃতিকী শিতানত দুটি প্ৰবন্ধ ছপা হৈছিল। সেয়া ক্ৰমে পবিত্ৰ কুমাৰ ডেকাৰ পল ৰবচন আৰু অমিতাভ বৰুৱাৰ ঋত্বিক ঘটক। কবিতা শিতানত ছপা হৈছিল ক্ৰমে হীৰেণ ভট্টাচাৰ্য, নলিনীধৰ ভট্টাচাৰ্য, ৰীণা ভূঞা, সনন্ত তাঁতি, উদয়াদিত্য ভৰালীৰ কবিতাৰ লগতে দেবীপ্ৰসাদ সিংহ (অনুবাদ: তপন বৰুৱা), নাজিম হিকমত আৰু নৰ্মান জৰ্ডান (অনুবাদ: ৰবীন্দ্ৰ সৰকাৰ) আৰু য়েতুন্দ এসান (অনুবাদ: যতীন্দ্ৰ কুমাৰ বৰগোহাঞি)ৰ কবিতা। সাম্প্ৰতিক সাময়িকীৰ প্ৰথম সংখ্যাত ছপা হৈছিল দুটি গল্প। গল্প দুটি ক্ৰমে প্ৰণতি গোস্বামীৰ পিতামহৰ মৰণ আৰু অৰুণ গোস্বামীৰ বুকুৰ কামোৰ। এই সংখ্যাত প্ৰকাশিত একমাত্ৰ ৰম্য ৰচনা অলংকৃত শৃংখল, লেখক প্ৰসেনজিৎ চৌধুৰী। এই সংখ্যাত প্ৰকাশিত প্ৰবন্ধসমূহ হৈছে - লেখক-লেখনি তথা শিল্প-সাহিত্য সম্পৰ্কত একেষাৰ (পোলেন বৰকটকী), ধীৰেন দত্তৰ কবিতা : এটি আলোচনা (দেৱেন তামুলী), অসমীয়া কবিতা সম্পৰ্কত (অৰূপ কুমাৰ গোস্বামী), এৰাবাৰীৰ বিননি : হোমেন বৰগোহাঞিৰ 'পিতা-পুত্ৰ' (হীৰেন গোহাঁই), ঊনৈশ শতিকাৰ বৌদ্ধিক জাগৰণ আৰু বঙালী-অসমীয়া সম্পৰ্ক (অমলেন্দু গুহ), মোৰ কবিতাৰ অন্তৰালৰ কথা (ৰবীন্দ্ৰ সৰকাৰ) আৰু আজিৰ নাটক আৰু সমাজ (অজিত গোস্বামী)।
সাম্প্ৰতিক সাময়িকীৰ একত্ৰ সংকলন
[সম্পাদনা কৰক]‘সাম্প্ৰতিক সাময়িকী’ৰ পুৰণি সংখ্যাবোৰ তিনিটা খণ্ডত ইতিমধ্যে সংকলিত হৈছে। ‘সাম্প্ৰতিক সাময়িকী’ৰ সম্পাদক নিত্য বৰা আৰু পৰমানন্দ মজুমদাৰ ডাঙৰীয়াই তিনিটা খণ্ডৰ এই একত্ৰ সংকলনটি সংকলন আৰু সম্পাদনা কৰিছে৷[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ বৰা, নিত্য; মজুমদাৰ, পৰমানন্দ (সংকলক আৰু সম্পাদনা) (নৱেম্বৰ, ২০২৪). সাম্প্ৰতিক সাময়িকী (প্ৰথম খণ্ড). ভৱানী বুকছ প্ৰাঃ লিঃ, গুৱাহাটী -৭. পৃষ্ঠা. ০.৬. ISBN 978-81-974206-2-7.
- ↑ বৰা, নিত্য; মজুমদাৰ, পৰমানন্দ (সংকলক আৰু সম্পাদনা) (নৱেম্বৰ, ২০২৪). সাম্প্ৰতিক সাময়িকী (প্ৰথম খণ্ড). ভৱানী বুকছ প্ৰাঃ লিঃ, গুৱাহাটী -৭. পৃষ্ঠা. ২. ISBN 978-81-974206-2-7.
- ↑ "Sampratik Samayikee, a meticulously compiled collection of Assamese monthly magazines published in 70’s, is now available in three volumes". https://bhabanibooks.com/sampratik-samayikee-a-meticulously-compiled-collection-of-assamese-monthly-magazines-published-in-70s-is-now-available-in-three-volumes/। আহৰণ কৰা হৈছে: 30 June 2025.