সাম্ৰাজ্যবাদ

সাম্ৰাজ্যবাদ (ইংৰাজী: Imperialism) হৈছে বিদেশী ভূমিৰ ওপৰত ক্ষমতা সম্প্ৰসাৰণৰ নীতি।[2] ইয়াক প্ৰায় অনৈতিক বুলি গণ্য কৰা হয়, কিয়নো ইয়াৰ লক্ষ্য স্থানীয় জনসাধাৰণক শোষণ কৰি সোনকালে ধনী হোৱা।
আধুনিক যুগত এয়া সাধাৰণতে মানি লোৱা হৈছে যে ঔপনিৱেশিকতাবাদ সাম্ৰাজ্যবাদৰ বহিৰ্প্ৰকাশ আৰু পিছৰটোৰ অবিহনে ইয়াৰ অস্তিত্ব থাকিব নোৱাৰে। বিদ্যমান আইনী উপনিৱেশ অবিহনে "অনানুষ্ঠানিক" সাম্ৰাজ্যবাদ ইতিহাসবিদসকলৰ মাজত এক বিতৰ্কিত বিষয়।[3]
ঔদ্যোগিক পুঁজিবাদৰ পৰা সাম্ৰাজ্যবাদলৈ
[সম্পাদনা কৰক]১৯ শতিকাত পুঁজিবাদৰ বিকাশ ঘটিছিল আৰু বিশ্বজুৰি বিয়পি পৰিছিল; অৱশেষত সমগ্ৰ পৃথিৱীখনকে ই নিজৰ দখললৈ নিলে। পুঁজিবাদৰ বিকাশৰ লগে লগে ইয়াৰ বেদনাদায়ক বৈপৰীত্যবোৰ ক্ৰমান্বয়ে স্পষ্ট আৰু তীব্ৰ হৈ উঠিছিল। সেই সময়ত ঔদ্যোগিক পুঁজি পুঁজিবাদী বিকাশৰ ক্ষেত্ৰত আগৰণুৱা আছিল। এই কাৰণেই সেই যুগক ঔদ্যোগিক পুঁজিৰ যুগ বা উদ্যোগিক পুঁজিবাদৰ যুগ বুলি কোৱা হয়। ঔদ্যোগিক পুঁজিবাদৰ মৌলিক বৈপৰীত্যৰ বৃদ্ধি আৰু বিকাশৰ ফলত পুঁজিবাদৰ বিকাশৰ এক নতুন পৰ্যায়ৰ উত্থান ঘটিছিল, যাক সাম্ৰাজ্যবাদ বুলি কোৱা হয়। বিংশ শতিকাৰ আৰম্ভণিত পুঁজিবাদৰ বিকাশৰ এক নতুন আৰু উচ্চ পৰ্যায় হিচাপে সাম্ৰাজ্যবাদৰ আৱিৰ্ভাৱ হৈছিল। সাম্ৰাজ্যবাদত পুঁজিবাদৰ সকলো মৌলিক বৈপৰীত্য তীব্ৰ হৈ পৰে। সাম্ৰাজ্যবাদ হ'ল মৰণোন্মুখ পুঁজিবাদ। সাম্ৰাজ্যবাদত পুঁজিবাদী ব্যৱস্থা সমাজৰ আৰু অধিক উন্নতিত বাধা হৈ পৰিল। [4]
সাম্ৰাজ্যবাদৰ উৎপত্তি তত্ত্ব
[সম্পাদনা কৰক]পণ্ডিতসকলে ১৮৭০ চনৰ পাছত সাম্ৰাজ্যবাদৰ বিস্ফোৰণৰ বিভিন্ন কাৰণ আঙুলিয়াই দিছে। ব্ৰিটিছ অৰ্থনৈতিক তাত্ত্বিক জে এ হবছনে সাম্ৰাজ্যবাদৰ অৰ্থনৈতিক ব্যাখ্যা আগবঢ়াইছিল। হবছনে কৈছিল যে নৱ্য সাম্ৰাজ্যবাদৰ বাবে ইয়াতকৈ উচ্চ লক্ষ্য নাছিল। অৰ্থনৈতিক লক্ষ্যই আছিল এই নৱ্য উপনিৱেশবাদৰ মূল। হবছনৰ মতে এই পুঁজিবাদী সামাজিক ব্যৱস্থাত পুঁজিপতিসকলে লাভ ভোগ কৰি বহু পুঁজি সঞ্চয় কৰে। ইয়াৰ ফলত মূলধনৰ পাহাৰ সৃষ্টি হয়। এই মূলধন উপনৱেশত বিনিয়োগ কৰি লাভ বৃদ্ধিৰ উদ্দেশ্যে পুঁজিপতিসকলে নিজৰ দেশৰ চৰকাৰক উপনিৱেশ দখল কৰিবলৈ বাধ্য কৰে। উপনিৱেশসমূহৰ নতুন উদ্যোগসমূহত পুঁজি বিনিয়োগ কৰি পুঁজিপতি শ্ৰেণীয়ে লাভৰ পাহাৰ সৃষ্টি কৰে। উপনিৱেশসমূহৰ কেঁচামাল আৰু বজাৰ একচেটিয়াভাৱে দখল কৰি তেওঁলোক ওফন্দি উঠে। গতিকে নৱ্য সাম্ৰাজ্যবাদৰ মূল অৰ্থনৈতিক শিপাডাল আছিল উপনিৱেশত বিনিয়োগ কৰিবলৈ "বৰ্ধিত পুঁজিৰ হেঁচা।" অৰ্থাৎ অতিৰিক্ত পুঁজিৰ হেঁচা সাম্ৰাজ্য বা ঔপনিৱেশিক বিজয়ৰ মূল কাৰণ।[5]
বিখ্যাত কমিউনিষ্ট নেতা ভ্লাদিমিৰ লেনিনে সাম্ৰাজ্যবাদ, পুঁজিবাদৰ উচ্চতম পৰ্যায় নামৰ গ্ৰন্থখনত সাম্ৰাজ্যবাদৰ অৰ্থনৈতিক ব্যাখ্যাৰ বিষয়ে অধিক বিশদভাৱে উল্লেখ কৰিছে। তেওঁৰ মতে সাম্ৰাজ্যবাদৰ বীজ পুঁজিবাদৰ অন্তৰতে নিহিত হৈ আছে। পুঁজিবাদী ৰাষ্ট্ৰৰ বৈদেশিক নীতি পুঁজিবাদৰ স্বাৰ্থতেই পৰিচালিত হয়। অধিক মুনাফা লাভৰ আশাত উদ্যোগৰ মালিকসকলে দেশৰ জনসাধাৰণৰ প্ৰয়োজনতকৈ অধিক সামগ্ৰী উৎপাদন কৰে। পুঁজিবাদী ৰাষ্ট্ৰই এই উদ্বৃত্ত সামগ্ৰী বিক্ৰী কৰি সস্তা কেঁচামাল লাভ কৰিবলৈ উপনিৱেশ দখল কৰে। বিশ্বত উপনিৱেশৰ সংখ্যা সীমিত। পুঁজিবাদী দেশসমূহে উপনিৱেশ দখল কৰিবলৈ চেষ্টা কৰাৰ লগে লগে বিভিন্ন দেশৰ মাজত প্ৰতিযোগিতা আৰু যুদ্ধ আৰম্ভ হয়। যুদ্ধ হ'ল পুঁজিবাদী অৰ্থনীতিৰ চূড়ান্ত পৰিণতি। লেনিনে বিভিন্ন পুঁজিবাদী শক্তিৰ ঔপনিৱেশিক প্ৰতিদ্বন্দ্বিতাক প্ৰথম বিশ্বযুদ্ধৰ কাৰণ বুলি দোষাৰোপ কৰিছিল।[5] তেওঁ সাম্ৰাজ্যবাদৰ বৈজ্ঞানিক বিশ্লেষণ আন বহু ৰচনাত অব্যাহত ৰাখিছিল। বিপুল পৰিমাণৰ বাস্তৱ তথ্য আৰু তাত্ত্বিক সামগ্ৰীৰ সাধাৰণীকৰণ কৰি তেওঁ অতি গুৰুত্বপূৰ্ণ এই বৈজ্ঞানিক সিদ্ধান্তত উপনীত হয় যে সাম্ৰাজ্যবাদৰ যুগত পুঁজিবাদৰ বিকাশ অসমান আৰু স্তৰীভূত, সমাজবাদী বিপ্লৱে প্ৰথমে কেইখনমান, আনকি একক পুঁজিবাদী দেশতো জয়ী হ’ব পাৰে। বিশ্বৰ বিপ্লৱী আন্দোলনৰ বাবে এই সিদ্ধান্তৰ গুৰুত্ব অতিশয় বেছি।[6]
সাম্ৰাজ্যবাদৰ যুগ
[সম্পাদনা কৰক]সাম্ৰাজ্যবাদে প্ৰতিদ্বন্দ্বী একচেটিয়া পুঁজিপতি আৰু ৰাষ্ট্ৰৰ মাজত সংঘাতৰ তীব্ৰতা নাটকীয়ভাৱে বৃদ্ধি কৰে আৰু ইয়াৰ ফলত যুদ্ধৰ সৃষ্টি হয়। কুৰি শতিকাৰ আৰম্ভণিতে সাম্ৰাজ্যবাদীসকলে নিজৰ মাজতে পৃথিৱীখনক বিভক্ত কৰাৰ কাম সম্পূৰ্ণ কৰি তুলিছিল। পৃথিৱীখন অসীম নহয় আৰু মানুহে তেতিয়াও মহাকাশত ভৰি দিয়া নাছিল। সেয়ে সম্প্ৰসাৰণৰ নতুন নতুন ক্ষেত্ৰ আৰু দেখা নগ’ল, পৃথিৱীখনৰ পুনৰ বিতৰণৰ সংগ্ৰামৰ প্ৰশ্নটো চৰ্চালৈ আহিল। দেশ আৰু বজাৰক লৈ মহাশক্তিবোৰৰ নিজৰ মাজত যুঁজ দিয়াৰ বাহিৰে আন উপায় নাছিল। এইদৰেই প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ উন্মেষ ঘটিল। সাম্ৰাজ্যবাদৰ যুগত কিছুমান সাম্ৰাজ্যই সদায় আনক দখল কৰি পৃথিৱীখনক নিজৰ সুবিধা অনুযায়ী পুনৰ বিভাজন কৰিবলৈ চেষ্টা কৰিব। গতিকে বিশ্বযুদ্ধ বা মহাযুদ্ধ অনিবাৰ্য, আৰু এই যুদ্ধ হ'ব সাম্ৰাজ্যবাদী যুদ্ধ। প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধত যুদ্ধৰ এই ৰূপেই দেখা গৈছিল।[7]
সাম্ৰাজ্যবাদৰ তত্ত্ব
[সম্পাদনা কৰক]এংলোফোন শিক্ষাবিদসকলে প্ৰায়ে সাম্ৰাজ্যবাদক ব্ৰিটিছৰ সাম্ৰাজ্যবাদৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ সাম্ৰাজ্যবাদ সম্পৰ্কীয় তত্ত্ববোৰ পাঠ কৰে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী বেঞ্জামিন ডিছ্ৰায়েলিৰ আগ্ৰাসী আৰু সাম্ৰাজ্যবাদী নীতিক ধিক্কাৰ দিবলৈ বিৰোধীসকলে ১৮৭০ চনৰ শেষৰ ফালে ইংৰাজীলৈ বৰ্তমান অৰ্থৰ সাম্ৰাজ্যবাদ শব্দটো প্ৰৱৰ্তন কৰে। এই ধাৰণাটো জোচেফ চেম্বাৰলেনৰ দৰে "সাম্ৰাজ্যবাদ"ৰ সমৰ্থকসকলে দ্ৰুতগতিত কাৰ্যকৰী কৰিছিল।
আৰু পঢ়ক
[সম্পাদনা কৰক]- Guy Ankerl, Coexisting Contemporary Civilizations: Arabo-Muslim, Bharatai, Chinese, and Western, Geneva, INU PRESS, 2000, আই.এচ.বি.এন. 2-88155-004-5.
- Robert Bickers/Christian Henriot, New Frontiers: Imperialism's New Communities in East Asia, 1842–1953, Manchester, Manchester University Press, 2000, আই.এচ.বি.এন. 0-7190-5604-7
- Leo Blanken, Rational Empires: Institutional Incentives and Imperial Expansion, University Of Chicago Press, 2012
- Barbara Bush, Imperialism and Postcolonialism (History: Concepts,Theories and Practice), Longmans, 2006, আই.এচ.বি.এন. 0-582-50583-6
- John Darwin (author), After Tamerlane: The Rise and Fall of Global Empires, 1400–2000, Penguin Books, 2008.
- Richard B. Day and Daniel Gaido (ed. and trans.), Discovering Imperialism: Social Democracy to World War I. Chicago: Haymarket Books, 2012.
- Niall Ferguson, Empire: How Britain Made the Modern World, Penguin Books, 2004, আই.এচ.বি.এন. 0-14-100754-0
- Michael Hardt and Toni Negri, Empire, Harvard University Press, 2000, আই.এচ.বি.এন. 0-674-00671-2
- E.J. Hobsbawm, The Age of Empire, 1875–1914, Abacus Books, 1989, আই.এচ.বি.এন. 0-349-10598-7
- E. J. Hobsbawm, On Empire: America, War, and Global Supremacy, Pantheon Books, 2008, আই.এচ.বি.এন. 0-375-42537-3
- J. A. Hobson, Imperialism: A Study, Cosimo Classics, 2005, আই.এচ.বি.এন. 1-59605-250-3
- Michael Hudson, Super Imperialism: The Origin and Fundamentals of U.S. World Dominance, Pluto Press, 2003, আই.এচ.বি.এন. 0-7453-1989-0
- Hodge, Carl Cavanagh. Encyclopedia of the Age of Imperialism, 1800-1914 (2 vol. 2007)
- Page, Melvin E. et al. eds. Colonialism: An International Social, Cultural, and Political Encyclopedia (2 vol 2003)
- Pakenham, Thomas. The Scramble for Africa: White Man's Conquest of the Dark Continent from 1876-1912 (1992)
- Petringa, Maria, Brazza, A Life for Africa, Bloomington, IN: AuthorHouse, 2006. আই.এচ.বি.এন. 978-1-4259-1198-0
- Edward Said, Culture and Imperialism, Vintage Books, 1998, আই.এচ.বি.এন. 0-09-996750-2
- Simon C. Smith, British Imperialism 1750–1970, Cambridge University Press, 1998, আই.এচ.বি.এন. 0-521-59930-X
- Benedikt Stuchtey, Colonialism and Imperialism, 1450-1950, European History Online, Mainz: Institute of European History, 2011
প্ৰাথমিক উৎসসমূহ
[সম্পাদনা কৰক]- ভ্লাদিমিৰ লেনিন, সাম্ৰাজ্যবাদ, পুঁজিবাদেৰ সৰ্বোচ্চ পৰ্যায়, International Publishers, New York, 1997, আই.এচ.বি.এন. 0-7178-0098-9
- ৰোসা লুক্সেমবুৰ্গ, The Accumulation of Capital: A Contribution to an Economic Explanation of Imperialism
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ S. Gertrude Millin, Rhodes, London: 1933, p.138.
- ↑ শিবপ্ৰসন্ন লাহিড়ী সম্পাদিত, বাংলা একাডেমী ব্যৱহাৰিক অভিধান; ঢাকা; ডিসেম্বৰ, ২০০০; ৩য় সংস্কৰণ পৃষ্ঠা-১১৪৬
- ↑ Barbara Bush (28 September 2012). Imperialism And Postcolonialism. Pearson Longman. ISBN 978-0-582-50583-4. http://books.google.com/books?id=6qmJrjHcBkkC&pg=PA46.
- ↑ এ. লিয়েনতিয়েভ, মাৰ্কসীয় অৰ্থনীতি, ন্যাশনাল বুক এজেন্সি প্ৰাইভেট লিমিটেড, সেপ্টেম্বৰ, ২০১৪, পৃষ্ঠা-১৬৮।
- ↑ 5.0 5.1 প্ৰভাতাংশু মাইতি, ইউৰোপেৰ ইতিহাসেৰ ৰূপৰেখা, শ্ৰীধৰ প্ৰকাশনী, কলকাতা, ফেব্ৰুয়াৰি, ২০০৭, পৃষ্ঠা, ৩৯৩-৩৯৫
- ↑ ভ. বুজুয়েভ ও ভ. গৰোদনভ, মাৰ্কসবাদ-লেনিনবাদ প্ৰগতি প্ৰকাশন, মস্কো, ১৯৮৮, পৃষ্ঠা-৪৮-৪৯।
- ↑ পাৰ্থ ঘোষ, মাৰ্কসবাদেৰ কথা প্ৰসঙ্গে, বোধি, ঢাকা, ২০০৮, পৃষ্ঠা-৭৪-৭৫।