সায়লী সঞ্জীৱ
| সায়লী সঞ্জীৱ | |
|---|---|
| জন্ম | সায়লী চান্দসৰকাৰ ৩১ জানুৱাৰী, ১৯৯৩ (৩৩ বছৰ) ধুলে, মহাৰাষ্ট্ৰ, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১৬ - বৰ্তমান |
| উল্লেখযোগ্য কৰ্ম | কাহে দিয়া পৰদেশ |
সায়লী সঞ্জীৱ (ইংৰাজী: Sayali Sanjeev; জন্ম: ৩১ জানুৱাৰী ১৯৯৩), যাৰ পূৰ্বৰ নাম আছিল সায়লী চান্দসৰকাৰ।[1] তেওঁ মুম্বাইৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী, যিয়ে মাৰাঠী চলচ্চিত্ৰ আৰু ধাৰাবাহিকত কাম কৰে। তেওঁ মাৰাঠী চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও সন্মান লাভ কৰিছে।[2] তেওঁ মাৰাঠী ছবি পলিচ লাইনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ আটপদী নাইটছ (২০১৯), বাস্তা (২০২০), ঝিম্মা (২০২১), গোষ্ট এক পৈঠানিচি (২০২২), হৰ হৰ মহাদেৱ (২০২২), ঝিম্মা ২ (২০২৩) আৰু ওলে আলে (২০২৪)ৰ দৰে বহুতো সফল ছবিত অভিনয় কৰিছে।[3]
কেৰিয়াৰ
[সম্পাদনা কৰক]সায়লী সঞ্জীৱে ২০১৬ চনত জী মাৰাঠীৰ ধাৰাবাহিক কাহে দিয়া পৰদেশৰ জৰিয়তে নিজৰ টেলিভিছন কেৰিয়াৰ আৰু একে বছৰতে পলিচ লাইন ছবিৰ জৰিয়তে চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১৯ চনত আটপদী নাইটছ ছবিখনৰ জৰিয়তে তেওঁ বিশেষ সফলতা লাভ কৰে আৰু ইয়াৰ বাবে তেওঁ পঞ্চম ফিল্মফেয়াৰ এৱাৰ্ডছ মাৰাঠীত শ্ৰেষ্ঠ অভিনেত্ৰীৰ প্ৰথমটো মনোনয়ন লাভ কৰে।[4][5] ২০১৯ চনতে তেওঁ ৰাজশ্ৰী মাৰাঠীৰ ৫টা খণ্ডৰ ৱেব ধাৰাবাহিক ইউ টাৰ্ণৰ জৰিয়তে অ’টিটি (OTT) জগতত আত্মপ্ৰকাশ কৰে।
২০২১ চনত তেওঁ তানাজী ঘাড়গেৰ পৰিচালনাত নিৰ্মিত ছবি বাস্তাত অভিনয় কৰে, যাৰ বাবে তেওঁ ষষ্ঠ ফিল্মফেয়াৰ এৱাৰ্ডছ মাৰাঠীত একেৰাহে দ্বিতীয়বাৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে।[6] একে বছৰতে তেওঁ শুভমংগল অনলাইনৰ জৰিয়তে টেলিভিছনলৈ পুনৰ ঘূৰি আহে।[7] বছৰটোৰ শেষৰফালে তেওঁৰ সমালোচকৰদ্বাৰা প্ৰশংসিত আৰু ব্যাৱসায়িকভাৱে সফল ছবি ঝিম্মা মুক্তি পায়, যিখন ২০২১ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী মাৰাঠী ছবি আছিল।[8]
২০২২ চনত তেওঁ শান্তনু ৰোডেৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি গোষ্ট এক পৈঠানিচিত অভিনয় কৰে। এই ছবিখনত তেওঁ এগৰাকী সৰল মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ছবিখনত তেওঁৰ সংগ্ৰামৰ কাহিনী বৰ্ণনা কৰা হৈছে। এই ছবিখনৰ বাবে তেওঁ সপ্তম ফিল্মফেয়াৰ এৱাৰ্ডছ মাৰাঠীত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে আৰু মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে।[9][10] সেই একে বছৰতে মুক্তি পোৱা তেওঁৰ আন এখন ছবি হৰ হৰ মহাদেৱ এখন ঐতিহাসিক একচন ড্ৰামা আছিল। এই ছবিখনে বক্স অফিচত ২৫ কোটিতকৈও অধিক টকা উপাৰ্জন কৰি এক ডাঙৰ ব্যাৱসায়িক সফলতা লাভ কৰে আৰু এইখন তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।[11][12] তদুপৰি এইখন ২০২২ চনৰ তৃতীয় সৰ্বাধিক উপাৰ্জনকাৰী মাৰাঠী ছবি আছিল।[13]
২০২৩ চনত তেওঁৰ চাৰি বছৰ ধৰি পলমকৈ থকা ছবি সাতৰচা ছালমান আৰু পৰৱৰ্তী সময়ত উৰ্মি মুক্তি পায়। তেওঁ হেমন্ত ধোমেৰ সৈতে তৃতীয়বাৰৰ বাবে ঝিম্মা ২ ছবিত কাম কৰে, যিখনে সমালোচকৰ প্ৰশংসা লাভ কৰাৰ লগতে বক্স অফিচতো সফলতা লাভ কৰে। ২০২৪ চনত তেওঁ সিদ্ধাৰ্থ চাণ্ডেকাৰৰ বিপৰীতে ওলে আলে ছবিত অভিনয় কৰে, যিখন সমালোচক আৰু দৰ্শক উভয়ৰেদ্বাৰা সমাদৃত হয়।
অন্যান্য কাম
[সম্পাদনা কৰক]মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাই (MNS) তেওঁক তেওঁলোকৰ চলচ্চিত্ৰ শ্ৰমিক গোটৰ উপ-সভানেত্ৰী হিচাপে নিযুক্তি দিছে।[14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Who is CSK Batsman Ruturaj Gaikwad Rumored Girlfriend Marathi Actress Sayali Sanjeev, See Photos". https://www.zeenews.india.com। আহৰণ কৰা হৈছে: 22 December 2021.[সংযোগবিহীন উৎস]
- ↑ "CSK star Ruturaj Gaikwad breaks silence over relationship with actress Sayali Sanjeev" (en ভাষাত). DNA India. https://www.dnaindia.com। আহৰণ কৰা হৈছে: 22 December 2021.
- ↑ "Sayali Sanjeev: Movies, Photos, Videos, News, Biography & Birthday | eTimes". https://timesofindia.indiatimes.com.
- ↑ "Marathi Filmfare Awards: Nominations - Times of India" (en ভাষাত). https://timesofindia.indiatimes.com/entertainment/marathi/movies/news/marathi-filmfare-awards-nominations/articleshow/49827966.cms.
- ↑ "सायली संजीवच्या मनमोहक अदांवर चाहते घायाळ" (mr ভাষাত). Loksatta. https://www.loksatta.com/photos/entertainment-gallery/2455185/actress-sayali-sanjeev-share-photo-in-black-saree-goes-viral-kpw-89/। আহৰণ কৰা হৈছে: 22 December 2021.
- ↑ "sayalee sanjiv upcoming movie Basta will be releasing soon | सायली संजीव घेऊन आलीय लग्नाचा रंगतदार 'बस्ता' | Lokmat.com" (mr ভাষাত). LOKMAT. 19 January 2021. https://www.lokmat.com/marathi-cinema/sayalee-sanjiv-upcoming-movie-basta-will-be-releasing-soon-a603/। আহৰণ কৰা হৈছে: 22 December 2021.
- ↑ "Shubh Mangal online". Loksattaloksatta.com. https://www.loksatta.com/photos/entertainment-gallery/2506134/shubhmangal-online-serial-shantanu-sharvari-wedding-see-beautiful-marriage-photos-sayali-sanjeev-suyash-tilak-sdn-96/lite/&ved=2ahUKEwiL4u_Fufn0AhVfx4sBHTAFBvo4ChAWegQIBBAB&usg=AOvVaw3B-6NMNTcK8pBGCclKwXS7। আহৰণ কৰা হৈছে: 23 December 2021.[সংযোগবিহীন উৎস]
- ↑ Taran Adarsh (17 December 2021). "Despite stiff competition from #Hindi + #Hollywood films, #Marathi film #Jhimma continues to spell magic at the #BO... The week-wise performance is simply superb... Week 1: ₹ 2.98 cr, Week 2: ₹ 2.85 cr, Week 3: ₹ 2.61 cr, Week 4: ₹ 2.04 cr, Total: ₹ 10.48 cr". Twitter. https://twitter.com/taran_adarsh/status/1471825325118029825। আহৰণ কৰা হৈছে: 17 December 2021.
- ↑ "सायली संजीव सांगतेय 'गोष्ट एका पैठणीची'" (mr ভাষাত). Maharashtra Times. 22 November 2019. https://maharashtratimes.com/entertainment/entertainment-news/marathi-actress-sayali-sanjeev-looks-promising-in-the-first-look-poster-of-goshta-eka-paithanichi/articleshow/72222480.cms। আহৰণ কৰা হৈছে: 22 December 2021.
- ↑ "Web Series : सायली संजीव, ओमप्रकाश शिंदे घेणार प्रेमाचा 'यू टर्न'" (mr ভাষাত). Loksatta. https://www.loksatta.com/manoranjan/new-marathi-web-series-u-turn-sayali-sanjiv-and-omprakasha-shinde-ssj-93-1930245/। আহৰণ কৰা হৈছে: 23 December 2021.
- ↑ Kadam, Ganesh Pandurang. "Har Har Mahadev: বক্সঅফিসवर 'हर हर महादेव'ची गर्जना; अवघ्या चार दिवसांत…" (mr ভাষাত). Hindustan Times Marathi. https://marathi.hindustantimes.com/entertainment/har-har-mahadev-box-office-collection-starring-sharad-kelkar-and-subodh-bhave-also-ram-setu-and-thank-god-data-141667023947968.html। আহৰণ কৰা হৈছে: 2024-08-12.
- ↑ Bhosale, Divya. "Box Office Report: Ram Setu, Thank God or Har Har Mahadev, which film proved to be a hit?" (en ভাষাত). Asianet News. https://newsable.asianetnews.com/entertainment/tuesday-box-office-report-ram-setu-thank-god-har-har-mahadev-drb-rkcr22। আহৰণ কৰা হৈছে: 2024-08-12.
- ↑ Team, BoxOfficeBusiness (2022-11-02). "Har Har Mahadev Day 8 Box Office Collection" (en-US ভাষাত). https://boxofficebusiness.in/2022/11/har-har-mahadev-box-office-collection.html। আহৰণ কৰা হৈছে: 2025-03-02.
- ↑ "मनसेच्या चित्रपट कर्मचारी सेनेच्या उपाध्यक्षपदी सायली संजीव" (mr ভাষাত). Maharashtra Times. https://maharashtratimes.com/entertainment/entertainment-news/television-news/marathi-actress-sayali-sanjeev-appointed-vice-presidentmns-chitrapat-sena/articleshow/73291864.cms। আহৰণ কৰা হৈছে: 22 December 2021.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত সায়লী সঞ্জীৱ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- সায়লী সঞ্জীৱ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।