সমললৈ যাওক

সাৰদাকান্ত বৰদলৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাৰদাকান্ত বৰদলৈ
জন্ম ২২ আগষ্ট ১৯০২
নগাঁও, অসম
মৃত্যু ৫ চেপ্তেম্বৰ ১৯৮৫
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা নাট্যকাৰ, অভিনেতা, পৰিচালক
উল্লেখযোগ্য কৰ্ম মগৰীবৰ আজান, চতুৰংগ, দিকভ্ৰষ্ট

সাৰদাকান্ত বৰদলৈ (জন্ম: ২২ আগষ্ট ১৯০২ – মৃত্যু: ৫ চেপ্তেম্বৰ ১৯৮৫) এগৰাকী সুদক্ষ অসমীয়া নাট্যকাৰ, অভিনেতা আৰু পৰিচালক আছিল। কৃষ্ণকান্ত ভট্টাচাৰ্যৰ সৈতে যৌথভাৱে লিখা নাটক মগৰীবৰ আজান (১৯৪৮) অসমীয়া সামাজিক নাটকৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত।

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

তেওঁ ১৯০২ চনৰ ২২ আগষ্ট তাৰিখে অসমৰ নগাঁৱত জন্ম গ্ৰহণ কৰে। পলাশবাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ কলিকতাৰ বঙ্গবাসী কলেজত উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰিছিল, যদিও পঢ়া সম্পূৰ্ণ নকৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

সাৰদাকান্ত বৰদলৈয়ে দুখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল। চলচ্চিত্ৰ দুখন হ'ল:

  1. বিপ্লৱী (১৯৫০)
  2. মন আৰু মৰম (১৯৮০)

ৰচনাসমূহ

[সম্পাদনা কৰক]
  • মগৰীবৰ আজান (১৯৪৮, কৃষ্ণকান্ত ভট্টাচাৰ্যৰ সৈতে)
  • চতুৰংগ (১৯৬৭)
  • দিকভ্ৰষ্ট (১৯৭০)
  • অকাল বোধন (১৯৭১)
  • উপহাৰ (১৯৭২)
  • পোহৰৰ জিলিঙনি (১৯৭৮)

১৯৮৫ চনৰ ৫ চেপ্তেম্বৰত সাৰদাকান্ত বৰদলৈৰ মৃত্যু হয়।

তথ্য উৎস

[সম্পাদনা কৰক]
  • কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, পৃষ্ঠা ২৬৪, প্ৰথম প্ৰকাশ: ২০০৬