সাৰনাথ
সাৰনাথ | |
|---|---|
নগৰ | |
প্ৰাচীন মূলগন্ধ কুটী বিহাৰৰপৰা ধামেক স্তূপৰফালে চাই থকা সাৰনাথৰ দৃশ্য | |
| স্থানাংক: 25°22′41″N 83°01′30″E / 25.3780°N 83.0251°Eস্থানাংক: 25°22′41″N 83°01′30″E / 25.3780°N 83.0251°E | |
| দেশ | |
| ৰাজ্য | উত্তৰ প্ৰদেশ |
| জিলা | বাৰাণসী |
| জনসংখ্যা (2019)[1] | |
• মুঠ |
১১,০০০ |
| অনুবাদ সাৰনাথ | |
|---|---|
| সংস্কৃত | सारनाथम् (আইএএছটি: saraṅga-nāthá) |
| বঙালী | সাৰনাথ |
| বাৰ্মী | ဣသိပတန မိဂဒါဝုန် |
| চীনা | 鹿野苑 (পিনয়িন: Lùyěyuàn) |
| ইণ্ডোনেছীয় | Sarnath |
| জাপানী | サールナート/鹿野苑 (ৰোমাজী: Sārunāto/Rokuyaon) |
| কোৰিয়ান | 사르나트/녹야원(鹿野園) (আৰআৰ: Sareunateu/Nokyawon) |
| সিংহলী | සාරනාත් |
| তামিল | சாரநாத் |
| থাই | สารนาถ |
| ভিয়েটনামী | Sarnath |
| বৌদ্ধ ধৰ্মৰ শব্দাৱলী | |
বৌদ্ধ ধৰ্ম |
|---|
|
মুখ্য চৰিত্ৰবোৰ |
|
চতুৰাৰ্থ সত্য |
|
|
সাৰনাথ (হৰিণ উদ্যান,[2][3][4] সাৰংগনাথ, ঋষিপত্তন, মিগদায় আৰু মৃগদাৱ নামেৰেও পৰিচিত)[5][6] ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ বাৰাণসীৰ উত্তৰ-পূবত অৱস্থিত এখন নগৰ। বুদ্ধই বোধগয়াত জ্ঞান লাভ কৰাৰ পাছত ইয়াতেই প্ৰথম ধৰ্মোপদেশ দিছিল। খ্ৰীষ্টপূৰ্ব ২৫০ চনত প্ৰথম বৌদ্ধ সম্ৰাট অশোকে সাৰনাথত এটা স্তম্ভৰ ওপৰত স্থাপন কৰা অশোকৰ সিংহশিৰ এই ঘটনাৰ স্মাৰক। ইয়াক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপেও ব্যৱহাৰ কৰা হয়।
সাৰনাথতে গৌতম বুদ্ধৰ সংঘ প্ৰথমবাৰৰ বাবে সমবেত হৈছিল। তেওঁ তেওঁৰ প্ৰথম পাঁচজন শিষ্য কৌণ্ডিন্য, অশ্বজিৎ, ভদ্দিয়, ৱপ্প আৰু মহানামক প্ৰথম শিক্ষা দিছিল।[7] এই ঘটনাক ধৰ্মচক্ৰৰ প্ৰথম প্ৰৱৰ্তন বুলি কোৱা হয়।[2] ললিতবিস্তৰ সূত্ৰত কোৱা হৈছে যে গৌতম বুদ্ধই জ্ঞান লাভ কৰাৰ পাছত তেওঁৰ প্ৰথম শিক্ষা দিয়াৰ বাবে বাৰাণসীৰ বাহিৰত থকা "পতিত ঋষিসকলৰ পাহাৰৰ কাষৰ হৰিণ উদ্যান" বাছি লৈছিল।[2] এই শিক্ষাৰ নাম ধম্মচক্কপ্পৱত্তন সূত্ৰ।[8] সাৰনাথ বৌদ্ধসকলৰ বাবে আঠটা গুৰুত্বপূৰ্ণ বৌদ্ধ তীৰ্থস্থানৰ ভিতৰত অন্যতম। ইয়াক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে মনোনীত কৰা হৈছে।[9] এই শিক্ষা প্ৰায় ৫২৮ খ্ৰীষ্টপূৰ্বত দিয়া হৈছিল। সেই সময়ত বুদ্ধৰ বয়স প্ৰায় ৩৫ বছৰ আছিল।
বুদ্ধৰ জীৱনকেন্দ্ৰিক গ্ৰন্থ বুদ্ধবংশত কোৱা হৈছে যে পূৰ্বৰ এজন বুদ্ধ, কাশ্যপ বুদ্ধ, সাৰনাথত জন্মগ্ৰহণ কৰিছিল। তেওঁ তেওঁৰ উত্তৰাধিকাৰী গৌতমৰ দৰে পুৰুষ আৰু মহিলাৰ এটা সংঘত যোগ দিছিল আৰু তাতেই প্ৰথম শিক্ষা দিছিল।[6]
কেইবাটাও উৎসৰ মতে, সাৰনাথ নামটো সাৰংগনাথৰপৰা আহিছে। ইয়াৰ অৰ্থ হৈছে 'হৰিণৰ প্ৰভু'। এটা কাহিনী অনুসৰি, স্থানীয় ৰজা এজনে চিকাৰ কৰিবলৈ যাওঁতে এটা মতা হৰিণে ৰজাই মাৰিবলৈ লক্ষ্য কৰা এজনী মাইকী হৰিণৰ জীৱন ৰক্ষা কৰিবলৈ নিজকে বলি দিবলৈ আগবাঢ়িছিল। এই কথাত ৰজা অভিভূত হৈছিল। তাৰ পিছত ৰজাই তেওঁৰ উদ্যানখন হৰিণৰ অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল।[10][11]
দীঘ নিকায়ৰ মহাপৰিনিৰ্বাণ সূত্ৰৰ ১৬ নম্বৰ সূত্ৰ[12] অনুসৰি, বুদ্ধই সাৰনাথক ভক্ত অনুগামীসকলে সংবেগ বা শ্ৰদ্ধাৰ অনুভূতিৰে ভ্ৰমণ কৰি দৰ্শন কৰিবলগীয়া চাৰিটা বৌদ্ধ তীৰ্থস্থানৰ ভিতৰত এটা বুলি কৈছিল। বুদ্ধই উল্লেখ কৰা আন তিনিটা স্থান হৈছে লুম্বিনী, তেওঁৰ জন্মস্থান; বোধগয়া, য'ত তেওঁ জ্ঞান লাভ কৰিছিল; আৰু কুশীনগৰ, য'ত তেওঁ পৰিনিৰ্বাণ লাভ কৰিছিল।[13][14]
সাৰনাথ গংগা আৰু বৰুণ নদীৰ সংগমস্থলৰ ওচৰত বাৰাণসীৰপৰা ৮ কিলোমিটাৰ উত্তৰ-পূবত অৱস্থিত।
২০২৬ চনত সাৰনাথক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।[15]
নামৰ উৎপত্তি
[সম্পাদনা কৰক]সাৰনাথ নামটো সংস্কৃত সাৰঙ্গনাথ (পালি ভাষাত সাৰংগনাথ) শব্দৰ পৰা আহিছে।[5] ইয়াৰ অৰ্থ হৈছে 'হৰিণৰ প্ৰভু'।[16] এই নামটোৰ সৈতে এটা প্ৰাচীন বৌদ্ধ কাহিনী জড়িত হৈ আছে। সেই কাহিনী অনুসৰি, বোধিসত্ত্ব সিদ্ধাৰ্থই পূৰ্বজন্মত এটা হৰিণৰ ৰূপ লৈছিল। এজন ৰজাই এটা মাইকী হৰিণক হত্যা কৰিবলৈ লোৱাৰ সময়ত তেওঁ সেই হৰিণজনীৰ জীৱনৰ বিনিময়ত নিজৰ জীৱন দিবলৈ আগবাঢ়িছিল। হৰিণটোৰ এই আত্মত্যাগত ৰজা ইমানেই প্ৰভাৱিত হৈছিল যে তেওঁ এটা হৰিণৰ অভয়াৰণ্য স্থাপন কৰিছিল।[17] সংস্কৃতত মৃগ-দাৱ আৰু পালি ভাষাত মিগ-দায় শব্দৰ অৰ্থ 'হৰিণ উদ্যান'।[18]
পালি ভাষাত পালি ত্ৰিপিটকত সাৰনাথক বুজাবলৈ ইচিপতন নামটোও ব্যৱহাৰ কৰা হয়। সংস্কৃতত ইয়াৰ সমতুল্য নাম হৈছে ঋষিপত্তন। ইচি শব্দটো পালি ভাষাৰ আৰু ঋষি শব্দটো সংস্কৃত ভাষাৰ। দুয়োটা শব্দৰ অৰ্থ সিদ্ধি লাভ কৰা আৰু জ্ঞানপ্ৰাপ্ত ব্যক্তি। সেয়েহে ইচিপতন আৰু ঋষিপত্তনৰ অৰ্থ হৈছে "পবিত্ৰ লোকসকল অৱতৰণ কৰা স্থান",[19] অথবা "পতিত ঋষিসকলৰ পাহাৰ"।[20]
- ↑ "Still on UNESCO's "Tentative List of World Heritage?" Heritage, Tourism, and Stunted Growth in Sarnath (Varanasi), India". Heritage. 2023-06-23. https://www.mdpi.com/2571-9408/6/7/267.
- 1 2 3 উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ; "Nekhor" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Maps of India, "History: The Mesmeric Deer Park of Sarnath", 16 September 2013
- ↑ Subham Mangsingka, "Deer Park", Times of India, 11 January 2017
- 1 2 NRI Department (2022). "About Sarnath". Sarnath. প্ৰকাশক Lucknow, Uttar Pradesh, India: NRI Department, Government of Uttar Pradesh, India. https://nri.up.gov.in/article/en/sarnath। আহৰণ কৰা হৈছে: 1 January 2023.
- 1 2 Gabe Hiemstra, "Buddha Chronicle 24: Kassapa Buddhavaṃsa". Wisdom Library, 14 September 2019.
- ↑ BuddhaNet (2008). "The First Five Monks". Life of the Buddha. প্ৰকাশক Tullera, NSW, Australia: Buddha Dharma Education Association Inc.. Archived from the original on 7 March 2023. https://web.archive.org/web/20230307225948/https://www.buddhanet.net/e-learning/buddhism/lifebuddha/18lbud.htm। আহৰণ কৰা হৈছে: 1 January 2023.
- ↑ Sahni 1914, পৃষ্ঠা. 2.
- ↑ "Sarnath struggles for recognition as heritage bid gathers dust", The Times of India, 19 April 2024
- ↑ Khenpo Sonam Tsering,The Great Pilgrimage Sites in India, 2021
- ↑ Varanasi on Line, "Sarnath"
- ↑ Sujato, Bhante Sujato. "DN 16 - Mahāparinibbānasutta". SuttaCentral Development Trustsuttacentral.net. https://suttacentral.net/dn16/en/sujato?lang=en&layout=plain&reference=main¬es=asterisk&highlight=false&script=latin। আহৰণ কৰা হৈছে: 14 March 2026.
- ↑ "Maha-parinibbana Sutta: The Great Discourse on the Total Unbinding (excerpt)". Access to Insight. প্ৰকাশক Barre, Massachusetts: Barre Center for Buddhist Studies. 1998. https://www.accesstoinsight.org/tipitaka/dn/dn.16.5-6.than.html#pilgrim। আহৰণ কৰা হৈছে: 1 January 2023.
- ↑ "Maha-parinibbana Sutta: Last Days of the Buddha (Part Five)". Access to Insight. প্ৰকাশক Barre, Massachusetts: Barre Center for Buddhist Studies. 1998. https://www.accesstoinsight.org/tipitaka/dn/dn.16.1-6.vaji.html#chap5। আহৰণ কৰা হৈছে: 1 January 2023.
- ↑ SINGH, By RAJESH KUMAR (2026-07-25). "The ancient Buddhist site of Sarnath that has been added to the World Heritage list, in photos" (en ভাষাত). New Haven Register. https://www.nhregister.com/news/article/the-ancient-buddhist-site-of-sarnath-that-has-22360049.php। আহৰণ কৰা হৈছে: 2026-07-26.
- ↑ Schumann 2004, পৃষ্ঠা. 67.
- ↑ BuddhaNet (2008). ["Buddha Tales, Volume 1". King Banyan Deer. প্ৰকাশক Tullera, NSW, Australia: Buddha Dharma Education Association Inc.. [http://www.buddhanet.net/e-learning/buddhism/bt1_13.htm। আহৰণ কৰা হৈছে: 3) January 2023.[সংযোগবিহীন উৎস]](https://web.archive.org/web/20230307225953/http://www.buddhanet.net/e-learning/buddhism/bt1_13.htm%7Curl-status%3Dlive%7D%7D)
- ↑ Sahni 1914, পৃষ্ঠা. 1.
- ↑ Sarao 2017, পৃষ্ঠা. 581.
- ↑ Asher 2020, পৃষ্ঠা. 1.